ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল

ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দিলে প্রতিশ্রুতি।তেল–গেছ–কয়লাৰ দৰে ইন্ধনৰ ক্ষেত্রত ৰাছিয়া ভাৰতৰ নির্ভৰযোগ্য সৰবৰাহকাৰী হৈ থাকিব

সকলো বাধা–প্রতিবন্ধকতা নেওচি ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল৷ নতুন দিল্লী–হোৱাইট হাউছৰ শীতল বাণিজ্যিক সংঘাত অব্যাহত থকাৰ মাজতে ড’নাল্ড ট্রাম্পৰ আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি এই প্রতিশ্রুতি দিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে

নতুন দিল্লীৰ হায়দৰাবাদ হাউছত আয়োজিত যুটীয়া সংবাদ মেলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সাক্ষী ৰাখি ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে অতি স্পষ্টভাৱে কয় যে তেল–গেছ–কয়লাৰ দৰে ইন্ধনৰ ক্ষেত্রত ৰাছিয়া ভাৰতৰ নির্ভৰযোগ্য সৰবৰাহকাৰী হৈ থাকিব৷ ভাৰতৰ অর্থনীতি ক্রমশঃ স্বাৱলম্বী হৈ উঠিছে৷

এনে অৱস্থাত বাধাহীনভাৱে ৰাছিয়াৰ তেল বোৱাই অনা হ’ব ভাৰতৰ বুকুৱেদি৷ আমি তেল–গেছ–কয়লাৰ দৰে ইন্ধন ভাৰতলৈ সৰবৰাহৰ ক্ষেত্রত নির্ভৰযোগ্য উৎস হৈ থাকিম ৷

অকল ইমানেই নহয়, আমেৰিকাৰ নাম উল্লেখ নকৰাকৈয়ে ভাৰতৰে ৰাছিয়াৰ দ্বিপাক্ষিক সম্পর্কক এক নতুন গতি প্রদান কৰি ‘বন্ধু’ ৰাষ্ট্রখনৰ ৰাষ্ট্রপতিগৰাকীয়ে পুনৰ কয় যে ভাৰতৰে আমাৰ সম্পর্ক অত্যন্ত সুমধুৰ ৷

অনাগত দিনত বিশ্বৰ বিভিন্ন সমস্যা আমি ঐক্যবদ্ধ হৈ মোকাবিলা কৰিম৷ ভাৰত–ৰাছিয়াৰ ভৱিষ্যৎ যথেষ্ট উজ্জ্বল৷

উল্লেখ্য যে বাণিজ্যিক চুক্তি নথকাৰ অজুহাতত আমেৰিকাই প্রথম পর্যায়ত ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল ৷

পৰৱর্তী সময়ত ৰাছিয়াৰ পৰা তেল ক্রয়ৰ অজুহাত দেখুৱাই হোৱাইট হাউছে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক বোজা জাপি দিয়ে ৷

অর্থাৎ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এই সিদ্ধান্তৰ পৰিপ্রেক্ষিতত ভাৰতে ৫০ শতাংশ শুল্ক আদায় দিবলগীয়া হৈছে৷

আনকি ৰাছিয়াৰ পৰা তেল ক্রয়ক লৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে একাধিকবাৰ সকীয়াই দিছে নতুন দিল্লীক৷ অৱশ্যে ইমানৰ পিছতো সম্পর্ক অটুট আছে ভাৰত–ৰাছিয়াৰ৷ ইয়াৰ মাজতে নতুন দিল্লীত বহি কার্যতঃ মার্কিন ৰঙাচকুক ৰুছ ৰাষ্ট্রপতি পুটিনে উপেক্ষা কৰাটো কূটনৈতিকভাৱে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে ৷ ইয়াৰ লগে লগে ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীয়ে তৈল সম্পদক লৈ স্পষ্ট কৰিলে নিজ দেশৰ স্থিতিও৷

লগতে পঢ়ক: হায়দৰাবাদ হাউচত উপস্থিত পুটিন ; আৰম্ভ হ’ল দ্বিপাক্ষিক আলোচনা

হায়দৰাবাদ হাউচত উপস্থিত পুটিন ; আৰম্ভ হ’ল দ্বিপাক্ষিক আলোচনা

হায়দৰাবাদ হাউচত উপস্থিত পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ। স্বাক্ষৰিত হ’ব পাৰে বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ আজি দ্বিতীয় দিন।শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।

পুৱাতে পুটিনে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়।শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ দৰ্শনাৰ্থীৰ কিতাপখনত স্বাক্ষৰ কৰে।

শ্ৰদ্ধাঞ্জলি জনাই হায়দৰাবাদ হাউছত উপস্থিত হৈছে ৰাষ্ট্ৰপতি পুটিন।য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনায়।

আজি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব।য’ত দুয়োৰে মাজত বাণিজ্য আৰু প্ৰতিৰক্ষাকে ধৰি বহু বিষয় আলোচনা কৰা হ’ব।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ উপহাৰ…

ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ উপহাৰ…

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ।ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ উপহাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক পালমা বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই আদৰণি জনায়।

দুয়োজন নেতাই একেখন গাড়ীতে বিমানবন্দৰৰ পৰা ওলাই আহি প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৭ লোক কল্যাণ মাৰ্গত উপস্থিত হয়। য’ত দুয়োগৰাকী নেতাই নিশাৰ আহাৰ গ্ৰহণ কৰে।  

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ান ভাষাত লিখা ‘শ্ৰীমদ্ভাগৱদ্গীতা’ উপহাৰ দিয়ে ৰাষ্ট্ৰপতিগৰাকীক। এই সন্দৰ্ভত মোদীয়ে কয় যে, গীতাৰ বাখ্যাই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰে।

সামাজিক মাধ্যমত এই সন্দৰ্ভত মোদীয়ে লিখে যে, “ৰাষ্ট্ৰপতি পুটিনক ৰাছিয়ান ভাষাত শ্ৰীমদভাগৱত গীতাৰ প্ৰতিলিপি উপহাৰ প্ৰদান কৰো। গীতাৰ শিক্ষাই বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।”

ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ নতুন দিল্লী ভ্ৰমণ এইবাৰ এইকাৰণেই বিশেষ হৈ পৰিছে কাৰণ ভাৰত-আমেৰিকাৰ সম্পৰ্কত অহা উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে।

এই পটভূমিত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা,শক্তি, বাণিজ্য আৰু বিনিয়োগকে ধৰি বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: “মোৰ বন্ধু,ভাৰতলৈ স্বাগতম…’;পুটিনক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া 

ভাৰতলৈ পুটিন অহা বিমানখনত কিয় লিখা আছে Poccnr? ইয়াৰ অৰ্থ কি?

ভাৰতত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।তেওঁৰ বিমানত লিখা Poccnr শব্দটোৱে এতিয়া চৰ্চা লাভ কৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।তেওঁৰ আগমনৰ বাবে কেইবাদিন ধৰি প্ৰস্তুতি চলাই থকা হৈছিল।

পুটিনৰ বিমান দিল্লীত অৱতৰণ কৰাৰ পিছত তেওঁৰ বিমান সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে।কাৰণ পুটিন নিজৰ বিশেষ বিমানেৰে ভাৰতত উপস্থিত হৈছিল।

তেওঁৰ বিমানত লিখা Poccnr শব্দটোৱে এতিয়া চৰ্চা লাভ কৰিছে। মানুহে ইয়াৰ অৰ্থ বিচাৰি আছে। ভ্লাদিমিৰ পুটিনে যেতিয়া আলাস্কালৈ গৈছিল, সেই সময়তো তেওঁৰ বিমানত লিখা শব্দবোৰক লৈও যথেষ্ট চৰ্চা হৈছিল।

দৰাচলতে, এই শব্দটো কোনো ৰহস্য বা নতুন ল’গ’ নহয়, বৰঞ্চ ৰাছিয়াৰ নিজৰ চিৰিলিক লিপি হে। পুটিনৰ আই এল-৯৬ বিমানত দেখিবলৈ পোৱা গাঢ় আখৰৰ এই শিলালিপি РОССИЯৰ অৰ্থ হৈছে ৰাছিয়া।

কিন্তু শব্দটো প্ৰায়ে কেমেৰাত লেটিনৰ দৰে আখৰেৰে বন্দী কৰা হয় আৰু ইয়াক দেখিবলৈ Poccnr ৰ দৰে লাগে।

চিৰিলিক আখৰবোৰক ইংৰাজীৰ দৰে আকৃতিলৈ ৰূপান্তৰিত কৰিলে И ইংৰাজীৰ N ৰ দৰে লাগে আৰু Я উল্টা R ৰ দৰে।

এইদৰে গোটেই শব্দটোৱে এনেদৰে আকৃতি লয়, যিটোলৈ চালে এনে লাগে যে এইটো কোনো বিশেষ ক’ড হয়, বৰঞ্চ এইটো কেৱল ৰাছিয়া নামটোৰ দৃশ্যগত অভিযোজন।

লগতে পঢ়ক: আম্পায়াৰ হ’বলৈ কেনে অধ্যয়নৰ প্ৰয়োজন? লাভ কৰে লাখ টকাৰ দৰমহা

“মোৰ বন্ধু,ভাৰতলৈ স্বাগতম…’;পুটিনক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া 

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে পুটিন। বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বিমানবন্দৰত পুটিনক উষ্ম আদৰণি জনোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষ বন্ধুৰ বাবে আদৰণি বাৰ্তা জাৰি কৰিলে।

ছ’চিয়েল মিডিয়াত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে,‘মোৰ বন্ধু, ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাই আনন্দিত হৈছো।’

‘আজি সন্ধিয়া আৰু কাইলৈ ​​আমাৰ কথা-বতৰাৰ বাবে আগ্ৰহী হৈ আছো।ভাৰত-ৰাছিয়াৰ বন্ধুত্বই সময়ৰ পৰীক্ষাত থিয় দিছে আৰু আমাৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিছে।”

পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাষ্ট্ৰপতি গৰাকীৰ বিমানখন।প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক সাৱটি ধৰি উষ্ম আদৰণি জনায়।ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিব বুলি বিশ্বাস কৰা হয়, য’ত এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থা ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত।

লগতে পঢ়ক: দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বন্ধুক আদৰিবলৈ বিমান বন্দৰত মোদী

দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বন্ধুক আদৰিবলৈ বিমান বন্দৰত মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে আদৰণি।

দিল্লীত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাষ্ট্ৰপতি পুটিনক নতুন দিল্লীৰ পালম বিমান বন্দৰত আদৰণি জনাবলৈ উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।বিশেষ বিমানযোগে নতুন দিল্লীৰ পালম বিমান বন্দৰত উপস্থিত হৈছে ৰাষ্ট্ৰপতিগৰাকী।

দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ২৩ সংখ্যক ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব।এই ভ্ৰমণ কেৱল কূটনৈতিক আনুষ্ঠানিকতা নহয় বৰঞ্চ পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে বিবেচিত হৈছে।

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী।তাৰ পিছতে নৈশভোজত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু শুকুৰবাৰে চৰকাৰী অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীৰ সৈতে মিলিত হ’ব পুটিন।

লগতে পঢ়ক: “মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”; বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য  

পুটিনৰ আগমনৰ পূৰ্বেই ডাঙৰ খবৰ; ভাৰত-ৰাছিয়াৰ মাজত ২ বিলিয়ন ডলাৰৰ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ পূৰ্বে দুয়োখন দেশৰ মাজত ডাঙৰ খবৰ পোহৰলৈ আহিছে। ২ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ পূৰ্বে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ বৃহৎ চুক্তিৰ খবৰ পোহৰলৈ আহিছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত ২ বিলিয়ন ডলাৰ (প্ৰায় ১৬,৭০০ কোটি টকা) মূল্যৰ পাৰমাণৱিক চাবমেৰিন চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰায় ১০ বছৰ ধৰি এই চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা চলি আছিল।দুয়োখন দেশে এই চুক্তিত সন্মতি প্ৰকাশ কৰিছে আৰু অহা বছৰৰ নৱেম্বৰ মাহত ভাৰতীয় বিষয়াসকলে ৰাছিয়াৰ এটা জাহাজ নিৰ্মাণ কাৰখানা ভ্ৰমণ কৰিব।

আশা কৰা হৈছে যে,আগন্তুক দুবছৰৰ ভিতৰত ভাৰতে এই চাবমেৰিনৰ ডেলিভাৰী লাভ কৰিব। নৌসেনাৰ মুৰব্বী দিনেশ কে ত্ৰিপাঠীয়ে কয় যে ভাৰতে বিচাৰে যে তেওঁলোকক এই পাৰমাণৱিক চাবমেৰিনখন ২০২৭ চনৰ ভিতৰত লাভ কৰিব লাগে

।ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিবলৈ লোৱা এইখন দ্বিতীয়খন পাৰমাণৱিক চাবমেৰিন।ইয়াৰ পূৰ্বে ২০১২ চনত আই এন এছ চক্ৰ চাবমেৰিন ৰাছিয়াৰ পৰা ১০ বছৰৰ বাবে লিজত লোৱা হৈছিল।

পাৰমাণৱিক শক্তিচালিত চাবমেৰিন ডিজেল বৈদ্যুতিক চাবমেৰিনতকৈ বহুত উন্নত। সচৰাচৰ এইটো ডাঙৰ হয়,ইহঁত পানীৰ তলত বেছি সময় থাকিব পাৰে আৰু নিস্তব্ধ হৈ থাকে, যাৰ ফলত ইহঁত ধৰা পেলোৱাটো অধিক কঠিন হৈ পৰে।

বিশেষকৈ ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ বিশাল অঞ্চলত টহল দিওঁতে ইয়াক ধৰা পেলোৱাটো কঠিন হ’ব,যাৰ বাবে চিন্তিত হৈ পৰিছে চীন। পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে এই খবৰে সকলোকে আনন্দিত কৰিছে।

লগতে পঢ়ক: ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান

আজি ভাৰত ভ্ৰমণলৈ ভ্লাদিমিৰ পুটিন, আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ

আজি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন । আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে এই ভ্ৰমণত ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌচভসহ মুঠ সাতজন মন্ত্ৰী আজিৰে পৰা দুদিনীয়াকৈ ভাৰত ভ্ৰমণলৈ আহিব । ভ্লাদিমিৰ পুটিন আৰু ৰক্ষা মন্ত্ৰী বেলৌচভৰ উপৰি ৰাছিয়াৰ কৃষি মন্ত্ৰী, অৰ্থ মন্ত্ৰী আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰীয়ো এই ভ্ৰমণত অংশ ল’ব । এই গুৰুত্বপূর্ণ ভ্ৰমণত ভাৰত-ৰাছিয়াৰ মাজত প্ৰায় ১০টা আন্তঃ-চৰকাৰী চুক্তি আৰু ১৫টা ব্যৱসায়িক চুক্তি হোৱাৰ আশা কৰা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমিৰ পুটিনৰ দুখন গুৰুত্বপূর্ণ বৈঠক হ’ব । এখন হ’ব বন্ধ দৰ্জাৰ বৈঠক, য’ত মোদী আৰু পুটিনৰ উপৰি অতি অল্পসংখ্যক ব্যক্তি উপস্থিত থাকিব । দ্বিতীয় বৈঠকখনত দুয়ো দেশৰ নেতাই অংশগ্ৰহণ কৰিব । লগতে মোদী আৰু পুটিনে India-Russia Business Forumৰ সন্মিলনতো যোগদান কৰিব । ইয়াৰ মাজতেই পুটিনে ৰাছিয়াৰ চৰকাৰী সংবাদ চেনেল RT (Russia Today)ৰ ভাৰত চেনেল RT-India-ৰ লঞ্চিং অনুষ্ঠানতো উপস্থিত থাকিব । তথ্য অনুসৰি, মঙলবাৰ (৯ ডিচেম্বৰ ২০২৫) ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তেওঁৰ ৰাছিয়ান সমকক্ষ বেলৌচভে India-Russia Inter-Governmental Commission on Military & Military Technical Cooperationৰ মন্ত্ৰ্যালয় স্তৰৰ বৈঠকখনত অংশ ল’ব। এই বৈঠকৰ আগতে দিল্লী কেণ্টৰ মেনেকশ্ব চেণ্টাৰত ভাৰতৰ তিনিও বাহিনীৰ যৌথ দলে বেলৌচভক Guard of Honour আগবঢ়াব ।

বেলৌচভে নেচনেল ৱাৰ মেম’ৰিয়েলতো গৈ ভাৰতৰ শহীদ সৈনিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। ৰাছিয়াৰ ৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌচভ এজন অৰ্থনীতিবিদ । ২০২৪ চনত পুটিনে পঞ্চমবাৰ ক্ষমতা গ্ৰহণ কৰাৰ পিছতেই বেলৌচভক ৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াৰ ৰক্ষা বাজেট বাঢ়ি যোৱাৰ ফলত পুটিনে তেওঁৰ বিশ্বস্ত সামৰিক কমাণ্ডাৰ চাৰ্জেই শোইগুক ৰক্ষা মন্ত্ৰালয়ৰ পৰা আঁতৰাই National Security Advisor পদত বহুৱাইছিল ।

ইফালে পুটিনৰ এই ভ্ৰমণৰ বাবে আমেৰিকাকে ধৰি বিশ্বৰ সকলো দেশেই দৃষ্টি নিবদ্ধ ৰাখিছে। কিয়নো এই ভ্ৰমণৰ ফলত হব পৰা ভাৰতৰ পক্ষে চুক্তি তথা বিভিন্ন ধৰণৰ আনুষংগিক সিদ্ধান্তই সম্ভৱতঃ ভাৰতক এঢাপ আগুৱাই নিবলৈ সক্ষম হব । এতিয়া সকলোৱে অপেক্ষা কৰিব পুটিনৰ ভ্ৰমণৰ ফলাফললৈ ।

লগতে পঢ়ক : আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি; পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী

আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি; পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । ৰাষ্ট্ৰপতিগাৰীক আদৰিবলৈ সাজু হৈ উঠিছে নতুন দিল্লী ।

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । সন্ধিয়া প্ৰায় ৬ বজাত ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ সন্মানাৰ্থে এক ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰিব । যি সময়ত আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তীব্ৰ অৱনতি ঘটিছে, সেই সময়তে ভাৰত-ৰাছিয়াৰ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাটোৱেই হৈছে পুটিনৰ এই ভ্ৰমণৰ সামগ্ৰিক উদ্দেশ্য ।

পুটিনৰ ভ্ৰমণৰ দ্বিতীয় দিন, শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি, বাহ্যিক চাপৰ পৰা দ্বিপাক্ষিক বাণিজ্যক সুৰক্ষা দিয়া আৰু সৰু মডিউলাৰ ৰিয়েক্টৰত সম্ভাৱ্য সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । পশ্চিমীয়া দেশসমূহে এই আলোচনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচী-

-বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত পুটিন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

-ৰাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ।

-শুকুৰবাৰে পুৱা ৯:১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব ।

-মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাট ভ্ৰমণ কৰিব পুটিনে ।

-হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ মাজত বাৰ্ষিক শীৰ্ষ সন্মিলন ।

-ভাৰত মণ্ডপমত ভাৰত-ৰাছিয়া ফ’ৰামৰ বৈঠক ।

-ৰাষ্ট্ৰপতি ভৱনত কাৰ্যসূচী ।

-ৰাছিয়ালৈ ৰাওনা হ’ব পুটিন ।

মোদী-পুটিনৰ শীৰ্ষ সন্মিলনঃ

শুকুৰবাৰে পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ পিছত পুৱা ১১ বজাত ২৩ সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব । ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল বৃহৎ পৰিমাণে ক্ৰয়ৰ কৰাৰ বাবে বৃদ্ধি পোৱা বাণিজ্যিক ঘাটিৰ বিষয়টো শীৰ্ষ সন্মিলনত উত্থাপন হোৱাৰ সম্ভাৱনা আছে । হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীয়ে পুটিন আৰু তেওঁৰ প্ৰতিনিধি দলৰ বাবে দুপৰীয়াৰ আহাৰো আয়োজন কৰিব আৰু শুকুৰবাৰে পুৱা পুটিনে ৰাজঘাটো ভ্ৰমণ কৰিব । শীৰ্ষ সন্মিলনৰ পিছতে পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৰ ভাৰতৰ চেনেল মুকলি কৰিব, তাৰ পিছত তেওঁৰ সন্মানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজকীয় ভোজৰ আয়োজন কৰিব । প্ৰায় ২৮ ঘণ্টীয়া ভ্ৰমণৰ অন্তত শুকুৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত ভাৰতৰ পৰা ৰাছিয়া অভিমুখে যাত্ৰা কৰিব পুটিনে ।

-প্ৰতিৰক্ষা সম্পৰ্কৰ পৰ্যালোচনাৰ সম্ভাৱনা আছে ।

-এছ-৪০০ ক্ষেপণাস্ত্ৰৰ নতুন বেচ ক্ৰয়ৰ বাবে বিবেচনা চলি আছে ।

-ৰাছিয়াৰ পৰা নতুন প্ৰজন্মৰ এছ-৫০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰাৰ বাবে বিবেচনা চলি আছে ।

-ৰাছিয়াৰ চুখয়-৫৭ যুদ্ধ বিমান যোগান ধৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা হ’ব পাৰে ।

-চুখয়-৩০ যুদ্ধ বিমানৰ আধুনিকীকৰণ আৰু অন্যান্য জটিল সামৰিক সঁজুলি ক্ৰয়ৰ ক্ষেত্ৰতো আলোচনাৰ সম্ভাৱনা ।

-বাণিজ্যিক সম্পৰ্কক নতুন উচ্চতালৈ উন্নীত কৰাৰ বাবে আলোচনা ।

-ভাৰত আৰু ৰাছিয়াই আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰিবলৈ নিজৰ মুদ্ৰাৰ ব্যৱসায়ৰ ব্যৱস্থা গঢ়ি তোলাৰ কথা চিন্তা কৰিব পাৰে ।

-ৰাছিয়ালৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

-১০ লাখ দক্ষ ভাৰতীয় পেছাদাৰীক নিয়োগ কৰিবলৈ দুয়োখন দেশৰ মাজত শ্ৰমিক গতিশীলতাৰ চুক্তি হ’ব পাৰে ।

-শক্তি, জলবায়ু পৰিৱৰ্তন, নতুন শক্তি, দুৰ্যোগ ব্যৱস্থাপনা আৰু শিক্ষাৰ দৰে ক্ষেত্ৰতো ৰাছিয়াৰ সৈতে বহু নতুন চুক্তি বা পুৰণি চুক্তিৰ নবীকৰণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে