ক’ভিডত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ… ছচিয়েল মিডিয়াত সুৰক্ষিত থাকিবলৈ জনালে আহ্বান

শেহতীয়াকৈ বিগ বছ ১৮ত দেখা পোৱা অভিনেত্ৰী শিল্পা শিৰোদকাৰ ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে । সোমবাৰে ৫১ বছৰীয়া শিল্পাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই খবৰটো শ্বেয়াৰ কৰি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লিখিছে, “বন্ধুসকল! মোৰ Covid test পজিটিভ ওলাইছে । নিৰাপদে থাকক আৰু মাস্ক পিন্ধক !” এই খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণাক্ষী সিনহাই মন্তব্য কৰে, “অ’ মাই গড!!! নিজৰ যত্ন লোৱা শিল্পা… সোনকালে সুস্থ হৈ উঠা ।”

মাত্ৰ কেইমাহমান পূৰ্বে শিল্পাই নিজৰ শাৰীৰিক ৰূপান্তৰৰ বাবে শিৰোনাম দখল কৰিছিল । অভিনেত্ৰীগৰাকীয়ে ২০২৪ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈকে তিনিমাহৰ ভিতৰত তেওঁৰ আকৰ্ষণীয় পৰিৱৰ্তন দেখুওৱা আগৰ আৰু পিছৰ ছবিসমূহ শ্বেয়াৰ কৰিছিল । অনুৰাগীসকলে তেওঁক প্ৰশংসা কৰি তেওঁৰ ফিটনেছ যাত্ৰাক “প্ৰেৰণাদায়ক” আৰু “নিজকে পুনৰ উদ্ভাৱন কৰিবলৈ কেতিয়াও দেৰি নহয় বুলি প্ৰমাণ” বুলি অভিহিত কৰে ।

বিগ বছ ১৮ত শিল্পাৰ যাত্ৰাৰ অন্ত পৰে গ্ৰেণ্ড ফিনালেৰ ঠিক আগতে । তেওঁৰ প্ৰস্থানে বহু অনুৰাগী আৰু সহযোগী প্ৰতিযোগীক আৱেগিক কৰি তুলিছিল । ছিজনৰ শীৰ্ষ ছয়গৰাকী ফাইনেলিষ্টৰ ভিতৰত আছিল কৰণ বীৰ মেহৰা, ভিভিয়ান ড্চেনা, চুম দৰং, এশা সিং, অবিনাশ মিশ্ৰ আৰু ৰজত দলাল । শিল্পা শিৰোদকাৰে নব্বৈৰ দশকত হম, খুদা গৱাহ, আখেন, বেৱাফা ছনামৰ দৰে জনপ্ৰিয় ছবিৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

সুৰীয়া কণ্ঠত চিকিৎসালয়ৰ বিচনাতে গালে গান… ক্ৰমে সুস্থ হৈ উঠিছে পৱনদীপ ৰাজন

টিভিৰ বিখ্যাত ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদীপ ৰাজনৰ এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে । ৫ মে’ৰ গভীৰ নিশা এক বৃহৎ দুৰ্ঘটনাৰ বলি হোৱাৰ পিছত এতিয়া সুস্থিৰ হৈছে পৱনদীপ । এনে পৰিস্থিতিত তেওঁ এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অনুৰাগীক নিজৰ অৱস্থাৰ কথা জনাইছে । এই ভিডিঅ’টোত পৱনদীপক পুনৰবাৰ তেওঁৰ সুৰীয়া কণ্ঠত গান গোৱা দেখা গৈছে ।

