জি ২০ সন্মিলনলৈ নাহিল বিশ্বৰ তিনি দিগ্গজ নেতা
২০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছে জি ২০ শীৰ্ষ সন্মিলন । এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জোহান্সবাৰ্গত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ শীৰ্ষ সন্মিলনৰ তিনিওটা অধিবেশনত অংশগ্ৰহণ কৰিব আৰু সৰ্বাংগীন উন্নয়ন, জলবায়ু সংকট, কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে মূল বিষয়সমূহৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব ।
ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সন্মিলন ভাৰতৰ বাবে বিশেষ কাৰণ ২০২৩ চনত অধ্যক্ষতাৰ সময়ত ভাৰতে আফ্ৰিকান ইউনিয়নক জি ২০ৰ সদস্য হোৱাত সহায় কৰিছিল । ইফালে বিশ্বৰ তিনিজন দিগ্গজ নেতা- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই সন্মিলনত অনুপস্থিত । বিশ্বৰ এই তিনিগৰাকী শক্তিশালী নেতাই এই সন্মিলনত কিয় অংশগ্ৰহণ কৰা নাই তাকে লৈয়ো এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে ।
কিয় আঁতৰিল ট্ৰাম্প?
আমেৰিকা জি-২০ৰ প্ৰতিষ্ঠাপক সদস্য আৰু পৰৱৰ্তী অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ ফলত দেশখনৰ অনুপস্থিতি আৰু অধিক চিন্তনীয় হৈ পৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জি ২০ সন্মিলনত অংশগ্ৰহণ নকৰে বুলি উল্লেখ কৰিছিল । তেওঁ অভিযোগ কৰে যে দক্ষিণ আফ্ৰিকাৰ বগা কৃষকসকলক অত্যাচাৰ কৰা হৈছে । ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দাবী কৰে যে নতুন ভূমি সংস্কাৰ আইন অনুসৰি দক্ষিণ আফ্ৰিকাৰ বগা কৃষকৰ বিৰুদ্ধে বৰ্ণগত অত্যাচাৰৰ সৃষ্টি হৈছে । অৱশ্যে শীৰ্ষ সন্মিলনৰ এদিন পূৰ্বে ট্ৰাম্পে নিজৰ স্থিতি সলনি কৰিছিল । শীৰ্ষ সন্মিলনৰ চূড়ান্ত অধিবেশনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাই নিজৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত মাৰ্ক ডি ডিলাৰ্ডক প্ৰেৰণ কৰে ।
গ্ৰেপ্তাৰৰ আশংকাত নাহিল পুটিন!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনো দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা জি ২০ সন্মিলনৰ পৰা আঁতৰত আছে । কিয়নো আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে ইউক্ৰেইন যুদ্ধৰ বাবে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে । দক্ষিণ আফ্ৰিকা ৰোম ষ্টেট্যুটৰ সদস্য, অৰ্থাৎ আইচিচিৰ ৱাৰেণ্ট মানি চলিবলৈ আইনগতভাৱে বাধ্যতামূলক । অৰ্থাৎ পুটিনে জি-২০ত অংশগ্ৰহণ কৰা হ’লে দক্ষিণ আফ্ৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আইনগতভাৱে বাধ্য হ’লহেঁতেন । এই কাৰণেই তেওঁ ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰা নাছিল ।
স্বাস্থ্যজনিত কাৰণত অনুপস্থিত ছি জিনপিঙ-
চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙেও এইবাৰ জি-২০ শীৰ্ষ সন্মিলনৰ পৰা আঁতৰি আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে প্ৰধানমন্ত্ৰী লি কেকিয়াঙক নিজৰ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছে । চীন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত শক্তিশালী বাণিজ্যিক সম্পৰ্ক আছে । ২০২৩ চনৰ ব্ৰিকছ সন্মিলনৰ বাবে ছি জিনপিঙে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল, যাৰ ফলত এইবাৰ তেওঁৰ অনুপস্থিতি আৰু অধিক চিন্তনীয় হৈ পৰিছিল ।
লগতে পঢ়ক : এয়া উন্নয়নৰ মানদণ্ডক পুনৰীক্ষণ কৰাৰ সময়… জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন









