নিৰ্বাচনমুখী অসমে আজি লাভ কৰিব পাৰে ডাঙৰ উপহাৰ, মোদী কেবিনেটে দিব ৪০ হাজাৰ কোটি!
শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে বহু কেইটা সিদ্ধান্তই কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে ।
চলিত বৰ্ষতে অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনমুখী অসমক লৈ সকলো ৰাজনৈতিক দলে গুৰুত্ব আৰোপ কৰিছে । কেন্দ্রীয় চৰকাৰেও অসম সন্দর্ভত অবিৰতভাৱে বিভিন্ন উন্নয়নমূলক ঘোষণা কৰি আছে ৷ এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি মোদী চৰকাৰে ৪০,০০০ কোটিৰো অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প নিৰ্বাচনমুখী ৰাজ্য অসমক উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে ।
আজি চাউথ ব্লকত অনুষ্ঠিত হ’ব অন্তিমখন কেবিনেট বৈঠক । এই বৈঠকত কেবিনেট আন্তঃগাঁথনি সম্পৰ্কীয় কিছুমান ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে বহু কেইটা সিদ্ধান্তই কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে । ৪০,০০০ কোটিতকৈ অধিক কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পই অনুমোদন লাভ কৰিব পাৰে ।
আটাইতকৈ বিশিষ্ট প্ৰকল্পটো হ’ল নিৰ্বাচনমুখী ৰাজ্য অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ’ব লগা ১৯,০০০ কোটি টকাৰ প্ৰস্তাৱিত পথ-ৰে’ল সুৰংগ । এই প্ৰকল্পটো আঞ্চলিক সংযোগ আৰু কৌশলগত গুৰুত্বৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে ।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ তলত নিৰ্মাণ হ’ব এই সুৰংগ । ই অসমৰ গহপুৰক নুমলীগড়ৰ সৈতে সংযোগ কৰিব । বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) ইতিমধ্যে আন্তঃমন্ত্ৰালয় সমিতিৰ অনুমোদন লাভ কৰিছে । প্ৰস্তাৱিত সুৰংগটোত টুইন টিউবযুক্ত গঠন থাকিব, য’ত এটা টিউব পথ যাতায়তৰ বাবে আৰু আনটো ৰে’ল পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা হ’ব ।
সম্পূৰ্ণ হোৱাৰ পিছত দুয়োটা স্থানৰ মাজত যাত্ৰাৰ সময় প্ৰায় চাৰে ছয় ঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস পোৱাৰ আশা কৰা হৈছে । এই প্ৰকল্পই কেৱল অসমৰ বাবেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সংযোগ বৃদ্ধি কৰিব । ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ দৰে ৰাজ্যৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় হ’ব । প্ৰতিৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৃষ্টিকোণৰ পৰাও এই সুৰংগটোক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ।
আজিৰ কেবিনেট বৈঠকত অন্যান্য পথ আৰু ৰে’ল প্ৰকল্প সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৪০,০০০ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে ।
লগতে পঢ়ক : ‘প্ৰগতিশীল বাংলাদেশৰ সৈতে আছে ভাৰত’, ঐতিহাসিক বিজয়ৰ পিছত তাৰিক ৰহমানক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