বৈভৱ সূৰ্যবংশীৰ বেটিং তাণ্ডৱ, বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ স্ক’ৰ গঢ়িলে ভাৰতে

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ১৭৫ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত ৰানৰ পাহাৰ গঢ়ে ।

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ভাৰতীয় দলে শক্তিশালী প্ৰদৰ্শনেৰে অভিলেখ সৃষ্টি কৰিছে । বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ১৭৫ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত ৰানৰ পাহাৰ গঢ়ে । ভাৰতীয় দলে বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক স্ক’ৰ গঢ়াৰ অভিলেখ সৃষ্টি কৰে । খিতাপৰ মেচখনত ভাৰতে ৫০ অভাৰত ৯ উইকেটত ৪১১ ৰান সংগ্ৰহ কৰে ।

চূড়ান্ত খেলখনত বৈভৱ সূৰ্যবংশীয়ে ১৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । মাত্ৰ ৫৫টা বলত শতক অৰ্জন কৰে বৈভৱে । বৈভৱ সূৰ্যবংশীয়ে ৮০টা বলত ১৭৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলে, এই ইনিংছত তেওঁ ১৫টা ছয় আৰু ১৫টা চাৰি কোবাই । বৈভৱে কেৱল বাউণ্ডেৰীৰ পৰাই ১৫০ ৰান সংগ্ৰহ কৰে ।

বৈভৱ সূৰ্যবংশীৰ নতুন বিশ্ব অভিলেখ-

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশী । ইয়াৰ লগে লগে তেওঁ এতিয়া ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখো অৰ্জন কৰিছে । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ অষ্ট্ৰেলিয়াৰ উইল মালাজুকৰ হাতত আছে যদিও বৈভৱ সূৰ্যবংশীয়ে এতিয়া ফাইনেলত দ্ৰুততম শতক অৰ্জনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বৈভৱ । ইয়াৰ পূৰ্বে উন্মুক্ত চান্দ (২০১২) আৰু মনজোত কলৰা (২০১৮) য়ে এই অভিলেখ গঢ়িছে ।

ভাৰতীয় দলৰ ইনিংছ-

প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই ২০ ৰানতে প্ৰথমটো উইকেট হেৰুৱাইছিল ।এৰন জৰ্জে ১১টা বলত ৯ ৰান কৰি আউট হয় । ইয়াৰ পিছতে অধিনায়ক আয়ুষ মাহাত্ৰে আৰু বৈভৱ সূৰ্যবংশীয়ে ১৪২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৫১টা বলত ৭টা চাৰি আৰু ২টা ৬ৰ সহায়ত ৫৩ ৰান সংগ্ৰহ কৰি মাহত্ৰেই । বেদান্ত ত্ৰিবেদীয়ে ৩৬ বলত ৩২ ৰান, বিহান মালহোত্ৰাই ৩৬ বলত ৩০ ৰান আৰু উইকেটকীপাৰ অভিজ্ঞান কুণ্ডুৱে ৩১ বলত ৪০ ৰান সংগ্ৰহ কৰে । কনিষ্ক চৌহানে ২০টা বলত ৩৭ ৰান কৰি অপৰাজিত হৈ থাকে, তেওঁ ৩টা চাৰি আৰু এটা ছয় কোবাই । কেৱল বৈভৱেই ৮০টা বলত ১৭৫ ৰান সংগ্ৰহ কৰে, য’ত ১৫টা চাৰি আৰু ১৫টা ছয় আছিল ।

ইংলেণ্ডৰ হৈ চেবাষ্টিয়ান মৰ্গানে ৯ অভাৰত ৭৪ ৰান খৰচ কৰি দুটা উইকেট দখল কৰে । এলেক্স গ্ৰীনে ৫ অভাৰত ৪৯ ৰানৰ বিনিময়ত দুজন ভাৰতীয় খেলুৱৈক আউট কৰে । জেমছ মিণ্টোৱে ৮ অভাৰত ৬৩ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰে । মেনি লামছডেনেও এটা উইকেট লাভ কৰে ।

লগতে পঢ়ক : বৈভৱ সূৰ্য্যবংশীৰ ৰচিলে নতুন ইতিহাস; ৫৫ বলত ধুমুহাময় শতক

বৈভৱ সূৰ্য্যবংশীৰ ৰচিলে নতুন ইতিহাস; ৫৫ বলত ধুমুহাময় শতক

১৩টা ছয়, ১৩টা চাৰি। ৭১টা বলত ১৫০ ৰান সংগ্ৰহ বৈভৱ সূৰ্য্যবংশীৰ । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ বৈভৱ সূৰ্য্যবংশীৰ দুৰ্দান্ত প্ৰদৰ্শন

১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ব্লকবাষ্টাৰ ফাইনেল শুকুৰবাৰে হাৰাৰেত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে।  ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত বিস্ফোৰক বেটিং কৰিছে বৈভৱ সূৰ্যবংশীয়ে।বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৫৫টা বলতে শতক সম্পূৰ্ণ কৰে।

ভাৰতীয় দলটোৱে একেৰাহে ষষ্ঠবাৰৰ বাবে ফাইনেল আৰু সামগ্ৰিকভাৱে দশম স্থানত খেলি আছে, যিটো এক অভিলেখ।

পাঁচবাৰৰ খিতাপ বিজয়ী ভাৰতে ছয়বাৰৰ বাবে খিতাপ জয়ৰ ওপৰত চকু ৰাখিছে। ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত ভাৰতীয় দলটোৱে খিতাপ দখল কৰে।

উল্লেখ্য যে, এইবাৰ দ্বিতীয়বাৰ, যেতিয়া খিতাপৰ মেচত ভাৰত আৰু ইংলেণ্ডৰ দলৰ মাজত মুখামুখি হৈছে।ইয়াৰ পূৰ্বে দুয়োটা দলে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ-২০২২ত মুখামুখি হৈছিল।এই বিশ্বকাপত দুয়োটা দল অপৰাজিত হৈ আছে।

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ

বিশ্বকাপত অব্যাহত ভাৰতৰ বিজয়ী অভিযান, বৈভৱ-আয়ুসৰ ধুমহাত ৭ উইকেটত পৰাস্ত নিউজীলেণ্ড

১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ২০২৬ত ভাৰতৰ যুৱ দলটোৱে পুনৰবাৰ নিজৰ বিস্ফোৰক শৈলী প্ৰদৰ্শন কৰিছে । বৈভৱ সূৰ্য্যবংশী আৰু আয়ুষ মাহাত্ৰেৰ বিস্ফোৰক বেটিং ।

আই চি চি ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ২০২৬ত ভাৰতৰ যুৱ দলটোৱে পুনৰবাৰ নিজৰ বিস্ফোৰক প্ৰদৰ্শন প্ৰমাণ কৰিলে । শনিবাৰে টিম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল খেলে । এই মেচত ভাৰতীয় দলটোৱে সহজেই নিউজীলেণ্ডক পৰাস্ত কৰে । ভাৰতৰ বলিং আক্ৰমণত নিউজীলেণ্ডৰ বেটছমেনসকলক দিশহাৰা হৈ পৰে আৰু দলটো অতি কম স্ক’ৰতে অল আউট হয় । ইয়াৰ পাছতে তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশী আৰু অধিনায়ক আয়ুষ মাহাত্ৰেৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে মেচখনত সহজ বিজয় সাব্যস্ত কৰে ।

বুলাৱায়োত অনুষ্ঠিত এই মেচখন বৰষুণৰ বাবে ৩৭ অভাৰলৈ হ্ৰাস কৰা হয় । টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় যদিও বৰষুণে আৰম্ভণিতে খেলত বাধা জন্মাই আৰু খেল তিনি অভাৰ কৰ্তন কৰা হয় । মেচখন পুনৰ আৰম্ভ হয় যদিও বৰষুণে পুনৰ খেল বন্ধ কৰে, যাৰ ফলত আৰু ১০ অভাৰকৈ হ্ৰাস কৰিবলগীয়া হয় । ইয়াৰ পিছতে ভাৰতীয় বলাৰসকলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ৩৬.২ অভাৰত নিউজীলেণ্ডক ১৩৫ ৰানত অল আউট কৰে । নিউজীলেণ্ডৰ বেটিং প্ৰদৰ্শন অতি দুৰ্বল আছিল । দলটোৱে ভাৰতীয় বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি সঘনাই উইকেট হেৰুৱাইছিল । দলটোৰ হৈ কেলাম চেমছনে অপৰাজিত ৩৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে চেলভিন সঞ্জয়াই ২৮ ৰান সংগ্ৰহ কৰে । আন কোনো বেটছমেনে ২৫ ৰানৰ সীমাতো উপনীত হোৱাত ব্যৰ্থ হয় ।

