শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে নেপালক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে নেপালক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱময় মুহূৰ্ত সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ জনসাধাৰণ আৰু চৰকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । নেপালৰ ভাতৃ-ভগ্নীসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰক উৎসাহেৰে প্ৰয়োগ কৰাটো আনন্দদায়ক বুলিও তেওঁ কয় । প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱময় মুহূৰ্ত

সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ জনসাধাৰণ আৰু চৰকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । নেপালৰ ভাতৃ-ভগ্নীসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰক উৎসাহেৰে প্ৰয়োগ কৰাটো আনন্দদায়ক বুলিও তেওঁ কয় । প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱময় মুহূৰ্ত । তেওঁ কয় যে এজন ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতে নেপালৰ জনসাধাৰণ আৰু তেওঁলোকৰ নতুন চৰকাৰৰ সৈতে সম্পূৰ্ণ দায়বদ্ধতাৰে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন উচ্চতা লাভৰ বাবে কাম কৰি যাব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়- সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নেপালৰ জনসাধাৰণ আৰু চৰকাৰলৈ আন্তৰিক অভিনন্দন । আমাৰ নেপালী ভাই-ভনীসকলে এনে উদ্যমেৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো অপৰিসীম আনন্দৰ বিষয় । এই ঐতিহাসিক কৃতিত্ব নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গৌৰৱৰ মুহূৰ্ত । ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতে নেপালৰ জনসাধাৰণ আৰু তেওঁলোকৰ নতুন চৰকাৰৰ সৈতে কাম কৰি শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন উচ্চতাত উপনীত হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছচিয়েল মিডিয়া