উন্নত হৈছে স্বাস্থ্য-

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত পৱনদীপ ৰাজনক হাস্পতালৰ কাপোৰ পিন্ধি বিচনাত বহি থকা দেখা গৈছে । তেওঁৰ লগত এগৰাকী পুৰুষ নাৰ্ছ থিয় হৈ আছে । পৱনদীপৰ হাতত এটা মুভমেণ্ট মেচিন আছে আৰু তেওঁক চাদৰেৰে ঢাকি থোৱা আছে । এই ভিডিঅ’টোত পৰ্দালৈ চাই পৱনদ্বীপে গাইছে প্ৰয়াত নাইটিংগেল লতা মংগেশকাৰৰ বিখ্যাত গীত ‘মেৰা ছায়া সাথ হোগা’ । কণ্ঠশিল্পীগৰাকীয়ে আকৌ এবাৰ গান গোৱা দেখি অনুৰাগীৰ মাজত বিয়পি পৰিছে সুখৰ জোৱাৰ ।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত পৱনদীপ ৰাজনে কেপচনত হাৰ্ট ইমোজি শ্বেয়াৰ কৰে । তেওঁৰ অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি কমেন্ট কৰে । এজন অনুৰাগীয়ে মন্তব্য কৰিছে, ‘চিকিৎসালয়ৰ কৰ্মচাৰীসকল ভাগ্যৱান । তেওঁলোকে আপোনাৰ সংগীত শুনিবলৈ সুযোগ পালে ।‘ আন এজনে লিখিছে, ‘ৰকষ্টাৰ, তুমি মোক কান্দিবলৈ বাধ্য কৰালা… আৰু লিখিবলৈ মোৰ কোনো ভাষা নাই ।’

‘বিক্ৰম মিশ্ৰী সন্মানৰ যোগ্য, গালি-গালাজৰ নহয়…’ বলীউড অভিনেতাই কৰিলে সমৰ্থন

‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে । ১০ মে’ত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে । এই ঘোষণাৰ পিছৰে পৰা বিক্ৰম মিশ্ৰীক ধাৰাবাহিকভাৱে ট্ৰ’ল কৰা হৈছে । এনে পৰিস্থিতিত এতিয়া তেওঁৰ সমৰ্থনত ওলাই আহিল বলীউডৰ অভিনেতা বিবেক অবেৰয় আৰু অনুপম খেৰ । তেওঁলোকে কয় যে বিক্ৰম মিশ্ৰী গালি-গালাজ নহয়, সন্মানৰ যোগ্য ।

অপাৰেচন সিন্দুৰৰ পিছতে ট্ৰ’ল হৈছিল বিক্ৰম মিশ্ৰী-

বিক্ৰম মিশ্ৰীয়ে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছৰে পৰা ইউজাৰে তেওঁক ছ’চিয়েল মিডিয়াত টাৰ্গেট কৰি আহিছে । কেৱল বৈদেশিক সচিবক লৈয়েই নহয়, তেওঁৰ পৰিয়ালৰ ওপৰতো আপত্তিজনক মন্তব্য কৰিছে বহু লোকে । ইয়াৰ পিছতে বৈদেশিক সচিবে নিজৰ এক্স একাউণ্ট ব্যক্তিগত কৰিছে । এতিয়া বলীউডৰ বহু অভিনেতাই তেওঁলোকৰ এক্স একাউণ্টত মিশ্ৰীৰ সমৰ্থনত টুইট কৰিছে ।

ট্ৰ’লাৰক তীব্ৰ সমালোচনা বিবেকৰ-

এটা পোষ্টটোত বিবেক অবেৰয়য়ে ট্ৰ’লসকলক তীব্ৰ সমালোচনা কৰে । অভিনেতাগৰাকীয়ে কয়, ‘ছ’চিয়েল মিডিয়াত ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লোৱাটো সম্পূৰ্ণ নিন্দনীয় । বিশেষকৈ অপাৰেচন সিন্দুৰৰ সময়ত তেওঁৰ বিশিষ্ট সেৱা স্বীকৃতিৰ যোগ্য, এই ঘৃণনীয় দুৰ্ব্যৱহাৰ নহয় । আমি তেওঁৰ লগত থিয় দিছো । অনুগ্ৰহ কৰি এই নিৰ্যাতনমূলক আচৰণত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ।’

বৈদেশিক সচিবক সমৰ্থন কৰিলে অনুপম খেৰেও-

বিবেকৰ পিছত অনুপম খেৰেও বিক্ৰম মিশ্ৰীৰ সমৰ্থনত কয়- প্ৰিয় বিক্ৰম মিশ্ৰী, আপোনাক টিভিৰ পৰ্দাত বা ছ’চিয়েল মিডিয়াত দেখাটো আমাৰ ভাৰতীয়ৰ বাবে গৌৰৱ আৰু সকাহৰ কথা । আপোনাৰ ব্রিফিং আছিল অতি শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰা ৷ জয় হিন্দ ।’

উল্লেখ্য যে পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল । য’ত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল । ইয়াৰ পিছত আতংকিত পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও ব্যৰ্থ আক্ৰমণ চলায় । তাৰ পিছত ১০ মে’ত যুদ্ধবিৰতি ঘোষণা কৰা হয় ।

বাণী কাপুৰে ললে ডাঙৰ সিদ্ধান্ত; ডিলিট কৰিলে ফাৱাদ খানৰ সৈতে আবিৰ গুলাল ছবিখনৰ সকলো পোষ্ট

বলীউড অভিনেত্ৰী বাণী কাপুৰৰ ছবি ‘আবিৰ গুলাল’ৰ সৈতে জড়িত এটা ডাঙৰ খবৰ আহিছে।পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত নিষেধাজ্ঞা কৰা হ’ল ফাৱাদ খান-বাণী কাপুৰ অভিনীত ছবি আবিৰ গুলাল।ভাৰত চৰকাৰে ইয়াৰ লগতে সকলো পাকিস্তানী শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰিছে।

তাৰ মাজতে, বলীউডৰ অভিনেত্ৰী বাণী কাপুৰৰ ছ’চিয়েল মিডিয়া একাউণ্টত ফাৱাদৰ সৈতে থকা ছবিখনৰ সকলো পোষ্ট নোহোৱা হৈছে।

ফাৱাদৰ লগতে ছবি আবিৰ গুলালৰ সৈতে জড়িত সকলো পোষ্ট তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰাও নোহোৱা হৈ গৈছে।

তেওঁৰ আগন্তুক ছবি আবিৰ গুলালৰ সৈতে জড়িত বাণীৰ পোষ্টটো হঠাতে নোহোৱা হোৱা দেখি মানুহে অনুমান কৰিছে যে, হয়তো বাণীয়ে নিজেই এই প্ৰজেক্টৰ পৰা নিজকে আঁতৰাই ৰাখিছে।কিন্তু কথা অন্য ধৰণৰ, বাণীয়ে নিজে ডিলিট কৰা নাই এই পোষ্টবোৰ।

দৰাচলতে ভাৰত চৰকাৰে ফাৱাদ খানৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰাৰ পিছত তেওঁৰ লগত জড়িত সকলো পোষ্ট বাণীৰ প্ৰফাইলৰ পৰা স্বয়ংক্ৰিয়ভাৱে নোহোৱা হৈ গৈছে।

কনচাৰ্টৰ মাজতে অনুৰাগীৰ দাবীত খং উঠিল চনু নিগমৰ; পেহেলগাম ঘটনাক লৈ বিতৰ্কিত মন্তব্য

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে।  বেংগালুৰুৰ ইষ্ট পইণ্ট কলেজত লাইভ কনচাৰ্টৰ সময়ত কণ্ঠশিল্পী গৰাকীয়ে এনেকুৱা এটা মন্তব্য যিটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

মঞ্চত কণ্ঠদান কৰাৰ সময়ত এজন ল’ৰাই কানাড়া গান এটা গাবলৈ দাবী জনাইছিল, যাৰ বাবেই চনু নিগমৰ অতিশয় খং উঠিছিল।

ইয়াৰ পিছত তেওঁ এই ঘটনাক পেহেলগাম আক্ৰমণৰ সৈতে সংযোগ কৰিলে।এনে পৰিস্থিতিত এতিয়া বেংগালুৰু সমৰ্থক কানাড়া, কৰ্ণাটক সুৰক্ষা বেদিকে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আইনী ব্যৱস্থা লোৱাৰ দাবীত সংগঠনটোৱে কয় যে চনু নিগমৰ এই বক্তব্য কেৱল উচটনিমূলক নহয়, জনগোষ্ঠীসমূহৰ মাজতো বিভাজনকাৰী।এই সন্দৰ্ভত সংগঠনটোৰ মুৰব্বী ধৰ্মৰাজে অৱলাহল্লী থানাত লিখিত অভিযোগ দিছে।

ইষ্ট পইণ্ট কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, বেংগালুৰুৰ ২৫ আৰু ২৬ এপ্ৰিলত দিয়া বিতৰ্কিত বক্তব্যৰ বাবেই তেওঁ চনু নিগমৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে বুলি লিখিছে ধৰ্মৰাজে।

অভিযোগত লিখা আছে যে ‘চনু নিগমৰ এই বক্তব্যই কানাড়া সমাজৰ আৱেগক আঘাত কৰিছে।কৰ্ণাটকৰ বিভিন্ন ভাষিক সম্প্ৰদায়ৰ মাজত ঘৃণাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত হিংসাৰ সূচনা হ’ব পাৰে।

দৰাচলতে কৰ্ণাটকত কনচাৰ্টৰ সময়ত এজন অনুৰাগীয়ে চিঞৰি চিঞৰি কানাড়া গীত গোৱাৰ বাবে চনু নিগমক অনুৰোধ জনায়।অনুৰাগীৰ এই আচৰণত গায়কজন অতিশয় বিচলিত হৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় যে তেওঁ সেই অনুৰাগী গৰাকীৰ বয়সতকৈ বেছি দিন কানাড়া গীত গাই আহিছে।ইয়াৰ পিছত তেওঁ খঙেৰে ক’লে যে ‘মোৰ ভাল নালাগিল যে তাত এজন ল’ৰা যাৰ ইমান বয়সেই হোৱা নাই, যিমান বছৰ ধৰি মই কানাড়া গীত গাই আহিছো।

‘মোক ভাবুকি দি কয় – কানাড়া কানাড়া।পেহেলগামত যি হ’ল, এই কাৰণেই আপুনি যি কৰি আছে, যি কৰিলে এতিয়া।চাওক মোৰ সন্মুখত কোন থিয় হৈ আছে, মই কানাড়া মানুহক ভাল পাওঁ’। ইয়াৰ পিছত তেওঁৰ বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ বলীউডত ক্ষোভ আৰু দুখৰ জোৱাৰ…

জম্মু-কাশ্মীৰৰ পহলগামৰ ভয়াবহ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে । মঙলবাৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে । এই আক্ৰমণৰ বিৰুদ্ধে দুখ আৰু ক্ষোভত ফাটি পৰিছে বলীউডৰ চেলিব্ৰিটিসকলো । সঞ্জয় দত্ত, অক্ষয় কুমাৰ, অনুপম খেৰ আৰু বিকি কৌশলে পোষ্ট কৰি নিজৰ অনুভৱ ব্যক্ত কৰিছে । তেওঁলোকে এই ভয়াবহ ঘটনাক লৈ শংকা প্ৰকাশ কৰিছে ।

অক্ষয়ে কৰিলে প্ৰাৰ্থনা –

অক্ষয় কুমাৰে লিখিছে যে পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ শুনি তেওঁ স্তম্ভিত হৈ পৰিছে । এনেদৰে নিৰীহ মানুহক হত্যা কৰাটো বৰ্বৰতা । ভুক্তভোগীৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছে বুলি কয় অভিনেতাজনে ।

সঞ্জয় দত্তৰ আবেদন-

ক্ষোভ প্ৰকাশ কৰি সঞ্জয় দত্তই লিখিছে – তেওঁলোকে আমাৰ মানুহক নিৰ্মমভাৱে হত্যা কৰিলে । এই কথা ক্ষমা কৰিব নোৱাৰি । এই সন্ত্ৰাসবাদীসকলে জনাটো প্ৰয়োজন যে আমি মনে মনে নাথাকো । ইয়াৰ উপযুক্ত উত্তৰ আমি দিব লাগিব । আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংজীক তেওঁৰ কৰ্মৰ বাবে উপযুক্ত শাস্তি দিবলৈ অনুৰোধ জনালোঁ ।

অনুপম খেৰৰ শোক প্ৰকাশ-

অনুপম খেৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । তেওঁ আৱেগিক হৈ ক’লে – ভুল, ভুল, ভুল! পহলগাম হত্যাকাণ্ড! শব্দ আজি নপুংসক! ইয়াৰ সমান্তৰালকৈ তেওঁ ভিডিঅ’টোত কৈছে- আজি পহলগামত হিন্দুৰ লগত সংঘটিত হোৱা গণহত্যা, য’ত ২৭ জন হিন্দুক নিৰ্বাচিতভাৱে হত্যা কৰা হ’ল, সেই হত্যাকাণ্ডই নিশ্চয় হৃদয়ত দুখ কঢ়িয়াই আনিছে, কিন্তু খং আৰু ক্ষোভৰ কোনো সীমা নাই ।

অজয় দেৱগনৰ প্ৰতিক্ৰিয়া-

অজয় দেৱগনেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰি লিখিছে- পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই মই অতি দুখী আৰু স্তম্ভিত হৈছো । ইয়াৰ বলি হোৱা লোকসকল আৰু তেওঁলোকৰ পৰিয়াল, তেওঁলোক সকলো নিৰীহ আছিল । যি হ’ল সেয়া হৃদয়বিদাৰক আৰু সম্পূৰ্ণ অমানৱীয় । মোৰ সমবেদনা আৰু প্ৰাৰ্থনা তেখেতসকলৰ লগত আছে ।

অমানৱীয় কাণ্ড বুলি অভিহিত কৰে বিকি কৌশলে-

অভিনেতা বিকি কৌশলে নিজৰ ইনষ্টাগ্ৰামত এটা ষ্টৰী শ্বেয়াৰ কৰি লিখিছে, ‘পহলগামত সন্ত্রাসবাদীৰ অমানৱীয় কার্যৰ ফলত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালৰ বেদনা মই কল্পনা কৰিব নোৱাৰো ৷ মোৰ গভীৰ সমবেদনা তেওঁলোকৰ প্ৰতি । লগতে এই জঘন্য অপৰাধৰ দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলি আশা কৰা হৈছে ।

‘মৰ্যদা পাহৰিলোঁ…’ সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে অনুৰাগ কাশ্যপে

চলচ্চিত্ৰ নিৰ্মাতা-অভিনেতা অনুৰাগ কাশ্যপ বৰ্তমান বিশেষ বিতৰ্কৰ বাবে চৰ্চাত আছে । শেহতীয়াকৈ তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিষয়ে কিছু মন্তব্য কৰিছিল, তাৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পিছতে এতিয়া অনুৰাগ কাশ্যপে ক্ষমা বিচাৰিছে । ছচিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট লিখি ক্ষমা বিচাৰিছে চলচ্চিত্ৰ পৰিচালকজনে ।

ক্ষমা বিচাৰিলে অনুৰাগ কাশ্যপে-

অনুৰাগ কাশ্যপে লিখিছে, ‘খঙেৰে কাৰোবাক উত্তৰ দিওঁতে মোৰ মৰ্যদা পাহৰিলোঁ আৰু সমগ্ৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিষয়ে বেয়াকৈ ক’লো । সেই সমাজখন, যাৰ বহু লোক মোৰ জীৱনত আছিল, এতিয়াও আছে আৰু বহুত অৰিহণা যোগাইছে । আজি তেওঁলোক সকলোৱে মোৰ বাবে আঘাত পাইছে । মই সন্মান কৰা বহু বুদ্ধিজীৱীয়ে সেই খঙত কথা কোৱাৰ ধৰণত আঘাত পায় । এনে এটা কথা কৈ মই নিজেই বিষয়টোৰ পৰা বিচ্যুত হ’লোঁ ৷’

অনুৰাগে আৰু লিখিছে, ‘মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছো । এই সমাজখনক মই এই কথা ক’ব বিচৰা নাছিলো, কিন্তু খঙত কাৰোবাৰ বেয়া মন্তব্যৰ প্ৰতি সঁহাৰি জনাই লিখিছিলোঁ । মই ক্ষমা বিচাৰিছোঁ । মোৰ কথা কোৱাৰ ধৰণ আৰু গালি-গালাজৰ বাবে মোৰ সকলো সতীৰ্থ বন্ধুৰ পৰা, মোৰ পৰিয়ালৰ পৰা আৰু সেই সম্প্ৰদায়ৰ পৰা মই ক্ষমা বিচাৰিছো । এতিয়া মই ইয়াৰ ওপৰত কাম কৰিম যাতে পুনৰ এনেকুৱা নহয় । মোৰ খঙৰ ওপৰত কাম কৰিম আৰু যদি বিষয়টোৰ ওপৰত কথা পাতিব লাগে তেন্তে সঠিক শব্দ ব্যৱহাৰ কৰিম । আশাকৰোঁ আপোনালোকে মোক ক্ষমা কৰিব ।’