ভাৰতৰ হৈ আৰ এছ এম্ব্ৰিছে চাৰিটা উইকেট দখল কৰে । হেনিল পেটেলে তিনিটা উইকেট লয় । আন বলাৰসকলেও উজ্জবল বলিং কৰি নিউজীলেণ্ডক ডাঙৰ স্ক’ৰ গঢ়াত বাধা দিয়ে । খিলান পেটেল, মহম্মদ ইনান আৰু কনিষ্ক চৌহানে এটাকৈ উইকেট দখল কৰে ।

বৈভৱ সূৰ্য্যবংশী আৰু আয়ুষ মাহাত্ৰেৰ বিস্ফোৰক বেটিং-

লক্ষ্য অুসৰণ কৰি ভাৰতীয় দলটোৱে আগ্ৰাসী ৰূপ ধাৰণ কৰে । এৰন জৰ্জে ৬টা বলত ৭ ৰান সংগ্ৰহ কৰি উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছতে অ’পেনাৰ বৈভৱ সূৰ্য্যবংশী আৰু অধিনায়ক আয়ুষ মাহাত্ৰেই বিস্ফোৰক বেটিং কৰে । মাত্ৰ ৩৯টা বলত দ্বিতীয় উইকেটৰ বাবে ৭৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি খেলখন সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষলৈ আনে দুয়োজনে । বৈভৱ সূৰ্যবংশীয়ে ২৩টা বলত ৪০ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই বিস্ফোৰক ইনিংছত ২টা চাৰি আৰু ৩টা ছযয় আছিল । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৩.৯১ । অধিনায়কোচিত ইনিংছ খেলা আয়ুষ মাহাত্ৰেই ২৭টা বলত ৫৩টা ৰান সংগ্ৰহ কৰে, য’ত ২টা চাৰি আৰু ৬টা শক্তিশালী ছয় আছিল ।

ইয়াৰ পিছতে বিহান মালহোত্ৰাই অপৰাজিত ১৭ আৰু বেদান্ত ত্ৰিবেদীয়ে অপৰাজিত ১৩ ৰান কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । টীম ইণ্ডিয়াই ৩টা উইকেট হেৰুৱাই ১৩.৩ অভাৰত (৮১ বল) বিজয় লক্ষ্যত উপনীত হয় ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

অপ্ৰতিৰোধ্য বৈভৱ সূৰ্যবংশী… ১৯ অনুৰ্ধ বিশ্বকাপৰ পূৰ্বে ‘ক্ৰিকেট বিস্ময়’ৰ চমক

১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে নিজৰ বিস্ফোৰক প্ৰদৰ্শন অব্যাহত ৰাখিছে যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে । বিগত সপ্তাহত বৈভৱে চাৰিখন মেচত মুঠ ২৭টা ছিক্স আৰু ২১টা ফো’ৰ কোবাইছিল ।

আই চি চিৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ পূৰ্বে বিস্ফোৰক প্ৰদৰ্শন অব্যাহত ৰাখিছে তাৰকা যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে । তেওঁ আন এক বিস্ফোৰক ইনিংছেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বাবে সূৰ্যবংশীয়ে ১০ জানুৱাৰী শনিবাৰে বুলাৱায়ো এথলেটিক ক্লাবত স্কটলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৫০টা বলত ৯৬ ৰান সংগ্ৰহ কৰে । বিগত সপ্তাহত বৈভৱে চাৰিখন মেচত মুঠ ২৭টা ছিক্স আৰু ২১টা ফোৰ কোবাইছিল ।

স্কটলেণ্ডৰ বিৰুদ্ধে ৯টা চাৰি আৰু ৭টা ছয়-

১৪ বছৰীয়া বিস্ফোৰক বেটছমেনগৰাকীয়ে শনিবাৰে স্কটলেণ্ডৰ বিৰুদ্ধে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে । তেওঁ এই দু্ৰ্দান্ত ইনিংছত ৯টা চাৰি আৰু ৭টা ছয় কোবাই শেহতীয়া সময়ৰ আকৰ্ষণীয় ফৰ্ম অব্যাহত ৰাখে । সূৰ্যবংশীয়ে অধিনায়ক আয়ুষ মাহাত্ৰে (১৯ বলত ২২ ৰান)ৰ সৈতে প্ৰথম উইকেটত ৪২ বলত ৭০ ৰান সংগ্ৰহ কৰে আৰু তাৰ পিছত এৰন জৰ্জ (৫৮ বলত ৬১ ৰান)ৰ সৈতে ৫৬ বলত ৭৮ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

২৭টা বলত অৰ্ধ শতক-

বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ২৭টা বলত অৰ্ধশতক অৰ্জন কৰে আৰু এটা বিশাল ছয়ৰে তেওঁ এই সফলতা অৰ্জন কৰে । কিন্তু তেওঁ নিজৰ প্ৰাপ্য শতকৰ পৰা মাত্ৰ ৪ ৰানৰ বঞ্চিত হয় । মনু সৰস্বতৰ বলত ৯৬ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে বৈভৱে ।

বিগত সাত দিনত বৈভৱৰ প্ৰদৰ্শন-

দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৩-০ ব্যৱধানত শৃংখলাত জয়লাভ কৰে ভাৰতীয় দলে । এই দলটোৰ নেতৃ্তবত আছিল বৈভৱ সূৰ্যবংশী । যোৱা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰাকক্ষণত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল । এই শৃংখলাত বৈভৱে বিস্ফোৰক ইনিংছ খেলে । তেওঁ এটা শতক আৰু এটা অৰ্ধ শতক অৰ্জন কৰে । যুৱ অধিনায়কগৰাকীয়ে দলটোক সন্মখৰ পৰা নেতৃত্ব দি তিনিখন মেচৰ শৃংখলাত সৰ্বাধিক ২০৬ ৰান সংগ্ৰহ কৰে ।

৭৪টা বলত স্মৰণীয় ১২৭ ৰান সংগ্ৰহ কৰি তেওঁ শৃংখলাৰ সামৰণি মাৰে, য’ত ৯টা চাৰি আৰু ১০টা ছয় আছিল । যোৱা সপ্তাহত কৰা প্ৰদৰ্শনৰ কথা বিবেচনা কৰিলে বৈভৱে চাৰিখন মেচত ২৭টা ছয় আৰু ২১টা চাৰি কোবাইছে য’ত এটা শতক আৰু দুটা বিস্ফোৰক অৰ্ধ শতকো আছে ।

লগতে পঢ়ক : কাইলৈ ​​ভাৰত-নিউজীলেণ্ডৰ প্ৰথমখন এদিনীয়া; ৰোহিত-কোহলীৰ ওপৰত থাকিব সকলোৰে দৃষ্টি

দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলা জয় ভাৰতীয় দলৰ… বৈভৱৰ বেটিং ধুমুহা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলটোক নেতৃত্ব দি বৈভৱ সূৰ্যবংশী শৃংখলা জয় কৰা আটাইতকৈ কম বয়সীয়া অধিনায়ক হিচাপে পৰিগণিত হৈছে । বৈভৱে ১৯টা বলত অৰ্ধশতক অৰ্জন কৰে ।

ভাৰতৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে পেছাদাৰী ক্ৰিকেটত প্ৰৱেশ কৰাৰ পিছৰে পৰা ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰি আহিছে । ইতিমধ্যে নিজৰ বেটেৰে ধাৰাবাহিকভাৱে কৃতিত্ব অৰ্জন কৰি বৈভৱে এতিয়া অধিনায়কত্বৰ এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে । দক্ষিণ আফ্ৰিকা ভ্ৰমণত ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলটোক নেতৃত্ব দি বৈভৱ সূৰ্যবংশী শৃংখলা জয় কৰা আটাইতকৈ কম বয়সীয়া অধিনায়ক হিচাপে পৰিগণিত হৈছে । মাত্ৰ ১৪ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে অধিনায়কত্ব কৰা ক্ৰিকেট বিস্ময় বৈভৱৰ নেতৃত্বত ভাৰতে দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ৮ উইকেটত (ডি এল এছৰ পদ্ধতিত) পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে ।

১৯ অনুৰ্ধ ভাৰতীয় দলৰ অধিনায়ক আয়ুষ মাহাত্ৰে আৰু সহ-অধিনায়ক বিহান মালহোত্ৰাৰ আঘাতৰ বাবে বৈভৱ সূৰ্যবংশীক এই শৃংখলাৰ বাবে দলৰ বাঘজৰী দিয়া হৈছিল । ইতিমধ্যে ইমান কম বয়সতে অধিনায়ক হৈ বৈভৱে বিশ্ব অভিলেখ গঢ়িছিল । এতিয়া এই শৃংখলা জয় কৰি তেওঁ নতুন ইতিহাসৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, বতৰে দুয়োখন মেচতে বিধি-পথালি দিছিল যাৰ ফলত মেচ চুটি হৈছিল । অৱশ্যে দুয়োখনতেই ভাৰতীয় দলে জয়লাভ কৰে ।

অধিনায়ক বৈভৱৰ বেটিং বিক্ৰম-

প্ৰথমখন মেচত বৈভৱ সূৰ্যবংশী ব্যৰ্থ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত যুৱ অধিনায়কগৰাকীয়ে প্ৰায় অকলেই দক্ষিণ আফ্ৰিকাৰ পৰাজয়ত অৰিহণা যোগায় । ভাৰতীয় দলক জয়ী হ’বলৈ ২৪৬ ৰানৰ প্ৰয়োজন হৈছিল যদিও টি-২০ ক্ৰিকেটৰ দৰে বিস্ফোৰক বেটিঙেৰে বৈভৱ সূৰ্যবংশীয়ে এই ৫০ অভাৰৰ মেচখনৰ প্ৰথম আঠ অভাৰতে দলটোক শক্তিশালী আৰম্ভণি দিয়ে । খেলপথাৰলৈ অহাৰ লগে লগে বৈভৱে ৬ৰ বৰষুণ নমাই ১৯টা বলত অৰ্ধশতক অৰ্জন কৰে । নৱম অভাৰৰ প্ৰথম বলত আউট হোৱাৰ পূৰ্বে বৈভৱে মাত্ৰ ২৪টা বলত ৬৮ ৰান সংগ্ৰহ কৰে, য’ত আছিল ১০টা ছয় আৰু এটা চাৰি ।

বৈভৱৰ উইকেটৰ পতনৰ সময়ত ভাৰতীয় দলৰ স্ক’ৰ আছিল ৯৫ । ইয়াৰ পিছতে অভিজ্ঞান কুণ্ডু (৪৮ নট আউট) আৰু বেদান্ত ত্ৰিবেদীয়ে (৩১ নট আউট) ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । কিন্তু বেয়া বতৰৰ বাবে দুবাৰকৈ খেলখন স্থগিত ৰখাৰ ফলত ভাৰতীয় দলে ডি এল এছ নিয়মৰ অধীনত ২৭ অভাৰত ১৭৪ ৰানৰ লক্ষ্য লাভ কৰে । ২৪ অভাৰত অভিজ্ঞান আৰু বেদান্তই মেচখনত ভাৰতৰ জয় নিশ্চিত কৰে আৰু শৃংখলা দখল কৰে ।

ইয়াৰ পূৰ্বে ফাষ্ট বলাৰ কিষাণ সিঙে শক্তিশালী প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকাৰ বেটিং অৰ্ডাৰ ভাঙি পেলায় । দক্ষিণ আফ্ৰিকাই মাত্ৰ ৫৭ ৰানত শীৰ্ষ তিনিটা উইকেট হেৰুৱাইছিল, এই আটাইকেইটা উইকেট কিষানে দখল কৰে । চতুৰ্থ স্থানৰ বেটছমেন জেছন ৰ’লেছে (১১৪) এটা মূৰত ধৈৰ্য সহকাৰে খেলি দলটোক সন্মানজনক ২৪৫ ৰানলৈ লৈ যাবলৈ সক্ষম হয় । যুৱ বেটছমেনগৰাকীয়ে শতক অৰ্জন কৰি ১১৪ ৰানত আউট হয় । ৪৮ অভাৰত তেওঁৰ উইকেটো কিষান সিঙৰ হাতত পতন ঘটে । বলাৰগৰাকীয়ে ৮.৩ অভাৰত ৪/৪৬ত স্পেলৰ অন্ত পেলায় ।

লগতে পঢ়ক : ক্ৰিকেটাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী… ভাতৃৰ সৈতে শুনানিৰ বাবে চমন

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ… আধিনায়কৰ দায়িত্বত আয়ুষ

১৫ জানুৱাৰীৰ পৰা জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’বলগা ১৯ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা শৃংখলাৰ বাবেও ঘোষণা কৰা হৈছে দল ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰে । আয়ুষ মাহাত্ৰেক দলৰ অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে বিহান মালহোত্ৰাক সহ-অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে । বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্যবংশীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । এই প্ৰতিযোগিতাৰ পূৰ্বে অহা বছৰৰ আৰম্ভণিতে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব ভাৰতীয় দলে । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱা একেটা দলেই এই ছিৰিজতো খেলিব ।

গ্ৰুপ বিত ভাৰত-

১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব ১৯ অনুৰ্ধ বিশ্বকাপ । ১৬টা দলক চাৰিটা গ্ৰুপত বিভক্ত কৰা হৈছে । পাঁচ বাৰৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী ভাৰতক নিউজীলেণ্ড, আমেৰিকা, বাংলাদেশৰ সৈতে গ্ৰুপ বিত স্থান দিয়া হৈছে । ১৫ জানুৱাৰীত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । তাৰ পিছত ১৭ জানুৱাৰীত বাংলাদেশ আৰু ২৪ জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলে । প্ৰতিযোগিতাৰ ফাইনেল খেল হাৰাৰেত অনুষ্ঠিত হ’ব ।

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে দলৰ অধিনায়ক বৈভৱ-

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব । ১৯ বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণ । বিচিচিআইয়ে ঘোষণা কৰে যে আয়ুষ মাহাত্ৰে আৰু বিহান মালহোত্ৰাই এই শৃংখলাত নেখেলে । দুয়োগৰাকীয়ে আঘাতৰ সৈতে যুঁজি আছে । ফলস্বৰূপে ব’ৰ্ডে বৈভৱ সূৰ্য্যবংশীক অধিনায়ক আৰু এৰন জৰ্জক সহ-অধিনায়ক হিচাপে নিযুক্তি দিছে । ৩ জানুৱাৰী, ৫ জানুৱাৰী আৰু ৭ জানুৱাৰীত উইলোম’ৰ পাৰ্কত অনুষ্ঠিত হ’ব এই তিনিখন মেচ ।

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দল :

বৈভৱ সূৰ্য্যবংশী (অধিনায়ক), এৰন জৰ্জ (সহ-অধিনায়ক), বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ. এছ অম্বৰীশ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ আনন, হেনিল পেটেল, ডি দীপেশ, কিষাণ কুমাৰ সিং, উধৱ মোহন, যুৱৰাজ গোহিল, ৰাহুল কুমাৰ ।

১৯ বছৰ অনুৰ্ধৰ এদিনীয়া বিশ্বকাপৰ ভাৰতীয় দল :

আয়ুষ মাহত্ৰে (অধিনায়ক), বিহান মালহোত্ৰা (সহ-অধিনায়ক), বৈভৱ সূৰ্য্যবংশী, এৰন জৰ্জ, বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ. অম্বৰীশ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ এনান, হেনিল পেটেল, ডি দীপেশ, কিষাণ কুমাৰ সিং, উধৱ মোহন ।

লগতে পঢ়ক : চেম্পিয়নছ ট্ৰফী, এছিয়া কাপৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিশ্বকাপ জয়লৈকে… ২০২৫ চনৰ ১০টা স্মৰণীয় ক্ৰিকেট মুহূৰ্ত

বৈভৱ সূৰ্যবংশীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ… ৰাষ্ট্ৰপতি মুৰ্মুৱে কৰিলে সন্মানিত

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰেৰে সন্মানিত ক্ৰিকেট বিস্ময় বৈভৱ সূৰ্যবংশী ।ৰাষ্ট্ৰপতি মুৰ্মুৱে এই বঁটাৰে সন্মানিত কৰে তেওঁক ।

১৪ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশীক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে সূৰ্যবংশীক এই বঁটা প্ৰদান কৰে । অনুষ্ঠানৰ পিছতে বৈভৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈভৱক প্ৰশংসা কৰে । এই বঁটা পাঁচৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুক দিয়া হয় আৰু এই বয়সৰ শিশু তথা কিশোৰৰ বাবে ই সৰ্বোচ্চ অসামৰিক সন্মান ।

ক্ৰীড়া শাখাত বৈভৱক প্ৰদান কৰা হয় এই বঁটা-

সাহস, কলা আৰু সংস্কৃতি, পৰিৱেশ, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আদি বিভিন্ন শাখাত অসাধাৰণ কৃতিত্বৰ বাবে বছৰি এই বঁটা প্ৰদান কৰা হয় । ক্ৰীড়া শাখাত বৈভৱ সূৰ্যবংশীক এই বঁটা প্ৰদান কৰা হয় । ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে বাওঁহতীয়া বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় ১৯ বছৰ অনুৰ্ধৰ বাকী দলৰ সৈতে যোগদান কৰি জিম্বাবুৱেলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে ।

নিজৰ প্ৰদৰ্শনেৰে আপ্লুত কৰিছে বৈভৱে-

শেহতীয়াকৈ বৈভৱ সূৰ্যবংশীয়ে ক্ৰিকেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া তেওঁ লিষ্ট এ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় । বিজয় হাজাৰে ট্ৰফীৰ এখন খেলত তেওঁ মাত্ৰ ৮৪টা বলত ১৯০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । ১৫টা ছয় কোবাই মাত্ৰ ৩৬টা বলতে শতক অৰ্জন কৰে বৈভৱে । তেওঁৰ ইনিংছে বলাৰসকলক সম্পূৰ্ণৰূপে বিমোৰত পেলাইছিল ।

এছিয়া কাপৰ বাবে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ অংশ আছিল বৈভৱ-

শেহতীয়াকৈ সমাপ্ত হোৱা ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ অংশ আছিল বৈভৱ সূৰ্য্যবংশী । ১০টা বলত ২৬ ৰানত আউট হয় তেওঁ । অৱশ্যে এই হতাশা অতিক্ৰম কৰি তেওঁ বিজয় হাজাৰে ট্ৰফীত জিলিকি উঠিল । তালিকা এ ক্ৰিকেটত ভাৰতৰ হৈ চতুৰ্থ দ্ৰুততম শতক অৰ্জন কৰে বৈভৱ সূৰ্যবংশীয়ে ।

লগতে পঢ়ক : ২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইসকল বেটছমেনে বিস্তাৰ কৰিলে আধিপত্য…

অপ্ৰতিৰোধ্য ভাৰতীয় দল… পাকিস্তানৰ বিৰুদ্ধে ৯০ ৰানত দুৰ্দান্ত জয়  

১৯ বছৰ অনুৰ্ধ এছিয়া কাপত অপ্ৰতিৰোধ্যভাৰতীয় দল । আজি অনুষ্ঠিত হোৱা এখন মেচত ভাৰতে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে ।

১৯ অনুৰ্ধ এছিয়া কাপৰ পঞ্চমখন খেলত ভাৰতে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি ভাৰতে ২৪০ ৰান সংগ্ৰহ কৰে । ভাৰতৰ বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ডুবাই খেলপথাৰত মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয় । অধিনায়ক আয়ুষ মাহাত্ৰেও ৩৮ ৰানত আউট হয় যদিও পৰৱৰ্তী সময়ত তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে পাকিস্তানক পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

এই তিনি খেলুৱৈয়ে জয়ৰ দিশে আগুৱাই লৈ যায় ভাৰতক-

ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বেটছমেন এৰন জৰ্জ, অলৰাউণ্ডাৰ কনিষ্ক চৌহান আৰু বেগী বলাৰ দীপেশ দেৱেন্দ্ৰনে । এৰন জৰ্জে ৮৮টা বলত ৮৫ ৰান সংগ্ৰহ কৰে । কনিষ্ক চৌহানে ৪৬ ৰান সংগ্ৰহ কৰি তিনিটা উইকেট দখল কৰে  । বেগী বলাৰ দীপেশে মাত্ৰ ১৬ ৰানত তিনিটা উইকেট দখল কৰে ।

ভাৰতৰ বেটিং হিৰো-

প্ৰথমে বেটিং কৰা ভাৰতে চতুৰ্থ অভাৰত সৰ্বাধিক উইকেট হেৰুৱাইছিল । অ’পেনাৰ বৈভৱ সূৰ্যবংশী চাৰি ৰানত আউট হয় । ইয়াৰ পিছতে অধিনায়ক আয়ুষ মাহাত্ৰে আৰু এৰন জৰ্জে শক্তিশালী বেটিঙেৰে পাকিস্তানক উভতি ধৰে । জৰ্জ শীৰ্ষ ফৰ্মত আছিল আৰু আয়ুষে অতি আক্ৰমণাত্মক বেটিং কৰিছিল । ৩৮ ৰানত আউট হোৱাৰ পূৰ্বে তেওঁ তিনিটা ছয় আৰু চাৰিটা চাৰি কোবাই । তাৰ পিছত বিহান মালহোত্ৰাই ১২ ৰান আৰু বেদান্ত তিৱাৰীয়ে মাত্ৰ ৭ ৰানত উইকেট বিসৰ্জন দিয়ে । অৱশ্যে এৰন জৰ্জ ক্ৰীজত থাকি এক উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে ।

অলৰাউণ্ডাৰ কনিষ্ক চৌহানেও ৪৬টা বলত ৪৬ ৰান সংগ্ৰহ কৰি সুন্দৰ ইনিংছ খেলে । কিন্তু তেওঁ অৰ্ধশতক অৰ্জনত ব্যৰ্থ হয় আৰু এৰন জৰ্জে শতক অৰ্জন কৰাত ব্যৰ্থ হয় । পাকিস্তানী বেগী বলাৰ মহম্মদ ছায়াম আৰু আব্দুল শোভানে তিনিটাকৈ উইকেট দখল কৰি ভাৰতক ২৪০ ৰানত সীমাবদ্ধ কৰি ৰাখে ।

শক্তিশালী বলিং আক্ৰমণ-

ভাৰতীয় দলক ২৪০ ৰান ৰক্ষা কৰিবলৈ উৎকৃষ্ট বলিঙৰ প্ৰয়োজন আছিল আৰু বলাৰসকলে নিৰাশ কৰা নাছিল । দীপেশ দেৱেন্দ্ৰনে দলক প্ৰথমটো অগ্ৰগতি প্ৰদান কৰে । পূৰ্বৰ খেলখনত বিস্ফোৰক শতক অৰ্জন কৰা সমীৰ মানহাছক ৯ ৰানত আউট কৰে তেওঁ । লগতে তেওঁ আলী হাছান বালোচৰ উইকেট দখল কৰে । আহমেদ হুছেইনকো আউট কৰে দীপেশে । তাৰ পিছত কনিষ্ক চৌহানে উছমান খানক আউট কৰি পাকিস্তানৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।

মিডল অভাৰত অধিনায়ক ফাৰহান ইউছুফ আৰু হুজাইফা এহছানে এক সুদৃঢ় অংশীদাৰিত্ব গঢ়ি তুলিছিল যদিও বৈভৱ সূৰ্যবংশীয়ে এই অংশীদাৰিত্ব ভংগ কৰে । তেওঁ ফাৰহান ইউছুফৰ উইকেট দখল কৰে । ইয়াৰ পিছতে কনিষ্ক চৌহানে হুজাইফা এহছানক ৭০ ৰানত আউট কৰি পাকিস্তানৰ আশাৰ অন্ত পেলায় । পাকিস্তানে ৪১.২ অভাৰত ১৫০ ৰানত আটাইকেইটা উইকেট হেৰুৱাই ।

লগতে পঢ়ক : ধৰমশালাত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয় টি–২০

ডুবাইত বৈভৱ সূৰ্য্যবংশীৰ বেটিং ধুমুহা; নতুন ইতিহাস সৃষ্টি

অনূৰ্ধ্ব ১৯ এছিয়া কাপত ৫৬ টা বলত ১০০ ৰান সংগ্ৰহ বৈভৱ সূৰ্য্যবংশীৰ…

আকৌ এবাৰ সকলোকে নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে আচৰিত কৰিলে বৈভৱ সূৰ্য্যবংশীয়ে। অনূৰ্ধ্ব ১৯ এছিয়া কাপত ভাৰত আৰু ইউ এ ইৰ মাজত খেলা খেলখনত বৈভৱে আগ্ৰাসী বেটিং কৰিছিল।

এই সময়ছোৱাত তেওঁ চাৰি আৰু ছয়ৰ ধাৰাবাহিকভাৱে আঘাত কৰে।যদিও দলৰ অধিনায়ক আয়ুষ ম্হাত্ৰে আগতীয়াকৈ আউট হৈছিল,কিন্তু ইয়াৰ পিছতো বৈভৱ সূৰ্য্যবংশীয়ে প্ৰচণ্ড ইনিংছ খেলিছিল।প্ৰথমে তেওঁ নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিলে আৰু তাৰ পিছত শতকটোৰ দিশে আগবাঢ়িল।

১৯ বছৰ অনুৰ্ধ এছিয়া কাপত ডুবাইত মুখামুখি হৈছে ভাৰত আৰু ইউ এ ইৰ যুৱ দল।মেচখনত ইউ এ ইৰ অধিনায়কে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

১১টা বলত মাত্ৰ ৪ ৰান সংগ্ৰহ কৰি আউট হয় দলৰ অধিনায়ক আয়ুষ ম্হাত্ৰে।ইফালে মাত্ৰ ৫৬টা বলত শতক সম্পূৰ্ণ কৰিলে বৈভৱে।

এই সময়ছোৱাত বৈভৱ সূৰ্যবংশীয়ে পাঁচটা চাৰি আৰু ৯টা ছয় কোবাই।শতকৰ সময়ত বৈভৱৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৪তকৈ অধিক আছিল।

লগতে পঢ়ক: দ্বিতীয়খন টি-২০টো আত্মসমৰ্পণ টিম ইণ্ডিয়াৰ; ৫১ ৰানত পৰাস্ত ভাৰত