হে বেবী

এই শিশুটিক বাৰু মনত আছেনে ? ২১ বছৰীয়া হ’ল হে বেবী এঞ্জেল

২১ বছৰীয়া হ’ল হে বেবী এঞ্জেল ২০০৭ চনত অক্ষয় কুমাৰে সকলোৰে হৃদয় জয় কৰা এখন ছবি মুক্তি দিছিল। হেই বেবী শীৰ্ষক ছবিখনত অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ফৰদিন খান, আৰু বিদ্যা বালানে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত ইমানবোৰ তাৰকা থকাৰ পিছটো এটি শিশু আকৰ্ষণৰ কেন্দ্ৰ হৈ

২১ বছৰীয়া হ’ল হে বেবী এঞ্জেল

২০০৭ চনত অক্ষয় কুমাৰে সকলোৰে হৃদয় জয় কৰা এখন ছবি মুক্তি দিছিল। হেই বেবী শীৰ্ষক ছবিখনত অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ফৰদিন খান, আৰু বিদ্যা বালানে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

ছবিখনত ইমানবোৰ তাৰকা থকাৰ পিছটো এটি শিশু আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল।ছবিখনৰ পিছতে লাইমলাইটলৈ অহা সেই শিশুটি এতিয়া বাৰু কিমান ডাঙৰ হ’ল জানেনে?

সেই মৰমলগা শিশুটি এতিয়া ২১ বছৰত ভৰি দিলে। হেই বেবীৰ এঞ্জেলৰ চৰিত্ৰত অভিনয় কৰিছিল জুয়ানা সংঘৱীয়ে।২০০৪ চনৰ ২২ মাৰ্চত ৰাজস্থানত জন্মগ্ৰহণ কৰিছিল জুয়ানাই।

তেওঁ কেৰিয়াৰত মাত্ৰ এখনহে ছবিত অভিনয় কৰিছে। জুয়ানাই হে বেবীত শিশু শিল্পী হিচাপে কাম কৰিছিল।জুয়ানাৰ বয়স এতিয়া ২১ বছৰ।তেওঁ আগৰ তুলনাত এতিয়া আৰু ধুনীয়া হৈ পৰিছে।

হে বেবীৰ পিছৰে পৰা জুয়ানাক এতিয়ালৈকে কোনো ছবিত দেখা পোৱা নাই যদিও অনুৰাগীসকলে জুয়ানা ছবিলৈ পুনৰ ঘূৰি অহাৰ বাবে অপেক্ষা কৰি আছে।

লগতে পঢ়ক: ২৩ বছৰৰ পিছত কন্যা সন্তাৰ পিতৃ হ’ল অভিনেতা আৰবাজ খান…

শেহতীয়া প্ৰৱন্ধসমূহ