প্ৰধানমন্ত্ৰী মোদীক ফোনযোগে জন্মদিনৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ট্ৰাম্পে…

প্ৰধানমন্ত্ৰী মোদীক ফোনযোগে জন্মদিনৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় । এই সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনাই তেওঁৰ নেতৃত্বৰ ক্ষমতাক প্ৰশংসা কৰে । দুয়োগৰাকী নেতাই ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু বিশ্বজনীন বিষয়ৰ ওপৰতো আলোচনা কৰে ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ইচ্ছা প্ৰকাশ কৰে । এই পদক্ষেপক ৱাশ্বিংটনে ভাৰতক নতুন দিশ দিবলৈ আৰু ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ছ’চিয়েল মিডিয়াত তেওঁৰ কথা-বতৰা শ্বেয়াৰ কৰে । তেওঁ লিখিছে, “মোৰ বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ডাঙৰ ফোন কল পাইছিল । মই তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ । তেওঁ আচৰিত কাম কৰি আছে । নৰেন্দ্ৰ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ ।”

জন্মদিনৰ শুভেচ্ছাৰ বাবে ধন্যবাদ : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰে । তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাই লিখিছে, “আপোনাৰ ফোন কল আৰু জন্মদিনৰ শুভেচ্ছাৰ বাবে ধন্যবাদ মোৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্প । আপোনাৰ দৰেই ময়ো ভাৰত-আমেৰিকাৰ ব্যাপক আৰু বিশ্ব অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবেও সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।

জন্মদিনত মধ্যপ্ৰদেশত থাকিব প্ৰধানমন্ত্ৰী মোদী-

এইবাৰ বুধবাৰে ৭৫ সংখ্যক জন্মদিন উপলক্ষে মধ্যপ্ৰদেশত থাকিব প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত ধৰ জিলাৰ ভৌচোঁলা ভিলেজ ভ্ৰমণ কৰিব আৰু মহিলা আৰু পৰিয়ালৰ বাবে স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত ভিত্তি কৰি অভিযান আৰম্ভ কৰিব । লগতে, বস্ত্ৰ উদ্যোগৰ বাবে পি এম মিত্ৰ উদ্যানৰ শিলন্যাস কৰিব । ইয়াৰ উদ্দেশ্য হৈছে দেশখনক বস্ত্ৰৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু ৰপ্তানি আৰু নিয়োগক প্ৰসাৰ কৰা । চৰকাৰে দেশজুৰি এনে সাতখন পি এম মিত্ৰ উদ্যান নিৰ্মাণ কৰি আছে ।

লগতে পঢ়ক : বাণিজ্যিক চুক্তিৰ ওপৰত আমেৰিকাৰ সৈতে হ’ব আলোচনা, শুল্ক বিবাদৰ পিছত বিশেষ বিষয়াক ভাৰতলৈ প্ৰেৰণ ট্ৰাম্পৰ

ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক গুলীয়াই হত্যা; ভাষণ দি থকা অৱস্থাতে গুলীচালনা দুৰ্বৃত্তৰ

ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক গুলীয়াই হত্যা

আমেৰিকাৰ ৰক্ষণশীল যুৱ নেতা তথা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্ক (৩১)ক বুধবাৰে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই । যুটা ভেলী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে কাৰ্ক গুলীয়াই হত্যা কৰা হয় । ট্ৰুথ ছ’চিয়েলত তেওঁৰ মৃত্যু নিশ্চিত কৰাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে শোক প্ৰকাশ কৰে । উটাহৰ গৱৰ্ণৰ স্পেন্সৰ কক্সে ইয়াক ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰিছে ।

বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা বিতৰ্ক কাৰ্যসূচীত কাৰ্কে দৰ্শকৰ পৰা প্ৰশ্ন লৈ থকাৰ সময়তে এই কাণ্ড সংঘটিত হয় । এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগে লগে দূৰৰ পৰা নিক্ষেপ কৰা গুলীয়ে তেওঁক আঘাত কৰে । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত কাৰ্কক তেজৰ মাজত পৰি থকা দেখা গৈছে আৰু সেই স্থানত বিশৃংখলাতৰ সৃষ্টি হোৱা দেখা যায় ।

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে ক’লা কাপোৰ পৰিধান কৰি কেম্পাছৰ এটা অট্টালিকাৰ ছাদৰ পৰা গুলীচালনা কৰে । আক্ৰমণৰ লগে লগে কেম্পাছ খালী কৰি অনিৰ্দিষ্টকাললৈ শ্ৰেণী বাতিল কৰা হয় । চাৰিওফালৰ অঞ্চলত অব্যাহত আছে অনুসন্ধান অভিযান ।

একে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে চাৰ্লি কাৰ্কৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ লিখিছে যে এজন প্ৰকৃত মহান আমেৰিকান দেশপ্ৰেমিক চাৰ্লি কাৰ্কৰ সন্মানত দেওবাৰে সন্ধিয়া ৬ বজালৈকে সমগ্ৰ আমেৰিকাত সকলো আমেৰিকাৰ পতাকা অৰ্ধনমিত কৰি ৰখা হব ।

ট্ৰাম্পে আৰু লিখিছে যে চাৰ্লি কাৰ্ক এতিয়া এই পৃথিৱীত নাই । তেওঁৰ দৰে আমেৰিকাৰ যুৱক-যুৱতীসকলক কোনেও বুজি নাপালে । সকলোৱে তেওঁক ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল ।

লগতে পঢ়ক : নেপালৰ পিছত এইবাৰ ফ্ৰান্সৰ ৰাজপথত বিদ্ৰোহ; ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ

ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী; ছচিয়েল মিডিয়াত পোষ্ট কৰি ভাবুকি

ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী

গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ এতিয়াও শেষ হোৱা নাই। প্ৰায় ২ বছৰ ধৰি চলি থকা এই যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।

এই সমগ্ৰ যুদ্ধৰ মাজতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামাছক সতৰ্কবাণী জাৰি কৰিছে আৰু ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিবলৈ কোৱা হয়।ড’নাল্ড ট্ৰাম্পে হামাছৰ প্ৰতি ইয়াক তেওঁৰ শেষ সতৰ্কবাণী বুলি অভিহিত কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে ট্ৰুথ ছ’চিয়েলত এক পোষ্টত এইদৰে কয়-“সকলোৱে বিচাৰে পণবন্দীসকল ঘৰলৈ উভতি যাওক।সকলোৱে এই যুদ্ধৰ অন্ত পৰাটো বিচাৰে!”

“ইজৰাইলীসকলে মোৰ চৰ্ত মানি লৈছে।হামাছেও ইয়াক গ্ৰহণ কৰাৰ সময় আহি পৰিছে।মই হামাছক গ্ৰহণ নকৰাৰ পৰিণতিৰ বিষয়ে সকীয়াই দিছো।”

“এইটো মোৰ শেষ সতৰ্কবাণী,এতিয়া এনে কোনো সতৰ্কবাণী নাথাকিব!এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ।”

দৰাচলতে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি হাজাৰৰো অধিক লোকক হত্যা কৰিছিল যিটো সমগ্ৰ বিশ্বই সমালোচনা কৰিছিল।

ইয়াৰ পিছত ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰে।হামাছৰ তথ্য অনুসৰি এই পৰ্যন্ত ইজৰাইলৰ আক্ৰমণত ৬৩ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হৈছে।

লগতে পঢ়ক: আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি

অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

চলিত বৰ্ষৰ অক্টোবৰ মাহত দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠক হ’ব পাৰে । অৱশ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই ।

শীৰ্ষ সন্মিলনৰ সময়ত হ’ব পাৰে দ্বিপাক্ষিক বৈঠক-

আমেৰিকাৰ সংবাদ মাধ্যম সংস্থা চি এন এনে শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰে । এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতাৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ শীৰ্ষ উপদেষ্টাসকলে প্ৰস্তুতি চলাইছে । অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ আৰম্ভণিতে গিয়েংজুত অনুষ্ঠিত হ’বলগীয়া এছিয়া পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলনক ​​ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বৈঠকৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে গণ্য কৰা হৈছে । বিষয়াসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে শীৰ্ষ সন্মিলনৰ সময়ত ট্ৰাম্প-জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠকৰ সন্দৰ্ভত গুৰুতৰ আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট পৰিকল্পনা কৰা হোৱা নাই ।

কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা মাহত শ্বি জিনপিং আৰু ট্ৰাম্পৰ মাজত টেলিফোনিক বাৰ্তালাপ হৈছিল, য’ত জিনপিঙে ট্ৰাম্পক পত্নীৰ সৈতে চীন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই কথাত সন্মতি প্ৰকাশ কৰে । অৱশ্যে এই ভ্ৰমণৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই । দক্ষিণ কোৰিয়াত উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে । অৱশ্যে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত কিম জং উনে অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই ।

লগতে পঢ়ক : ‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’; ট্ৰাম্পৰ ইউ টাৰ্ণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যুত্তৰ

‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’; ভাৰত চীনৰ সম্পৰ্কৰ পিছতে হঠাৎ সুৰ সলনি ট্ৰাম্পৰ

‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’

শুল্কক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা অবিৰতভাৱে অব্যাহত আছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াইছে।

ট্ৰাম্পে অ’ভেল অফিচত কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অতি বিশেষ আৰু সাম্প্ৰতিক উত্তেজনাৰ মাজতো মোদী আৰু মই বন্ধু হৈ থাকিম।তেওঁ এজন ভাল প্ৰধানমন্ত্ৰী। তেওঁ মহান।

কিন্তু তেওঁ এতিয়া যি কৰি আছে, মই সেইবোৰ পছন্দ কৰা নাই।কিন্তু ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি বিশেষ।এই সন্দৰ্ভত চিন্তা কৰাৰ কোনো কথা নাই কাৰণ দুয়োখন দেশৰ মাজত কেতিয়াবা এনেকোৱা ঘটনা হয়েই থাকে।

আচলতে ৰাষ্ট্ৰপতিয়ে সেই প্ৰশ্নৰ উত্তৰ দি আছিল,য’ত তেওঁক প্ৰশ্ন কৰা হৈছিল যে ভাৰতৰ সৈতে পুনৰ সম্পৰ্ক উন্নত কৰিবলৈ তেওঁ সাজু নেকি?

কাৰণ শুল্কৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক যোৱা দুটা দশকৰ ভিতৰত আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে।

ট্ৰাম্পে লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা ইমানখিনি তেল ক্ৰয় কৰাত তেওঁ অতি হতাশ হৈছে। আমি ভাৰতৰ ওপৰত বহুত শুল্ক আৰোপ কৰিছো,পঞ্চাশ শতাংশ শুল্ক।

প্ৰধানমন্ত্ৰী মোদীৰ লগত মোৰ ভাল সম্পৰ্ক আছে। মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম তেওঁ মহান হয়।তেওঁ কেইমাহমান আগতে ইয়ালৈ আহিছিল।

ভাৰত আৰু অন্যান্য দেশৰ সৈতে বাণিজ্যিক আলোচনা কেনেকুৱা হৈছে বুলি কৰা প্ৰশ্নত ট্ৰাম্পে কয় যে ই ভালদৰে চলি আছে। ইউৰোপীয় সংঘক লৈ আমি অতি হতাশ হৈছো।

ট্ৰাম্পে পূৰ্বে কৈছিল যে আমি অনুভৱ কৰোঁ যে আমি ভাৰত আৰু ৰাছিয়াক চীনৰ হাতত হেৰুৱাই পেলাইছো।ইয়াৰ লগতে ট্ৰাম্পে মোদী, পুটিন আৰু ছি জিনপিঙৰ এখন ছবিও পোষ্ট কৰে।

লগতে পঢ়ক: ‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’; ভিছা সন্দৰ্ভত ট্ৰাম্প চৰকাৰৰ ডাঙৰ ঘোষণা

মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ… একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ

মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ

বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে ভাৰতে দীৰ্ঘদিন ধৰি আমেৰিকাক নিজৰ অন্যতম বৃহৎ গ্ৰাহক হিচাপে গণ্য কৰি আহিছে যদিও বিনিময়ত আমেৰিকাই তাত ব্যৱসায় কৰাৰ সুযোগ অতি কম । ট্ৰাম্পে কয় যে এই সম্পৰ্ক দশক দশক ধৰি ভাৰসাম্যহীন হৈ আছে আৰু এতিয়া ভাৰতে শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে যদিও বহু দেৰি হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ভাৰতে আমেৰিকাক বিপুল পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰে, আনহাতে আমেৰিকাৰ কোম্পানীসমূহে ভাৰতত অতি কম সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হয় । ইয়াৰ বাবে তেওঁ ভাৰতৰ উচ্চ শুল্ক হাৰক জগৰীয়া কৰে । ট্ৰাম্পৰ মতে, বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক আৰোপ কৰা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আৰু ইয়াৰ বাবেই আমেৰিকাৰ সামগ্ৰীয়ে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব নোৱাৰে । তেওঁ ইয়াক ‘সম্পূৰ্ণ একপক্ষীয় দুৰ্যোগ’ অৰ্থাৎ সম্পূৰ্ণ একপক্ষীয় আৰু ক্ষতিকাৰক পৰিস্থিতি বুলি অভিহিত কৰে ।

তেল আৰু প্ৰতিৰক্ষা চুক্তিক লক্ষ্য-

ট্ৰাম্পে লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু সামৰিক প্ৰয়োজনীয়তাৰ অধিকাংশই পূৰণ কৰে আৰু আমেৰিকাৰ পৰা অতি কম ক্ৰয় কৰে । তেওঁ কয় যে এই পৰিস্থিতিয়ে বাণিজ্যিক ভাৰসাম্যহীনতাও গভীৰ কৰি তোলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে ভাৰতে নিজৰ বাণিজ্যিক মনোভাৱ সলনি কৰাৰ প্ৰয়োজন আছিল যদিও সেয়া বহু পলমকৈ কৰিলে । তেওঁৰ মতে আমেৰিকাই দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ আহিছে ।

এতিয়া অফাৰ, কিন্তু দেৰিকৈ-

ট্ৰাম্পে কয় যে এতিয়া ভাৰতে নিজৰ শুল্ক শূন্যলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে । কিন্তু তেওঁ লগতে কয় যে এই পদক্ষেপ বহু আগতেই লোৱা উচিত আছিল । ৰাষ্ট্ৰপতিগৰাকীৰ মতে, এতিয়া এয়া এক ‘পলমকৈ’ লোৱা পদক্ষেপ । আমেৰিকাৰ জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে এইবোৰ কিছুমান সহজ তথ্য যিবোৰ মানুহে বিবেচনা কৰা উচিত ।

ভাৰত-আমেৰিকাৰ সম্পৰ্কত প্ৰভাৱ-

ট্ৰাম্পৰ এই বক্তব্যই ইংগিত দিছে যে আগন্তুক সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পৰ্ক কঠিন হ’ব পাৰে । ভাৰতক দীৰ্ঘদিন ধৰি আমেৰিকাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গণ্য কৰা হৈছিল যদিও বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহৰহ বাণিজ্যিক ঘাটিৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে । বিশেষজ্ঞসকলৰ মতে শুল্ক সন্দৰ্ভত যদি কোনো সমাধান পোৱা নাযায়, তেন্তে এই বিবাদে দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে ।

লগতে পঢ়ক : পুটিনৰ সৈতে হাঁহি হাঁহি আগবাঢ়িল প্ৰধানমন্ত্ৰী মোদী… থৰ হৈ চাই থাকিল শ্বাহবাজ শ্বৰীফে

ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত; আমেৰিকাৰ আদালতে শুল্কক অবৈধ বুলি কৰিলে ঘোষণা   

ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত

আমেৰিকাৰ ৰাজনীতি আৰু অৰ্থনীতিত আলোড়নৰ সৃষ্টি কৰি শুকুৰবাৰে এখন আপীল আদালতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অধিকাংশ শুল্ক অবৈধ বুলি ঘোষণা কৰিছে।

আমেৰিকাৰ ফেডাৰেল চাৰ্কিটৰ আপিল আদালতে কয় যে ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা আছেই, কিন্তু তেওঁলোকৰ শুল্ক বা কৰ আৰোপ কৰাৰ অধিকাৰ নাই।

এই সিদ্ধান্তক ৰাষ্ট্ৰপতি গৰাকীৰ অৰ্থনৈতিক নীতিৰ ওপৰত এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।আদালতে ১৪ অক্টোবৰলৈকে শুল্ক ৰখাৰ অনুমতিও প্ৰদান কৰে, যাৰ ফলত ট্ৰাম্প প্ৰশাসনে বিষয়টো উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ সুযোগ বিচাৰিছে।

আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে আদালতৰ নিৰ্দেশ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে সকলো শুল্ক বলবৎ থাকিব।তেওঁ আদালতৰ এই সিদ্ধান্তক ভুল আৰু পক্ষপাত বুলি অভিহিত কৰে আৰু ক’লে যে যদি ইয়াক এনেকৈ থাকিবলৈ দিয়া হয়, তেন্তে এই সিদ্ধান্তই আমেৰিকাক ধ্বংস কৰিব।উচ্চতম ন্যায়ালয়ৰ সহায়ত আমি আমাৰ জাতিৰ স্বাৰ্থত শুল্ক ব্যৱহাৰ কৰিম।

ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে, “সকলো শুল্ক এতিয়াও ঠাইত আছে।আজি এখন অতি পক্ষপাতপূৰ্ণ আপীল আদালতে ভুলকৈ ৰায় দিয়ে যে আমাৰ শুল্ক আঁতৰাব লাগিব, কিন্তু তেওঁলোকে জানে যে শেষত আমেৰিকাই জয়ী হ’ব। যদিও এই শুল্ক কেতিয়াবা উঠাই লোৱা হয়, তেন্তে এইটো দেশৰ বাবে এক ডাঙৰ দুৰ্যোগ হ’ব।”

বিবৃতিটোত ট্ৰাম্পে বাণিজ্যিক ঘাটি আৰু বিদেশী দেশে আৰোপ কৰা অন্যায় শুল্কৰ বিষয়টোও উত্থাপন কৰে।তেওঁ লিখিছে, “আমেৰিকা এতিয়া বিশাল বাণিজ্যিক ঘাটি আৰু অন্যান্য দেশসমূহৰ, লাগিলে সি বন্ধুৱেই হওক বা শত্ৰুৰ দ্বাৰা জাপি দিয়া অন্যায় শুল্ক আৰু শুল্কবিহীন বাণিজ্যিক বাধা সহ্য কৰা নহ’ব, যিয়ে আমাৰ উৎপাদক, কৃষক আৰু সকলোকে দুৰ্বল কৰি তোলে।যদিহে থিয় হ’বলৈ দিয়া হয়, তেন্তে এই ৰায়দানে আক্ষৰিক অৰ্থত আমেৰিকাক ধ্বংস কৰি পেলাব।”

লগতে পঢ়ক: ‘ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে’; প্ৰধানমন্ত্ৰী মোদী

আমেৰিকাৰ বাবে ডাক সেৱা বন্ধ কৰিব ভাৰতে… ট্ৰাম্পৰ শুল্কৰ মাজতে চৰকাৰৰ ডাঙৰ সিন্ধান্ত

আমেৰিকাৰ বাবে অধিকাংশ ডাক সেৱা বন্ধ কৰিব ভাৰতে

আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত নিয়মবোৰো সলনি হৈছে । ইয়াৰ মাজতে এতিয়া ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে । ভাৰতে ২৫ আগষ্টৰ পৰা আমেৰিকালৈ যোৱা বেছিভাগ ডাক সেৱা বন্ধ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত আমেৰিকা চৰকাৰে জাৰি কৰা আদেশৰ পিছত ডাক সেৱা বন্ধৰ এই পদক্ষেপ লোৱা হৈছে, যাৰ অধীনত আমদানিকৃত সামগ্ৰীৰ ওপৰত ৮০০ মাৰ্কিন ডলাৰ পৰ্যন্ত শুল্ক ৰেহাই প্ৰত্যাহাৰ কৰা হৈছে ।

আমেৰিকা চৰকাৰৰ নিয়মৰ অধীনত ২৯ আগষ্টৰ পৰা আমেৰিকাত প্ৰৱেশ কৰা সকলো সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক শক্তি আইন শুল্কৰ অধীনত শুল্ক শুল্ক আকৰ্ষণ কৰিব । অৱশ্যে ১০০ মাৰ্কিন ডলাৰ পৰ্যন্ত মূল্যