আজি ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ; অব্যাহত থাকিব ‘নো হেণ্ডশ্বেক’ নীতি

ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

ৰাইজিং ষ্টাৰছ এছিয়া কাপৰ এখন হাই ভল্টেজ মেচত আজি ভাৰত আৰু পাকিস্তানৰ যুৱ দল মুখামুখি হ’ব । দুয়োটা দলৰ মাজত টি-২০ ফৰ্মেটৰ এই মেচখন ভাৰতীয় সময় অনুসৰি নিশা আঠ বজাৰ পৰা দোহাত অনুষ্ঠিত হ’ব । এই মেচত আকৌ এবাৰ সকলোৰে দৃষ্টি পূৰ্বৰ মেচত বিস্ফোৰক শতক অৰ্জন কৰা তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশীৰ ওপৰত ।

বি চি চি আইৰ নীতি মানি চলিব দলে-

ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাপূৰ্ণ সম্পৰ্কৰ প্ৰভাৱ ক্ৰিকেট খেলপথাৰতো দেখা গৈছে । এছিয়া কাপৰ সময়ত ছিনিয়ৰ জাতীয় দলটোৱে পাকিস্তানৰ খেলুৱৈৰ সৈতে হেণ্ডশ্বেক কৰা নাছিল যাৰ বাবে বহু বিতৰ্কৰ সৃষ্টি হৈছিল । এতিয়া জিতেশ শৰ্মাৰ নেতৃত্বত ইণ্ডিয়া এ দলেও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই নীতি মানি চলিব ।

ডাঙৰ ইনিংছ খেলিব বিচাৰিব বৈভৱে-

এই হাই ভল্টেজ মেচখনৰ সময়ত পাকিস্তানৰ আক্ৰমণক স্তব্ধ কৰি ৰখাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব বৈভৱ । চলিত প্ৰতিযোগিতাত ইণ্ডিয়া এৰ অধিনায়ক জিতেশেও নিজৰ ছিনিয়ৰৰ পদাংক অনুসৰণ কৰি পাকিস্তান শ্বাহিনছৰ অধিনায়ক ইৰফান খানৰ সৈতে টছৰ সময়তো নহয় মেচৰ পিছতো হাত নিমিলোৱাৰ সম্ভাৱনা আছে ।

কিন্তু সকলোৰে দৃষ্টি থাকিব আই পি এলত শতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটক জোকাৰি যোৱা ১৪ বছৰীয়া সূৰ্য্যবংশীৰ ওপৰত । পূৰ্বৰ খেলখনত ইউ এ ইৰ বিৰুদ্ধে ১৫টা ৬ৰে ৫২টা বলত অবিশ্বাস্য ১৪৪ ৰান সংগ্ৰহ কৰি ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় (এ টিম) ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় বৈভৱ ।

লগতে পঢ়ক : আই পি এল ২০২৬ : কোন ফ্ৰেঞ্চাইজিয়ে কোন খেলুৱৈক কৰিলে ৰিলিজ ?

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস; ৫২ বলত অৰ্জন কৰিলে বিস্ফোৰক শতক

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস

১৭ বছৰীয়া আয়ুষ মাহাত্ৰেৰ নেতৃত্বত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলটো ইংলেণ্ড ভ্ৰমণত আছে, য’ত ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে ৫খন এদিনীয়া আৰু ২খন মাল্টি ডে মেচ খেলিছে দলটোৱে । ৫ জুলাই ৱৰ্চেষ্টাৰত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন মেচত বৈভৱ সূৰ্য্যবংশীয়ে বিস্ফোৰক শতক অৰ্জন কৰে ।

এই মেচখনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ হৈ বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৫২টা বলত শতক সম্পূৰ্ণ কৰে, এয়া আছিল যুৱ এদিনীয়াত যিকোনো বেটছমেনৰ দ্ৰুততম শতক । বৈভৱ সূৰ্যবংশীয়ে ৭৮টা বলত ১৪৩ ৰান সংগ্ৰহ কৰে, য’ত ১০টা ছয় আৰু ১৩টা চাৰি আছিল । ১৯ বছৰ অনুৰ্ধৰ এদিনীয়া মেচত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয়গৰাকী হৈছে বৈভৱ সূৰ্যবংশী । তেওঁ নিজৰ অভিলেখ উন্নত কৰে ।

ইয়াৰ পূৰ্বে বৈভৱ সূৰ্যবংশীয়ে ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয়খন এদিনীয়া খেলত মাত্ৰ ৩১টা বলত ৮৬ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত সূৰ্যবংশীয়ে ছটা চাৰি আৰু ৯টা ছয় কোবাই । ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ১৪ বছৰীয়া বৈভৱে ।

ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে বৈভৱৰ স্ক’ৰ-

১ম এদিনীয়া – ৪৮ ৰান

২য় এদিনীয়া – ৪৫ ৰান

৩য় এদিনীয়া – ৮৬ ৰান

৪ৰ্থ এদিনীয়া – ১৪৩ ৰান

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দল : আয়ুষ মাহাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (সহ-অধিনায়ক/উইকেটকীপাৰ), হৰবংশ সিং পাংগলিয়া (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, হেনিল পেটেল, কনিষ্ক চৌহান, মৌল্যৰাজসিং চাৱদা, যুধজীত গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ এনান, আনমোলজিৎ সিং, নমন পুষ্পক, দীপেশ দেৱেন্দ্ৰন ।

লগতে পঢ়ক : পুনৰ গৰজিল শুভমন গীলৰ বেটে; দ্বি শতকৰ পাছত পুনৰ খেলিলে শতকীয় ইনিংছ

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন;  ধুমুহাৰ পৰা কেনেকৈ বাচিব ইংলেণ্ডৰ বলাৰ?

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত আছে, আয়ুষ মাহত্ৰেৰ অধিনায়কত্বত আয়োজক দলৰ বিৰুদ্ধে ৫খন খেলৰ যুৱ এদিনীয়া শৃংখলা খেলি আছে।

এই শৃংখলাৰ তিনিখন মেচ এতিয়ালৈকে খেলা হৈছে, য’ত টিম ইণ্ডিয়াই ২ খন মেচত জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দলে এখন মেচত জয়ী হ’বলৈ সক্ষম হৈছে।

এই শৃংখলাত এতিয়ালৈকে ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে বেটৰ উজ্জ্বল প্ৰদৰ্শন দেখা গৈছে, য’ত তেওঁ তৃতীয়খন খেলত মাত্ৰ ৩১টা বলত ৮৬ ৰান সংগ্ৰহ কৰি টিম ইণ্ডিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এতিয়া আকৌ এবাৰ চতুৰ্থ মেচত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

ৱৰ্চেষ্টাৰত খেলিব চতুৰ্থখন খেল

যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন খেল ভাৰত আৰু ইংলেণ্ডৰ মাজত ৱৰ্চেষ্টাৰ খেলপথাৰত অনুষ্ঠিত হ’ব।এই পৰ্যন্ত টিম ইণ্ডিয়াৰ ফালৰ পৰা এই শৃংখলাৰ প্ৰথম তিনিখন মেচত বেটিঙত বৈভৱ সূৰ্যবংশীৰ বাহিৰেও অভিজ্ঞান কুণ্ডু আৰু বিহান মালহোত্ৰাৰ বেটখনৰৰ চমৎকাৰ প্ৰদৰ্শন দেখা গ’ল।

বলিংত আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান আৰু হনিল পেটেলে উজ্জ্বল প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে।

শৃংখলাৰ চতুৰ্থখন খেল ৱৰ্চেষ্টাৰত অনুষ্ঠিত হ’ব যদিও ভাৰতীয় সময় অনুসৰি বিয়লি ৩:৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব।অৱশ্যে এই মেচখন টিভিত লাইভ টেলিকাষ্ট কৰা নহ’ব।

লগতে পঢ়ক: সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ; ভৰি চুই ললে আশীৰ্বাদ

বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক বৰ্তমান সময়ত চিনি নোপোৱা মানুহ হয়টো নোলাব। চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

১৪ বছৰীয়া খেলুৱৈ গৰাকীয়ে ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বল খেল প্ৰদৰ্শন কৰিছিল।

গুজৰাট টাইটানছ (জিটি)ৰ বিৰুদ্ধে তেওঁ খেলখনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল ।সেই মেচখনত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল।ইয়াৰ লগে লগে আই পি এলত শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় খেলুৱৈগৰাকী।

৩০ মে’ ত পাটনা বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে বৈভৱ সূৰ্যবংশীয়ে।এই সময়ত তেওঁৰ পিতৃ-মাতৃও উপস্থিত আছিল।

১৪ বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ সৈতে হোৱা সাক্ষাৎ ৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ক্ৰিকেট দক্ষতাক অতি প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে যে, ‘পাটনা বিমানবন্দৰত যুৱ ক্ৰিকেট চেন্সেশ্যন বৈভৱ সূৰ্য্যবংশী আৰু তেওঁৰ পৰিয়ালক লগ পাইছিলো।

তেওঁৰ ক্ৰিকেট দক্ষতাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে। তেওঁৰ ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা।’ প্ৰধানমন্ত্ৰী গৰাকীক লগ পোৱাৰ সময়ত খেলুৱৈগৰাকীয়ে তেওঁৰ ভৰি চুই আশীৰ্বাদ লয়।

লগতে পঢ়ক: PAKৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়; শশী থাৰুৰৰ ষ্ট্ৰাইকৰ পিছত সুৰ সলনি কলম্বিয়াৰ

কাম নকৰিলে বৈভৱ সূৰ্যবংশীৰ যাদুৱে, এছিয়া কাপৰ খিতাপ হেৰুৱালে ভাৰতে

১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৪ৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় দল । বাংলাদেশে ৫৯ ৰানত পৰাস্ত কৰে ভাৰতক । এই জয়েৰে বাংলাদেশে ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ খিতাপ দখল কৰে । ফাইনেলত নিমাত হৈ থাকিল টিম ইণ্ডিয়াৰ উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীৰ বেট । বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে আই পি এলত কোটি টকাত বিক্ৰী হোৱা খেলুৱৈজনে । ৯ ৰান সংগ্ৰহ কৰি আউট হয় বৈভৱ । বৈভৱৰ লগতে সমগ্ৰ দলৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ই ভাৰতৰ পৰাজয়ৰ এটা ডাঙৰ কাৰণ হৈ পৰে ।

ছেমি ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰত ফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু ফাইনেলত বাংলাদেশে ৫৯ ৰানত পৰাস্ত কৰে দলটোক । প্ৰথমে বেটিং কৰি বাংলাদেশে ১৯৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত টিম ইণ্ডিয়াই মাত্ৰ ১৩৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ৩৫.২ অভাৰত অল আউট হয় ভাৰতীয় দলটো । আয়ুষ মহাত্ৰে আৰু আন্দ্ৰে সিদ্ধাৰ্থেও দলৰ হৈ বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ।

বৈভৱ সূৰ্যবংশীৰ যাদু কিয় কাম নকৰিলে-

টিম ইণ্ডিয়াৰ হৈ একেৰাহে দুটা অৰ্ধশতক অৰ্জন কৰিছিল বৈভৱে । ইউ এ ইৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলিছিল তেওঁ । ইয়াৰ পিছত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰে । কিন্তু ফাইনেলত নিমাত হৈ থাকিল তেওঁৰ বেট । ৭ টা বলত ৯ ৰান সংগ্ৰহ কৰি আউট হয় বৈভৱ । লগতে ২টা চাৰিটাও কোবাইছিল তেওঁ । মাৰুফ মিৰ্ধৰ বলত বৈভৱ পেভিলিয়নমুখী হয় । সেইবাবেই তেওঁৰ যাদুৱে ফাইনেলত কাম কৰিব নোৱাৰিলে । বৈভৱ অপৰাজিত হা থকা হ’লে ভাৰতীয় দলটো খিতাপৰ ওচৰ চাপিব পৰাৰ সম্ভাৱনা আছিল ।

প্ৰতিযোগিতাখনত সূৰ্যবংশীৰ প্ৰদৰ্শন কেনেকুৱা আছিল –

পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হৈছিল বৈভৱ সূৰ্যবংশী । ইয়াৰ পিছত তেওঁ জাপানৰ বিৰুদ্ধে ২৩ ৰানৰ ইনিংছ খেলিছিল । ইউ এ ইৰ বিৰুদ্ধে বৈভৱে নিজৰ শক্তি দেখুৱাইছিল । শ্বাৰজাহত খেলা খেলখনত অপৰাজিত হৈ ৭৬ ৰান সংগ্ৰহ কৰে তেওঁ । বৈভৱে ছেমি ফাইনেলতো ভাল প্ৰদৰ্শন কৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ ৬৭ ৰান সংগ্ৰহ কৰে । কিন্তু বাংলাদেশৰ বিৰুদ্ধে ফাইনেলত তেওঁ মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি আউট হয় ।