AI ৰ জৰিয়তে সলনি হ’ল ‘ৰাণঝনা’ৰ ক্লাইমেক্স; ধনুশে কৰিলে আপত্তি

AI ৰ জৰিয়তে সলনি হ’ল ক্লাইমেক্স

২০১৩ চনত ‘ৰানঝনা’ ছবিৰে বলীউডত প্ৰৱেশ কৰিছিল ধনুশে। এই ছবিখনত সোণম কাপুৰক তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল আৰু দুয়োৰে যুটিটো দৰ্শকে যথেষ্ট ভাল পাইছিল।

ধনুশ আৰু সোণম কাপুৰৰ উপৰিও আনন্দ এল ৰায়ৰ পৰিচালনাত নিৰ্মিত ৰাণঝানা ছবিখনত অভয় দেওল, স্বৰা ভাস্কৰ, জীশন আয়ুবৰ দৰে অভিনেতাকো দেখা গৈছিল আৰু বক্স অফিচতো ছবিখন সফল বুলি প্ৰমাণিত হ’ল।

শেহতীয়াকৈ ছবিখনে এটা ডাঙৰ টুইষ্টৰ সৈতে পুনৰ মুক্তি লাভ কৰিছে।দৰাচলতে AI ব্যৱহাৰ কৰি ছবিখনৰ ক্লাইমেক্স সলনি কৰি পুনৰ মুক্তি দিছে, যিয়ে ছবিখনৰ পৰিচালক আনন্দ এল ৰায় আৰু নায়ক ধনুশক হতাশ কৰিছে।

শেহতীয়াকৈ ধনুশে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ পৰিৱৰ্তিত ক্লাইমেক্সক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

ধনুশে এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ AIৰ জৰিয়তে ৰাণঝনাৰ ক্লাইমেক্স সলনি কৰাত হতাশা প্ৰকাশ কৰাৰ লগতে এটা ডাঙৰ ভৱিষ্যদ্বাণীও কৰে।

পোষ্টটোত ধনুশে লিখিছে-AIৰ জৰিয়তে ক্লাইমেক্স সলনি কৰি ‘ৰানঝনা’ৰ পুনৰ মুক্তিয়ে মোক সম্পূৰ্ণৰূপে বিচলিত কৰিছে।এই নতুন ক্লাইমেক্সে ছবিখনৰ আত্মা কাঢ়ি লৈ গৈছে।মোৰ স্পষ্ট আপত্তি সত্ত্বেও সংশ্লিষ্ট পক্ষই এই কাম কৰিলে।

ধনুষে তেওঁৰ পোষ্টত এআই সম্পৰ্কে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু ইয়াক ছবিখনৰ উত্তৰাধিকাৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি আৰু লিখিছে-”এইখন সেইখন ছবি নহয়, যিখনৰ বাবে মই ১২ বছৰ আগতে কৰিবলৈ সন্মত হৈছিলো”।

” চিনেমা বা বিষয়বস্তু সম্পাদনা কৰিবলৈ এআই ব্যৱহাৰ কৰাটো শিল্প আৰু শিল্পীক, দুয়োৰে বাবে ই অতিশয় চিন্তাৰ বিষয়।ই কাহিনী কোৱাৰ কলা আৰু চিনেমাৰ উত্তৰাধিকাৰৰ প্ৰতি এয়া এক বৃহৎ ভাবুকি।ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে কঠোৰ নিয়ম প্ৰণয়ন কৰা হ’ব বুলি মই আশাবাদী”।

লগতে পঢ়ক: ‘জীৱনৰ চুক্তি…’; চিকিৎসালয়ৰ পৰা ৰিলিজৰ পিছতে আছিফ খানৰ ডাঙৰ সিদ্ধান্ত

মধ্যপ্ৰদেশৰ পিছত দিল্লীতো এতিয়া কৰমুক্ত ‘তনভি দ্য গ্ৰেট’; মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ঘোষণা

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ঘোষণা

বক্স অফিচৰ বাবে এই মাহটো আছিল অতি উত্তম। ছাইয়াৰাৰ পিছত এতিয়া শীঘ্ৰে ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে এখন নতুন ছবি।তাৰ মাজতে অনুপম খেৰৰ ছবি তনভি দ্য গ্ৰেটও মুক্তি পাবলৈ গৈ আছে।

যাৰ সন্দৰ্ভত বেক টু বেক ভাল খবৰ আহিছে।অৰ্থাৎ অনুপম খেৰৰ পৰিচালিত তনভি দ্য গ্ৰেট ছবিখন প্ৰথমে মধ্যপ্ৰদেশত কৰমুক্ত কৰা হৈছিল।

আৰু এতিয়া দিল্লীৰ পৰাও গ্ৰীণ চিগনেল পোৱা গৈছে।দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই তনৱীক কৰমুক্ত কৰাৰ কথা ঘোষণা কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই অনুপম খেৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি কৰ ৰেহাই ঘোষণা কৰে।এক্সত এটা পোষ্ট লিখি তেওঁ সেই সম্পৰ্কে নিজৰ মতামত প্ৰকাশ কৰে। ইয়াৰ আগতে মধ্যপ্ৰদেশৰ মোহন যাদৱ চৰকাৰেও ইয়াক কৰমুক্ত কৰি তুলিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে, ‘মই আপোনালোকক জনাবলৈ পাই অতি সুখী যে দিল্লী চৰকাৰে তনভি দ্য গ্ৰেটক কৰমুক্ত কৰিছে।এই ছবিখন অতি প্ৰেৰণাদায়ক’।

‘ছবিখনৰ কাহিনীটো এগৰাকী বিশেষ ছোৱালী তনৱীৰ, যিয়ে অতি সাহসেৰে নিজৰ সপোন পূৰণ কৰে। তনৱীৰ কাহিনীটোও বৰ আৱেগিক’।

‘আমি এনে ছবিৰ প্ৰচাৰ কৰোঁ যিবোৰ জাতীয় সেৱাৰ মনোভাৱেৰে নিৰ্মাণ কৰা হয়। ছবিখনৰ টীমটোলৈ অভিনন্দন’।

লগতে পঢ়ক: কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে অভিনেত্ৰী তনুশ্ৰী দত্তাই, শোষণৰ অভিয়োগ

কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে অভিনেত্ৰী তনুশ্ৰী দত্তাই, শোষণৰ অভিয়োগ

কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে অভিনেত্ৰী তনুশ্ৰী দত্তাই

অভিনেত্ৰী তনুশ্ৰী দত্তাই ছ’চিয়েল মিডিয়াত এটা চাঞ্চল্যকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । মঙলবাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক কান্দি থকা দেখা গৈছে । অভিনেত্ৰীগৰাকীয়ে কৈছে যে যোৱা কেইবাবছৰ ধৰি তেওঁ নিজৰ ঘৰতে শোষণৰ সন্মুখীন হৈছে । এই পৰিস্থিতিত অতিষ্ঠ হৈ আজি তেওঁ আৰক্ষীক ফোন কৰা বুলি উল্লেখ কৰিছে । তনুশ্ৰীয়ে ৰাইজৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে ।

স্বাস্থ্যৰ অৱনতি ঘটিছে-

শ্বেয়াৰ কৰা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কান্দি কান্দি কৈছে, ‘মোক নিজৰ ঘৰতে হাৰাশাস্তি কৰা হৈছে । মই এই মাত্ৰ আৰক্ষীক ফোন কৰিছো । পুলিচ আহিল’ । আৰু ক’লে যে কাইলৈ থানালৈ গৈ সঠিক অভিযোগ দাখিল কৰিব । অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোৰ ভাল নহয় । যোৱা চাৰি-পাঁচ বছৰত মোক ইমানেই হাৰাশাস্তি কৰা হৈছে যে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । কোনো কাম কৰিব পৰা নাই ।’

২০১৮ চনৰ পৰাই চলি আছে হাৰাশাস্তি-

ভিডিঅ’টোৰ সৈতে তনুশ্ৰীয়ে এটা কেপচন লিখিছে, ‘এই হাৰাশাস্তিৰ পৰা মই অতীষ্ঠ হৈ পৰিছো ! ২০১৮ চনৰ পৰা এনেদৰে চলি আছে । আজি অতীষ্ঠ হৈ আৰক্ষীক ফোন কৰিলোঁ । অনুগ্ৰহ কৰি কোনোবাই মোক সহায় কৰক ! বহু দেৰি হোৱাৰ আগতেই কিবা এটা কৰক’ । কেপচনত #MeToo হেচটেগো লিখিছে অভিনেত্ৰীগৰাকীয়ে ।

ঘৰৰ চাৰিওফালে শুনা যায় অদ্ভুত শব্দ-

ইয়াৰ উপৰিও তনুশ্ৰীয়ে আন এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টো সম্পূৰ্ণ আন্ধাৰ দেখা গৈছে, কিন্তু অদ্ভুত শব্দ শুনা গৈছে । তনুশ্ৰীয়ে কেপচনত লিখিছে যে এনেধৰণৰ শব্দ প্ৰায়ে শুনা যায় । তেওঁক হাৰাশাস্তি কৰা হৈছে । অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘২০২০ চনৰ পৰা প্ৰায় প্ৰতিদিনে অদ্ভুত সময়ত মোৰ টেৰেচৰ ওপৰত আৰু দুৱাৰৰ বাহিৰত ইমান ডাঙৰ শব্দ আৰু অন্যান্য অতি জোৰেৰে খুন্দা মৰা শব্দৰ সন্মুখীন হৈছো ! বিল্ডিং মেনেজমেণ্টৰ ওচৰত অভিযোগ কৰি ভাগৰি পৰিলোঁ আৰু কেইবছৰমান আগতে হাৰ মানিলোঁ । এতিয়া মই মাত্ৰ এইটোৰ সৈতে জীয়াই আছো । এই শব্দবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ মই হেডফোন লগাই হিন্দু মন্ত্ৰ শুনো । আজি মোৰ বৰ বেমাৰ হৈছিল । যোৱা ৫ বছৰ ধৰি অহৰহ মানসিক চাপ আৰু উদ্বেগৰ বাবে মোৰ ক্ৰনিক ফেটিগ চিনড্ৰম হৈছে । এতিয়াও বহু কথাই এফ আই আৰত উল্লেখ কৰিম ।’

উল্লেখ্য যে ২০১৮ চনত তনুশ্ৰী দত্তাই ২০০৮ চনত ‘হৰ্ণ অ’কে প্লিজ’ ছবিখনৰ শ্বুটিংৰ সময়ত নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ২০১৮ চনৰ অক্টোবৰ মাহত তনুশ্ৰীয়ে নানা পাটেকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । সেই বছৰৰ মাৰ্চ মাহত মুম্বাইৰ আন্ধেৰী আদালতে এই সন্দৰ্ভত অভিযোগ ল’বলৈ অস্বীকাৰ কৰিছিল । দণ্ডাধীশ আদালতে তনুশ্ৰী দত্তাৰ আবেদন নাকচ কৰি কয় যে অভিনেত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰত যৌন নিৰ্যাতনৰ অভিযোগ প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰমাণ নাই ।

লগতে পঢ়ক : প্ৰকাশ ৰাজ আৰু ৰাণা দগ্গুবাটিকে ধৰি দক্ষিণৰ এইসকল তাৰকালৈ ই ডিৰ চমন…

বক্স অফিচক ‘ছাইয়াৰা’ৰ খলকনি; তিনি দিনতে গঢ়িলে অভিলেখ

বক্স অফিচক ‘ছাইয়াৰা’ৰ খলকনি

মোহিত সূৰীৰ ৰোমান্টিক ছবি ‘ছাইয়াৰা’ই বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে। এই ছবিখন এখন সুন্দৰ প্ৰেম কাহিনী হোৱাৰ বাবে দৰ্শকে যথেষ্ট ভাল পাইছে।

আৰু এই সন্দৰ্ভত অনুৰাগীৰ মাজত প্ৰচণ্ড উন্মাদনা দেখা গৈছে।যাৰ বাবেই বক্স অফিচত ছবিখনে যথেষ্ট ভাল উপাৰ্জনো কৰিছে।

আহান পাণ্ডে আৰু অনীত পাড্ডা অভিনীত ছবিখনে মুক্তিৰ তৃতীয় দিনটোতে বিশাল সংগ্ৰহৰ জৰিয়তে সকলোকে আচৰিত কৰি তুলিছে।

মুক্তিৰ প্ৰথম দুদিনতে বক্স অফিচত প্ৰায় ৫০ কোটি টকা লাভ কৰা ছবিখনে তৃতীয় দিনা আলোড়নৰ সৃষ্টি কৰিছে। তৃতীয় দিনা ছবিখনে ঘৰুৱা বক্স অফিচত আনুমানিক ৩৫ কোটি টকাৰ ব্যৱসায় কৰিছে, যিটো বিগত দিনৰ তুলনাত সৰ্বাধিক।

মুক্তিৰ প্ৰথম সপ্তাহতে বক্স অফিচত ছবিখনে এক প্ৰচণ্ড চুনামী সৃষ্টি কৰা দেখা গ’ল। মুক্তিৰ প্ৰথম তিনিদিনতে ইমান বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি এই ছবিখনে সেই কথা প্ৰমাণ কৰিছে যে, অনাগত দিনত ছবিখনৰ ধমাল আৰু অধিক হ’ব।

দেওবাৰৰ সংগ্ৰহ যদি যোগ কৰা হয়, তেন্তে এতিয়ালৈকে এই ছবিখনে বক্স অফিচত ৮০ কোটিতকৈ অধিক নেট উপাৰ্জন কৰিছে।

এইদৰে ছবিখনে এতিয়ালৈকে বক্স অফিচত নিজৰ উপাৰ্জনৰ ধাৰা অব্যাহত ৰাখিছে।মুঠতে বলীউডৰ পৰৱৰ্তী ব্লকবাষ্টাৰ ছবি হ’বলৈ সাজু হৈছে ছাইয়াৰা।

লগতে পঢ়ক: লিপ ফিলিং কৰি বিপদত উৰ্ফি জাভেদ; অন কেমেৰাতে ফুলি গ’ল ওঁঠ

“ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য

পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য

কিছুদিনৰ পৰা অভিনেতা পৰেশ ৰাৱালে শিৰোনাম দখল কৰি আহিছে। তেওঁৰ ‘হেৰা ফেৰী ৩’ বিতৰ্কৰ কখা সকলোৱে জানে। অভিনেতাগৰাকীয়ে সদায় কোনো সংকোচ নোহোৱাকৈ নিজৰ মতামত স্পষ্টকৈ দি আহিছে।

এতিয়া পৰেশ ৰাৱালে আন এক গুৰুতৰ বিষয় উত্থাপন কৰি নিজৰ মতামত ব্যক্ত কৰিছে।তেওঁ কয় যে ৱেব ছিৰিজত দেখুওৱা অন্তৰংগ দৃশ্য আৰু গালি-গালাজবোৰৰ কোনো কাৰণ নাই।

ৱেব ছিৰিজক লৈ ডাঙৰ মন্তব্য

শেহতীয়াকৈ পৰেশ ৰাৱালে এটা সাক্ষাৎকাৰত ছবি আৰু ৱেব ছিৰিজত দেখুওৱা কন্টেন্টৰ বিষয়ে কৈছে।যেতিয়া তেওঁক সোধা হৈছিল যে আজিৰ সময়ত অ’টিটিৰ বাবে কন্টেন্ট নষ্ট হৈ আহিছে আৰু ৰাজনৈতিক দলসমূহে তেওঁলোকক সংস্কৃতিৱান কৰিবলৈ চেষ্টা কৰিছে নেকি?

এই বিষয়ে অভিনেতাজনে কয় যে, ‘সমাজত যিবোৰ হৈ আছে, চিনেমাটো সেইবোৰেই দেখুওৱা হয়। আমি সমাজৰ দাপোন’।

‘কিন্তু আমি আমাৰ বিবেচনাক সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।সমাজৰ সকলো বস্তুৱেই দেখুৱাৰ যোগ্য নহয়। কিছুমান কথা আপুনি সূক্ষ্মভাৱে দেখুৱাব পাৰে।’

অন্তৰংগ দৃশ্য আৰু গালি-গালাজবোৰৰ অৰ্থ নাই

অভিনেতা গৰাকীয়ে ৱেব ছিৰিজত দেখুওৱা অন্তৰংগ দৃশ্যৰ বিষয়েও সাক্ষাৎকাৰটোত কৈছে। তেওঁ কয় যে এতিয়া এই সকলোবোৰ দেখি দৰ্শক বিৰক্ত হৈ পৰিছে।

পৰিচালক সকলে দৰ্শকৰ মন আকৰ্ষণ কৰিবলৈ এইবোৰ দৃশ্যাংশ দিয়ে। পৰেশ ৰাৱালে কয় যে, ‘প্ৰতিখন দ্বিতীয় বা তৃতীয় ধাৰাবাহিকতে অৰ্থহীন নিৰ্যাতন আৰু যৌন দৃশ্য দেখি দেখি মানুহে এতিয়া আমনি পাইছে।

কাহিনী বা দৃশ্যটোৰ লগত এইবোৰৰ কোনো সম্পৰ্ক নাই। বৰ্তমান মানুহে ভাবিবলৈ বাধ্য হৈছে যে এইবোৰ কেৱল তেওঁলোকক আকৰ্ষণ কৰিবলৈ দিয়ে।

‘মানুহে প্ৰথমে এইবোৰ ভালপাইছিল কিন্তু এতিয়া আমনি পোৱা হ’ল। যেতিয়া মেকাৰসকলে এই সকলোবোৰ কৰা বন্ধ নকৰে, তেতিয়া চৰকাৰ আগবাঢ়ি আহিব লাগিব।সমাজৰ এক মানসিকতা বজাই ৰখাটো তেওঁলোকৰ কাম।

লকডাউনৰ সময়ত এটা বেয়া অভ্যাস হৈ পৰিল যে আপুনি এখন ধাৰাবাহিক চাই আছে।হঠাতে এটা অন্তৰংগ দৃশ্য আহিল আৰু ঘৰৰ সকলো সদস্য উঠি গুচি যায়।’ গতিকে আপুনিয়েই ভাবক ইয়াৰ পৰা কিবা উপকাৰ হৈছে নে?

লগতে পঢ়ক: ‘মই যিয়েই নকৰোঁ…কেৱল ঘৃণাই পাম’; উৰ্ফী জাভেদে শ্বেয়াৰ কৰিলে গালিৰে ভৰা মেছেজ

ৰাজকুমাৰ ৰাওৰ ‘মালিক‘ৰ  ট্ৰেইলাৰ মুকলি; সম্পূৰ্ণ বেলেগ অৱতাৰত দেখা যাব অভিনেতাগৰাকীক

ৰাজকুমাৰ ৰাওৰ ‘মালিক‘ৰ  ট্ৰেইলাৰ মুকলি

যদি আপুনিও ৰাজকুমাৰ ৰাওৰ অভিনয় চাবলৈ আগ্ৰহী তেন্তে আপোনাৰ অপেক্ষা এতিয়া শেষ হৈছে । ৰাজকুমাৰ ৰাওৰ ছবি ‘মালিক’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । ইয়াত তেওঁ শক্তিশালী সংলাপ আগবঢ়োৱা দেখা গৈছে । এই ট্ৰেইলাৰত এক নতুন ৰূপত দেখা গৈছে শক্তিশালী অভিনেতাজনক ।

শেহতীয়াকৈ ‘ষ্ট্ৰী ২’ আৰু ‘ভূল চুক মাফ’ৰে দৰ্শকক হাঁহিবলৈ আৰু ভয় খুৱাবলৈ সক্ষম হোৱা ৰাজকুমাৰক এতিয়া সম্পূৰ্ণ বেলেগ অৱতাৰত দেখা যাব । এইবাৰ তেওঁ এতিয়ালৈকে তেওঁৰ ভূমিকাতকৈ যথেষ্ট বেলেগ আৰু শক্তিশালী দেখা চৰিত্ৰত আছে ।

 ‘মালিক’ ছবিখনৰ ট্ৰেইলাৰ আৰম্ভ হৈছে ৰাজকুমাৰৰ শক্তিশালী সংলাপেৰে, যিয়ে দৰ্শকক আৰম্ভণিৰে পৰাই মুগ্ধ কৰি ৰাখিছে । প্ৰায় ২ মিনিট ৪৫ ছেকেণ্ডৰ এই ট্ৰেইলাৰত ৰাজকুমাৰক তেওঁৰ চৰিত্ৰত সম্পূৰ্ণৰূপে গঢ় দিয়া দেখা গৈছে । ছবিখনত তেওঁৰ ব্যক্তিত্ব, শৈলী আৰু সংলাপ প্ৰক্ষেপণ, সকলোবোৰ অতি দ্ৰুত দেখা গৈছে । ট্ৰেইলাৰ চোৱাৰ পিছত স্পষ্ট হৈ পৰিছে যে ছবিখন ৰাজনীতি, গুণ্ডাগিৰি আৰু এক্সনেৰে ভৰি পৰিব । প্ৰয়াগৰাজৰ পটভূমিত নিৰ্মিত হৈছে এই ছবিখন ।

১১ জুলাইত ছবিগৃহত মুক্তি পাব ‘মালিক’ ছবিখন । ৰাজকুমাৰৰ লগতে মনুষী চিল্লাৰ, প্ৰসেনজিৎ চেটাৰ্জী, হুমা কুৰেশী আৰু সৌৰভ শুক্লাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ট্ৰেইলাৰে দৰ্শকৰ কৌতুহল বৃদ্ধি কৰিছে, এতিয়া সকলোৱে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ‘মালিক’ৰ ট্ৰেইলাৰৰ এই আভাসত দেখা যায় এজন সাধাৰণ ল’ৰা গেংষ্টাৰ হোৱাৰ কাহিনী । পূৰ্বে দুৰ্বল আৰু সাধাৰণ মানুহৰ দৰে থকা ল’ৰাটো এতিয়া শক্তিশালী হৈ পৰিছে । এতিয়া তেওঁৰ হাতত সকলো আছে- ধন, মৰ্যাদা আৰু ভয়ৰ সৃষ্টি কৰা এটা ভাবমূর্তি । ইয়াৰ পিছত তেওঁ বিধায়ক হ’ব বিচাৰে, যাতে তেওঁ ৰঙা লাইটৰ শক্তি পায় ।

তেওঁ প্ৰতিটো অবৈধ কাম মুকলিকৈ কৰে আৰু ইমানেই শক্তিশালী হৈ পৰিছে যে আৰক্ষীয়েও তেওঁৰ ভৰি চুইছে । তেওঁ কাকো ভয় নকৰে । কিন্তু এই বিপদজনক আৰু হিংসাত্মক জীৱনৰ মাজতো তেওঁৰ ব্যক্তিগত জীৱন আছে- তেওঁৰ পৰিয়াল, যাৰ প্ৰতি তেওঁ আকৰ্ষিত । কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে বহু বন্দুক তেওঁৰ জীৱনৰ পিছত । সংগ্ৰাম, শক্তি আৰু আৱেগেৰে ভৰা এই যাত্ৰাৰ আভাস ট্ৰেইলাৰত দিয়া হৈছে, যিয়ে দৰ্শকক সমগ্ৰ ছবিখন চাবলৈ আগ্ৰহী কৰি তুলিব ।

‘মালিক’ৰ ট্ৰেইলাৰ চোৱাৰ পিছতে ৰাজকুমাৰ ৰাওৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰিছে । ছ’চিয়েল মিডিয়াত ট্ৰেইলাৰটোৱে প্ৰচণ্ড সঁহাৰি লাভ কৰিছে আৰু তেওঁৰ লুক আৰু ডাইলগ ডেলিভাৰীত মানুহ আপ্লুত হৈছে ।

লগতে পঢ়ক : কোনে সমাধান কৰিলে ‘হেৰা ফেৰী ৩’ৰ বিতৰ্ক ? অক্ষয় কুমাৰক লৈ ডাঙৰ মন্তব্য কৰিলে প্ৰযোজকে

কমি আছিল ৰক্তচাপ,ফ্ৰীজত থোৱা খাদ্য খাই হৈছিল অচেতন; শ্বেফালী জৰিৱালাৰ মৃত্যুত আৰক্ষীৰ চাঞ্চল্যকৰ তথ্য

শ্বেফালী জৰিৱালাৰ মৃত্যুত আৰক্ষীৰ চাঞ্চল্যকৰ তথ্য

শুকুৰবাৰে নিশা অভিনেত্ৰী তথা মডেল শ্বেফালী জৰিৱালাৰ মুম্বাইত মৃত্যু হয়।   মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪২ বছৰ। শ্বেফালী জৰিৱালা যথেষ্ট সুস্থ আছিল যাৰ বাবে তেওঁৰ হঠাৎ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

সকলোৱে জানিব বিচাৰে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ কাৰণ।এতিয়া চিকিৎসকে সন্দেহ কৰিছে যে শ্বেফালীৰ মৃত্যুৰ কাৰণ হঠাতে ৰক্তচাপ কমি যোৱা হ’ব পাৰে।ইফালে এজন আৰক্ষী বিষয়াই কৈছে যে আমি মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰি আছো।

বিপি কম হোৱাৰ বাবেই মৃত্যু হ’ল নেকি শ্বেফালীৰ?

আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা নিজৰ ঘৰতে অজ্ঞান হৈ পৰে অভিনেত্ৰীগৰাকী। তেওঁৰ স্বামী তথা টেলিভিছন অভিনেতা পৰাগ ত্যাগীয়ে তেওঁক ততাতৈয়াকৈ আন্ধেৰীৰ বেলভিউ মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে। পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জুহুৰ আৰ এন কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা

আৰক্ষীয়ে জনোৱা মতে, কুপাৰ হাস্পতালৰ চিকিৎসকে শ্বেফালী জৰিৱালাৰ মৃত্যুৰ কাৰণ হঠাতে ৰক্তচাপ কমি যোৱা বুলি সন্দেহ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘৰত সত্যনাৰায়ণ পূজাৰ বাবে উপবাসত আছিল। সেই পূজাত শ্বেফালীৰ পিতৃ-মাতৃও উপস্থিত আছিল।

তেওঁৰ স্বামী পৰাগে আৰক্ষীক দিয়া তথ্য অনুসৰি ফ্ৰীজত আছিল আগদিনা প্ৰস্তুত কৰা খাদ্য আৰু সেই ঠাণ্ডা খাদ্য খাই অজ্ঞান হৈ পৰিছিল অভিনেত্ৰীগৰাকী।তাৰ পিছতে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হয় শ্বেফালীৰ ।

ইয়াত আৰক্ষীয়ে প্ৰয়াত অভিনেত্ৰীগৰাকীৰ স্বামী আৰু পৰিয়ালৰ লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে। শেফালীয়ে ধুনীয়া আৰু চিৰ যৌৱনা হৈ থাকিবলৈ যোৱা কেইদিনমানৰ পৰা চিকিৎসা লৈ আছিল।

তেওঁৰ ঘৰৰ পৰা তথ্য সংগ্ৰহ কৰি থাকোঁতে আৰক্ষীয়ে এন্টি এজিং টেবলেট, স্কিন গ্লো টেবলেট আৰু ভিটামিন টেবলেট থকা দুটা বাকচ উদ্ধাৰ কৰে।

এগৰাকী আৰক্ষী বিষয়াই কয় যে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিছিল বুলি কৈছিল। অৱশ্যে ইয়াৰ বাবে কেতিয়াও শ্বেফালীৰ কোনো সমস্যা হোৱা নাছিল।অৱশ্যে অভিনেত্ৰীগৰাকীৰ মৃত্যু প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছত হে জানিব পৰা যাব।

লগতে পঢ়ক: ‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু; ৪২ বছৰ বয়সতে সামৰিলে জীৱন নাট

‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু; ৪২ বছৰ বয়সতে সামৰিলে জীৱন নাট

‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু

মডেল তথা অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ দেহাৱসান । মাত্ৰ ৪২ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে ‘কাঁটা লাগা’ খ্যাত এসময়ৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে । প্ৰথম অৱস্থাত হাৰ্ট এটেক অহাৰ ফলত তেওঁক স্বামী পৰাগ ত্যাগীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰিছিল যদিও চিকিতসকে অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে ।

নিশা প্ৰায় ১২:৩০ বজাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ আন্ধেৰীৰ কুপাৰ হাস্পতাললৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

ইফালে মুম্বাই আৰক্ষীয়ে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত তদন্তৰ বাবে উপস্থিত হয় । ফৰেনছিক দলো উপস্থিত হৈ তেওঁৰ বাসগৃহত পুংখানুপুংখভাৱে তালাচী চলায় । যদিও, শ্বেফালীৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই, কিন্তু আৰক্ষী আৰু ফৰেনছিক দলে যিদৰে তদন্ত কৰি আছে, ঘটনাটোক সন্দেহজনক বুলি গণ্য কৰা হৈছে ।

‘কাঁটা লাগা’ৰ জৰিয়তে লাভ কৰিছিল পৰিচয়-

শক্তিশালী অভিনয় আৰু সৌন্দৰ্য্যৰে দৰ্শকৰ হৃদয় জয় কৰিছিল শ্বেফালী জৰিৱালাই । ২০০২ চনত মুক্তি পোৱা আইকনিক মিউজিক ভিডিঅ’ ‘কাঁটা লগা’ত তেওঁৰ নৃত্যই তেওঁক নিশাটোৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল । শ্বেফালীৰ গ্লেমাৰাছ লুক, টেটু, কঁকালত বেলি বুটাম আৰু আধুনিক সাজ-পোছাকে তেওঁক ‘কাঁটা লগা গাৰ্ল’ হিচাপে বিখ্যাত কৰি তুলিছিল । এই মিউজিক ভিডিঅ’টো বিখ্যাত হোৱাৰ পিছত দেশত আৰম্ভ হয় ৰিমিক্স সংগীতৰ এক নতুন যুগ । ইয়াৰ উপৰিও বহু টিভি ধাৰাবাহিক আৰু প্ৰজেক্টত কাম কৰিছিল, যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বহু প্ৰসংশা লাভ কৰিছিল ।

শ্বেফালীয়ে বিগ বছ ১৩ ছিজনত প্ৰতিযোগী হিচাপে যোগদান কৰিছিল । ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে শ্ব’টোত অংশগ্ৰহণ কৰিছিল তেওঁ । অভিনেত্ৰীগৰাকীৰ আচৰণ আৰু আনৰ প্ৰতি থকা প্ৰেমে তেওঁক দৰ্শকৰ মাজত প্ৰিয় কৰি তুলিছিল । ইয়াৰ উপৰিও ডান্স ৰিয়েলিটি শ্ব’ নাচ বালিয়ে ছিজন ৫তো অংশগ্ৰহণ কৰিছিল তেওঁ ।

ভাৰতীয় পপ সংস্কৃতিত শ্বেফালী এটা সুপৰিচিত নাম । ‘কাঁটা লগা’ গীতটো মুক্তি পোৱাৰ লগে লগে সমগ্ৰ দেশতে ছুপাৰহিট হৈ পৰে আৰু ইয়াৰ জৰিয়তে তেওঁ গ্লেমাৰাছ ষ্টাৰডম অৰ্জন কৰে ।

২০০২ চনত মুক্তি পোৱা ‘কাঁটা লাগা’ গীতটো, য’ত শ্বেফালী জৰিৱালাক দেখা গৈছিল, আচলতে ১৯৬৪ চনৰ ‘সমঝাৌতা’ ছবিৰ বিখ্যাত গীত ‘কাঁটা লগা’ৰ পুনৰ্সৃষ্ট সংস্কৰণ আছিল ।

লগতে পঢ়ক : ডাঙৰ পৰ্দাত শক্তিশালী ৰূপত এন্ট্ৰি ‘কন্নপ্পা’; প্ৰতিটো দৰ্শনীয়ে হাউছফুল

“আপোনাৰ জন্ম য’ত, তাক লৈ গৌৰৱ কৰিব লাগে”; দিলজিতক তীক্ষ্ণ সমালোচনা গুৰু ৰান্ধৱাৰ

গুৰু ৰান্ধৱাৰ তীক্ষ্ণ সমালোচনা

পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোছাঞ্জৰ ওপৰত বিপদৰ পাহাৰ ভাঙি পৰিছে। পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰে অভিনয় কৰা ‘চৰ্দাৰজী ৩’ ছবিখনক লৈ তেওঁ বিতৰ্কৰ আওতালৈ আহিছে।

এই সময়ত বহু লোকে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে থিয় দিছে।আনকি তেওঁৰ ওপৰত নিষেধাজ্ঞাৰ দাবীও কৰিছে।এতিয়া দিলজিতৰ বিতৰ্কৰ ওপৰত গায়ক গুৰু ৰান্ধৱাই এটা ৰহস্যময় টুইট কৰিছে যিয়ে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

গুৰু ৰান্ধৱাই দিলজিতক টাৰ্গেট

বুধবাৰে নিশা পাঞ্জাবী গায়ক গুৰু ৰান্ধৱাই টুইট কৰি ‘ভুৱা জনসংযোগ’ক লৈ নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ নিজৰ টুইটত কাৰোৰে নাম লিখা নাই, কিন্তু ব্যৱহাৰকাৰীসকলে বিশ্বাস কৰিছিল যে গুৰুৱে দিলজিতৰ বাবে এই টুইটটো কৰিছে।

কণ্ঠশিল্পী গৰাকীয়ে X ত লিখিছে যে, ‘যেতিয়া আপোনাৰ জনসংযোগ দলটো আপোনাৰ প্ৰতিভাতকৈ অধিক প্ৰতিভাশালী হয়, তেতিয়া বিতৰ্কবোৰ সাধাৰণ কথা হৈ পৰে।

সেই দিনলৈ এতিয়া বেছি দূৰ নাই যেতিয়া মানুহৰ চকু মেল খাব আৰু তেওঁলোকে সঁচা কি গম পাব। ভুৱা জনসংযোগ আৰু শিল্পীক ভগৱানে আশীৰ্বাদ কৰক।’

গুৰু ৰন্ধাৱাৰ এই টুইটটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল। অনুৰাগীৰ মতে ‘চৰ্দাৰ জী ৩’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ নামত কণ্ঠশিল্পী গৰাকীয়ে দিলজিতক লক্ষ্য কৰি লৈছিল।

গুৰুৱে বিশ্বাস কৰে যে এয়া দিলজিতৰ নতুন জনসংযোগ খেল যাৰ জৰিয়তে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে।

অৱশ্যে তেওঁ ইয়াতেই থমকি ৰোৱা নাছিল। গুৰুৱে টুইটোত লিখিছে যে, ‘লাখ লাখ মানুহ বিদেশী হৈ পৰিছে, কিন্তু তেওঁলোকে নিজৰ দেশক বিশ্বাসঘাতকতা নকৰে।’ যি দেশৰ খাদ্য খায়, সেই দেশৰ পৰা তেওঁলোকে বেয়া কাম নিবিচাৰে।’

‘আপোনাৰ নাগৰিকত্ব যদি এতিয়া ভাৰতীয় নহয় কিন্তু যদি ভাৰতত জন্ম হৈছে, তেন্তে এই কথাটো মনত ৰাখিব।এই দেশত বহুতো মহান শিল্পীৰ জন্ম হৈছে আৰু আমি সকলোৱে তেওঁলোকৰ বাবে অতি গৌৰৱান্বিত।

অনুগ্ৰহ কৰি আপোনাৰ জন্ম ক’ত হৈছিল তাক লৈ গৌৰৱ কৰক।মাত্ৰ এটা উপদেশ, কোনো নতুন বিতৰ্ক আৰম্ভ নকৰিব আৰু ভাৰতীয়ক বিপথে পৰিচালিত নকৰিব।জনসংযোগ এজন শিল্পীতকৈও ডাঙৰ হৈ পৰিছে।’

গুৰু ৰন্ধাৱাৰ এই টুইটক লৈ এতিয়ালৈকে দিলজিতৰ কোনো প্ৰতিক্ৰিয়া হোৱা নাই।এনে পৰিস্থিতিত এই বিতৰ্ক কিমান দূৰ আগবাঢ়িছে সেয়া হ’ব লক্ষ্যণীয়।

লগতে পঢ়ক: দিলজিৎ দোছাঞ্জক ‘ভুৱা গায়ক’ৰ আখ্যা মিকা সিঙৰ; সামাজিক মাধ্যমত আক্ৰমণ