উল্লেখ্য যে, শেহতীয়াকৈ ফুলে নামৰ এখন হিন্দী ছবি মুক্তি পাবলগীয়া আছিল । কিন্তু এই ছবিখনে জাতিবাদৰ প্ৰচাৰ কৰা বাবে মুক্তি পাব নোৱাৰিলে । ইয়াৰ পিছত অনুৰাগ কাশ্যপে চেন্সৰ ব’ৰ্ড আৰু ব্ৰাহ্মণ সমাজক লৈ ছ’চিয়েল মিডিয়াত বহু আপত্তিজনক মন্তব্য কৰে । ইয়াৰ পিছত অনুৰাগে বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ।

‘ব্ৰাহ্মণ সকলে, নাৰীক ৰেহাই দিয়ক,এইখিনি সংস্কাৰটো শাস্ত্ৰতো আছে…’;  বিতৰ্কিত মন্তব্য দি বিপদত অনুৰাগ কাশ্যপ, বিচাৰিলে ক্ষমা

আকৌ এবাৰ বিতৰ্কিত মন্তব্য দি ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগ কাশ্যপে। ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰি বিতৰ্কিত মন্তব্য দিছিল পৰিচালক গৰাকীয়ে।

অভিনেতা প্ৰতীক গান্ধী আৰু পত্ৰলেখাৰ ছবি ‘ফুলে’ বহুদিনৰ পৰা বিতৰ্কৰ মাজত আবদ্ধ হৈ আছে।সমাজ সংস্কাৰক দম্পতী জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হ’ল।

ছবিখনে জাতিবাদ বিয়পোৱাৰো অভিযোগ উত্থাপন কৰিছিল।ছবিখনৰ মুক্তিৰ নিষেধাজ্ঞা সন্দৰ্ভত অনুৰাগ কাশ্যপে চেন্সৰ ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন ওৰফে চিবিএফচিৰ বিষয়ে এটা পোষ্ট লিখিছিল।

অনুৰাগ কাশ্যপে ছবিখনৰ বিতৰ্কৰ সৈতে জড়িত এটা খবৰ তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছিল যে, ‘মোৰ জীৱনৰ প্ৰথম নাটকখন আছিল জ্যোতিবা আৰু সাবিত্ৰীবাই ফুলেৰ ওপৰত’।

‘ভাই, যদি এই দেশত জাতিবাদ নাথাকিলে হয়, তেনেহলে তেওঁৰ যুঁজ দিয়াৰ কি প্ৰয়োজন আছিল? এতিয়া এই ব্ৰাহ্মণ ৰাইজৰ লাজ লাগিছে নে তেওঁলোক মৰি গৈছে বা আন বেলেগ ব্ৰাহ্মণ ভাৰতত বাস কৰি আছে যিটো আমি দেখা পোৱা নাই, কোনোবাই অনুগ্ৰহ কৰি বুজাই দিব কোন মূৰ্খ’।

এই বিতৰ্কিত মন্তব্যৰ পিছতে অনুৰাগ কাশ্যপে ক্ষমা বিচাৰি পুনৰ এটা পোষ্ট দিছে। ইনষ্টাগ্ৰামত এটা পোষ্ট দি পৰিচালকগৰাকীয়ে লিখিছে যে, ‘ আপোনালোকে মোক যি ক’ব লগা আছে কওক, কিন্তু মোৰ পৰিয়ালটোক ৰেহাই দিয়ক’।

তেওঁ লিখিছে যে, ‘মোক ক্ষমা কৰি দিয়ক। কিন্তু মই এই ক্ষমা মোৰ পোষ্টটোৰ কাৰণে বিচৰা নাই, বৰঞ্চ মই সেই এটা শাৰীটোৰ কাৰণে হে বিচাৰিছো, যিটো ভুল ধৰণেৰে লোৱা হৈছে আৰু ঘৃণা বিয়পি পৰিল’।

‘যিকোনো কৰ্ম বা বক্তৃতা আপোনাৰ কন্যা, পৰিয়াল, বন্ধু-বান্ধৱী আৰু চিনাকি মানুহতকৈ ডাঙৰ নহয়।মোৰ কন্যালৈ ধৰ্ষণৰ ভাবুকি আহিছে। হত্যাৰ ভাবুকিও দিয়া হৈছে’।

‘নিজকে সংস্কৃতিবান বুলি কোৱা সকলে এই সকলোবোৰ কৰি আছে।গতিকে যি কোৱা হৈছে সেইখিনি ঘূৰাই ল’ব নোৱাৰি আৰু মই উভতাই নলওঁ, কিন্তু যি গালি দিব লগা আছে মোক দিয়ক’।

‘মোৰ পৰিয়ালে একো কোৱা নাই আৰু কেতিয়াও নকয়ও। গতিকে যদি আপুনি মোৰ পৰা ক্ষমা বিচাৰিছে, তেন্তে এইটো মোৰ ক্ষমাপ্ৰাৰ্থনা’।

‘ব্ৰাহ্মণ মানুহ, নাৰীক ৰেহাই দিয়ক, ইমান সংস্কৃতি শাস্ত্ৰতো আছে। আপুনি কোন ধৰণৰ ব্ৰাহ্মণ সেইটো নিৰ্ণয় কৰক। বাকীবোৰৰ বাবে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছো’।

কেতিয়া মুক্তি পাব ‘হেৰা ফেৰী ৩’?  পৰেশ ৰাৱালে অনুৰাগীৰ বাবে দিলে ইংগিত

বলীউডৰ ক্লাছিক কমেডি ছবি ‘হেৰা ফেৰী’ ৰ তৃতীয় খণ্ড নিৰ্মাণৰ খবৰ যেতিয়া পৰা ওলাইছে, তেতিয়াৰ পৰাই অনুৰাগীৰ মাজত সুখৰ জোৱাৰ বিয়পি পৰিছে।

এই ছবিখনৰ তৃতীয় খণ্ডৰ বাবে অনুৰাগীসকলে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল।অনুৰাগীসকলে এই ছবিখনৰ প্ৰতিটো আপডেটত চকু ৰাখিছে।

৮ এপ্ৰিল মঙলবাৰে পৰেশ ৰাৱালে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত ‘হেৰা ফেৰী ৩’ৰ মুক্তিৰ তাৰিখৰ বিষয়ে এটা ইংগিত দিছিল।

পৰেশ ৰাৱালৰ কাল্ট ক্লাছিক ছবি ‘আন্দজ আপনা আপনা’ শীঘ্ৰে পুনৰ মুক্তি পাবলৈ গৈ আছে।পৰেশে এক্সত ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰে।

পৰেশৰ এই পোষ্টৰ উত্তৰত এজন অনুৰাগীয়ে তেওঁক কয়,’আমি বাবু ভাইয়াৰ বাবে অপেক্ষা কৰি আছো মিষ্টাৰ তেজা।’ এই কথাত পৰেশে উত্তৰ দিলে, ‘শীঘ্ৰেই! পৰৱৰ্তী বাৰিষাৰ আগতে!’

এক প্ৰকাৰে এই উত্তৰৰ জৰিয়তে পৰেশ ৰাৱালে সকলোকে ‘হেৰা ফেৰী ৩’ মুক্তিৰ বিষয়ে অৱগত কৰিছে।‘হেৰা ফেৰী ৩’ নিৰ্মাণ কৰিছে মূল ছবিখনৰ পৰিচালক প্ৰিয়দৰ্শনে।

২০০০ চনত প্ৰিয়দৰ্শনে নিজেই ছবিখনৰ প্ৰথম খণ্ড পৰিচালনা কৰিছিল।বহু ব্যৰ্থতা আৰু অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত এতিয়া পুনৰ নিৰ্মাণ কৰা হৈছে ‘হেৰা ফেৰী ৩’।