‘টি-২০ত মই ২০০ ৰান কৰিম’— ক্ৰিকেট বিশ্বক কঁপাই ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ডাঙৰ ঘোষণা!

১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬-ত বিধ্বংসী বেটিঙেৰে খলকনি সৃষ্টি কৰা ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে । ক্ৰিকেট বিশ্বক চমকিত কৰি এই নৱাগত তাৰকাগৰাকীয়ে দাবী কৰিছে যে কেৱল অৰ্ধশতক বা শতক অৰ্জনেই তেওঁক সন্তুষ্ট কৰিব নোৱাৰে, বৰঞ্চ টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰাহে তেওঁৰ আচল সপোন ।

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছনৰ সৈতে হোৱা এক বাৰ্তালাপত বৈভৱে তেওঁৰ এই বৃহৎ লক্ষ্যৰ কথা প্ৰকাশ কৰে । পিটাৰছনে যেতিয়া তেওঁক অৰ্ধশতক উদযাপন কৰিবলৈ ভাল পায়নে বুলি প্ৰশ্ন কৰিছিল, তেতিয়া বৈভৱে উত্তৰ দিয়ে- “নহয়, সিমান বেছি নহয় । মই আচলতে টি-২০ মেচত ২০০ ৰান কৰিব বিচাৰোঁ আৰু ক্ৰিছ গেইলৰ অভিলেখ ভাঙিব বিচাৰোঁ ।”

গেইলৰ ১৭৫ ৰানৰ বিশ্ব ৰেকৰ্ডলৈ লক্ষ্য বৈভৱৰ-

উল্লেখ্য যে, ২০১৩ চনৰ আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ হৈ খেলি ক্ৰিছ গেইলে পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অপৰাজিত ১৭৫ ৰানৰ এক ঐতিহাসিক ইনিংছ খেলিছিল । টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটোৱেই বৰ্তমানলৈকে সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ । ১৫ বছৰীয়া বৈভৱৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এই অভিলেখ ধূলিস্যাৎ কৰিব পাৰিব । তেওঁ কয়-

“যদি মই কোনো এখন মেচত আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰাৰ সুযোগ পাওঁ, তেন্তে মই গেইলৰ ১৭৫ ৰানৰ ৰেকৰ্ডটো নিশ্চিতভাৱে ভাঙি দিম ।”

ক্ৰিকেট জগতত সাধাৰণতে বেটছমেনসকল ‘নাৰ্ভাছ নাইণ্টিজ’ (নব্বৈৰ ঘৰত মানসিক চাপ)ৰ চিকাৰ হোৱা দেখা যায়, কিন্তু বৈভৱৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নাই । এই সন্দৰ্ভত যুৱ খেলুৱৈগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো ধৰণৰ চাপ নোলোৱাকৈ কেৱল নিজৰ স্বাভাৱিক খেল খেলি যাবলৈ পচন্দ কৰে ।

ডমেষ্টিক ক্ৰিকেটত ৰেকৰ্ডৰ পাহাৰ-

বৈভৱ সূৰ্যবংশীৰ এই আত্মবিশ্বাস কেৱল মুখৰ কথা নহয়, তেওঁৰ বিগত দিনৰ প্ৰদৰ্শনেই ইয়াৰ প্ৰমাণ দিয়ে :

অনুৰ্ধ-১৯ বিশ্বকাপ : এই বছৰ অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত তেওঁ ১৭৫ ৰানৰ এক বিধ্বংসী ইনিংছ খেলিছিল ।

বিজয় হাজাৰে ট্ৰফী (২০২৫-২৬) : বিহাৰৰ হৈ ডমেষ্টিক ক্ৰিকেট খেলি তেওঁ ১৯০ ৰানৰ এক ডাঙৰ ইনিংছ উপহাৰ দিছিল ।

ঘৰুৱা ক্ৰিকেটত ত্ৰিশতক : বাৰ্তালাপৰ শেষত আটাইতকৈ আচৰিত কৰা তথ্যটো প্ৰকাশ কৰি বৈভৱে কয় যে তেওঁ নিজৰ ৰাজ্যৰ হৈ এখন ঘৰুৱা মেচত সম্পূৰ্ণ ৫০ অভাৰ বেটিং কৰি অপৰাজিত ৩৩৫ ৰান সংগ্ৰহ কৰিছিল ।

মাত্ৰ ১৫ বছৰ বয়সতে এনে অপৰিসীম আত্মবিশ্বাস আৰু আক্ৰমণাত্মক বেটিং শৈলীয়ে ক্ৰিকেট বিশেষজ্ঞসকলক এই কথা ভাবিবলৈ বাধ্য কৰিছে যে বৈভৱ সূৰ্যবংশীয়েই হ’ব পাৰে ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী ‘মহাতাৰকা’ ।

লগতে পঢ়ক : আই পি এল ২০২৬: লীগ পৰ্যায় সমাপ্ত, কোৱালিফায়াৰত পৰাস্ত হ’লেও ফাইনেলৰ দৌৰত থাকিব গুজৰাট-বেংগালুৰু

বৈভৱৰ উইকেট দখল কৰি হৰ্ষোল্লাস কৰা জেমিছনৰ বিৰুদ্ধে কঠোৰ বিচিচিআই

কিন্তু বৈভৱৰ উইকেট দখল কৰাৰ পিছতে জেমিছনে এটা ভুল কৰাত বিচিচিআইয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়

আই পি এল ২০২৬ৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন মেচত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ মুখামুখি হয় । জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত খেলা মেচখনত ৰাজস্থান ৭ উইকেটত পৰাস্ত হয় । এই মেচত দুৰ্দান্ত ফৰ্মত থকা বেটছমেন বৈভৱ সূৰ্য্যবংশী ব্যৰ্থ হয় । দিল্লীৰ বেগী বলাৰ কাইল জেমিছনে ইনিংছৰ আৰম্ভণিতে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । কিন্তু বৈভৱৰ উইকেট দখল কৰাৰ পিছতে জেমিছনে এটা ভুল কৰাত বিচিচিআইয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় ।

দিল্লী কেপিটেলছৰ ফাষ্ট বলাৰ কাইল জেমিছনৰ বিৰুদ্ধে আই পি এলৰ আচৰণ বিধি লেভেল ১ উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । মেচ ৰেফাৰী ৰাজীৱ ছেথে লেভেল ১ৰ সতৰ্কবাণী জাৰি কৰি ডেমেৰিট পইণ্ট প্ৰদান কৰে । মেচখনৰ প্ৰথম ইনিংছৰ দ্বিতীয় অভাৰত জেমিছনে এই উলংঘা সংঘটিত কৰে । বৈভৱ সূৰ্যবংশীক আউট কৰাৰ লগে লগে জেমিছনে তেওঁৰ কাষ চাপি আগ্ৰাসী উদযাপনত লিপ্ত হোৱা দেখা যায়, যাৰ ফলত বেটছমেনৰ আক্ৰমণাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছিল ।

এই কাণ্ডক আই পি এলৰ আচৰণ বিধিৰ ২.৫ অনুচ্ছেদ উলংঘা বুলি গণ্য কৰা হৈছিল, য’ত আন এজন খেলুৱৈক উত্তেজিত কৰিব পৰা ভাষা, কাৰ্য্য বা ইংগিত সামৰি লোৱা হৈছে । কাইল জেমিছনে এই অভিযোগ স্বীকাৰ কৰি মেচ ৰেফাৰীয়ে জাৰি কৰা দণ্ড মানি লৈছে । উইকেট দখলৰ পিছত জেমিছনে বাৰে বাৰে হাত চাপৰি বজাই বৈভৱৰ চকুলৈ চাই থকা দেখা গৈছিল । ঘটনাৰ সময়ত সূৰ্যবংশীয়েও তেওঁৰ ফালে চাই আছিল ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল, হৰমনপ্ৰীতৰ হাতত দলৰ বাঘজৰী

“বৈভৱ সূৰ্য্যবংশীলৈ মোৰ ভয় লাগিছিল…”;কাইল জেমিছনৰ বিস্ফোৰক মন্তব্য

শুকুৰবাৰে বৈভৱ সূৰ্যবংশীক আউট কৰি দিল্লী কেপিটেলছৰ খেলুৱৈ কাইল জেমিছনে এক বিস্ফোৰক মন্তব্য কৰিছে।

বৈভৱ সূৰ্যবংশীক আউট কৰি কাইল জেমিছনে এনেদৰে উদযাপন কৰিলে,যিটো বিচিচিআইয়ে আইপিএলৰ আচৰণ বিধিৰ ২.৫ অনুচ্ছেদ উলংঘা বুলি বিবেচনা কৰিছে। এই উইকেটটো জেমিছনে অতি আক্ৰমণাত্মকভাৱে উদযাপন কৰে,যিয়ে ইংগিত দিলে যে এই উইকেটটো কিমান গুৰুত্বপূৰ্ণ আছিল।১৫ বছৰীয়া বৈভৱে শীৰ্ষ স্তৰৰ বলাৰসকলৰ নিদ্ৰা হৰিছে।

বৈভৱ সূৰ্যবংশীৰ ভূমিকা হৈছে ৰাজস্থান ৰয়েলছক এক ক্ষীপ্ৰ আৰম্ভণি প্ৰদান কৰা। অৱশ্যে শুকুৰবাৰে অনুষ্ঠিত মেচখনত তেওঁ মাত্ৰ ৪ ৰান সংগ্ৰহ কৰি আউট হয়। মেচৰ পিছত কাইল জেমিছনে প্ৰকাশ কৰে যে তেওঁ জীৱনত কেতিয়াও ১৫ বছৰীয়া  এটি শিশুক ইমান ভয় কৰা নাছিল,যিমান বৈভৱলৈ কৰে। খেলখনৰ পিছতে আইপিএলে কাইল জেমিছনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।য’ত তেওঁ কৈছিল, মই ভাবো ১৫ বছৰীয়া শিশু এটাক মই কেতিয়াও ইমান ভয় কৰা নাই।কিন্তু মেচৰ আগতে কৰা পৰিকল্পনাই ফল দিলে।

লগতে পঢ়ক: তিনিবাৰৰ পৰাজয়ৰ পিছত দিল্লী কেপিটেলছৰ জয়; সুখী নহয় অক্ষয় পেটেল

“তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ”; বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসাত পঞ্চমুখ পেট কামিন্স

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু টি-২০ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসা কৰে।

ভাৰতীয় ক্ৰিকেট জগতত এটা নতুন তাৰকা দ্ৰুতগতিত উত্থান ঘটিছে।যাৰ নাম হৈছে বৈভৱ সূৰ্য্যবংশী।মাত্ৰ ১৫ বছৰ বয়সত বৈভৱ সূৰ্য্যবংশীয়ে নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।ৰাজস্থান ৰয়েলছৰ হৈ খেলি এইগৰাকী যুৱ খেলুৱৈয়ে এনে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াইছে যে এতিয়া আন্তঃৰাষ্ট্ৰীয় ডাঙৰ ডাঙৰ ক্ৰিকেটাৰেও তেওঁৰ প্ৰশংসক হৈ পৰিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সেও সূৰ্য্যবংশীক প্ৰশংসাৰ কৰিছে আৰু বৈভৱক “নতুন প্ৰিয় খেলুৱৈ” বুলি অভিহিত কৰিছে। ২৫ এপ্ৰিলত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত খেলা মেচখনত ১৫ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে পেট কামিন্সৰ প্ৰশংসা লাভ কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু টি-২০ বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে বৈভৱ সূৰ্য্যবংশীৰ বেটিঙৰ শলাগ লৈ কয় যে এই যুৱ খেলুৱৈগৰাকীৰ খেল তেওঁ একেবাৰে ভাল পায়। কামিন্সৰ মতে, সূৰ্য্যবংশীয়ে যি আত্মবিশ্বাস আৰু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰে, সেইবোৰেই তেওঁক বিশেষ কৰে। পেট কামিন্সে আৰু কয়, “মই ভাবো তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ।তেওঁ বলটো অতি শক্তিৰে আঘাত কৰে।আৰু তেওঁৰ খেলা চোৱাটো যথেষ্ট ৰোমাঞ্চকৰ।”কামিন্সৰ বক্তব্যই প্ৰমাণ কৰে যে অতি কম সময়ৰ ভিতৰতে সূৰ্যবংশীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ নাম উজলাইছে।

লগতে পঢ়ক: পঞ্জাৱ চৰকাৰে প্ৰত্যাহাৰ কৰিলে হৰভজন সিঙৰ নিৰাপত্তা…

টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !

বৈভৱ সূৰ্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে যিকোনো খেলুৱৈক ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত কৰিব পাৰে বুলি প্ৰায়ে চৰ্চা হয় । প্ৰতি বছৰে এগৰাকী নতুন তাৰকা উদয় হোৱাৰ বিপৰীতে বৈভৱ সূৰ্য্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ।

ইয়াৰ পিছতে এতিয়া খবৰ প্ৰকাশ পাইছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অতি শীঘ্ৰে বৈভৱ সূৰ্য্যবংশীক আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাবলৈ সাজু হৈছে । মাত্ৰ ১২খন খেলৰ চুটি আই পি এল কেৰিয়াৰত বৈভৱে এটা শতক আৰু তিনিটা অৰ্ধ শতকসহ ৪৫২ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সামগ্ৰিক ষ্ট্ৰাইক ৰেট ২২৮.২৮ । যদি বৈভৱে ভাৰতীয় দলত যোগদানৰ সুযোগ পায় তেন্তে ডাঙৰ প্ৰশ্ন হ’ব তেওঁ কোনগৰাকী ক্ৰিকেটাৰৰ সলনি দলত স্থান লাভ কৰিব ।

প্ৰকাশিত খবৰ অনুসৰি বিচিচিআইয়ে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বৈভৱ সূৰ্য্যবংশীক বাছনি কৰিব পাৰে । আই পি এল ২০২৬ সমাপ্ত হোৱাৰ কেইসপ্তাহমানৰ পাছত টিম ইণ্ডিয়াই আয়াৰলেণ্ড ভ্ৰমণ কৰিব । ২৬ আৰু ২৮ জুনত অনুষ্ঠিত হ’বলগীয়া দুখন টি-২০ মেচ খেলিব দলটোৱে । যদি বৈভৱক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হয় তেন্তে তেওঁ ভাৰতৰ হৈ অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰে । বৰ্তমান তেওঁৰ বয়স ১৫ বছৰ, আনহাতে শচীন টেণ্ডুলকাৰে ১৬ বছৰ বয়সত টিম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাইছিল ।

কাৰ ঠাই ল’ব বৈভৱ সূৰ্য্যবংশীয়ে ?

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱে ? ২০২৬ চনৰ টি-২০ বিশ্বকাপ খিতাপৰ পিছত টিম ইণ্ডিয়াৰ কথা ক’বলৈ গ’লে অভিষেক শৰ্মা, সঞ্জু চেমছন আৰু ঈশান কিষানে শীৰ্ষ ক্ৰমত ভাল প্ৰদৰ্শন আগবঢ়ায় । তিনিওজনৰ ফৰ্ম ভাল আৰু ২০২৮ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হ’ব পাৰে । অভিষেক, সঞ্জু আৰু ঈশানে টি-২০ দলত নিজৰ স্থান নিশ্চিত কৰা যেন বোধ হয় ।

অৱশ্যে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বিচিচিআইয়ে যুৱ দল নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে । এই পৰিস্থিতিত জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হ’ব পাৰে । যদি এনে হয় তেন্তে বৈভৱ নিৰ্বাচিত হ’লে নিশ্চয় টিম ইণ্ডিয়াৰ হৈ ইনিংছ মুকলি কৰাৰ সুযোগ পাব পাৰে । টি-২০ বিশ্বকাপ ২০২৮ৰ পৰিকল্পনাত যদি বৈভৱক অন্তৰ্ভুক্ত কৰা হয়, তেন্তে তেওঁক কি বেটিং পজিচন দিয়া হ’ব সেয়া নিশ্চিতভাৱে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিব ।

লগতে পঢ়ক : আই পি এল ২০২৬ত কলকাতাৰ বিপৰ্যয় অব্যাহত, ৩২ ৰানত চেন্নাইৰ জয়

বৈভৱৰ প্ৰদৰ্শনে হৃদয় জিনিলে বিৰাট কোহলীৰ; দিলে বিশেষ উপহাৰ

বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৬ ৰ আৰ চি বিৰ বিৰুদ্ধে ৭৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।খেলৰ অন্তত বিৰাট কোহলীয়ে বিশেষ বাৰ্তা লিখি বৈভৱক প্ৰশংসা কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত এটা নতুন কাহিনী লিখা হৈছে, আৰু ইয়াৰ নাম হৈছে বৈভৱ সূৰ্যবংশী।এই ১৫ বছৰীয়া বেটছমেন গৰাকীয়ে যি কাম কৰিছে, সেয়া চিনেমাৰ চিত্ৰনাট্যতকৈ কম নহয়।

শুকুৰবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থান ৰয়েলছৰ এই যুৱ অ’পেনাৰগৰাকীয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ২০২ ৰানৰ বৃহৎ লক্ষ্য খেদি মেচখনক একপক্ষীয় কৰি তুলে। ২৬টা বলত তেওঁৰ ৭৮ ৰানৰ ইনিংছে আৰচিবিৰ বলাৰসকলৰ সমগ্ৰ ৰণনীতি ধ্বংস কৰে।

আৰম্ভণিৰে পৰাই আক্ৰমণাত্মকভাৱে বেটিং কৰি বৈভৱ সূৰ্যবংশীয়ে পাৱাৰপ্লেৰ ভিতৰতে মেচখনৰ গতিপথ নিৰ্ধাৰণ কৰিছিল।ভুৱনেশ্বৰ কুমাৰ আৰু জোছ হেজলউডৰ দৰে অভিজ্ঞ বলাৰো তেওঁৰ সন্মুখত তিস্তিব পৰা নাছিল।

বৈভৱ সূৰ্যবংশীৰ এই দুৰ্দান্ত প্ৰদৰ্শনে বিৰাট কোহলীকো আকৰ্ষিত কৰে। মেছখন শেষ হোৱাৰ পিছত বিৰাট কোহলীৰ পৰা অটোগ্ৰাফ ললে সূৰ্যবংশীয়ে।ৰাজস্থানৰ কেপটোত কোহলীয়ে লিখিছে—প্ৰিয় বৈভৱ,উৎকৃষ্ট প্ৰদৰ্শন(Dear Vaibhav, well done) । মেছেজটো সৰু আছিল যদিও ইয়াৰ তাৎপৰ্য অপৰিসীম আছিল।

লগতে পঢ়ক: ‘মই বলটো হে চাওঁ, বলাৰক নহয়’; ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰি প্ৰতিক্ৰিয়া বৈভৱ সূৰ্যবংশীৰ

‘মই বলটো হে চাওঁ, বলাৰক নহয়’; ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰি প্ৰতিক্ৰিয়া বৈভৱ সূৰ্যবংশীৰ

১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৭৮ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক সহজ জয় লাভ কৰাৰ দিশত আগুৱাই লৈ যায়।জশপ্ৰীত বুমৰাহৰ কথা উল্লেখ কৰি বৈভৱ সূৰ্যবংশীয়ে কয় তেওঁ কেৱল বলৰ ওপৰত হে গুৰুত্ব দিয়ে।

১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে বয়স মাথোঁ এটা সংখ্যা। ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ এই যুৱ বেটছমেন গৰাকীয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং প্ৰদৰ্শন আগবঢ়াই মাত্ৰ ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰে আৰু দলটোৱে দুটা অভাৰ বাকী থকা অৱস্থাতেই ২০১ ৰানৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হয়।

মেচৰ পিছত নিজৰ সফলতাৰ আঁৰৰ ৰহস্য উদঙাই দি সূৰ্যবংশীয়ে স্পষ্টকৈ উল্লেখ কৰে যে- তেওঁ বলাৰৰ নামটোত প্ৰভাৱিত নহয়। তেওঁৰ মনোযোগ কেৱল বলৰ ওপৰতহে থাকে।তেওঁ কয় যে, মগজুত এইটো চলি থাকে যে সন্মুখত জশপ্ৰীত বুমৰাহ বা জোছ হেজলবুডৰ দৰে বলাৰ আছে, কিন্তু খেলি থাকোঁতে তেওঁ কেৱল বলৰ ওপৰত গুৰুত্ব দিয়ে।

শুকুৰবাৰৰ খেলখনত বৈভৱ সূৰ্যবংশীয়ে বিশেষকৈ হেজলবুডক লক্ষ্য কৰি একেৰাহে চাৰিটা বলত তিনিটা চাৰি আৰু এটা ছয় কোবাই মেচখনৰ গতি সলনি কৰি দিয়ে। তেওঁৰ এই ইনিংছে আৰচিবিৰ বলাৰসকলক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে।  

লগতে পঢ়ক: বৰ্ষাপাৰাত সূৰ্যবংশীৰ ধুমুহা; ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী বেংগালুৰু

বৰ্ষাপাৰাত সূৰ্যবংশীৰ ধুমুহা; ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী বেংগালুৰু

আই পি এলৰ শুকুৰবাৰৰ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে। মেচখনত বৈভৱ সূৰ্যবংশীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১৬ নং মেচত শুকুৰবাৰে ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) মুখামুখি হয়।খেলখন গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।খেলখনত ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে।মেচখনত আৰচিবিয়ে ৰাজস্থানক জয়ৰ বাবে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।যিটো তেওঁলোকে ১৮ অভাৰত অৰ্জন কৰে।চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ একেৰাহে চতুৰ্থটো জয়।

ৰাজস্থানৰ বিজয়ত বৈভৱ সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। খেলখনত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে বেটখনৰ সৈতে এক দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।এই মেচখনত বৈভৱে ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰে, যিটো ইনিংছত ৮টা চাৰি আৰু ৭টা ছয় অন্তৰ্ভুক্ত কৰা হয়।এই সময়ছোৱাত বৈভৱে মাত্ৰ ১৫টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে। ইফালে, জুৰেলে ৪৩টা বলত অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰি ৮টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত অৰিহণা যোগায়।

উল্লেখযোগ্য যে বৈভৱ সূৰ্যবংশীয়ে চলিত ছিজনত দ্বিতীয়বাৰৰ বাবে মাত্ৰ ১৫টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে বৰ্ষাপাৰাতে একেধৰণৰ কৃতিত্ব অৰ্জন কৰিছিল।আই পি এলত তৃতীয়বাৰৰ বাবে ২০টাতকৈও কম বলত অৰ্ধশতক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বৈভৱ সূৰ্যবংশী।

লগতে পঢ়ক: ৰাজস্থান ৰয়েলছৰ সন্মুখত RCB-এ বান্ধি দিলে ২০২ ৰানৰ লক্ষ্য…

 আই পি এল ২০২৬ৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীৰ ডাঙৰ ঘোষণা; ভংগ কৰিব বিচাৰিছে ক্ৰীছ গেইলৰ অভিলেখ

আই পি এল ২০২৬ৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীয়ে এক ডাঙৰ মন্তব্য কৰিছে। বৈভৱ সূৰ্য্যবংশীয়ে কৈছে যে, তেওঁ

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ নায়ক বৈভৱ সূৰ্য্যবংশীয়ে আই পি এল ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিছে।২০২৫ চনৰ আই পি এলত বৈভৱে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িছিল।

তেওঁ আই পি এলৰ ইতিহাসত আটাইতকৈ তীব্ৰ শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।কিন্তু বৈভৱ সূৰ্য্যবংশীৰ এটা মন্তব্যই এতিয়া খলকনিৰ সৃষ্টি কৰিছে।

দেওবাৰে (১৫ মাৰ্চ) দিল্লীত অনুষ্ঠিত বিচিচিআইৰ ‘নমন বঁটা’ অনুষ্ঠানৰ সময়ত বৈভৱ সূৰ্য্যবংশীয়ে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে।আগন্তুক আই পি এল ছিজনৰ বাবে তেওঁৰ লক্ষ্যৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ নিঃসংকোচে কয় যে তেওঁ ক্ৰীছ গেইলৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ ১৭৫ ৰানৰ অভিলেখ ভংগ কৰিব বিচাৰে।

উল্লেখ্য যে,২০১৩ চনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৬৬টা বলত ১৭৫ ৰান নট আউটৰ দুৰ্দান্ত ইনিংছ খেলিছিল ক্ৰীছ গেইলে।য’ত ১৩টা চাৰি আৰু ১৭টা ছয় আছিল। যিটোক আজিও আই পি এলৰ আটাইতকৈ ‘অজেয়’ অভিলেখ বুলি গণ্য কৰা হয়।

লগতে পঢ়ক: ‘আইচিচিতকৈ কোনো দেশ ডাঙৰ নহয়’; পাকিস্তান আৰু বাংলাদেশক তীব্ৰ সমালোচনা জয় শ্বাহৰ