নেপালত অভ্যুত্থানৰ পিছত ডাঙৰ খবৰ; প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব নেকি সুশীলা কাৰ্কী?

প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব নেকি সুশীলা কাৰ্কী?

নেপালৰ অভ্যুত্থানৰ পিছত ক্ষমতাৰ কমাণ্ড এতিয়া সেনাৰ হাতত।দেশখনত আলোচনা আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বিষয়ে আলোচনা চলি আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল সূত্ৰ অনুসৰি প্ৰতিবাদকাৰী Gen Z এ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল’বলৈ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সুশীলা কাৰ্কীয়ে Gen Z ৰ এই প্ৰস্তাৱ মানি লৈছে।

Gen Z এ নিজৰ সিদ্ধান্তৰ বিষয়ে ফোন কৰি সুশীলা কাৰ্কীক জনাইছিল যিটো তেওঁ মানি লৈছিল।

এইদৰে নেপালৰ বাবে এক ডাঙৰ খবৰ হ’ব পাৰে যে সুশীলা কাৰ্কী দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব আৰু তাৰ পিছত এতিয়া তেওঁ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব পাৰে।

Gen Zএ আজিৰ বৈঠকৰ অন্তত স্পষ্টকৈ কৈছে যে দুৰ্গা পাৰ্ছাই, ৰাসপা আৰু ৰাপ্ৰপা ৰ নতুন চৰকাৰত কোনো ধৰণৰ হস্তক্ষেপ নাথাকিব আৰু সুশীলা কাৰ্কীয়ে কমাণ্ড ল’ব।

উল্লেখ্য যে ২০১৭ চনত প্ৰধান ৰাজনৈতিক দলসমূহে সুশীলা কাৰ্কীক পক্ষপাতিত্ব আৰু কাৰ্যবাহী দলত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱো দাখিল কৰা হ’ল।

লগতে পঢ়ক: নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ; সংসদ ভংগ কৰাৰ দাবী

নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ; সংসদ ভংগ কৰাৰ দাবী

নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ

Gen Z  আন্দোলনৰ পিছৰে পৰা নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে অধিক ভয়াৱহ হৈ আহিছে।প্ৰতিবাদকাৰীসকলে সংসদ ভৱন, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু আদালতত অগ্নি সংযোগ কৰে। আন্দোলন ইমানেই হিংসাত্মক হৈ পৰিছিল যে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰিবলগীয়া হৈছিল।

প্ৰতিবাদকাৰীসকলৰ লক্ষ্য নেতা আৰু এতিয়া ৰাজনৈতিক দলৰ সাংসদৰ গণ পদত্যাগৰ যাত্ৰা আৰম্ভ হৈছে।নেপালৰ তিনিটা দলৰ সাংসদে সামূহিকভাৱে পদত্যাগ কৰিছে। বুধবাৰে নেপালৰ নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদসকলে সংসদৰ সদস্যপদৰ পৰা পদত্যাগ কৰে।

নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদসকলে নিজৰ পদত্যাগত সংসদ ভংগ কৰাৰ দাবী জনাইছে।দলটো নেপালৰ তৃতীয়টো এনে দল,যাৰ সাংসদে সামূহিকভাৱে পদত্যাগ কৰিছে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাংসদসকলেও সামূহিকভাৱে সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ ২১ জন সাংসদ আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ ১৪ জন সাংসদ আছিল।

লগতে পঢ়ক: তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ… GEN-Z আন্দোলনৰ ব্যাপক প্ৰভাৱ

‘হৃদয় ভাঙি গৈছে…’; নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী

নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী

নেপালত বৰ্তমান  উত্তেজনাময় পৰিবেশে বিৰাজ কৰিছে। Gen-Z বিপ্লৱৰ পিছত দেশৰ ৰাজনৈতিক আৰু সামাজিক সংকট গভীৰ হৈ পৰিছে। Gen-Z ৰ প্ৰতিবাদৰ পিছতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মাই।

নেপালৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইউটিউবাৰ তথা নেপালৰ বোৱাৰী প্ৰাজাক্তা কোলীয়ে নেপাল যাত্ৰা বাতিল কৰিছে।

নেপালৰ বিক্ষিপ্ত পৰিৱেশে অশান্তি দিছে প্ৰাজাক্তাক। প্ৰাজাক্তা কোলীয়ে নেপাল ভ্ৰমণ বাতিল কৰাৰ লগতে হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সমৰ্থন আগবঢ়াইছে।  

প্ৰাজাক্তাই ইনষ্টা ষ্ট’ৰীত নেপাল সংকট সন্দৰ্ভত এটা পোষ্ট লিখিছিল। তেওঁ লিখিছিল যে, নেপালত যিবোৰ হৈ আছে, সেইবোৰে মোৰ হৃদয় ভাঙিছে।

এনে পৰিবেশত যিকোনো ধৰণৰ উদযাপন ঠিক যেন নালাগে। যিবোৰ পৰিয়ালে তেওঁলোকৰ আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা।

নেপাললৈ গৈ আপোনালোক সকলোকে লগ কৰিবলৈ মন গৈছিল। কিন্তু ইয়াৰ বাবে এয়া উপযুক্ত সময় নহয়। আশাকৰোঁ সোনকালে আপোনালোকক লগ পাম।

প্ৰাজাক্তাৰ পূৰ্বে মনীষা কইৰালাই নেপালৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰিছিল। তেওঁ সেই দিনটোক ক’লা দিন বুলি সম্বোধন কৰিছিল।

তেওঁ তেজ লাগি থকা এখন ফটো শ্বেয়াৰ কৰি লিখিছিল যে- যেতিয়া জনসাধাৰণৰ কণ্ঠৰ উত্তৰ গুলীৰে দিয়া হয়, দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ আৰু ন্যায়ৰ দাবী দমন কৰিব লাগে।

লগতে পঢ়ক: কিয় কেৱল শুকুৰবাৰেহে মুক্তি দিয়া হয় চিনেমা… শনিবাৰ আৰু দেওবাৰে কিয় নহয় ?

প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে মঙলবাৰে (৯ ছেপ্টেম্বৰ) পদত্যাগ কৰিছে । অলিক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল সেনা প্ৰধান জেনেৰেল অশোক ৰাজ ছিগডেলে । পদত্যাগ কৰাৰ পিছতহে পৰিস্থিতি উন্নত হ’ব বুলি তেওঁ কয় । নেপালত ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে Gen-Z এ । ইফালে উন্মত্ত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ ঘৰত অগ্নি সংযোগ কৰে ।

দেশৰ অৱনতি ঘটা পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলেও প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ গ্ৰহণ কৰিছে । বৰ্তমান অলি নিৰাপত্তাজনিত কাৰণত নেপালী সেনাৰ সৈতে আছে ।

নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগত কি লিখিলে-

কে পি শৰ্মা অলিয়ে পদত্যাগ পত্ৰত লিখিছে, “মাননীয় ৰাষ্ট্ৰপতি মহোদয়, নেপালৰ সংবিধানৰ ৭৬ (২) অনুচ্ছেদ অনুসৰি ৩১ আছাদ ২০৮১ বি এছ তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পিছত আৰু বৰ্তমান দেশৰ পৰিস্থিতিৰ কথা মনত ৰাখি সংবিধানৰ ৭৭ (১) (ক) অনুচ্ছেদ অনুসৰি আজিৰ পৰা প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছো, যাতে সংবিধান অনুসৰি ৰাজনৈতিক নিষ্পত্তি আৰু সমস্যাসমূহৰ সমাধানৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ দিশত আগবাঢ়িব পৰা যায় ।”

তিনিবাৰকৈ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে অলিয়ে-

২০১৫ চনত প্ৰথমবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হোৱা কে পি শৰ্মা অলি ২০১৫ চনৰ অক্টোবৰৰ পৰা ২০১৬ চনৰ আগষ্ট মাহলৈকে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল । ইয়াৰ পিছত সমৰ্থন হেৰুৱাৰ বাবে পদত্যাগ কৰিবলগীয়া হৈছিল তেওঁ । ২০১৮ চনত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা অলিয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২১ চনৰ মে’ মাহলৈকে এই পদত অধিষ্ঠিত হৈছিল । অলিয়ে পুনৰ পদত্যাগ কৰিবলগীয়া হৈছিল । তেওঁ দ্বিতীয়বাৰৰ বাবে ৩ বছৰ ৮৮ দিন এই পদত অধিষ্ঠিত হৈছিল । ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ আগষ্টলৈকে তৃতীয়বাৰৰ বাবে অলি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

সেনাধ্যক্ষই কি উপদেশ দিলে-

ইতিমধ্যে সেনা প্ৰধান জেনেৰেল অশোক ৰাজ ছিগডেলে অলিক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল । নেপালী সংবাদ মাধ্যমৰ মতে, তেওঁ কৈছিল, “ক্ষমতা এৰিলেহে পৰিস্থিতি উন্নতি হ’ব ।”

লগতে পঢ়ক : তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ… GEN-Z আন্দোলনৰ ব্যাপক প্ৰভাৱ

তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ… GEN-Z আন্দোলনৰ ব্যাপক প্ৰভাৱ

তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ

ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে হোৱা হিংসাত্মক প্ৰতিবাদত মৃত্যুৰ নৈতিক দায়িত্ব মূৰ পাতি নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে পদৰ পৰা পদত্যাগ কৰিছে । কেবিনেট বৈঠকৰ সময়ত তেওঁ পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক প্ৰদান কৰে । ৰমেশ লেখকে প্ৰতিবাদ দমন কৰিবলৈ নিৰাপত্তাৰক্ষীৰ বল প্ৰয়োগৰ ফলত হোৱা ২০ জনৰ মৃত্যুক ‘অকল্পনীয় ক্ষতি’ বুলি অভিহিত কৰি চৰকাৰে পৰিস্থিতি চম্ভালি লোৱা পদ্ধতিক ব্যাপক সমালোচনা কৰি পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ।

উল্লেখ্য যে নেপালৰ ৰাজধানী কাঠমাণ্ডুকে ধৰি বহু ডাঙৰ চহৰত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত এতিয়ালৈকে ২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ২৫০ জনতকৈ অধিক লোক আহত হৈছে । নেপালত দুৰ্নীতি, নিবনুৱা সমস্যা আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে বৃহৎ সংখ্যক যুৱক-যুৱতী । তেওঁলোকৰ প্ৰতিবাদৰ নাম GEN-Z ৰিভল্যুচন ৰখা হৈছে । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ, পানীৰ কামান আৰু লাইভ-ফায়াৰিঙৰ আশ্ৰয় লয় ।

নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগক অলি চৰকাৰৰ ওপৰত ক্ৰমবৰ্ধমান হেঁচা হ্ৰাস কৰাৰ প্ৰয়াস বুলি বিবেচিত হৈছে । নেপালী সংসদৰ অধ্যক্ষ শ্বেৰ বাহাদুৰ দেউবাই কেবিনেট বৈঠকত লেখকৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে যদিও নৈতিক ভিত্তিত নেপালৰ গৃহমন্ত্ৰী লেখকৰ পদত্যাগ মানি লয় । ইয়াৰ পূর্বে ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদৰ বৈঠকত প্রধানমন্ত্রী কে পি শর্মা অলিয়ে হিংসাত্মক প্রতিবাদৰ বাবে দেশৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে ৷ এই বৈঠকত বিত্তমন্ত্ৰী বিষ্ণু পৌডেল, বৈদেশিক মন্ত্ৰী অৰ্জুন ৰানা দেউবা আৰু সেনা প্ৰধান অশোক ৰাজ চিংডেলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে ৰাজধানী কাঠমাণ্ডুত কাৰ্ফিউ বলবৎ হৈ আছে, আনহাতে বিদ্যালয়-মহাবিদ্যালয় দুদিন ধৰি বন্ধ হৈ আছে আৰু সকলো পৰীক্ষা পিছুৱাই দিয়া হৈছে ।

ইফালে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী তীব্ৰতৰ কৰি তুলিছে বিৰোধীয়ে । ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগৰ দাবীত ৰাজনৈতিক হেঁচা বৃদ্ধি কৰিছে । এক আনুষ্ঠানিক বিবৃতিত আৰ এছ পিৰ সাধাৰণ সম্পাদক কবীন্দ্ৰ বুৰ্লাকোটিয়ে জেন-জেড প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে গ্ৰহণ কৰা ‘নিষ্ঠুৰ কাৰ্যকলাপ’ক গৰিহণা দি দেশত নতুনকৈ ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় । বৰ্তমান চৰকাৰৰ নৈতিক আৰু ৰাজনৈতিক বৈধতা হেৰুৱাইছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক : নেপালত ZEN-Zৰ হিংসাত্মক প্ৰতিবাদ… ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব খুলি দিয়াৰ দাবী

নেপালত ZEN-Zৰ হিংসাত্মক প্ৰতিবাদ… ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব খুলি দিয়াৰ দাবী

নেপালত ZEN-Zৰ হিংসাত্মক প্ৰতিবাদ

চৰকাৰী দুৰ্নীতি আৰু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে নেপালত হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে । ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে জেনেৰেচন জেড (ZEN-Z)এ । চৰকাৰৰ বিৰোধী শ্ল’গানেৰে উত্তপ্ত হৈ পৰিছ নেপাল । আনকি সংসদ ভৱনতো বহু প্ৰতিবাদকাৰী প্ৰৱেশ কৰে । নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰাত প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে ।

ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয় । প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে । পানীৰ গোলা ব্যৱহাৰ কৰাৰ লগতে কিছুমান ঠাইত গুলীচালনাও কৰা হয় । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০ জনৰো অধিক লোক আহত হয় । কাঠমাণ্ডুৰ নতুন বানেশ্বৰ আৰু ঝাপা জিলাৰ দমকত পৰিস্থিতি আটাইতকৈ ভয়াৱহ হৈ পৰিছে ।

প্ৰকাশিত এক বাতৰি অনুসৰি নিউ বানেশ্বৰত হিংসাত্মক প্ৰতিবাদৰ সময়ত গুলীত আঘাতপ্ৰাপ্ত এজন প্ৰতিবাদকাৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি থকা অৱস্থাতে মৃত্যু হয় । বহু আহত ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । ডামাকত প্ৰতিবাদকাৰীয়ে দমক চ’কৰ পৰা পৌৰসভাৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ প্ৰতিকৃতি দাহ কৰি কাৰ্যালয়ৰ গেট ভাঙিবলৈ চেষ্টা কৰে । পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে সেনাবাহিনী মোতায়েন কৰা হৈছে ।

আৰক্ষীৰ গুলীত আহত একাংশ-

নিউ বানেশ্বৰত হিংসাত্মক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনাতো একাংশ প্ৰতিবাদকাৰী আহত হৈছে । আহতসকলক চিকিৎসাৰ বাবে এভাৰেষ্ট হাস্পতাল, অসামৰিক চিকিৎসালয়ৰ লগতে কাষৰীয়া অন্যান্য চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

জানিব পৰা মতে সোমবাৰে পুৱা ৯ বজাৰ পৰা কাঠমাণ্ডুৰ মৈতিঘৰত প্ৰতিবাদকাৰীৰ সমাগম আৰম্ভ হয় । ‘নেপো কিড’ আৰু ‘নেপো বেবীজ’ৰ দৰে হেচটেগসমূহ যোৱা কিছুদিন ধৰি অনলাইনত ট্ৰেণ্ডিং হৈ আছে । চৰকাৰে পঞ্জীয়নবিহীন প্লেটফৰ্ম ব্লক কৰাৰ সিদ্ধান্তৰ পিছত এই ট্ৰেণ্ডে আৰু অধিক গতি লাভ কৰিছে । কাঠমাণ্ডু জিলা প্ৰশাসন কাৰ্যালয়ৰ তথ্য অনুসৰি ‘হামি নেপাল’এ এই সমাৱেশৰ আয়োজন কৰিছিল । ইয়াৰ বাবে পূৰ্বে অনুমতি লোৱা হৈছিল ।

চৰকাৰী ব্যৱস্থা আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ-

সংগঠনটোৰ অধ্যক্ষই কয় যে, চৰকাৰী ব্যৱস্থা আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । সমগ্ৰ দেশতে একেধৰণৰ প্ৰতিবাদ হৈছে । লগতে ছাত্ৰ-ছাত্ৰীসকলক ইউনিফৰ্ম পৰিধান কৰি আৰু কিতাপ লৈ প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনায় তেওঁ ।

কিয় নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়া ?

চৰকাৰৰ তথ্য অনুসৰি নেপালৰ ছ’চিয়েল মিডিয়া কোম্পানীসমূহক পঞ্জীয়ন কৰিবলৈ ২৮ আগষ্টৰ পৰা ৭ দিনৰ সময় দিয়া হৈছিল । যোৱা বুধবাৰে যেতিয়া এই সময়সীমা শেষ হৈছিল, তেতিয়া কোনো এটা ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মে- মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ), আলফাবেট (ইউটিউব), এক্স (পূৰ্বতে টুইটাৰ), ৰেডিট আৰু লিংকডইনে পঞ্জীয়ন কৰা নাছিল । ইয়াৰ পিছত চৰকাৰে বৃহস্পতিবাৰৰ পৰা এই কোম্পানীসমূহ দেশত নিষিদ্ধ কৰে ।

ছচিয়েল মিডিয়া প্লেটফৰ্মত ঘৃণা বিয়পোৱাৰ অভিযোগ-

চৰকাৰে কয় যে ভুৱা আই ডি থকা ব্যৱহাৰকাৰীসকলে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰি ঘৃণা বিয়পাইছে, উৰাবাতৰি বিয়পাইছিল আৰু চাইবাৰ অপৰাধ সংঘটিত কৰিছিল । ইয়াৰ ফলত সমাজত অশান্তি আৰু অসামাজিক কাৰ্যকলাপ বাঢ়ি আহিছিল ।

লগতে পঢ়ক : নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী; ফেচবুক-এক্স-ইউটিউবৰ নিষেধাজ্ঞাক লৈ হুলস্থুল

নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী; ফেচবুক-এক্স-ইউটিউবৰ নিষেধাজ্ঞাক লৈ হুলস্থুল

নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী

নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ Gen-Z ল’ৰা-ছোৱালী ৰাজপথলৈ ওলাই আহিছে আৰু ছচিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে ।

কাঠমাণ্ডুৰ বিভিন্ন চহৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ বিৰুদ্ধে Gen-Z ৰ বিপ্লৱ আৰম্ভ হৈছে।ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে সংসদ ভৱনত প্ৰৱেশ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰে।চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পৰা আৰম্ভ কৰি দুৰ্নীতিলৈকে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ নতুন যুৱ প্ৰজন্মই।

এই বিক্ষোভত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে পথত সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা যায়।প্ৰতিবাদৰ সময়ত চৰকাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোন আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰে।

নেপাল চৰকাৰে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আদি ২৬টা ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰাত ক্ষুব্ধ যুৱক-যুৱতীসকলে ৮ ছেপ্টেম্বৰৰ পৰা জেন-জি বিপ্লৱৰ নাম দি প্ৰতিবাদ আৰম্ভ কৰিছে।

লগতে পঢ়ক: আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু

নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

Facebook, YouTube, X, Instagram সহ ২৬টা ছ’চিয়েল মিডিয়া এপক নিষিদ্ধ কৰা হৈছে। Facebook, YouTube, X, Instagram  আদি প্লেটফৰ্ম নেপালত এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব।

২৮ আগষ্টত নেপালৰ উচ্চতম ন্যায়ালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক দেশত কাম কৰিবলৈ পঞ্জীয়ন কৰিবলৈ কৈছিল।

কিন্তু ফেচবুক, ইউটিউবৰ দৰে প্লেটফৰ্মসমূহে সময়সীমাৰ পিছতো পঞ্জীয়ন কৰা নাছিল, যাৰ বাবে চৰকাৰে এই প্লেটফৰ্মসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

নেপালৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ৰাজহুৱা জাননী জাৰি কৰি কয় টেলিকম কৰ্তৃপক্ষই দেশৰ সকলো পঞ্জীয়নবিহীন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ ঠাকুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰি কয় তেওঁ আশা কৰে যে বুধবাৰৰ ভিতৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে তেওঁৰ সৈতে যোগাযোগ কৰিব, ইয়াৰ পিছত চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত নেপাল টেলিকম কৰ্তৃপক্ষই এই সকলোবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা সপ্তাহত তাত থকা উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু পৰিচালনাৰ নিৰ্দেশনাৰ ভিত্তিত ৩ ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ সকলো দেশীয় আৰু বিদেশী ছ’চিয়েল মিডিয়া প্লেটফৰ্মক নিৰ্দেশনা জাৰি কৰিছিল।

ছচিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা অবাঞ্চিত বিষয়বস্তু নিৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই আদেশ জাৰি কৰা হৈছে।

লগতে পঢ়ক: মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

৩১ বাৰকৈ জয় কৰিলে মাউণ্ট এভাৰেষ্ট… ভংগ কৰিলে নিজৰেই অভিলেখ

৩১ বাৰকৈ জয় কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ বিখ্যাত পৰ্বতাৰোহী কামি ৰীতাই মঙলবাৰে ৩১ সংখ্যক বাৰৰ বাবে মাউণ্ট এভাৰেষ্ট জয় কৰে । এইদৰে তেওঁ বিশ্বৰ সৰ্বোচ্চ শিখৰত সৰ্বাধিক বাৰ বগাই নিজৰেই অভিলেখ ভংগ কৰিলে ।

এই অভিযানৰ আয়োজক তথা চেভেন ছামিট ট্ৰেকছৰ অধ্যক্ষ মিংমা শ্বেৰ্পাই জনোৱা মতে, ৫৫ বছৰীয়া কামি ৰীতাই পুৱা প্ৰায় ৪ বজাত পৰিস্কাৰ বতৰত ৮,৮৪৯ মিটাৰ উচ্চতাৰ শৃংগটোৰ শিখৰত উপনীত হয় । এইবাৰ তেওঁ লেফটেনেণ্ট কৰ্ণেল মনোজ যোশীৰ নেতৃত্বত ভাৰতীয় সেনাৰ এডভেঞ্চাৰ উইঙৰ এভাৰেষ্ট অভিযান দলটোক গাইড কৰি আছিল ।

কাঠমাণ্ডু পোষ্টৰ উদ্ধৃতিৰে মিংমা শ্বেৰ্পাৰ উদ্ধৃতিৰে কোৱা হৈছে যে এই নতুন কৃতিত্বই তেওঁৰ বিশ্বৰ সৰ্বোচ্চ শিখৰত সৰ্বাধিক বাৰ আৰোহণ কৰা ব্যক্তি হিচাপে তেওঁৰ মৰ্যাদাক শক্তিশালী কৰি তুলিছে । এইটো এনে এক অভিলেখ যাৰ ওচৰতো এতিয়ালৈকে কোনো উপনীত হ’ব পৰা নাই ।

মিংমা শ্বেৰপাই আৰু কয় যে কামি ৰীতা শিখৰত উপনীত হোৱাৰ পিছত নিৰাপদ আৰু সুস্থিৰে আছে । তেওঁ লাহে লাহে নামিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া বেছ কেম্পলৈ উভতি আহিছে । সদায়ৰ দৰেই কামীয়ে পুনৰবাৰ নিজৰ অতুলনীয় দক্ষতা আৰু পেছাদাৰী অভিজ্ঞতা প্ৰমাণ কৰিলে । তেওঁৰ এই মহান কৃতিত্বৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত আৰু তেওঁ সৃষ্টি কৰা উত্তৰাধিকাৰত আমি গৌৰৱান্বিত ।

বিগত দুবছৰত প্ৰতিটো ছিজনত কামি ৰীতাই দুবাৰকৈ মাউণ্ট এভাৰেষ্ট বগাইছে । ইয়াৰ লগে লগে তেওঁৰ সফল আৰোহণৰ সংখ্যা ৩০ টা হয়গৈ । চেভেন ছামিট ট্ৰেকছৰ অভিযান সঞ্চালক ছাং দাৱা শ্বেৰ্পাই কয় যে কামি ৰীতাৰ সৰুৰে পৰা পৰ্বতাৰোহণৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল আৰু তেওঁ দুটা দশকৰো অধিক সময় ধৰি অবিৰতভাৱে পৰ্বত বগাই আহিছে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন গোয়ানাৰ… বহু বিষয়ৰ ওপৰত হ’ল আলোচনা