ৰাজতন্ত্ৰৰ সমৰ্থনত নেপালত  পুনৰ প্ৰতিবাদ… গৃহ মন্ত্ৰালয়ৰ সতৰ্কবাণী

নেপালত ৰাজতন্ত্ৰ সমৰ্থক ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে আজি অৰ্থাৎ ২০ এপ্ৰিলত পুনৰবাৰ প্ৰতিবাদৰ কথা ঘোষণা কৰিছে, যাৰ বাবে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে । এতিয়া নেপালৰ গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিক প্ৰতিবাদৰ সময়ত নিষিদ্ধ অঞ্চল উলংঘা নকৰিবলৈ সকীয়াই দিছে । ৰাজধানী কাঠমাণ্ডুৰ বিজুলী বজাৰ অঞ্চলত আজি আৰ পি পিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব ।

আৰ পি পিৰ ঘোষণা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ সতৰ্কবাণী-

দৰাচলতে ৰাজতন্ত্ৰৰ সমৰ্থক আৰ পি পিয়ে প্ৰতিবাদৰ সময়ত চৰকাৰে নিৰ্ধাৰণ কৰা নিষিদ্ধ অঞ্চল ভংগ কৰাৰ উদ্দেশ্য মুকলিকৈ ঘোষণা কৰিছে । ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ আৰু নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী জনাই আৰ পি পিৰ অধ্যক্ষ ৰাজেন্দ্ৰ লিংডেনে প্ৰতিবাদৰ বাবে নিষিদ্ধ অঞ্চল উলংঘা কৰিব বুলি কয় । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শনিবাৰে গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা-

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, ২০২৫ চনৰ ২০ এপ্ৰিলত আইনগতভাৱে নিৰ্ধাৰিত নিষিদ্ধ অঞ্চল উলংঘা কৰাৰ পৰিকল্পনা সন্দৰ্ভত ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ নামত জাৰি কৰা বাতৰি আৰু ৰাজহুৱা বক্তব্যক গৃহ মন্ত্ৰালয়ে গুৰুত্বসহকাৰে লৈছে । সংবিধান আৰু আইন উলংঘাক প্ৰচাৰ কৰা কাৰ্যকলাপ বা সমাজত অৰাজকতা বিয়পোৱাৰ চেষ্টা সহ্য কৰা নহ’ব বুলিও গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰে । প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পুৱাৰে পৰা সংসদ ভৱন, চৰকাৰী সচিবালয় আৰু মহানগৰীৰ অন্যান্য স্পৰ্শকাতৰ অঞ্চলৰ আশে-পাশে হাজাৰ হাজাৰ প্ৰতিবাদ বিৰোধী আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰিছে ।

নেপালত পুনৰ ৰাজতন্ত্ৰ সমৰ্থকৰ প্ৰতিবাদ… প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ

শুকুৰবাৰে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ৰাজতন্ত্ৰ সমৰ্থকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই বিক্ষোভৰ সময়ত হিংসা, লুণ্ঠন আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় য’ত দুজন লোকৰ মৃত্যু হয় । ইয়াৰ উপৰিও এই হিংসাত্মক ঘটনাত এশৰো অধিক লোক আহত হয় । ইয়াৰ পিছতে এতিয়া নেপাল চৰকাৰ আৰু ৰাজতন্ত্ৰ সমৰ্থকৰ মাজত মুখামুখি যুঁজ আৰম্ভ হৈছে । এফালে চৰকাৰে প্ৰতিবাদকাৰীসকলক সংবিধান মানি চলিবলৈ আহ্বান জনাইছে, আনফালে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ সমৰ্থকসকলে নেপালত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত অটল হৈ আছে ।

পুনৰ ৰাজপথত ৰাজতন্ত্ৰ সমৰ্থক-

দেওবাৰে পুনৰ কাঠমাণ্ডুৰ ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে জ্ঞানেন্দ্ৰ শ্বাহৰ ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰিক পাৰ্টিয়ে । ডেম’ক্ৰেটিক পাৰ্টিৰ অভিযোগ যে শুকুৰবাৰৰ বিক্ষোভৰ পিছত বিগত দুদিনত যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকৰ অধিকাংশই সেইসকল লোক যিসকলৰ বিক্ষোভৰ সৈতে কোনো সম্পৰ্ক নাই । কোনো ভূমিকা নোহোৱাকৈ এশৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি দলটোৱে তেওঁলোকক মুক্তিৰ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ এনে লোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিবলৈয়ো দাবী উত্থাপন হৈছে । নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিয়েও বৰ্তমানৰ অলি চৰকাৰৰ পদত্যাগৰ দাবী জনাইছে ।

আনহাতে, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে সংসদত কয় যে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে গণৰাজ্য দিৱস উপলক্ষে নিজৰ বাৰ্তা প্ৰকাশ কৰি ৰাইজৰ পৰা সমৰ্থন বিচাৰিছিল আৰু তাৰ পিছত কাঠমাণ্ডুত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন স্থানত আদৰণি কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰধানমন্ত্ৰী অলিয়ে কয় যে যোৱা শুকুৰবাৰে জ্ঞানেন্দ্ৰ শ্বাহে সমাজৰ অবাঞ্চিত নাগৰিকক ফোন কৰি আন্দোলনৰ সেনাধ্যক্ষ বুলি ঘোষণা কৰিছিল আৰু তেওঁৱেই প্ৰতিবাদকাৰীসকলক হিংসাত্মক কাৰ্য্যত উচটনি দিছিল ।

প্ৰাক্তন ৰজাই ভংগ কৰিলে চুক্তি-

প্ৰধানমন্ত্ৰী অলিয়ে কয় যে এইবোৰ ঘটনাই প্ৰমাণ কৰে যে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰই সংবিধান জাৰি কৰাৰ সময়ত হোৱা চুক্তি উলংঘা কৰিছে । এই সময়ত প্ৰাক্তন ৰজাই এজন সাধাৰণ নাগৰিকৰ দৰে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু এজন নাগৰিকক দিয়া সকলো অধিকাৰ ভোগ কৰি ব্যৱসায় চলাবলৈ স্বাধীন আছিল । ইয়াৰ উপৰিও ৰাষ্ট্ৰৰ প্ৰাক্তন মুৰব্বী হিচাপে দিয়া সকলো সুবিধাও তেওঁক দিয়া হৈছিল । ইয়াৰ উপৰিও পূৰ্বৰ ৰজাজনক নাগাৰ্জুন দৰবাৰ ব্যৱহাৰ কৰিবলৈও অনুমতি দিয়া হৈছিল ।

‘হিংসাৰ উচটনি দিয়াৰ আঁৰত প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ’, প্ৰচণ্ডৰ অভিযোগ…

শুকুৰবাৰে নেপালত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । এই সময়ছোৱাত তীব্ৰ সংঘাতৰ সৃষ্টি হয় । এতিয়া নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে । শনিবাৰে পুৱা পুষ্প কমল দাহাল প্ৰচণ্ডে হিংসাত্মক অঞ্চল পৰিদৰ্শন কৰে । ইয়াৰ মাজতে তেওঁলোকে হিংসাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ছ’চিয়েলিষ্ট ফ্ৰণ্টৰ কাৰ্যালয়তো উপস্থিত হয় ।

নেপালৰ প্ৰাক্তন ৰজাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে-

প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডই কয় যে ‘এতিয়া সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে যে এই সকলোবোৰৰ আঁৰত জ্ঞানেন্দ্ৰ শ্বাহ আছে । জ্ঞানেন্দ্ৰ শ্বাহৰ উদ্দেশ্য সঠিক নহয় । এই কথা আগতেও দেখা গৈছে আৰু এতিয়াও দেখা গৈছে যদিও এতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে । ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । জ্ঞানেন্দ্ৰ শ্বাহক এতিয়া সম্পূৰ্ণ স্বাধীনতা দিব নোৱাৰি । এইটো সম্পূৰ্ণ অগ্ৰাহ্য আৰু নেপাল চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা প্ৰয়োজন ।

হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু-

নেপালত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাত এজন প্ৰতিবাদকাৰী আৰু এজন সাংবাদিকসহ দুজন লোকৰ মৃত্যু হয় । হিংসা ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল যে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয় আৰু হিংসা প্ৰভাৱিত অঞ্চলত সেনাবাহিনী মোতায়েন কৰিবলগীয়া হয় । শুকুৰবাৰে আৰক্ষীয়ে ৰাজতন্ত্ৰৰ সমৰ্থক ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ উপ-সভাপতি ৰবীন্দ্ৰ মিশ্ৰ, সাধাৰণ সম্পাদক ধৱল শমশ্বেৰ ৰাণা, ৰাজতন্ত্ৰ সমৰ্থক কৰ্মী স্বগত নেপাল আৰু সন্তোষ তামাংকে ধৰি ১৭ জন লোকক গ্ৰেপ্তাৰ কৰে । এইসকল লোকৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ আছে । বহু নেতাক গৃহবন্দী কৰি ৰখা হৈছে । এতিয়ালৈকে এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত মুঠ ৫১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত এই আন্দোলনৰ নেতৃত্বত আছে নৱৰাজ সুবেদী । তেওঁ ৰাজ প্ৰতিষ্ঠান পুনৰুদ্ধাৰ আন্দোলনৰ সৈতে জড়িত । ৰাজতন্ত্ৰ সমৰ্থক নেচনেল ডেম’ক্ৰেটিক পাৰ্টিয়েও এই আন্দোলনক সমৰ্থন কৰিছে । সাংবিধানিক ৰাজতন্ত্ৰ আৰু হিন্দু জাতিৰ পুনৰুদ্ধাৰেই দেশৰ সমস্যাৰ সমাধান বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে । ২০০৬ চনৰ আগতে নেপালত ৰাজতন্ত্ৰৰ শাসন আছিল । প্ৰতিবাদৰ পিছত ৰজা জ্ঞানেন্দ্ৰই ক্ষমতা ত্যাগ কৰিবলগীয়া হয় । ইয়াৰ পিছত সকলো ক্ষমতা সংসদক গতাই দিয়া হয় আৰু ২০০৮ চনত নেপালত ২৪০ বছৰীয়া ৰাজতন্ত্ৰ শাসনৰ অন্ত পৰে ।

কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময়, কিছু অঞ্চলৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন… গ্ৰেপ্তাৰ এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থক

শুকুৰবাৰে ৰাজতন্ত্ৰৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত নেপালৰ কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময় হৈ আছে । কিন্তু কিছু অঞ্চলত শান্তি ঘূৰি অহা দেখি আৰক্ষীয়ে উঠাই লৈছে সান্ধ্য আইন । ইফালে বৰ্তমানলৈকে এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে ।

শুকুৰবাৰে নেপালৰ কাঠমাণ্ডুত ৰাজতন্ত্ৰ সমৰ্থকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । টিংকুনে অঞ্চলৰ এটা ঘৰত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে । সমৰ্থকসকলে শিলগুটি নিক্ষেপ কৰি এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আক্ৰমণ চলায় । যান-বাহন অগ্নিসংযোগ কৰাৰ লগতে দোকান-পোহাৰ লুটপাত কৰে । ইয়াৰ উপৰিও দুস্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাধা ভাঙিবলৈও চেষ্টা কৰে, যাৰ বাবে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । এই সংঘৰ্ষৰ সময়তে নিহত হয় দুজন লোক । ইয়াৰ পিছতে শুকুৰবাৰে সন্ধিয়া ৪.২৫ বজাৰ পৰা বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰা হয় । শনিবাৰে পুৱা ৭ বজাত সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হয় ।

আন্দোলনৰ আহ্বায়ক দুৰ্গা প্ৰসাদে নিৰাপত্তাৰ বাধা ভঙাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । বুলেটপ্ৰুফ গাড়ী এখনত উঠি তেওঁ বানেশ্বৰৰ ফালে আগবাঢ়িছিল । ইতিমধ্যে আৰক্ষীয়ে এশজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাধাৰণ সম্পাদক ধৱাল শমশ্বেৰ ৰাণা আৰু দলটোৰ এজন কেন্দ্ৰীয় সদস্য ৰবীন্দ্ৰ মিশ্ৰ ।

কাঠমাণ্ডু জিলা আৰক্ষী ৰেঞ্জৰ আৰক্ষী অধীক্ষক অপিল বহৰাই জানিবলৈ দিয়া মতে, প্ৰসাদ নামৰ মূল লোকজন এতিয়াও পলাতক হৈ আছে । এই হিংসাত্মক সংঘৰ্ষত ৫৩ জন আৰক্ষী জোৱান, ২২ জন সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান আৰু ৩৫ জন প্ৰতিবাদকাৰী আহত হয় । প্ৰতিবাদৰ সময়ত ১৪টা অট্টালিকাত অগ্নি সংযোগ কৰাৰ লগতে ৯টা অট্টালিকা ভাঙি পেলোৱা হয় । ৯ খন চৰকাৰী বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৬ খন ব্যক্তিগত বাহন ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে ।

সমৰ্থকসকলে ২০০৮ চনৰ পৰা ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী জনাই আহিছে-

উল্লেখ্য যে ২০০৮ চনত সংসদীয় ঘোষণাৰ জৰিয়তে নেপালৰ ৰাজনৈতিক দলসমূহে ২৪০ বছৰীয়া ৰাজতন্ত্ৰ বিলুপ্ত কৰি হিন্দু ৰাষ্ট্ৰখনক ধৰ্মনিৰপেক্ষ, ফেডাৰেল, গণতান্ত্ৰিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰে । তেতিয়াৰ পৰাই ৰাজতন্ত্ৰবাদী সমৰ্থকসকলে ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰি আহিছে । প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰই গণতন্ত্ৰ দিৱসত (১৯ ফেব্ৰুৱাৰী) ভিডিঅ’ বাৰ্তাযোগে সমৰ্থনৰ বাবে আবেদন জনাইছিল ।

গভীৰ নিদ্ৰাত আছিল লোকসকল, হঠাৎ প্ৰচণ্ড জোকাৰণি; নেপালত পুনৰ ভুমিকম্প

যেতিয়া নেপালৰ লোকসকল গভীৰ নিদ্ৰাত আছিল, সেই সময়তে ভূমিকম্পৰ কম্পনত জোকাৰি গৈছিল দেশখন ।জানিব পৰা মতে ভূমিকম্পৰ কেন্দ্ৰস্থল এভাৰেষ্টৰ শিখৰৰ ওচৰৰ চোলুখুম্বু জিলাৰ পৰা মাত্ৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল।জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’চাইন্সেছৰ মতে, ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৫।

নেপালৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ এটা গোট নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, শুকুৰবাৰে পুৱা ৫:০৫ বজাত (নেপালৰ স্থানীয় সময় অনুসৰি) এই কম্পনটো অনুভুত হৈছিল।

নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰই জনাইছে যে ভূমিকম্পৰ কেন্দ্ৰস্থল কাঠমাণ্ডুৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ পূবত, চোলুখুম্বু জিলাত অৱস্থিত।

২০১৫ চনৰ এপ্ৰিলত  নেপালৰ ভুমিকম্পৰ কথা সমগ্ৰ বিশ্ববাসী জ্ঞাত। সেই বিধ্বংসী ভূমিকম্পটো প্ৰাৱল্য আছিল ৪ কিন্তু ৪৭৫ বাৰ কম্পন হৈছিল। অৱশ্যে বৰ্তমান কোনো ক্ষতি বা হতাহতহোৱাৰ  খবৰ পোৱা নাই।

তথ্য অনুসৰি, চুবুৰীয়া ভাৰতৰ বিহাৰ ৰাজ্যতো চোলুখুম্বু জিলাত সংঘটিত এই ভূমিকম্পৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল।নেপালৰ এই জিলাখন বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা ১৮৯ কিলোমিটাৰ উত্তৰত অৱস্থিত, যাৰ ফলত তাত থকা ঘৰবোৰ কঁপি উঠিছিল।