শ্বেহৱাজ শ্বৰীফক কাষত লৈ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে ওপচালে ট্ৰাম্পে

প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে ওপচালে ট্ৰাম্পে

সোমবাৰে ইজিপ্তত গাজাৰ শান্তি সন্দৰ্ভত অনুষ্ঠিত এক সন্মিলনত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে ওপচালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কয় যে ভাৰত আৰু পাকিস্তান এতিয়া বহুত ভালকৈ একেলগে থাকিব । এই কথা কোৱাৰ লগে লগে মঞ্চৰ আঁৰত থিয় হৈ থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ ফালে ঘূৰি ‘হয় নে নহয়’ বুলিও সোধে ট্ৰাম্পে ?

ইয়াৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে মূৰ জোকাৰি হ’ব বুলি উত্তৰ দিয়ে, যাৰ ফলত অনুষ্ঠানত উপস্থিত থকা নেতা আৰু সংবাদ মাধ্যমৰ মাজত লঘু হাঁহিৰ পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ভাষণত ট্ৰাম্পে কেমেৰাত হাঁহি হাঁহি কয়, “ভাৰত এখন মহান দেশ, যাৰ শীৰ্ষত আছে মোৰ এজন অতি ভাল বন্ধু । আৰু তেওঁ এটা ডাঙৰ কাম কৰিছে । মই ভাবো পাকিস্তান আৰু ভাৰত একেলগে বহুত ভালদৰে থাকিব ।”

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে গাজা শান্তি সন্মিলনৰ সহ-অধ্যক্ষতা কৰি থকা ট্ৰাম্পে পাকিস্তানৰ সামৰিক নেতৃত্বক প্ৰশংসা কৰি কয় যে আঞ্চলিক শান্তি নিৰ্ভৰ কৰে ভাল বন্ধুসকলে ভাল কাম কৰাৰ ওপৰত ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্মিলনত ভাষণ দিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীকো আমন্ত্ৰণ জনায় । ভাষণত শ্বেহবাজ শ্বৰীফে ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পক কৃতিত্ব দিয়ে । তেওঁ কয় যে সেই চাৰিদিনত এই ভদ্ৰলোক আৰু তেওঁৰ দলটোৱে হস্তক্ষেপ নকৰা হেতেন দুয়োখন পাৰমাণৱিক ৰাষ্ট্ৰৰ মাজত যুদ্ধ ইমানেই তীব্ৰতৰ হ’ল হেঁতেন যে কি হৈছিল সেই কথা ক’বলৈ কোনো জীয়াই নাথাকিলহেঁতেন ।

ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কৃতিত্ব পুনৰ ল’লে ট্ৰাম্পে । ইজৰাইলৰ সংসদ নেচেটত তেওঁ নিজৰ ভাষণৰ সামৰণিত কয় যে তেওঁ সমাধান কৰা আঠটা বিবাদৰ ভিতৰত এইটো অন্যতম বিবাদ । দৰাচলতে ১০ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পিছৰে পৰা ট্ৰাম্পে তাৰ কৃতিত্ব লৈ আহিছে । অৱশ্যে ভাৰতে বাৰে বাৰে স্পষ্ট কৰি দিছে যে দুয়োখন দেশৰ সেনাৰ ডিজিএমঅ’ৰ মাজত আলোচনাৰ অন্তত এই চুক্তিত উপনীত হৈছে ৷ ইয়াত তৃতীয় পক্ষৰ হস্তক্ষেপ নাই ।

লগতে পঢ়ক : ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; নেতানিয়াহুক লৈয়ো কৰিলে বিশেষ মন্তব্য

ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; নেতানিয়াহুক লৈয়ো কৰিলে বিশেষ মন্তব্য

ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া কাৰ্যক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তিৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী মোদীয়ে শলাগ লয় । প্ৰধানমন্ত্ৰী মোদীয়ে এই মুক্তিক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ দৃঢ়তাৰ প্ৰতীক বুলি অভিহিত কৰিছে । ৭৩৮ দিনৰ অন্তত হামাছৰ বন্দীত্বৰ পৰা ২০ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া হৈছে, তাৰ পিছতে ইজৰাইলত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, “দুবছৰতকৈ অধিক সময় বন্দী কৰি ৰখা সকলো পণবন্দীক আমি আদৰণি জনাইছো । তেওঁলোকৰ স্বাধীনতা তেওঁলোকৰ পৰিয়ালৰ সাহস, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অটল শান্তি প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ দৃঢ়তাৰ প্ৰতীক । ৰাষ্ট্ৰপতি ট্ৰাম্পে অঞ্চলটোত শান্তি অনাৰ বাবে কৰা আন্তৰিক প্ৰচেষ্টাক আমি সমৰ্থন জনাইছো ।”

উল্লেখ্য যে ৭৩৮ দিনৰ মূৰত ২০ জন ইজৰাইলী পণবন্দীক হামাছৰ বন্দীত্বৰ পৰা মুকলি কৰি দিয়া হৈছে । এই পণবন্দীসকলক ২টা বেটচত মুকলি কৰি দিয়া হৈছে । প্ৰথম বেটচত ৭ জন পণবন্দী আৰু দ্বিতীয় বেটচত ১৩ জন পণবন্দীক মুকলি কৰি দিয়া হয় । ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মুকলি কৰি দিয়া পণবন্দীসকলৰ ছবি শ্বেয়াৰ কৰে ।

হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ পিছত ইজৰাইলৰ সংসদত নেতানিয়াহুৱে কয় যে, “শত্ৰুৱে নিশ্চয় জানিছিল যে আমি কিমান শক্তিশালী আৰু দৃঢ়প্ৰতিজ্ঞ । তেওঁলোকে বুজি পাইছে যে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণটো এক বৃহৎ ভুল আছিল । তেওঁলোকে বুজি পাইছে যে ইজৰাইল থিয় দিছে আৰু থাকিব ।”

লগতে পঢ়ক : ইজৰাইলী পণবন্দীসকলৰ সৈতে হেণ্ডঅভাৰ ছাইটত উপস্থিত হামাছ….

এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান; পণবন্দীক মুকলি কৰাৰ পাছত ইজৰাইলৰ সংসদত ট্ৰাম্পৰ ভাষণ

এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান

গাজাত বাকী থকা ২০ জন পণবন্দীক দুবছৰীয়া যুদ্ধৰ অন্তত হামাছৰ বন্দীত্বৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোক ইজৰাইললৈ উভতি আহিছে । নিহত ২৮ জন পণবন্দীৰ মৃতদেহ গাজাত আছে যদিও আমেৰিকাৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি চুক্তিৰ চৰ্ত অনুসৰি হামাছে ঘূৰাই দিব । এই উপলক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টেল আভিভৰ সেই পৰিয়ালসমূহক সাক্ষাৎ কৰে, যাৰ আত্মীয় পণবন্দী আছিল বা যিসকলৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ট্ৰাম্পে কেনেচেট (সংসদ)কো সম্বোধন কৰে । ট্ৰাম্পে তেওঁৰ ভাষণত কয় যে দুবছৰৰ পাছত অৱশেষত বন্দুকসমূহ নিস্তব্ধ হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাষণৰ আৰম্ভণিতে এইদৰে কয় যে, ‘দুবছৰ কষ্টকৰ আন্ধাৰ আৰু বন্দীত্বৰ অন্তত ২০ জন সাহসী পণবন্দী পৰিয়াললৈ উভতি আহিছে আৰু এয়া গৌৰৱশালী । আজি বন্দুকবোৰ নিস্তব্ধ হৈ পৰিছে, সূৰ্য্য ওলাইছে । এয়া যুদ্ধৰ অন্ত নহয় বৰঞ্চ নতুন যুগৰ আৰম্ভণিহে ।’

ট্ৰাম্পে নেতানিয়াহুক ধন্যবাদ জনাই কয়, ‘অসাধাৰণ সাহস আৰু দেশপ্ৰেমৰ ব্যক্তি এজনৰ প্ৰতি মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো । তেওঁলোকৰ অংশীদাৰিত্বই এই গুৰুত্বপূৰ্ণ দিনটো সম্ভৱ কৰি তোলাত বহুখিনি অৰিহণা যোগাইছে । আৰু জানেনে, মই মাত্ৰ এজন ব্যক্তিৰ কথা কৈছো, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ।’

