২৭ বছৰৰ পিছত একেলগে দেখা গ’ল ববি দেউল আৰু প্ৰীটি জিন্টাক; হাঁহি হাঁহি কৰিলে আলিংগন

২৭ বছৰৰ পিছত ববি দেউল আৰু প্ৰীটি জিন্টা

চোল্জাৰত ববি দেউল আৰু প্ৰীতি জিণ্টাৰ যুটিক দৰ্শকে যথেষ্ট ভাল পাইছিল। তাৰ   ২৭ বছৰৰ পাছত তেওঁলোকক পুনৰ একেলগে দেখা পাই দৰ্শকসকলৰ পুৰণি স্মৃতি সতেজ হৈ পৰিছিল।

ছবিখনৰ গীতসমূহ এতিয়াও অতি জনপ্ৰিয় আৰু ববী আৰু প্ৰীতিৰ অন স্ক্ৰীণ যুটিয়ে মানুহৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে।

এতিয়া বহুদিনৰ মূৰত মনীষ মলহোত্ৰাৰ দীপাৱলী পাৰ্টিত দুয়োকে একেলগে হাঁহি হাঁহি আলিংগন কৰা দেখিবলৈ পোৱা গৈছে।

য’ত ববীৰ পত্নী তনয়াও উপস্থিত আছিল।ববী আৰু প্ৰীতিৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰীতি আৰু ববীয়ে ইজনে সিজনক দেখাৰ লগে লগে কোনো পলম নকৰাকৈ দুয়ো দৌৰি গৈ মৰমেৰে ইজনে সিজনক সাৱটি ধৰিলে।

ববিৰ পত্নী তনয়া দেওলৰ সৈতেও প্ৰীতিক কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। যিটো অনুৰাগীসকলে আটাইতকৈ ভাল পাইছো।দুয়োৰে বহু ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

লগতে পঢ়ক: পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়

এই শিশুটিক বাৰু মনত আছেনে ? ২১ বছৰীয়া হ’ল হে বেবী এঞ্জেল

২১ বছৰীয়া হ’ল হে বেবী এঞ্জেল

২০০৭ চনত অক্ষয় কুমাৰে সকলোৰে হৃদয় জয় কৰা এখন ছবি মুক্তি দিছিল। হেই বেবী শীৰ্ষক ছবিখনত অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ফৰদিন খান, আৰু বিদ্যা বালানে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

ছবিখনত ইমানবোৰ তাৰকা থকাৰ পিছটো এটি শিশু আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল।ছবিখনৰ পিছতে লাইমলাইটলৈ অহা সেই শিশুটি এতিয়া বাৰু কিমান ডাঙৰ হ’ল জানেনে?

সেই মৰমলগা শিশুটি এতিয়া ২১ বছৰত ভৰি দিলে। হেই বেবীৰ এঞ্জেলৰ চৰিত্ৰত অভিনয় কৰিছিল জুয়ানা সংঘৱীয়ে।২০০৪ চনৰ ২২ মাৰ্চত ৰাজস্থানত জন্মগ্ৰহণ কৰিছিল জুয়ানাই।

তেওঁ কেৰিয়াৰত মাত্ৰ এখনহে ছবিত অভিনয় কৰিছে। জুয়ানাই হে বেবীত শিশু শিল্পী হিচাপে কাম কৰিছিল।জুয়ানাৰ বয়স এতিয়া ২১ বছৰ।তেওঁ আগৰ তুলনাত এতিয়া আৰু ধুনীয়া হৈ পৰিছে।

হে বেবীৰ পিছৰে পৰা জুয়ানাক এতিয়ালৈকে কোনো ছবিত দেখা পোৱা নাই যদিও অনুৰাগীসকলে জুয়ানা ছবিলৈ পুনৰ ঘূৰি অহাৰ বাবে অপেক্ষা কৰি আছে।

লগতে পঢ়ক: ২৩ বছৰৰ পিছত কন্যা সন্তাৰ পিতৃ হ’ল অভিনেতা আৰবাজ খান…

ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা; কাৰণ কি ?

ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা

অবৈধ বেটিং এপ গোচৰৰ সৈতে জড়িত চেলিব্ৰিটিসকলক ধাৰাবাহিকভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ দি আহিছে বলবৎকাৰী সঞ্চালকালয় তথা ইডিয়ে । অভিনেত্ৰী উৰ্বশী ৰৌতেলা পুনৰ এবাৰ ইডিৰ সন্মুখত হাজিৰ হৈছে । অবৈধ বেটিং এপ ৰ তদন্তৰ অংশ হিচাপে এতিয়া ইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে উৰ্বশী ।

কেৰিবিয়ান দ্বীপ কুৰাকাওত পঞ্জীয়নভুক্ত এই প্লেটফৰ্মৰ ভাৰতীয় এম্বেছাদৰ উৰ্বশী । জানিব পৰা মতে পিএমএলএৰ বিধান অনুসৰি তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিছে । বিগত কেইসপ্তাহমানৰ পৰা ইডিয়ে যুৱৰাজ সিং, সুৰেশ ৰাইনা, ৰবীন উথাপ্পা আৰু শিখৰ ধাৱনৰ দৰে ক্ৰিকেটাৰৰ লগতে অভিনেতা ছনু ছুদ, মিমি চক্ৰৱৰ্তী (টিএমচিৰ প্ৰাক্তন সাংসদ) আৰু অংকুশ হাজৰা (বাংলা চিনেমা)ক জেৰা কৰি আহিছে । তদন্তৰ অংশ হিচাপে একাংশ ছছিয়েল মিডিয়া ইনফ্লুৱেন্সাৰকো জেৰা কৰা হৈছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতত ৰিয়েল মানি অনলাইন গেমিং নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰে । চৰকাৰী নিষেধাজ্ঞাৰ পূৰ্বে বজাৰ বিশ্লেষণ সংস্থা আৰু তদন্তকাৰী সংস্থাসমূহৰ অনুমান অনুসৰি এনে অনলাইন বেটিং এপৰ ​​প্ৰায় ২২ কোটি ভাৰতীয় ব্যৱহাৰকাৰী আছিল, ইয়াৰে আধা নিয়মীয়া ব্যৱহাৰকাৰী ।

লগতে পঢ়ক : ‘অভিষেক বচ্চনে ভাল খেলিলে…’; শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ

চলন্ত ৰে’লৰ পৰা জপিয়ালে বলীউডৰ অভিনেত্ৰী কৰিশ্মা শৰ্মাই; গুৰুতৰভাৱে আহত

চলন্ত ৰে’লৰ পৰা জপিয়ালে বলীউডৰ অভিনেত্ৰী কৰিশ্মা শৰ্মাই

‘ৰাগিনী এম এম এছ ৰিটাৰ্নছ’ আৰু ‘প্যাৰ কা পঞ্চনামা’ৰ দৰে ছবিত অভিনয় কৰা অভিনেত্ৰী কৰিশ্মা শৰ্মাৰ লগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

এই ঘটনাটোৰ বিষয়ে তেওঁ নিজেই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে সকলোকে জনাইছে। অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত কয় যে তেওঁ মুম্বাইৰ লকেল ৰে’লেৰে চাৰ্চগেটলৈ গৈছিল,কিন্তু ৰে’লখনত উঠাৰ লগে লগে তাৰ গতি বাঢ়ি আহিল আৰু তেওঁৰ বন্ধু-বান্ধৱীয়ে ৰে’লখনত উঠিব নোৱাৰিলে।

এই ভয়ৰ বাবেই অভিনেত্ৰী গৰাকীয়ে চলন্ত ৰে’লৰ পৰা জপিয়াই দিয়ে। যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

এই সময়ত অভিনেত্ৰী কৰিশ্মা শৰ্মা চিকিৎসালয়ত ভৰ্তি হৈ আছে।ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।

অভিনেত্ৰী কৰিশ্মাই ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰি লিখিছে,‘কালি চাৰ্চগেটত শ্বুটিং কৰিবলৈ গৈ থাকোঁতে শাৰী পিন্ধি ৰে’লখন ধৰাৰ সিদ্ধান্ত লৈছিলো।

ট্ৰেইনত উঠিবলৈ লোৱাৰ লগে লগে ট্ৰেইনৰ গতি বাঢ়িবলৈ ধৰিলে আৰু দেখিলো মোৰ লগৰবোৰে ট্ৰেইনখনত উঠিব পৰা নাই।সেই ভয়তে মই জপিয়াই দিলো আৰু পিঠি দি পৰিলোঁ,যাৰ ফলত মই মূৰত গুৰুতৰভাৱে আঘাত পালোঁ।

মই কালিৰে পৰা কষ্টত আছো,কিন্তু মই মজবুত হৈ আছো। অনুগ্ৰহ কৰি মোৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আপোনাৰ মৰম প্ৰেৰণ কৰক।

লগতে পঢ়ক: পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ: ১৫০০ বন্যাৰ্তৰ ল’লে দায়িত্ব

কিয় কেৱল শুকুৰবাৰেহে মুক্তি দিয়া হয় চিনেমা… শনিবাৰ আৰু দেওবাৰে কিয় নহয় ?

কিয় কেৱল শুকুৰবাৰেহে মুক্তি দিয়া হয় চিনেমা

ভাৰতত চিনেমা চাবলৈ ভাল পোৱা মানুহৰ অভাৱ নাই । আপোনালোকৰ বহুতেই হয়তো চিনেমাপ্ৰেমী যিয়ে শুকুৰবাৰলৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে যাতে ছবিগৃহত এখন নতুন চিনেমা মুক্তি পাই আৰু চোৱাৰ সুযোগ পায় । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে কেৱল শুকুৰবাৰেহে চিনেমা কিয় মুক্তি পায় ?  ইয়াৰ উত্তৰ জানো আহক ।

শুকুৰবাৰে কিয় মুক্তি পায় চিনেমা ?

ভাৰতীয় চিনেমাৰ বেছিভাগ ছবিয়েই শুকুৰবাৰে মুক্তি পায় । শুকুৰবাৰে ছবি মুক্তিৰ আঁৰত বহু ডাঙৰ কাৰণ আছে । আচলতে শুকুৰবাৰে মানুহে নিজৰ কামৰ পৰা মুক্ত হৈ ছুটিৰ দিনটো আৰম্ভ কৰে । শুকুৰবাৰে শেষ কৰ্মদিন যাৰ বাবে মানুহে চিনেমা হললৈ গৈ ভাগৰ দূৰ কৰিবলৈ বা পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাবলৈ যায় । শুকুৰবাৰে ছবি মুক্তি দিলে দৰ্শকে সম্পূৰ্ণ তিনিটা দিন, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ লাভ কৰে, যেতিয়া তেওঁলোকে ছবিখন চাব পাৰে । চিনেমা হলত ভিৰ গোট খোৱাৰ বাবে এই তিনিদিন সৰ্বোত্তম, কাৰণ এই দিনবোৰত বেছিভাগ মানুহৰে বন্ধৰ দিন । বন্ধৰ দিনটোৰ বাবে ছবিখনৰ কালেকশ্যনতো প্ৰভাৱ পৰে ।

