ইজৰাইলী পণবন্দীসকলৰ সৈতে হেণ্ডঅভাৰ ছাইটত উপস্থিত হামাছ

ইজৰাইলী পণবন্দীসকলৰ সৈতে হেণ্ডঅভাৰ ছাইটত উপস্থিত হামাছ….

ইজৰাইলী পণবন্দীসকলৰ সৈতে হেণ্ডঅভাৰ ছাইটত উপস্থিত হামাছ বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ইজৰাইল ভ্ৰমণত আছে আৰু এই সময়ছোৱাত পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব। ইয়াৰ লক্ষ্য হৈছে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাই শান্তি শক্তিশালী কৰা। ইজৰাইল চৰকাৰৰ মুখপাত্ৰ শ্বোছ বেড্ৰ’ছিয়ানে কয় যে সোমবাৰে

ইজৰাইলী পণবন্দীসকলৰ সৈতে হেণ্ডঅভাৰ ছাইটত উপস্থিত হামাছ

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ইজৰাইল ভ্ৰমণত আছে আৰু এই সময়ছোৱাত পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব। ইয়াৰ লক্ষ্য হৈছে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাই শান্তি শক্তিশালী কৰা।

ইজৰাইল চৰকাৰৰ মুখপাত্ৰ শ্বোছ বেড্ৰ’ছিয়ানে কয় যে সোমবাৰে পুৱা তিনিটা পৃথক গোটত জীৱিত ২০ জন পণবন্দীক মুকলি কৰি দিয়া হ’ব। মৃত পণবন্দী ২৮ জনৰ মৃতদেহও ঘূৰাই দিয়া হ’ব।

এই চুক্তি অনুসৰি হামাছে দুপৰীয়া ১২ বজাৰ ভিতৰত সকলো পণবন্দীক মুকলি কৰি দিব লাগিব। বিনিময়ত ইজৰাইলে ২৫০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব।

এই যুদ্ধ আৰম্ভ হৈছিল ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা, যেতিয়া হামাছে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছিল।

তাৰ পিছৰে পৰা দুয়োপক্ষই যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই শান্তি চুক্তি আমেৰিকা, ইজিপ্ত, কাটাৰ, আৰু তুৰ্কিৰ সহায়ত কৰা হৈছিল।

লগতে পঢ়ক: আমেৰিকাই পাকিস্তানক নিদিয়ে AIM-120 AMRAAM ক্ষেপণাস্ত্ৰ…