‘সীতাৰে জমীন পাৰ’ৰ প্ৰিমিয়াৰত তাৰকাৰ ভিৰ; প্ৰেমিকা গৌৰীৰ হাতত হাত থৈ আমিৰ খানৰ প’জ

প্ৰেমিকা গৌৰীৰ হাতত হাত থৈ আমিৰ খান

আমিৰ খানৰ বহু প্ৰত্যাশিত বৰ্ষৰ চিনেমা ‘সীতাৰে জমীন পাৰ’ অৱশেষত আজি অৰ্থাৎ ২০ জুনত ছবিগৃহত মুক্তি পালে।

ইয়াৰ পূৰ্বে বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্টে মুম্বাইত তেওঁৰ ছবিখনৰ এক গ্ৰেণ্ড স্ক্ৰীনিং আয়োজন কৰিছিল, য’ত এনে লাগিছিল যেন বি-টাউনৰ সকলো তাৰকা পৃথিৱীলৈ নামি আহিছে।

শ্বাহৰুখ খান, ছলমান খান, বিকি কৌশল, প্ৰবীণ অভিনেত্ৰী ৰেখাকে ধৰি বহু তাৰকাই তিনি বছৰৰ মূৰত আমিৰক ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তনৰ সমৰ্থনত ‘সীতাৰে জামিন পাৰ’ৰ প্ৰিমিয়াৰ নাইটত উপস্থিত হয়।

প্ৰেমিকা গৌৰী আৰু পুত্ৰৰ সৈতে পোজ আমিৰ খানৰ

আমিৰ খান তেওঁৰ ছবিখনৰ প্ৰদৰ্শনীত গ্ৰেণ্ড ষ্টাইলত উপস্থিত হয়।বগা ৰঙৰ শ্বেৰৱানী পিন্ধি ছুপাৰষ্টাৰগৰাকীক অতি সুন্দৰ দেখা গৈছিল।আমিৰ খানৰ প্ৰেমিকা গৌৰী স্প্ৰেটেও এখন শাৰী পিন্ধি স্ক্ৰীনিঙত উপস্থিত হয়।

এই সময়ছোৱাত আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল মিষ্টাৰ পাৰফেকচনিষ্টে প্ৰেয়সী গৌৰীৰ হাতত হাত থৈ সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবে প’জ দিয়ে।পুত্ৰ আজাদ আৰু প্ৰেমিকা গৌৰীৰ সৈতে বহু ছবি ক্লিক কৰিছিল অভিনেতাজনে।

প্ৰিমিয়াৰত উপস্থিত শ্বাহৰুখ-ছলমান খান

শ্বাহৰুখ খানে ছবি প্ৰদৰ্শনত খুব কমেইহে উপস্থিত থাকে যদিও তিনি বছৰৰ পাছত তেওঁৰ বন্ধু আমিৰ খানৰ ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তনৰ সমৰ্থনত কিং খানক ‘সীতাৰ জমীন পাৰ’ৰ প্ৰিমিয়াৰ নাইটতো দেখা গৈছিল।

শ্বাহৰুখ খানক ক’লা জেকেট, কাৰ্গো জিন্স আৰু ছানগ্লাছ পিন্ধি কেজুৱেল লুকত দেখা গৈছিল। এই সময়ছোৱাত কিং খানেও ছবিখনৰ অভিনেতাসকলৰ সৈতে বহু কথা পাতিছিল।

ছলমান খানেও সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে ‘সীতাৰে জামিন পাৰ’ৰ প্ৰদৰ্শনীত উপস্থিত হয়। অল ব্লেক লুকত ছলমান খানক যথেষ্ট ডেছিং দেখা গৈছিল।

এই সময়ছোৱাত আমিৰ খানৰ লগতে পেপছক ছলমান খানে বহুত প’জ দিছিল। বলীউডৰ ভাইজানেও আমিৰ খানৰ সৈতে বহুত মজা কৰিছিল।

তেওঁ লগতে ধেমালিতে কয় যে ‘সীতাৰে জমীন পাৰ’ প্ৰথমে তেওঁক আমিৰে আগবঢ়াইছিল, তাৰ পিছত অভিনেতাজনে নিজেই এই ছবিখন কৰিছিল। ছলমান খানে শ্বাহৰুখ খানৰ সৈতে আনন্দ কৰি থকা এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়াৰ উপৰিও বিকি কৌশল, তামান্না ভাটিয়া, জেনেলিয়া ডিসুজা, ৰিতেশ দেশমুখ, অভিনেত্ৰী ৰেখা, মোনা সিং, জিতেন্দ্ৰ, তুষাৰ কাপুৰ, জেকি শ্ৰফ আৰু টাইগাৰ শ্ৰফ, ৰাকেশ ৰোশন, হিমেশ ৰেশমীয়া, ৰিয়া চক্ৰৱৰ্তীৰকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

লগতে পঢ়ক: যুদ্ধৰ টেংকত থিয় হৈ অজয় ​​দেৱগানে কৰিলে ঘোষণা; শীঘ্ৰেই মুক্তি পাব ‘ছন অফ চৰ্দাৰ ২’

আমিৰ খানে নাকচ কৰিলে ১২০ কোটি টকাৰ OTT চুক্তি; ‘সিতাৰে জমিন পাৰ’ শ্ব’ৰসময় নিৰ্ধাৰণ

OTT চুক্তি নাকচ আমিৰ খানৰ

বৃহৎ বাজেটৰ একচন ছবিৰ এই যুগতো আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পাৰ’এ নিজকে প্ৰতিষ্ঠা কৰিছে।অনুৰাগীৰ মাজত ইয়াৰ বাবে যথেষ্ট উন্মাদনা দেখিবলৈ পোৱা গৈছে।

আনহাতে এইখন একচন ছবি নহয় বৰঞ্চ এখন আৱেগিক ছবিহে।তাৰে জামিন পাৰ ৰ ছিকুৱেল বুলি গণ্য কৰা সীতাৰে জমীন পাৰৰ মুক্তিৰ সময় ওচৰ চাপি অহাৰ লগে লগে, আমিৰ খানে থিয়েটাৰ আৰু অ’টিটি মুক্তিৰ সন্দৰ্ভত কিছু ডাঙৰ সিদ্ধান্ত লৈছে।

তেওঁ প্ৰথম দিনৰ প্ৰথম শ্ব’ৰ সময়ৰ পৰা আৰম্ভ কৰি অ’টিটিত মুক্তি পোৱাত পলম হোৱালৈকে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নাকচ কৰিলে ১২০ কোটি টকাৰ চুক্তি

আমাজন প্ৰাইম ভিডিঅ’ৰ পৰা ১২০ কোটি ডিজিটেল ৰাইটছ অফাৰ নাকচ কৰিলে আমিৰ খানে।বহুতে বিশ্বাস কৰিব পাৰে যে এইটো মাত্ৰ এটা উপায় আছিল অন্য OTT প্লেটফৰ্মৰ পৰা আৰু ভাল চুক্তি পাবলৈ, কিন্তু বাণিজ্য বিশ্লেষক ক’মাল নাহতাই ছবিখনৰ তথ্যত স্পষ্ট কৰি দিছে যে আমিৰে এই সিদ্ধান্ত লৈছিল যাতে তেওঁ এই ব্যৱস্থাটো সলনি কৰিবলৈ চেষ্টা কৰিব পাৰে।

শেহতীয়া সাক্ষাৎকাৰত আমিৰে এই কথা বহুবাৰ কৈছে যে, থিয়েটাৰ আৰু অ’টিটি মুক্তিৰ মাজত ৮ সপ্তাহৰ ব্যৱধান এটা ভুল ব্যৱসায়িক মডেল।

এই সিদ্ধান্তৰ জৰিয়তে আমিৰে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেৱল কথা নকয়, বৰঞ্চ তেওঁ নিজেই আগবাঢ়ি গৈ আদৰ্শ দাঙি ধৰে।

যদি তেওঁৰ এই কৌশল সফল হয় আৰু ছবিখনৰ অ’টিটিত মুক্তি নোপোৱাৰ বাবে বক্স অফিচৰ উপাৰ্জন বৃদ্ধি পায়, তেন্তে এয়া সমগ্ৰ চলচ্চিত্ৰ জগতৰ বাবে এক ডাঙৰ শিক্ষা হ’ব পাৰে।

কিন্তু যদি এই বাজি উল্টা হৈ যায়, তেতিয়া সীতাৰে জমীন পাৰে ১২০ কোটিৰ সহজ উপাৰ্জন হেৰুৱাব পাৰে।

আমিৰে নিৰ্ধাৰণ কৰিলে চৰ্ত

ইয়াৰ লগতে, ছবিখন মুক্তি পোৱাৰ পূৰ্বে আমিৰ খানে চিনেমা হল সমূহক শ্ব’ৰ সময় সন্দৰ্ভত কিছু বিশেষ নিৰ্দেশনা দিছে।এই নিৰ্দেশনা অনুসৰি

পুৱা ৯ বজাৰ আগতে কোনো শ্ব’ আৰম্ভ নহ’ব, টিকটৰ দাম ‘উইকেণ্ড প্ৰাইচিং’ অনুসৰি ৰাখিব লাগে, অৰ্থাৎ টিকটৰ মূল্য বেছি বৃদ্ধি কৰিব নালাগে, ব্লকবাষ্টাৰ ছবিৰ ক্ষেত্ৰত হোৱাৰ দৰে।

একক পৰ্দাৰ ছবিগৃহত গোটেই দিনটো কেৱল সীতাৰে জমীন পাৰ দেখুৱাবলৈ কোৱা হৈছে, অৰ্থাৎ একেলগে আন কোনো ছবি প্ৰদৰ্শিত নহ’ব।

২খন পৰ্দা থকা থিয়েটাৰত দিনটোত ৮টা শ্ব’ দেখুৱাবলৈ নিৰ্দেশ দিয়া হৈছে।

এনে পৰিস্থিতিত ছবিখন চোৱাৰ লগতে এই চৰ্তসমূহে সীতাৰে জমীন পাৰৰ বক্স অফিচত কিমান প্ৰভাৱ পেলায় সেয়াও আমোদজনক হ’ব।

লগতে পঢ়ক: ‘যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…’; ইৰাণে দিলে সকিয়নী

‘বাকৰুদ্ধ হৈ পৰিছো’; আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ অক্ষয় কুমাৰৰ

অক্ষয় কুমাৰৰ শোক প্ৰকাশ

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে।কোৱা হৈছে যে এই বিমানখনত ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰুকে ধৰি মুঠ ২৪২ জন লোক আছিল।

আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰা এই বিমানখনে উৰণৰ কিছু সময়ৰ পিছতে এক জ্বলি ছাঁই হৈ যায়।  

এই বিমান দুৰ্ঘটনাক লৈ এতিয়া বলীউডৰ তাৰকা সকলেও শোক প্ৰকাশ কৰিছে। বলীউডৰ অভিনেতা অক্ষয় কুমাৰে টুইট কৰি কয়,’এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাত মই স্তম্ভিত আৰু বাকৰুদ্ধ হৈ পৰিছো।

এই সময়ত আমি কেৱল প্ৰাৰ্থনাহে কৰিব পাৰো।’ অভিনেতা ছলমান খানে তেওঁৰ সকলো অনুষ্ঠান বাতিল কৰি কৈছে যে, ‘এতিয়া আনন্দ ফুৰ্তি কৰাৰ সময় নহয়। সকলোকে সুস্থ অৱস্থাত উদ্ধাৰ কৰক’।

আনহাতে ৰিতেশ দেশমুখে এক্সত এটা পোষ্ট লিখিছে, ‘আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ খবৰ শুনি স্তম্ভিত হৈ পৰিছো।অতি হৃদয় বিদাৰক’।

‘এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা সকলো যাত্ৰী, তেওঁলোকৰ পৰিয়াল আৰু প্ৰতিজন ব্যক্তিয়ে সাহস ৰাখক।এই কঠিন সময়ত তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো’ ।

অক্ষয় কুমাৰ, ছানী দেওল, পৰিনীতি চোপ্ৰা, ৰিতেশ দেশমুখ,ছলমান খান ৰানদ্বীপ হুদা, চনু সুদৰ উপৰিও আন বহু তাৰকাই এই বৃহৎ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক:১১ বছৰীয়া পুৰণি বয়িং বিমান,৭০০০ কিলোমিটাৰ উৰণ; আহমেদাবাদত মৃত্যুৰ কিৰিলী

বিখ্যাত পৰিচালক পাৰ্থো ঘোষৰ দেহাৱসান; হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু

পৰিচালক পাৰ্থো ঘোষৰ দেহাৱসান

চলচ্চিত্ৰ জগতৰ পৰা এক অতি দুখজনক খবৰ আহিছে।হিন্দী চিনেমাৰ প্ৰখ্যাত পৰিচালক পাৰ্থো ঘোষৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

বাংলা অভিনেত্ৰী ঋতুপৰ্ণ সেনগুপ্তাই পৰিচালকগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে ।পৰিচালক গৰাকীৰ আকস্মিক বিয়োগত এই উদ্যোগটোৰ সকলো তাৰকা আৰু অনুৰাগী স্তম্ভিত হৈ পৰিছে।

পাৰ্থো ঘোষক ৯০ দশকৰ অন্যতম শ্ৰেষ্ঠ পৰিচালক হিচাপে গণ্য কৰা হৈছিল।চলচ্চিত্ৰৰ জৰিয়তে তেওঁ সমাজৰ সত্যক সম্ভৱপৰ উত্তম ৰূপত বিশ্বৰ আগত দাঙি ধৰাত এজন বিশেষজ্ঞ আছিল।

এই কাৰণেই তেওঁৰ ছবিবোৰে সদায় দৰ্শকৰ হৃদয় চুই গৈছিল।তেওঁ বহু সামাজিক বিষয়ত ছবি নিৰ্মাণ কৰিছিল।

১৯৮৫ চনত সহকাৰী পৰিচালক হিচাপে কাম আৰম্ভ কৰা পাৰ্থো ঘোষে ১৯৯১ চনৰ ছুপাৰহিট ছবি ১০০ ডেজৰ পৰা প্ৰকৃত স্বীকৃতি লাভ কৰে।

এই ছাচপেন্স-থ্ৰিলাৰ ছবিখনে দৰ্শকক আচৰিত কৰি দেখুৱাইছিল যে পাৰ্থো দাৰ গল্প কোৱাৰ এক অনন্য শৈলী আছে। মনীষা কইৰালাৰ ছবি ‘অগ্নিসাক্ষী’ নিৰ্মাণ কৰি তেওঁ সকলোৰে হৃদয়ত গভীৰ ছাপ পেলাইছিল।

ইয়াৰ উপৰিও ১৯৯৩ চনত মিথুন চক্ৰৱৰ্তী আৰু আয়েশা ঝুলকাৰ সৈতে বিতৰ্কিত ছবি ‘দলাল’ নিৰ্মাণ কৰিছিল।এই ছবিবোৰৰ বাবে তেওঁক সদায় স্মৰণীয় হৈ থাকিব।

অৱশ্যে ১৯৯৭ চনত তেওঁৰ অন্তিমখন হিট ছবি আছিল ‘গুলাম ই মুস্তাফা’।চলচ্চিত্ৰৰ উপৰিও তেওঁ বহুতো হিন্দী আৰু বাংলা টিভি শ্ব’ও পৰিচালনা কৰিছিল।

তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ চলচ্চিত্ৰ জগত মৰ্মাহত হৈ পৰিছে।পাৰ্থো ঘোষৰ মৃত্যু চলচ্চিত্ৰ জগতখনৰ বাবে অপূৰণীয় ক্ষতি।

লগতে পঢ়ক: ‘তীব্ৰগতিত ৰাজ্যত চলিব অবৈধ বাংলাদেশী বহিষ্কাৰ অভিযান’: মুখ্যমন্ত্ৰী

‘ইয়াৰ পিছত আৰু একোৱেই বাকী নাথাকিব…’; মহাভাৰতেই হ’ব নেকি আমিৰ খানৰ শেষৰখন ছবি

মহাভাৰতেই হ’ব আমিৰ খানৰ শেষৰখন ছবি!

বহুদিনৰ বিৰতিৰ পিছত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ছুপাৰষ্টাৰ আমিৰ খান।তেওঁৰ নতুন ছবি ‘সীতাৰে জমীন পাৰ’ মুক্তি পাবলৈ ওলাইছে।

এয়া তেওঁৰ হিট ছবি ‘তাৰে জমীন পাৰ’, ২০১৬ৰ ছিকুৱেল, য’ত তেওঁ বাস্কেটবল প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিব।অভিনেতাগৰাকীয়ে নিজৰ ছবিখনৰ প্ৰচাৰো ইতিমধ্যে আৰম্ভ কৰিছে।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱন আৰু কেৰিয়াৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিছিল।

ইয়াৰ মাজতে তেওঁক সোধা হৈছিল যে যদি তেওঁ নিজৰ শেষৰখন ছবি নিৰ্মাণ কৰে তেন্তে কেনেকুৱা হ’ব? এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে তেওঁৰ সপোন ‘মহাভাৰত’ৰ কথা উল্লেখ কৰে।

আমিৰে কয় যে ‘সীতাৰে জমীন পাৰ’ মুক্তি পোৱাৰ পিছত, ‘মহাভাৰত’ বনোৱাৰ কাম কৰিব।ইয়াৰ পিছত তেওঁ আন কোনো প্ৰজেক্ট নিৰ্মাণ কৰিব নোৱাৰিব বুলিও কয়।

আমিৰ খানে কয়, ‘সীতাৰে জমীন পাৰ মুক্তি পোৱাৰ পিছত মই মহাভাৰতৰ কাম কৰিম।মই ভাবো যে হয়তো সেইটো এনে এটা প্ৰজেক্ট যিটো কৰাৰ পিছত মোৰ এই অনুভৱ আহিছে যে ইয়াৰ পিছত মই আন কোনো প্ৰজেক্ট বনাব নোৱাৰো’।

‘কাৰণ সেই প্ৰজেক্টটো ইমানেই ডাঙৰ যে ইয়াত ইমানবোৰ স্তৰ আৰু আৱেগ আছে, ইয়াত থকা সকলো বস্তুৱে তেওঁক গ্ৰেণ্ড কৰি তোলে।পৃথিৱীত যি আছে, সেই সকলোবোৰ মহাভাৰতত পাব।’

অৱশ্যে তেওঁ লগতে কয় যে, ‘মই মোৰ মৃত্যুৰ আগলৈকে কাম কৰিব বিচাৰো।কিন্তু এটা কথাই মই ভাবিব পাৰো যে মহাভাৰত নিৰ্মাণ কৰাৰ পিছত হয়তো মই আন কোনো ছবি হয়টো নিৰ্মাণ কৰিব নোৱাৰিম।’

লগতে পঢ়ক: ৰাছিয়াৰ বিমানঘাটিত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ; ৪০খন বোমাৰু বিমান ধ্বংস কৰাৰ দাবী

বলীউডত প্ৰৱেশ অনন্যা পাণ্ডেৰ ভাতৃ আহানৰ; মুকলি হ’ল টিজাৰ

বলীউডত প্ৰৱেশ আহান পাণ্ডে

প্ৰথমবাৰৰ বাবে যশ ৰাজ ফিল্মছ আৰু পৰিচালক মোহিত ছুৰীয়ে দৰ্শকৰ সন্মুখত উপস্থাপন কৰিবলৈ ওলাইছে এখন ৰোমান্টিক ছবি। এই ছবিখনৰ নাম ‘সৈয়াৰা’। আজি ইয়াৰ টিজাৰো মুক্তি পালে।

এই ছবিখনৰ জৰিয়তে চাংকি পাণ্ডেৰ ভতিজা আহান পাণ্ডেয়ে নায়ক হিচাপে বলীউডত প্ৰৱেশ কৰিছে। তেওঁৰ সৈতে ছবিখনত থাকিব অনীত পদ্দা।

ছবিখনৰ টিজাৰত আহান আৰু অনীতৰ মাজত চলি থকা ৰোমাঞ্চত ‘সৈয়াৰা’ৰ অৰ্থ বুজাই দিয়া হৈছে। য’ত কোৱা হৈছিল- ‘সৈয়ৰা মানে তৰাৰ মাজত এক অকলশৰীয়া তৰা… যিয়ে নিজাববীয়াকৈ খোজ কাঢ়ি সমগ্ৰ পৃথিৱীখনক আলোকিত কৰে।’

সৈয়াৰাত মুখ্য চৰিত্ৰত অভিনয় কৰিব আহন পাণ্ডে আৰু অনীত পদ্দাই। মোহিত ছুৰীৰ এই ৰোমান্টিক নাটকৰ জৰিয়তে আহানে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে।

আহান হৈছে চাংকি পাণ্ডেৰ ভাতৃ চিকি পাণ্ডেৰ পুত্ৰ। একে সময়তে ‘বিগ গাৰ্লছ ডনট ক্ৰাই’ নামৰ ৱেব ছিৰিজত অভিনয় কৰিছে অনীতে।

ইয়াৰ উপৰিও ২০২২ চনত মুক্তি পোৱা ছালাম ভেংকি ছবিতো অভিনয় কৰিছে। এতিয়া যশ ৰাজৰ বেনাৰত ‘সৈয়ৰা’ ছবিত নায়ক হিচাপে অভিষেক ঘটোৱাৰ সুযোগ পাইছে।

মোহিত সূৰীৰ এই ৰোমান্টিক ছবিখন বহুদিনৰ পৰাই চৰ্চা চলি আছিল। এতিয়া ছবি নিৰ্মাতাসকলে টিজাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। এই ছবিখন ২০২৫ চনৰ ১৮ জুলাইত চিনেমাগৃহত মুক্তি পাব।

লগতে পঢ়ক: ‘দুটা শ্বিফ্টত নহ’ব পৰীক্ষা’; NEET PG 2025 পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ আদেশ

চেঞ্চৰ ব’ৰ্ডে ধড়ক ২ ক দিলে মোক্ষম আঘাত; কাটি পেলোৱা হ’ল কেইবাটাও বিতৰ্কিত দৃশ্য

ধড়ক ২

ধৰ্মা প্ৰডাকচনৰ এখন ছবিয়ে নিজৰ দেশতে এতিয়া অসুবিধাৰ সন্মুখিন হৈছে। শ্বাজিয়া ইকবালৰ পৰিচালনাত নিৰ্মিত ধড়ক ২ ছবিখনৰ ১৬টা দৃশ্য কাটি পেলোৱাৰ অন্তত অৱশেষত চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ (চিবিএফচি)ৰ পৰা ইউ/এ চাৰ্টিফিকেট লাভ কৰিছে।

কিন্তু প্ৰমাণ পত্ৰ লাভ কৰাৰ পূৰ্বে চেঞ্চৰ ব’ৰ্ডে ধড়ক-২ ছবিখনত বহু পৰিৱৰ্তন সাধন কৰিছে।য’ত বহুতো ৰাজনৈতিক সংলাপ আৰু কিছুমান জাতিবাদী শব্দ কাটি পেলোৱা হৈছে।

মেকাৰসকলকো ১৬ টাকৈ দৃশ্য সলনি কৰিবলৈ কোৱা হৈছে।ভাৰতৰ শিল্পীৰ ওপৰত হোৱা অত্যাচাৰৰ কথা উল্লেখ কৰা কিছুমান সংলাপো সলনি কৰা হৈছে।

কোৱা হৈছে যে চিবিএফচিয়ে মুনশী প্ৰেমচান্দৰ ‘ঠাকুৰ কা কুৱাণ’ কবিতা আবৃত্তিৰ ক্ষেত্ৰতো চেঞ্চৰ কৰিবলৈ কৈছে। এটা গীতত চেন্ট তুলচিদাছৰ কপলেট এটাও সলনি কৰা হৈছে।

শ্বাজিয়া ইকবালৰ পৰিচালক আৰু কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ প্ৰযোজনাত নিৰ্মিত ধড়ক ২ প্ৰথমে ২০২৪ চনৰ ২২ নৱেম্বৰত মুক্তি পোৱাৰ কথা আছিল।২০২৪ চনৰ মে’ মাহত নিৰ্মাতাই এই কথা ঘোষণা কৰিছিল।

কিন্তু কোনো কাৰণ নিদিয়াকৈ নিৰ্মাতাসকলে ছবিখন পিছুৱাই দিছিল।ইয়াৰ পিছত ছবিখন ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱাৰ কথা আছিল যদিও সেয়া নহ’ল।

২০১৮ চনত মুক্তি পোৱা ধড়ক ছবিখনৰ ছিকুৱেল হৈছে ধড়ক ২।জাহ্নৱী কাপুৰ আৰু ঈশান খট্টৰে ধড়ক ছবিৰে বলীউডত অভিষেক ।

এইবাৰ অনুৰাগীয়ে ছবিখনত সিদ্ধান্ত চতুৰ্বেদী আৰু তৃপ্তী ডিমৰীৰ যুটি দেখিবলৈ পাব ।য’ত অনুৰাগীসকলক পৰিচয় কৰাই দিয়া হ’ব নীলেশ আৰু বিদিশাৰ প্ৰেম কাহিনীৰ কাহিনীৰ সৈতে।

চিনেমাখনত জাতিগত কোণ দেখুওৱা হৈছে।নীলেশ আৰু বিদিশাৰ প্ৰেম কাহিনী তেওঁলোকৰ ভিন্ন জাতিৰ বাবে সম্পূর্ণ হ’ব নে নহয়, সেয়া ছবিখনত দেখা যাব৷ছবিখন পৰিচালনা কৰিছে ছাজিয়া ইকবালে।১১ জুলাইত মুক্তি পাব পাৰে ছবিখনে।

লগতে পঢ়ক:‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?

বলীউডত পুনৰ কৰোনা; এইবাৰ মহামাৰী ক’ভিডত আক্ৰান্ত অভিনেত্ৰী নিকিতা দত্ত

মহামাৰী

কবীৰ সিং আৰু জুৱেল থিফ ছবিত অভিনয় কৰি বিখ্যাত হোৱা অভিনেত্ৰী নিকিতা দত্ত মহামাৰী Covid-19 ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰি কয় যে কেৱল তেওঁ নহয়, তেওঁৰ মাতৃও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা আপডেট শ্বেয়াৰ কৰি নিকিতাই লিখিছে, ‘ক’ভিডে মোৰ মা আৰু মোক হেল্ল’ ক’বলৈ আহিছে। আশাকৰোঁ এই অনিমন্ত্ৰিত অতিথিজন বেছি দিন নাথাকিব। এই সৰু কোৱাৰেণ্টাইনৰ পিছত লগ পাম। সকলোৱে নিৰাপদে থাকক।’

বৰ্তমান ঘৰতে কোৱাৰেণ্টাইনত থকা নিকিতাৰ মহামাৰী Covid সংক্ৰমণৰ মৃদু লক্ষণ, কিন্তু তেওঁৰ নমুনা পৰীক্ষা পজিটিভ ওলাইছে, সেয়েহে সুস্থ নোহোৱালৈকে তেওঁৰ সকলো প্ৰজেক্ট স্থগিত ৰাখিছে।

ইয়াৰ পূৰ্বে অভিনেত্ৰী শিল্পা শিৰোডকাৰো ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। বিগ বছ ১৮ৰ প্ৰতিযোগীগৰাকীয়ে তেওঁৰ ইনষ্টা একাউণ্টত শ্বেয়াৰ কৰিছিল, ‘হেল্ল’ ফ্ৰেণ্ডছ! মোৰ Covid test পজিটিভ আহিছে। নিৰাপদে থাকক আৰু মাস্ক পিন্ধক।’

অৱশ্যে বৃহস্পতিবাৰে শিৰোডকাৰে তেওঁৰ অনুৰাগীসকলক ইতিবাচক আপডেট দি কয় যে, তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি সাগৰৰ সুন্দৰ দৃশ্যৰ সৈতে তেওঁৰ ইনষ্টাত পোষ্ট কৰিছিল, ‘অৱশেষত মই ভালেই আছো, ভাল লাগিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ।’

শেহতীয়া চালে দেখা যায় যে আকৌ এবাৰ Corona ভাইৰাছ ঘূৰি আহিছে। শেহতীয়াকৈ ভাৰতত এদিনতে ২০০ৰো অধিক ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।

লগতে পঢ়ক: ‘সপোন পূৰণ হ’ল এতিয়া জিৰণিৰ সময়’; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ হেলী জেনচেন

পৰেশ ৰাৱালৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু অক্ষয় কুমাৰৰ; প্ৰেৰণ কৰিছে আইনী জাননী

কমেডী ছবি ‘হেৰা ফেৰী’ৰ তৃতীয় খণ্ড নিৰ্মাণৰ খবৰ যেতিয়াৰ পৰা আহিছে, দৰ্শক সকল আনন্দিত হৈ পৰিছে। কিন্তু এই সুখত পৰেশ ৰাৱালে দৰ্শকক এটা ডাঙৰ আঘাত দিলে। হঠাতে ছবিখন এৰাৰ সিদ্ধান্ত লয় পৰেশ ৰাৱালে।

এনে পৰিস্থিতিত ছবিখনৰ দলৰ লগতে ইয়াৰ অনুৰাগীসকলো দুখী আৰু বিচলিত হৈ পৰে।খবৰ অনুসৰি ছবিখন এৰি যোৱাৰ বাবে পৰেশৰ বিৰুদ্ধে অক্ষয় কুমাৰে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰিছে।তাৰ পিছতে পৰিচালক প্ৰিয়াদৰ্শনে এই বিষয়ে মন্তব্য কৰিছে।  

‘হেৰা ফেৰী ৩’ৰ প্ৰযোজক অক্ষয় কুমাৰে পৰেশ ৰাৱাললৈ আইনী জাননী প্ৰেৰণ কৰিছে।হঠাতে ছবিখন এৰি প্ৰজেক্টটো নষ্ট কৰি পেলোৱাৰ বাবে পৰেশৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰিছে অক্ষয়ে।

এই সন্দৰ্ভত পৰিচালক প্ৰিয়দৰ্শনে কয় যে ‘অক্ষয়ৰ এই পদক্ষেপ সঠিক।তেওঁ লগতে কয় যে অক্ষয় কুমাৰৰ এই পদক্ষেপ লোৱাৰ অধিকাৰ আছে, কাৰণ তেওঁলোকৰ কষ্টোপাৰ্জিত ধন প্ৰকল্পটোত বিনিয়োগ কৰা হয়।কেৱল এয়াই নহয় অক্ষয়ে ছবিখনৰ অধিকাৰো প্ৰযোজক ফিৰোজ নাদিয়াদৱালাৰ পৰা ক্ৰয় কৰিছিল’।

প্ৰিয়দৰ্শনে কয় যে, ‘মই নাজানো যে এনেকুৱা কিয় হ’ল, কাৰণ পৰেশে আমাক কোনো খবৰ দিয়া নাছিল। ছবিখন আৰম্ভ কৰাৰ আগতে অক্ষয়ে মোক সুনীল আৰু পৰেশ দুয়োৰে লগত কথা পাতিবলৈ ক’লে’।

“মই দুয়োৰে লগত কথা পাতিছিলোঁ আৰু দুয়োজনেই ইয়াৰ বাবে সাজু আছিল।এই ক্ষেত্ৰত মোৰ একো হেৰুৱাবলগীয়া নাই, কিন্তু অক্ষয়ে ধন বিনিয়োগ কৰিছে আৰু এই কাৰণেই হ’ব পাৰে যে তেওঁ এনে ব্যৱস্থা গ্ৰহণ কৰিছে।পৰেশ ৰাৱালে মোৰ লগত এতিয়ালৈকে কথা পতা নাই’।