শনিবাৰ বা দেওবাৰে কিয় চিনেমা মুক্তি নাপায়-

এতিয়া আপুনি নিশ্চয় ভাবিছে যে শনিবাৰ বা দেওবাৰে চিনেমা কিয় মুক্তি নাপায় ?  ইয়াৰ উত্তৰ হ’ল চিনেমাখনৰ উপাৰ্জন । শুকুৰবাৰে যদি ছবিখন মুক্তি পায় তেন্তে ই সম্পূৰ্ণ তিনিদিনীয়া উইকেণ্ড পায় । এই তিনিদিন বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰে । শনিবাৰে যদি চিনেমাখন মুক্তি পায় তেন্তে শনিবাৰ আৰু দেওবাৰে মাত্ৰ দুদিন আৰু দেওবাৰে মুক্তি পালে মাত্ৰ এদিনহে পায় । দেওবাৰৰ পিছত সোমবাৰৰ পৰা কামৰ দিন আৰম্ভ হয়, যেতিয়া মানুহে থিয়েটাৰলৈ কম যায় । সেয়েহে শুকুৰবাৰে মুক্তি পালে ছবিখনে অধিক দৰ্শক লাভ কৰে আৰু অধিক উপাৰ্জনৰ সুযোগ লাভ কৰে ।

এয়াও কাৰণ-

আন এটা কাৰণ হ’ল ছবিখনৰ প্ৰচাৰ । শুকুৰবাৰে মুক্তি পাবলগীয়া এখন ছবিৰ প্ৰচাৰ কেইবাদিনো আগতেই আৰম্ভ হয় । ট্ৰেইলাৰ, গীত, পোষ্টাৰ আৰু তাৰকাসকলৰ সাক্ষাৎকাৰৰ জৰিয়তে মানুহ অধীৰ হৈ পৰে । শুকুৰবাৰে যেতিয়া ছবিখন মুক্তি পায়, তেতিয়া মানুহে ছুটিৰ দিনত ছবিখন চায় আৰু ছ’চিয়েল মিডিয়াত বা বন্ধু-বান্ধৱীৰ মাজত আলোচনা কৰে । যদি ছবিখন ভাল হয়, তেন্তে এই আলোচনা আৰু বিয়পি পৰে, যিয়ে মানুহক ছবিগৃহলৈ লৈ আহে ।

লগতে পঢ়ক : লণ্ডনত অৰিজিত সিঙৰ কনচাৰ্টত অঘটন; গীত পৰিৱেশন কৰি থকাৰ সময়তে…

একো ভূল নাই…; জলী এল এল বি ৩ক গ্ৰীণ চিগনেল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

জলী এল এল বি ৩ক গ্ৰীণ চিগনেল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছীৰ আগন্তুক ছবি জলী এল এল বি ৩ক লৈ এক বৃহৎ সকাহ দি,এলাহাবাদ উচ্চ ন্যায়ালয়ে বুধবাৰে ছবিখনৰগীত ‘ভাই উকিল হয়’ৰ বিৰুদ্ধে ব্যৱস্থা আৰু ন্যায়পালিকা আৰু আইনী বৃত্তিক বদনাম কৰা বুলি অভিযোগত ছবিখনৰ মুক্তিৰ সময়ত স্থগিতাদেশ বিচৰা আবেদন নাকচ কৰা হয়।

ন্যায়াধীশ সংগীতা চন্দ্ৰ আৰু ন্যায়াধীশ ব্রিজ ৰাজ সিঙৰ সংমণ্ডল বিচাৰপীঠে কয় যে তেওঁলোকে গীতৰ কথা বা ছবিখনৰ ট্ৰেইলাৰ বা টিজাৰত ‘একো আপত্তিজনক কথা’ বিচাৰি নাপালে।

ন্যায়ালয়ে কয় যে ‘আমি কোনো আপত্তিজনক বিষয় বিচাৰি পোৱা নাই যিয়ে এই আদালতৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা প্ৰদান কৰিব।

‘ভাই উকীল হয়’ গীতটোৰ কথাও আমি অধ্যয়ন কৰিছো আৰু আমি এনেকুৱা একো বিচাৰি নাপালোঁ যিয়ে প্ৰকৃত অধিবক্তাৰ আইনী প্ৰথাত বাধাৰ সৃষ্টি কৰিব।’ সেয়েহে আদালতে কোনো শাস্তি নিদিয়াকৈয়ে আবেদন খাৰিজ কৰিলে।

২০ আগষ্টত পুনেৰ আদালতে বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছীক তেওঁলোকৰ ছবি জলী এল এল বি ৩ৰ সৈতে জড়িত জাননী জাৰি কৰিছিল।

এই জাননীসমূহ অধিবক্তা ৱাজিদ খান বিডকাৰ (৭০)ৰ এজাহাৰৰ পিছতে জাৰি কৰা হৈছে,য’ত দাবী কৰা হৈছিল যে ছবিখনে ন্যায় ব্যৱস্থা আৰু আদালতৰ কাৰ্য্যবিধিক ঠাট্টা কৰিছে।

তেওঁৰ আবেদনত বিডকাৰে যুক্তি দিছিল যে ছবিখনে আইনী বৃত্তিটোক অপমানজনকভাৱে চিত্ৰিত কৰাৰ লগতে ন্যায়পালিকাক অপমান কৰিছে।

ছবিখনৰ এটা দৃশ্যত বিচাৰকক মামু (এটা কথিত শব্দ) বুলি উল্লেখ কৰা দৃশ্যৰ ওপৰতো তেওঁলোকে আপত্তি কৰে।আদালতে অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছীক ২৮ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ কৈছে।

লগতে পঢ়ক: ‘মই খেলৰ চেনেলবোৰ বন্ধ কৰি দিলো…’; যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী ধনশ্ৰী ভাৰ্মাৰ মন্তব্য

বিবেক অগ্নিহোত্ৰীৰ বাঢ়িছে বিপদ ; ‘দ্য বেংগল ফাইলছ’ ৰ বাবে পঞ্জীয়ন এফআইআৰ

বিবেক অগ্নিহোত্ৰীৰ বাঢ়িছে বিপদ

মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছে ‘দ্য বেংগল ফাইলছ’ ছবিখন।শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাত এক হুলস্থুলৰ সৃষ্টি হৈছে।

ছবিখনৰ কাহিনী ভাৰত-পাকিস্তান বিভাজনৰ সময়ত কেনেকৈ মানুহবোৰ জ্বলি আছিল সেই সময়ৰ ।একে সময়তে ১৯৪৬ চনৰ দাঙ্গা বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিখ্যাত বাঙালী যোদ্ধা গোপাল মুখাৰ্জীৰ চিত্ৰকল্পক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

গোপাল মুখাৰ্জীৰ নাতি শান্তনু মুখাৰ্জীয়ে পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

দৰাচলতে ছবিখনৰ ট্ৰেইলাৰত গোপাল মুখাৰ্জীক ‘এক থা কসাই গোপাল পাঠা’ হিচাপে চিনাকি কৰাই দিয়া হৈছে।যাৰ বিষয়ে শান্তনুৱে দাবী কৰে যে এইটো তেওঁৰ ককাকৰ চৰিত্ৰৰ ভুল বৰ্ণনা।

শান্তনুৰ দাবী তেওঁৰ ককাক পেছাত কসাই নাছিল,বৰঞ্চ তেওঁ আছিল এজন মল্লযুঁজাৰু আৰু অনুশীলন সমিতিৰ এজন বিশিষ্ট ব্যক্তি।যিয়ে ১৯৪৬ চনত মুছলিম লীগৰ দাঙ্গা বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

শান্তনুৱে পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছে।য’ত তেওঁৰ ককাকৰ চৰিত্ৰ বিকৃত কৰাৰ অভিযোগত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে। তেওঁ দাবী কৰিছে যে ছবিখনত চিত্ৰণ কেৱল ভুল হোৱাই নহয়, ই পৰিয়াল আৰু সমাজৰ বাবেও আঘাত কৰিছে।

শান্তনুৱে দাবী কৰিছিল, ‘মোৰ ককাক কসাই আৰু পাঠা (ছাগলী) বুলি কোৱা হৈছিল, যিটো অপমানজনক।মই ভাবো বিবেক অগ্নিহোত্ৰীয়ে এই বিষয়ে অধিক গৱেষণা কৰা উচিত।তেওঁলোকে এই ভুল তথ্য ক’ৰ পৰা পালে?

‘তেওঁ আমাৰ লগত যোগাযোগো কৰা নাই।সেইবাবেই আমি ইয়াৰ বিৰোধিতা কৰিছো আৰু কৰি যাম।আমাৰ প্ৰতিবাদ প্ৰকাশ কৰিবলৈ আমি বিবেক অগ্নিহোত্ৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছো আৰু লগতে এফআইআৰো দাখিল কৰিছো।’

লগতে পঢ়ক: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা; গেংষ্টাৰ হিমাংশু ভাউৰ দায়িত্ব স্বীকাৰ

স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ

ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ

সমগ্ৰ ভাৰতবৰ্ষই আজি স্বাধীনতা দিৱস উদযাপন কৰিছে। এই উপলক্ষে চেলিব্ৰিটিসকলেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক অভিনন্দন জনোৱা দেখা গৈছে।

কিন্তু ইয়াৰ মাজতে ছানী দেউলৰ অনুৰাগীৰ বাবে এটা ডাঙৰ আপডেট আহিছে। আচলতে ছানী দেউলৰ বহু প্ৰত্যাশিত ছবি বৰ্ডাৰ ২ৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে,যিটো এখন পোষ্টাৰেৰে জৰিয়তে ঘোষণা কৰা হৈছে।এই আভাস দেখাৰ পিছত অনুৰাগীসকলে অতি আগ্ৰহেৰে ছবিখন মুক্তিৰ বাবে অপেক্ষা কৰিছে।

ছানি দেউলে নিজৰ ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত বৰ্ডাৰ ২ৰ মুক্তিৰ তাৰিখ ২০২৬ চনৰ ২২ জানুৱাৰী বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, আমি ভাৰতৰ বাবে যুঁজিম, আকৌ এবাৰ। ২০২৬ চনৰ ২২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে বৰ্ডাৰ ২।

উল্লেখযোগ্য যে ‘বৰ্ডাৰ ২’ ছবিখনৰ পৰিচালক অনুৰাগ সিং আৰু এই ছবিখন গুলচন কুমাৰ আৰু টি ছিৰিজৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ আধাৰত নিৰ্মিত জে পি দত্তৰ ১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি ‘বৰ্ডাৰ’ৰ ছিকুৱেল ‘বৰ্ডাৰ ২’।

‘বৰ্ডাৰ ২’ত অভিনয় কৰিছে ছানী দেওল, দিলজিৎ দোসাঞ্জ, বৰুণ ধাৱন আৰু আহন শেট্টীয়ে। এই ছবিখনক লৈ এক উত্তেজনাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: বিপদত শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰা; ৬০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ

মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ

মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰৰ ৰাজপথৰ পৰা গৰাকীবিহীন তথা অঘৰী কুকুৰসমূহ আঁতৰাই আশ্ৰয় গৃহলৈ পঠিয়াবলৈ দিয়া নিৰ্দেশে সকলোতে নতুন বিতৰ্কৰ সূচনা কৰিছে । ন্যায়ালয়ৰ এই সিদ্ধান্ত এতিয়া সমগ্ৰ দেশতে বিতৰ্কৰ কাৰণ হৈ পৰিছে । বিশেষকৈ বলীউডৰ চেলিব্ৰিটিসকলে এই সিদ্ধান্তৰ প্ৰতিবাদত মুকলিকৈ ওলাই আহিছে ।

অভিনেতা জন আব্ৰাহামে মঙলবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ এখন পত্ৰ লিখি দিল্লী-এন চি আৰ অঞ্চলৰ পৰা কুকুৰসমূহ আঁতৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া নিৰ্দেশনা পুনৰীক্ষণ আৰু সংশোধন কৰিবলৈ আহ্বান জনায় । এই পত্ৰ আদালতে কৰ্তৃপক্ষক যিমান পাৰি সোনকালে সকলো পদপথৰ কুকুৰক স্থায়ীভাৱে আঁতৰাই আশ্ৰয় শিবিৰত থোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে লিখিছে জন আব্ৰাহামে । ইয়াৰ উপৰিও অভিনেতা বৰুণ ধাৱান আৰু অভিনেত্ৰী জাহ্নৱী কাপুৰেও আদালতৰ এই সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

‘এইবোৰ অঘৰী কুকুৰ নহয়…’- জন আব্ৰাহম

পেটা ইণ্ডিয়াৰ প্ৰথম পৰিচালক জনে কয় যে কুকুৰবোৰ অঘৰী নহয়, বৰঞ্চ সমাজৰ অংশ আৰু বহুতে ইহঁতক ভাল পায় । আশাকৰোঁ আপোনালোকেও এই কথাত একমত হ’ব যে এইবোৰ অঘৰী নহয়, সামূহিক কুকুৰহে, যিবোৰ বহুতে আৰু বিশেষকৈ দিল্লীবাসীয়ে ভাল পায় । এই নিৰ্দেশনা পশু জন্ম নিয়ন্ত্ৰণ (এ বি চি) নিয়ম, ২০২৩ আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্তৰ বিপৰীত, যিয়ে ধাৰাবাহিকভাৱে পদ্ধতিগত বন্ধ্যাকৰণ কাৰ্যসূচী সমৰ্থন কৰি আহিছে । ৰাজহুৱা স্থানৰ পৰা অঘৰী কুকুৰ আঁতৰাই দিলে সমস্যাৰ সমাধান নহয় । এই সিদ্ধান্তৰ পুনৰীক্ষণ আৰু সংশোধনীৰ বাবে শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ ।

জীৱ-জন্তুৰ বাবে মাত মাতিলে বলীউডে-

বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু অভিনেতা বৰুণ ধাৱানে ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰি এই নিৰ্দেশক নিষ্ঠুৰ আৰু অন্যায় বুলি অভিহিত কৰিছে । জাহ্নৱীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন আবেদন শ্বেয়াৰ কৰি লিখিছে যে ৰাজপথত বসবাস কৰা এই জীৱ-জন্তুবোৰ অঘৰী কুকুৰ নহয়, বৰঞ্চ আমাৰ সমাজৰ এটা অংশ ।

বৰুণ ধাৱানেও প্ৰকাশ কৰিলে অসন্তুষ্টি-

একে সময়তে অভিনেতা বৰুণ ধাৱানেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আৱেদন শ্বেয়াৰ কৰি এই সিদ্ধান্তৰ বিৰোধিতা কৰে । বৰুণে বহু বছৰ ধৰি পোহনীয়া জন্তুৰ সৈতে বাস কৰি আহিছে আৰু ইয়াৰ পূৰ্বেও পশুৰ অধিকাৰৰ বাবে মাত মাতিছে ।

ৰবীনা টেণ্ডনেও কৰিলে বিৰোধিতা-

পূৰ্বে ৰবীনা টেণ্ডনেও এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়, ‘পদপথৰ কুকুৰৰ সংখ্যা বৃদ্ধিৰ বাবে এই কুকুৰবোৰক দোষ দিয়াটো ভুল । যদিহে স্থানীয় সংস্থাসমূহে টিকাকৰণ আৰু বন্ধ্যাকৰণ অভিযান সঠিকভাৱে চলাইছিল তেন্তে এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন । স্থানীয় সংস্থাই নিজৰ অঞ্চলৰ অঘৰী কুকুৰৰ দায়িত্ব ল’ব লাগিব । আজিৰ দিনত বন্ধ্যাকৰণৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন ।’

লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন