শুকুৰবাৰে কাৰ্যকৰী আদেশত স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পৰ স্বাক্ষৰিত কাৰ্যবাহী আদেশ অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ তেল আমদানি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়ৰ কৰাৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ অতিৰিক্ত শুল্ক আঁতৰোৱাৰ কথা ঘোষণা কৰে । শেহতীয়াকৈ কৰা ঘোষণা অনুসৰি দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি ৰূপায়ণৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ট্ৰাম্পৰ স্বাক্ষৰিত কাৰ্যবাহী আদেশ অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ তেল আমদানি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
ট্ৰাম্পে স্বাক্ষৰ কৰিলে কাৰ্যবাহী আদেশ-
শুকুৰবাৰে কাৰ্যকৰী আদেশত স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ইয়াত কোৱা হৈছে, “মই জ্যেষ্ঠ বিষয়াসকলৰ পৰা তথ্য আৰু পৰামৰ্শ লাভ কৰিছো যে ভাৰতে কাৰ্যবাহী আদেশ ১৪০৬৬ অনুসৰি পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ, ৰাছিয়াৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ তেল ক্ৰয় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে । তদুপৰি ভাৰতে আমেৰিকাৰ পৰা তেল ক্ৰয় কৰিব । ইয়াৰ উপৰিও ভাৰতে আমেৰিকাৰ সৈতে অহা ১০ বছৰৰ বাবে প্ৰতিৰক্ষা সহযোগিতা সম্প্ৰসাৰণৰ পৰিক্লপনাৰ ওপৰতো সন্মতি প্ৰকাশ কৰিছে ।”
আজিৰে পৰা আঁতৰিল অতিৰিক্ত ২৫% শুল্ক-
ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আঁতৰোৱা দিয়া হৈছে । হোৱাইট হাউছে জাৰি কৰা এক কাৰ্যবাহী আদেশ অনুসৰি অহা ১০ বছৰত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে আমেৰিকাৰ সৈতেও ভাৰতে এক ৰূপৰেখাত সন্মতি প্ৰকাশ কৰিছে ।
ইয়াত উল্লেখ কৰা হৈছে যে এই আদেশ ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ ১০:৩০ বজাৰ পৰা কাৰ্যকৰী হ’ব । তাৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰু প্ৰযোজ্য নহ’ব । আদেশত কোৱা হৈছে যে কাৰ্যবাহী আদেশ ১৪৩২৯ৰ অধীনত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্কৰ হাৰ ভাৰতৰ পৰা ব্যৱহাৰৰ বাবে আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত, বা ব্যৱহাৰৰ বাবে গুদামৰ পৰা উলিওৱা সামগ্ৰীৰ ক্ষেত্ৰত, নিৰ্দিষ্ট সময়ত বা তাৰ পিছত আৰু প্ৰযোজ্য নহ’ব ।
উল্লেখ্য য়ে, যোৱা বছৰৰ আগষ্ট মাহত আমেৰিকাই ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ বাবে ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পাৰস্পৰিক শুল্ক আৰু অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল । শেহতীয়া আলোচনাই ইংগিত দিছিল যে এই শুল্কসমূহ শিথিল কৰা হ’ব । ট্ৰাম্পে প্ৰথমে পাৰস্পৰিক শুল্ক ২৫ৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছিল আৰু এতিয়া অতিৰিক্ত শুল্ক আঁতৰাইছে ।
লগতে পঢ়ক : মালয়েছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; কুৱালালামপুৰত উষ্ম আদৰণি প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ









