ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা; কাৰণ কি ?

ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা; কাৰণ কি ?

ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা অবৈধ বেটিং এপ গোচৰৰ সৈতে জড়িত চেলিব্ৰিটিসকলক ধাৰাবাহিকভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ দি আহিছে বলবৎকাৰী সঞ্চালকালয় তথা ইডিয়ে । অভিনেত্ৰী উৰ্বশী ৰৌতেলা পুনৰ এবাৰ ইডিৰ সন্মুখত হাজিৰ হৈছে । অবৈধ বেটিং এপ ৰ তদন্তৰ অংশ হিচাপে এতিয়া ইডিৰ মুখ্য

ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা

অবৈধ বেটিং এপ গোচৰৰ সৈতে জড়িত চেলিব্ৰিটিসকলক ধাৰাবাহিকভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ দি আহিছে বলবৎকাৰী সঞ্চালকালয় তথা ইডিয়ে । অভিনেত্ৰী উৰ্বশী ৰৌতেলা পুনৰ এবাৰ ইডিৰ সন্মুখত হাজিৰ হৈছে । অবৈধ বেটিং এপ ৰ তদন্তৰ অংশ হিচাপে এতিয়া ইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে উৰ্বশী ।

কেৰিবিয়ান দ্বীপ কুৰাকাওত পঞ্জীয়নভুক্ত এই প্লেটফৰ্মৰ ভাৰতীয় এম্বেছাদৰ উৰ্বশী । জানিব পৰা মতে পিএমএলএৰ বিধান অনুসৰি তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিছে । বিগত কেইসপ্তাহমানৰ পৰা ইডিয়ে যুৱৰাজ সিং, সুৰেশ ৰাইনা, ৰবীন উথাপ্পা আৰু শিখৰ ধাৱনৰ দৰে ক্ৰিকেটাৰৰ লগতে অভিনেতা ছনু ছুদ, মিমি চক্ৰৱৰ্তী (টিএমচিৰ প্ৰাক্তন সাংসদ) আৰু অংকুশ হাজৰা (বাংলা চিনেমা)ক জেৰা কৰি আহিছে । তদন্তৰ অংশ হিচাপে একাংশ ছছিয়েল মিডিয়া ইনফ্লুৱেন্সাৰকো জেৰা কৰা হৈছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতত ৰিয়েল মানি অনলাইন গেমিং নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰে । চৰকাৰী নিষেধাজ্ঞাৰ পূৰ্বে বজাৰ বিশ্লেষণ সংস্থা আৰু তদন্তকাৰী সংস্থাসমূহৰ অনুমান অনুসৰি এনে অনলাইন বেটিং এপৰ ​​প্ৰায় ২২ কোটি ভাৰতীয় ব্যৱহাৰকাৰী আছিল, ইয়াৰে আধা নিয়মীয়া ব্যৱহাৰকাৰী ।

লগতে পঢ়ক : ‘অভিষেক বচ্চনে ভাল খেলিলে…’; শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