বলেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, নিৰ্বাচনী সফলতাৰ বাবে জনালে শুভেচ্ছা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চত নেপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজয়ী ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ শীৰ্ষ নেতাসকলৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জনায় । তেওঁ আৰ এছ পিৰ সভাপতি ৰবি লামিচানে আৰু দলৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতা আৰু ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ বিজয়ৰ বাবে অভিনন্দন জনায় । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োজন নেতালৈ নেপালত গঠন হ’বলগীয়া নতুন চৰকাৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ভাৰত আৰু নেপালৰ নতুন চৰকাৰৰ মাজত সহযোগিতা আৰু ভাগ-বতৰা কৰা প্ৰচেষ্টাৰ জৰিয়তে অনাগত বছৰবোৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই নতুন উচ্চতাত উপনীত হ’ব । তেওঁ কয় যে দুয়োখন চুবুৰীয়া দেশৰ মাজত শক্তিশালী অংশীদাৰিত্ব আঞ্চলিক উন্নয়ন আৰু স্থিতিশীলতাৰ বাবেও অতি গুৰুত্বপূৰ্ণ ।

উল্লেখ্য যে, নেপালৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হৈছে । ৫ মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত যুৱ নেতা বলেন্দ্ৰ শ্বাহে নিজৰ দুৰ্গত প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক পৰাস্ত কৰি এক বৃহৎ অঘটন ঘটাই । পেছাত এজন অভিযন্তা বলেন্দ্ৰ শ্বাহে প্ৰথমে কাঠমাণ্ডুৰ মেয়ৰ হিচাপে বিশিষ্টতা লাভ কৰিছিল আৰু এতিয়া চাৰি বছৰৰ পাছত নেপালৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ আছিল এজন ৰেপাৰ (গায়ক) ।

লগতে পঢ়ক : আবুধাবিৰ সৰ্ববৃহৎ হিন্দু মন্দিৰত হাই এলাৰ্ট, যুদ্ধৰ মাজতে বন্ধ BAPS মন্দিৰ

নেপালৰ ৰাজনীতিত বৃহৎ অঘটন, প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মাক ৫০ হাজাৰ ভোটত পৰাস্ত কৰিলে বালেন শ্বাহে

তেওঁ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট নেতা কেপি শৰ্মা অলীক প্ৰায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে

নেপালৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বালেন শ্বাহে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে । ঝাপা জিলাৰ ৫ নং সমষ্টিৰ পৰা তেওঁক বিজয়ী ঘোষণা কৰা হয় । তাৎপৰ্যপূৰ্ণভাৱে তেওঁ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট নেতা কেপি শৰ্মা অলীক প্ৰায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

চূড়ান্ত ভোট গণনা অনুসৰি বালেন শ্বাহে মুঠ ৬৮,৩৪৮টা ভোট লাভ কৰাৰ বিপৰীতে কেপি শৰ্মা অলিয়ে এই সমষ্টিত প্ৰায় ১৮ হাজাৰ ভোট লাভ কৰে । দুয়োজন প্ৰাৰ্থীৰ মাজত প্ৰায় ৫০ হাজাৰ ভোটৰ যথেষ্ট পাৰ্থক্য দেখা যায় আৰু বেলেন শ্বাহে বৃহৎ জয় নিশ্চিত কৰে ।

নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলে নিজৰ বিজয়ী প্ৰাৰ্থীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে । দলটোৱে সকলো নিৰ্বাচিত প্ৰাৰ্থীকে বিজয় শোভাযাত্ৰা বা কোনো ধৰণৰ উদযাপন অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিয়ে ।

ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ উপ-সভাপতি তথা ফেডাৰেল নিৰ্বাচন পৰিচালনা সমিতিৰ সমন্বয়ক ডি পি আৰয়ালে কয় যে শেহতীয়া নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলে উদযাপন কৰাতকৈ নিজৰ কামত গুৰুত্ব দিব লাগে । ভোটাৰসকলে ন্যস্ত কৰা দায়িত্ব গুৰুত্বসহকাৰে ল’ব লাগিব আৰু এয়া উদযাপনৰ সময় নহয় বুলিও মন্তব্য কৰে তেওঁ ।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হৈছিল । এই প্ৰতিবাদত জেনেৰেচন জেডৰ যুৱক-যুৱতীসকলে অলি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক উফৰাই পেলায় । সেই সময়ত বালেন শ্বাহক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী পদৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত চৰকাৰ চলাব বিচৰা বুলি উল্লেখ কৰি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে । ২০২৬ চনৰ জানুৱাৰী মাহত বালেন শ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিত যোগদান কৰে । কেইদিনমানৰ পিছতে তেওঁক দলৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় । কাঠমাণ্ডুৰ মেয়ৰ হিচাপে বালেন শ্বাহে কেইবাটাও সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল, চহৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু নগৰ উন্নয়নৰ ওপৰত কৰা কামৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছিল তেওঁ ।

লগতে পঢ়ক : ইৰাণৰ ওপৰত আজি হ’ব ভীষণ আক্ৰমণঃ ড’নাল্ড ট্ৰাম্পৰ হুংকাৰ

শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে নেপালক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱময় মুহূৰ্ত

সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ জনসাধাৰণ আৰু চৰকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । নেপালৰ ভাতৃ-ভগ্নীসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰক উৎসাহেৰে প্ৰয়োগ কৰাটো আনন্দদায়ক বুলিও তেওঁ কয় । প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱময় মুহূৰ্ত । তেওঁ কয় যে এজন ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতে নেপালৰ জনসাধাৰণ আৰু তেওঁলোকৰ নতুন চৰকাৰৰ সৈতে সম্পূৰ্ণ দায়বদ্ধতাৰে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন উচ্চতা লাভৰ বাবে কাম কৰি যাব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়- সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নেপালৰ জনসাধাৰণ আৰু চৰকাৰলৈ আন্তৰিক অভিনন্দন । আমাৰ নেপালী ভাই-ভনীসকলে এনে উদ্যমেৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো অপৰিসীম আনন্দৰ বিষয় । এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱৰ মুহূৰ্ত । ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতে নেপালৰ জনসাধাৰণ আৰু তেওঁলোকৰ নতুন চৰকাৰৰ সৈতে কাম কৰি শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন উচ্চতাত উপনীত হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছচিয়েল মিডিয়া

নেপালত হ’ব ‘Gen Z’ ৰ চৰকাৰ; জ্যেষ্ঠ ৰাজনৈতিক নেতাক পিছ পেলাই বিজয়ৰ দিশে বালেন শ্বাহ

নেপালৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফলে ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিছে।বালেন শ্বাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে পৰম্পৰাগত দলসমূহক প্ৰত্যাহ্বান জনাই অগ্ৰগতি লাভ কৰিছে।

 পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ মাজতে ভাৰতৰ চুবুৰীয়া দেশ নেপালে নতুন অধ্যায় লিখিবলৈ আগবাঢ়িছে।য’ত ৩৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনত এটা দলে অকলে সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা আছে।

নেপালৰ সাধাৰণ নিৰ্বাচনত সংসদৰ মুঠ ১৬৫খন আসনৰ বাবে ভোটদান হৈছিল। বৃহস্পতিবাৰে নেপালত লাখ লাখ লোকে ভোটদান কৰে।Gen Z ৰ হিংসাত্মক প্ৰতিবাদৰ পিছত এইবাৰ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

এই প্ৰতিবাদৰ ফলত কেপি শৰ্মা অলিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটে। এই নিৰ্বাচনত দুৰ্নীতি এটা ডাঙৰ বিষয় হয়।শুকুৰবাৰে নিশা ৯ বজাৰলৈকে ১৬৫খন আসনৰ ভিতৰত ১৫৭খন আসনৰ ফলাফল প্ৰকাশ পাইছে।এই পৰ্যন্ত গণনাত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে ১১৪খন আসনত আগবাঢ়ি আছে।

ইয়াৰ লগে লগে বালেন শ্বাহৰ প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।যদিহে প্ৰাৰম্ভিক ধাৰাবোৰ ফলাফললৈ ৰূপান্তৰিত হয় তেন্তে ৩৬ বছৰৰ পাছত নেপালত এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

লগতে পঢ়ক: কাইলৈ ​​জেডিইউত যোগদান কৰিব নীতিশৰ পুত্ৰ নিশান্তই; হ’ব উপ মুখ্যমন্ত্ৰী

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পাছপ’ৰ্ট বাতিল; কাঠমাণ্ডু এৰি যাবলৈ নিষেধাজ্ঞা আৰোপ

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পাছপ’ৰ্ট বাতিল

নেপালৰ Gen-Z আন্দোলনৰ সময়ত যুৱ প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুলীচালনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগে প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিকে ধৰি পাঁচজন বিশিষ্ট ব্যক্তিক অনুমতি অবিহনে কাঠমাণ্ডু এৰি যাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে৷

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৌৰী বাহাদুৰ কাৰ্কিৰ অধ্যক্ষতাত গঠন কৰা আয়োগে এই নিৰ্দেশ জাৰি কৰিছে।কে পি অলিকে ধৰি কেইবাজনো নেতাৰ পাছপ’ৰ্ট বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

আয়োগৰ নিৰ্দেশত অন্তৰ্ভুক্ত হোৱা পাঁচজন লোক হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি,প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখাক, তেতিয়াৰ গৃহ সচিব গোকৰ্ণ মণি দুৱাদী,আভ্যন্তৰীণ চোৰাংচোৱা বিভাগৰ মুৰব্বী হুট ৰাজ থাপা,আৰু কাঠমাণ্ডুৰ তেতিয়াৰ জিলা দণ্ডাধীশ ছাবী ৰিজাল।

আটাইকেইজনক কঠোৰ নিৰীক্ষণত ৰখাৰ লগতে আয়োগৰ অনুমতি অবিহনে কাঠমাণ্ডুৰ পৰা ওলাই নাযাবলৈ আয়োগে নিৰ্দেশ দিছে।

লগতে পঢ়ক: ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে; জনালে ৰুছ বিদেশ মন্ত্ৰীয়ে

নেপালৰ বিদ্ৰোহৰ ১০ দিনৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী; ভাড়াঘৰেই হ’ব ঠিকনা

নেপালৰ বিদ্ৰোহৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী

যোৱা ৯ ছেপ্টেম্বৰত নেপালত Gen-Z ৰ প্ৰতিবাদৰ হেঁচাত কেপি শৰ্মা অলীয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল।

দুৰ্নীতি আৰু নেপটিজিমৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা যুৱ-প্ৰজন্মৰ ধুমুহাই নেপালৰ চৰকাৰক উৰুৱাই লৈ যায়।তাৰ পিছতেই পদত্যাগ কৰি পলায়ন কৰিছিল কেপি শৰ্মা অলীয়ে।

পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয় অলী। ১০ দিনৰ অন্তত শুকুৰবাৰে ৰাজহুৱা স্থানত হাজিৰ হ’ল নেপালৰ পদচ্যুত প্ৰধানমন্ত্ৰী অলী।

বৃহস্পতিবাৰে শিৱপুৰী সামৰিক বেৰেকৰ পৰা সেনাৰ হেলিকপ্টাৰেৰে তেওঁক ভক্তপুৰলৈ অনা হয়,য’ত তেওঁলোকৰ বাবে এটা ঘৰ ভাড়াত লোৱা হৈছে।

৮ আৰু ৯ ছেপ্টেম্বৰত Gen-Z ৰ প্ৰতিবাদৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলীয়ে সেনাৰ হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ পৰা ওলাই গৈছিল।তাৰ পিছত শিৱপুৰীৰ সামৰিক বেৰেকত তেওঁক সুৰক্ষিত ৰূপত ৰখা হৈছিল।

প্ৰতিবাদকাৰীয়ে কাঠমাণ্ডুত থকা তেওঁৰ ব্যক্তিগত ঘৰৰ লগতে ঝাপাৰ পূৰ্বপুৰুষৰ ঘৰ আৰু দমকত থকা তেওঁৰ ঘৰত অগ্নি সংযোগ কৰিছিল।

যাৰ বাবে এতিয়া তেওঁলোকৰ কাৰণে আন এটা ভাড়াঘৰ বিচাৰি পোৱা গ’ল।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী আহি পোৱাৰ লগে লগে তেওঁৰ নতুন ভাড়াঘৰত উপস্থিত থকা একাংশ সমৰ্থকে আদৰণি জনায়।

উল্লেখযোগ্য যে, ৮ আৰু ৯ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে নেপালৰ যুৱ প্ৰজন্মই হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে।এই প্ৰতিবাদত ২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: ‘কংগ্ৰেছে সদায় ভুৱা আখ্যান বিয়পাই’; ৰাহুল গান্ধীক লৈ অমিত শ্বাহৰ ডাঙৰ বক্তব্য

নেপালৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ…

নেপালৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

বৃহস্পতিবাৰে নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি আৰু স্থিতিশীলতা ঘূৰাই অনাৰ প্ৰচেষ্টাত ভাৰতৰ অটল সমৰ্থন পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে ।

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিৰ কথা পাতিলোঁ । শেহতীয়াকৈ হোৱা কৰুণ জীৱনহানিৰ বাবে আন্তৰিক শোক প্ৰকাশ কৰাৰ লগতে শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ তেওঁলোকৰ প্ৰচেষ্টাক ভাৰতে সমৰ্থন জনাইছো । লগতে কাইলৈ ​​তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে তেখেত আৰু নেপালৰ জনসাধাৰণলৈ মই আন্তৰিক শুভেচ্ছা জনাইছো ।”

যোৱা সপ্তাহত হিংসাত্মক প্ৰতিবাদে নেপাল কঁপাইছিল, যাৰ ফলত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল । জেনেৰেচন জেড বা জেন জেড গোটৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক নেতাৰ ঘৰ, সংসদকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন, বাণিজ্যিক প্ৰতিষ্ঠান, শ্বপিং কমপ্লেক্স আদিত জুই লগাই দিয়ে । ১২ ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল সুশিলা কাৰ্কীয়ে ।

লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংসদৰ নিৰ্বাচন… আজি ২১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.৮০ লাখ ছাত্ৰ-ছাত্ৰীয়ে

নেপালৰ Gen-Z এ গেমিং এপৰ ​​জৰিয়তে বাছি লৈছিল প্ৰধানমন্ত্ৰীক; কিয় ব্যৱহাৰ কৰিছিল Discord App?

নেপালৰ Gen-Z এ কিয় ব্যৱহাৰ কৰিছিল Discord App?

নেপালত Gen-Z বিপ্লৱৰ পিছত এতিয়া নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে,যি নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নাম সুশীলা কাৰ্কী।

সুশীলা কাৰ্কীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰাত আন্দোলনৰ লগতে এটা মোবাইল এপেও ভূমিকা গ্ৰহণ কৰিছে, যাৰ নাম Discord

Discord এপটো ২০১৫ চনত এটা গেমিং এপ হিচাপে আৰম্ভ হৈছিল। এই এপটো জেছন চিট্ৰন আৰু ষ্টেনিছলাভ ভিছনেভস্কিয়ে যৌথভাৱে তৈয়াৰ কৰিছে। প্ৰথম অৱস্থাত এই এপটো গেমাৰসকলৰ বাবে ডিজাইন কৰা হৈছিল।

দুয়োজন প্ৰতিষ্ঠাপকে ইয়াৰ পূৰ্বে গেমিং কেন্দ্ৰিক প্লেটফৰ্ম তৈয়াৰ কৰিছিল আৰু তাৰ পিছত তেওঁলোকেও Discord app ত চেটিং সেৱা আৰম্ভ কৰিলে, পাৰফৰমেন্সত কোনো প্ৰভাৱ নপৰে। কৰ’ণা কালত এই এপটোৰ জনপ্ৰিয়তা বৃদ্ধি পালে। তেতিয়াৰ পৰাই ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

আজি ডিচকৰ্ডে নিজকে যোগাযোগৰ মঞ্চ হিচাপে বৰ্ণনা কৰিছে। এই এপটোত ব্যৱহাৰকাৰীয়ে বিভিন্ন চেনেলৰ জৰিয়তে আলোচনাত অংশগ্ৰহণ কৰে।

নেপালত ইয়াৰ বৃহৎ ব্যৱহাৰকাৰী ভিত্তি আছে। ডিচকৰ্ড চাৰ্ভাৰত এটা বৃহৎ সম্প্ৰদায় স্থান আছে, য’ত ৫ লাখ ব্যৱহাৰকাৰীক চম্ভালিব পাৰিব।

ডিচকৰ্ড এপৰ বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গ’লে ইয়াত টেক্সট, অডিঅ’ আৰু ভিডিঅ’ চেনেল অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াত স্ক্ৰীণ শ্বেয়াৰিং, ষ্ট্ৰীমিং আৰু মডাৰেচন সঁজুলি আছে।

এই কাৰণেই নেপালৰ Gen-Z এ ডিচকৰ্ড এপটো বাছি লৈছিল কাৰণ তেওঁলোকৰ বাবে ই আছিল এক সুবিধাজনক আৰু জনপ্ৰিয় এপ।

আনহাতে, নন-ষ্টপ কন্টেন্ট ফিডৰ বৈশিষ্ট্য ইনষ্টাগ্ৰাম আৰু এক্স (পুৰণি নাম টুইটাৰ)ত উপলব্ধ নহয়। লগতে হোৱাটছএপৰ দৰে এপতকৈও অধিক সঁজুলি প্ৰদান কৰে।

লগতে পঢ়ক: চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’; ২-৩ মিনিটৰ ভিতৰত ভঙা হাড় লাগিব জোৰা  

নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ

কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ

হিংসা, উপদ্ৰব আৰু অগ্নিসংযোগৰ পিছত এতিয়া নেপালত শান্তি ঘূৰি আহিছে।ৰাজধানী কাঠমাণ্ডুত সেনাই জাৰি কৰা কাৰ্ফিউ আৰু সান্ধ্য আইন আজি পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।

অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে ৰাজপথত সেনাৰ উপস্থিতি আৰু কিছুদিন থাকিব বুলি আশা কৰা হৈছে।

নেপালত অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে।শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে তেওঁ।এতিয়া লাহে লাহে ৰাজধানীৰ ৰাজপথলৈ স্বাভাৱিকতা ঘূৰি আহিছে।

লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ…