পুটিনৰ আগমনৰ পূৰ্বেই ডাঙৰ খবৰ; ভাৰত-ৰাছিয়াৰ মাজত ২ বিলিয়ন ডলাৰৰ চুক্তি

পুটিনৰ আগমনৰ পূৰ্বেই ডাঙৰ খবৰ; ভাৰত-ৰাছিয়াৰ মাজত ২ বিলিয়ন ডলাৰৰ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ পূৰ্বে দুয়োখন দেশৰ মাজত ডাঙৰ খবৰ পোহৰলৈ আহিছে। ২ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ পূৰ্বে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ বৃহৎ চুক্তিৰ খবৰ পোহৰলৈ আহিছে। ভাৰত আৰু ৰাছিয়াৰ মাজত ২ বিলিয়ন ডলাৰ (প্ৰায় ১৬,৭০০ কোটি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ পূৰ্বে দুয়োখন দেশৰ মাজত ডাঙৰ খবৰ পোহৰলৈ আহিছে। ২ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ পূৰ্বে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ বৃহৎ চুক্তিৰ খবৰ পোহৰলৈ আহিছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত ২ বিলিয়ন ডলাৰ (প্ৰায় ১৬,৭০০ কোটি টকা) মূল্যৰ পাৰমাণৱিক চাবমেৰিন চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰায় ১০ বছৰ ধৰি এই চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা চলি আছিল।দুয়োখন দেশে এই চুক্তিত সন্মতি প্ৰকাশ কৰিছে আৰু অহা বছৰৰ নৱেম্বৰ মাহত ভাৰতীয় বিষয়াসকলে ৰাছিয়াৰ এটা জাহাজ নিৰ্মাণ কাৰখানা ভ্ৰমণ কৰিব।

আশা কৰা হৈছে যে,আগন্তুক দুবছৰৰ ভিতৰত ভাৰতে এই চাবমেৰিনৰ ডেলিভাৰী লাভ কৰিব। নৌসেনাৰ মুৰব্বী দিনেশ কে ত্ৰিপাঠীয়ে কয় যে ভাৰতে বিচাৰে যে তেওঁলোকক এই পাৰমাণৱিক চাবমেৰিনখন ২০২৭ চনৰ ভিতৰত লাভ কৰিব লাগে

।ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিবলৈ লোৱা এইখন দ্বিতীয়খন পাৰমাণৱিক চাবমেৰিন।ইয়াৰ পূৰ্বে ২০১২ চনত আই এন এছ চক্ৰ চাবমেৰিন ৰাছিয়াৰ পৰা ১০ বছৰৰ বাবে লিজত লোৱা হৈছিল।

পাৰমাণৱিক শক্তিচালিত চাবমেৰিন ডিজেল বৈদ্যুতিক চাবমেৰিনতকৈ বহুত উন্নত। সচৰাচৰ এইটো ডাঙৰ হয়,ইহঁত পানীৰ তলত বেছি সময় থাকিব পাৰে আৰু নিস্তব্ধ হৈ থাকে, যাৰ ফলত ইহঁত ধৰা পেলোৱাটো অধিক কঠিন হৈ পৰে।

বিশেষকৈ ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ বিশাল অঞ্চলত টহল দিওঁতে ইয়াক ধৰা পেলোৱাটো কঠিন হ’ব,যাৰ বাবে চিন্তিত হৈ পৰিছে চীন। পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে এই খবৰে সকলোকে আনন্দিত কৰিছে।

লগতে পঢ়ক: ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান

শেহতীয়া প্ৰৱন্ধসমূহ