ট্ৰাম্পে মধ্যপ্ৰাচ্যক ‘পৰিৱৰ্তিত অঞ্চল’ বুলি অভিহিত কৰে । নতুন কূটনৈতিক চুক্তিৰ বাবে এই সুযোগৰ সুবিধা ল’ব বিচাৰিছে বুলিও তেওঁ কয় । ট্ৰাম্পে কয় যে ‘এখন পৰিৱৰ্তিত পৃথিৱী’ৰ পোহৰ পৰিছে আৰু ‘এটা সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত হঠাত আপোনাৰ হাতৰ মুঠিত আছে ।’

এই সময়ছোৱাত ট্ৰাম্পে তেওঁৰ প্ৰশাসনৰ সময়ত আব্ৰাহাম চুক্তিৰ কথা উল্লেখ কৰি কয় যে তেওঁ এতিয়া ইয়াক সম্প্ৰসাৰণৰ বাবে আগ্ৰহী । তেওঁ কয় যে এই চুক্তিয়ে ইজৰাইল আৰু ইয়াৰ আৰব প্ৰতিবেশী দেশসমূহৰ মাজত কূটনৈতিক সম্পৰ্ক স্বাভাৱিক কৰি তুলিছে । তেওঁ নিজৰ ভাষণত কয় যে হামাছৰ সৈতে হোৱা চুক্তিখন দশক দশক ধৰি চলি অহা শত্ৰুতাৰ অন্ত পেলোৱাৰ এক প্ৰেৰণাদায়ক মুহূৰ্ত হ’ব লাগে ।

লগতে পঢ়ক : ‘ন’বেল বঁটাৰ বাবে মই এইবোৰ কৰা নাছিলো’; পুনৰ ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ কৃতিত্ব ল’লে ড’নাল্ড ট্ৰাম্পে

‘ন’বেল বঁটাৰ বাবে মই এইবোৰ কৰা নাছিলো’; পুনৰ ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ কৃতিত্ব ল’লে ড’নাল্ড ট্ৰাম্পে

পুনৰ ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ কৃতিত্ব ল’লে ড’নাল্ড ট্ৰাম্পে

ন’বেল বঁটাৰ পৰা বঞ্চিত হৈও হতাশ হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।পৃথিৱীৰ বহু যুদ্ধৰ অন্ত পেলোৱাৰ কৃতিত্ব তেওঁ লৈছে।ট্ৰাম্পে পুনৰবাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰাৰ দাবী কৰিছে।

দেওবাৰে নিশা তেওঁ কয় যে তেওঁ বিশ্বৰ বহু পুৰণি বিবাদৰ সমাধান বিচাৰি উলিওৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।ভাৰত-পাকিস্তানৰ বিবাদকে ধৰি এতিয়ালৈকে তেওঁ ৭খন যুদ্ধ বন্ধ কৰিছে।

অৱশ্যে এই সকলোবোৰ শান্তিৰ ন’বেল বঁটা লাভৰ বাবে কৰা নাছিল বুলিও তেওঁ কয়।গাজা শান্তি আলোচনাৰ বাবে ইজিপ্তলৈ যোৱাৰ পথত এখন সংবাদমেলৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰিছে।

ড’নাল্ড ট্ৰাম্পে কয় যে মই কেৱল শুল্কৰ ভিত্তিত কিছুমান যুদ্ধ নিষ্পত্তি কৰিছো।যেনে, ভাৰত-পাকিস্তানৰ মাজত যেতিয়া সংঘাত আৰম্ভ হৈছিল, তেতিয়া মই কৈছিলো, যদি আপোনালোকে যুদ্ধ কৰিব বিচাৰে আৰু পাৰমাণৱিক অস্ত্ৰ আছে তেন্তে মই আপোনালোক দুয়োৰে ১০০ শতাংশ, ১৫০ শতাংশ আৰু ২০০ শতাংশৰ দৰে উচ্চ শুল্ক আৰোপ কৰিম।

মই শুল্ক আৰোপ কৰি আছো বুলি ক’লোঁ৷সেই গোচৰটো মই ২৪ ঘণ্টাত নিষ্পত্তি কৰিলোঁ। মোৰ যদি শুল্ক নাথাকিলহেঁতেন তেন্তে সেই যুদ্ধখন তেওঁলোকে কেতিয়াও নিষ্পত্তি নকৰিলেহেঁতেন।

লগতে পঢ়ক: পুনৰ আৰম্ভ হ’ল আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধ; ড্ৰেগনৰ ওপৰত এশ শতাংশ শুল্ক আৰোপ ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে কৰিছিল দাবী; শান্তিৰ নোবেল বঁটাত নাথাকিল নাম

ড’নাল্ড ট্ৰাম্পে কৰিছিল দাবী

শান্তিৰ নোবেল বঁটা বিশ্বৰ অন্যতম সন্মানীয় বঁটা।এই বঁটা লাভৰ বাবে হাহাকাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পে বাৰে বাৰে কৈছিল যে তেওঁ এই বঁটা লাভ কৰিব লাগে কিন্তু কি হ’ব সেয়া অতি সোনকালে বিশ্ববাসীয়ে জানিব পাৰিব।

কিন্তু এই সন্মান সেইসকল লোক বা সংগঠনক দিয়া হয় যিসকলে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ,সংঘাতৰ অন্ত পেলাবলৈ বা মানৱতাৰ উন্নতিৰ বাবে অসাধাৰণ কাম কৰিছে।

ড’নাল্ড ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ, ইউক্ৰেন-ৰাছিয়াৰ যুদ্ধ অন্ত পেলাইছিল বুলি দাবী কৰে। বহু আমেৰিকাৰ ৰাষ্ট্ৰপতিক এই বঁটাৰে সন্মানিত কৰা হৈছে।

থিয়ডৰ ৰুজভেল্ট আছিল আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।ৰাছিয়া আৰু জাপানৰ মাজৰ যুদ্ধ (১৯০৪–১৯০৫)ৰ অন্ত পেলোৱাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাৰ বাবে তেওঁ এই সন্মান লাভ কৰে।

প্ৰথম বিশ্বযুদ্ধৰ পিছত শান্তিৰক্ষাৰ প্ৰচেষ্টাৰ বাবে উড্ৰ’ উইলছনে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।তেওঁ যুদ্ধৰ পিছত লীগ অৱ নেচনছ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়, যাতে ভৱিষ্যতে যুদ্ধ ৰোধ কৰিব পৰা যায়।

ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ ২০ বছৰৰ পাছত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা।

বাৰাক ওবামা আমেৰিকাৰ প্ৰথম আফ্ৰিকান-আমেৰিকান ৰাষ্ট্ৰপতি আছিল আৰু তেওঁৰ কাৰ্যকালৰ প্ৰথম বছৰতে তেওঁক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা; লাছলো ক্ৰাছনাহৰ্কাইলৈ এই সন্মান

‘ভাৰত শান্তিৰ সৈতে আছে’;ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনা ঘোষণাৰ পিছত গাজাত শান্তিৰ প্ৰচেষ্টাত বৃহৎ অগ্ৰগতিৰ লক্ষণ দেখা গৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ইংগিত দিয়াটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে, ‘আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছো কাৰণ গাজাত শান্তিৰ প্ৰচেষ্টাই নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে।’

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘পণবন্দীক মুকলি কৰি দিয়াৰ ইংগিত এক ডাঙৰ পদক্ষেপ।ভাৰতে স্থায়ী আৰু ন্যায্য শান্তিৰ বাবে সকলো প্ৰচেষ্টাক তীব্ৰ সমৰ্থন আগবঢ়াই যাব।’

বিশ্বৰ আন বহু নেতাইও ট্ৰাম্পৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছেও ট্ৰাম্পৰ এই পৰিকল্পনাক সমৰ্থন কৰিছে।তেওঁ কৈছে যে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰিকল্পনাৰ অগ্ৰগতিক অষ্ট্ৰেলিয়াই আদৰণি জনাইছে।’

‘হামাছে তৎক্ষণাত নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি সকলো পণবন্দীক মুকলি কৰি দিব লাগে।অষ্ট্ৰেলিয়াই আমাৰ অংশীদাৰসকলৰ সৈতে সংঘাতৰ অন্ত পেলাই ন্যায্য আৰু স্থায়ী সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাক সমৰ্থন কৰি যাব।’

লগতে পঢ়ক: ‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

ট্ৰাম্পৰ পৰিকল্পনাক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; ক’লে- পশ্চিম এছিয়াত প্ৰশস্ত হ’ব শান্তিৰ পথ

ট্ৰাম্পৰ পৰিকল্পনাক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধৰ অন্ত পেলোৱাৰ নতুন পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে, যিটোৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও সহমত পোষণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ এই পৰিকল্পনাক প্ৰশংসা কৰি কয় যে ইয়াৰ দ্বাৰা পেলেষ্টাইন আৰু ইজৰাইলৰ লগতে বহল পশ্চিম এছিয়া অঞ্চলৰ বাবেও দীৰ্ঘস্থায়ী শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰা হৈছে ।

ট্ৰাম্পৰ পৰিকল্পনাক আদৰণি মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে পোষ্ট কৰি কয় যে, “গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিস্তৃত পৰিকল্পনাৰ ঘোষণাক আমি আদৰণি জনাইছো । এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে বহল পশ্চিম এছিয়াৰ অঞ্চলটোৰ বাবে দীৰ্ঘম্যাদী আৰু বহনক্ষম শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ পথ আগবঢ়াইছে । আমি আশা কৰিছো যে সকলো সংশ্লিষ্ট পক্ষই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপৰ আঁৰত একত্ৰিত হ’ব আৰু সংঘাতৰ অন্ত পেলাবলৈ আৰু শান্তি নিশ্চিত কৰাৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিব ।”

সোমবাৰে হোৱাইট হাউছে ২০ দফীয়া নথি প্ৰকাশ কৰি তাৎক্ষণিক যুদ্ধবিৰতি, ইজৰাইলৰ হাতত থকা পেলেষ্টাইনী বন্দীসকলৰ সৈতে হামাছৰ পণবন্দী বিনিময়, গাজাৰ পৰা ইজৰাইলৰ পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ, হামাছৰ নিৰস্ত্ৰীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নেতৃত্বত চৰকাৰ গঠনৰ দাবী জনাইছে ।

হামাছক ট্ৰাম্পৰ সতৰ্কবাণী-

অ’ভাল অফিচত ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত হোৱা বৈঠকৰ পিছতে এই প্ৰস্তাৱ জাৰি কৰা হৈছে । জানুৱাৰী মাহত ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত ইজৰাইলৰ নেতাগৰাকীৰ এইটোৱেই আছিল চতুৰ্থবাৰৰ বাবে হোৱাইট হাউছ ভ্ৰমণ । হোৱাইট হাউছত নেতানিয়াহুৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে তেওঁলোক এক লোভনীয় চুক্তিৰ অতি ওচৰত আছে যদিও হামাছে এই পৰিকল্পনা নাকচ কৰিলে ইজৰাইলৰ ব্যৱস্থা গ্ৰহণৰ বাবে ইজৰাইলৰ সম্পূৰ্ণ সমৰ্থন থাকিব বুলি সকীয়াই দিয়ে ।

ট্ৰাম্পৰ পৰিকল্পনাক লৈ কেইবাখনো দেশৰ প্ৰতিক্ৰিয়া-

এক যৌথ বিবৃতিত ছৌদি আৰব, জৰ্ডান, সংযুক্ত আৰব আমিৰশ্বাহী, ইণ্ডোনেছিয়া, পাকিস্তান, তুৰ্কী, কাটাৰ, ইজিপ্তৰ বৈদেশিক মন্ত্ৰীসকলে ট্ৰাম্পৰ নেতৃত্ব আৰু সংঘাতৰ অন্ত পেলোৱা, গাজা পুনৰ নিৰ্মাণ আৰু ইজৰাইলৰ পশ্চিম পাৰ দখল বন্ধ কৰাৰ আন্তৰিক প্ৰচেষ্টাক প্ৰশংসা কৰে ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এই পৰিকল্পনাক যুদ্ধৰ অন্ত পেলোৱা আৰু পণবন্দীসকলক মুক্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ বুলি অভিহিত কৰাৰ বিপৰীতে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে কয় যে এই প্ৰস্তাৱ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব পাৰে, যাৰ ফলত শত্ৰুতা স্থায়ীভাৱে বন্ধ হ’ব পাৰে, সকলো পণবন্দী লোকক তৎক্ষণাত মুকলি কৰি দিয়া হ’ব আৰু সম্পূৰ্ণ আৰু নিৰাপদ মানৱীয় সুবিধা হ’ব ।

লগতে পঢ়ক : খেলপথাৰত অপাৰেচন সিন্দুৰ : ভাৰতৰ এছিয়া কাপ বিজয়ৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ টুইট

“৭ মাহত ৭খন ডাঙৰ যুদ্ধ বন্ধ কৰি দিলোঁ”; UNGA ত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

UNGA ত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ ভূমিকা আৰু আমেৰিকাৰ বিশ্ব শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে।

ট্ৰাম্পে সাতখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি কয় যে তেওঁ ভাৰত-পাকিস্তান আৰু ইজৰাইল-ইৰাণৰ ১২ দিনীয়া যুদ্ধকে ধৰি সাতখন “অন্তহীন যুদ্ধ”ৰ অন্ত পেলালে। তেওঁ কয় যে, ৰাষ্ট্ৰসংঘই এই কামটো কৰিলে ভাল আছিল, কিন্তু কৰিবলগীয়া হৈছিল।’

ট্ৰাম্পে আমেৰিকাৰ শক্তি আৰু কৃতিত্বৰ বিষয়ে বৰ্ণনা কৰি কয় যে আমেৰিকাৰ অৰ্থনীতি, সীমান্ত, সামৰিক শক্তি, বন্ধুত্ব আৰু জাতীয় মনোভাৱ আটাইতকৈ শক্তিশালী। তেওঁ ইয়াক “আমেৰিকাৰ সোণালী যুগ” বুলি অভিহিত কৰিছিল।

ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যক লৈও প্ৰশ্ন উত্থাপন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে সংগঠনটোৱে নিজৰ সম্পূৰ্ণ সম্ভাৱনা পূৰণ কৰা নাই।

তেওঁ কয় যে,”বেছিভাগ ক্ষেত্ৰতে,তেওঁলোকে কেৱল শক্তিশালী শব্দৰে লিখা চিঠি লিখে আৰু অনুসৰণ নকৰে।ইয়াৰ লগে লগে তেওঁ সাতখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰিছিল।

লগতে পঢ়ক: পাকিস্তান আৰু চৌদি আৰবৰ মাজত সম্পন্ন প্ৰতিৰক্ষা চুক্তি…

ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ; লণ্ডনৰ পৰা উভতি অহাৰ সময়তে যান্ত্ৰিক বিজুতি

ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হেলিকপ্টাৰখনে জৰুৰীকালীন অৱতৰণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে লণ্ডনৰ ওচৰৰ লুটন বিমানবন্দৰৰ ওচৰত।এই সময়ত ফাৰ্ষ্ট লেডী মেলানিয়াও তেওঁৰ লগত আছিল।

ৰাষ্ট্ৰপতি গৰাকীয়ে চেকাৰছৰ পৰা লণ্ডনৰ ষ্টেনষ্টেড বিমানবন্দৰলৈ যাত্ৰা কৰাৰ কথা আছিল কিন্তু বাটত তেওঁৰ হেলিকপ্টাৰ মেৰিন ৱানে লুটন বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল।

তেওঁৰ হেলিকপ্টাৰখনত হাইড্ৰলিক সমস্যা আছিল,যাৰ বাবে তেওঁক বিমানবন্দৰৰ পৰা আন এখন হেলিকপ্টাৰেৰে ষ্টেনষ্টেডলৈ পঠিওৱা হয়,য’ৰ পৰা তেওঁ আমেৰিকালৈ ৰাওনা হয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ব্ৰিটেইনলৈ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় ভ্ৰমণলৈ গৈছিল।ইয়াত তেওঁ কয় যে তেওঁ চেকাৰ্ছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক লগ পাইছিল,য’ত তেওঁ ইউক্ৰেইন, গাজা আৰু অবৈধ অনুপ্ৰৱেশৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰে।

দুয়োগৰাকী নেতাই নতুন প্ৰযুক্তি চুক্তিও স্বাক্ষৰ কৰে,য’ত আমেৰিকাৰ কোম্পানীসমূহে ব্ৰিটেইনত ১৫০ বিলিয়ন পাউণ্ড বিনিয়োগ কৰিব।

লগতে পঢ়ক: হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট; বন্ধ হ’ল গোচৰ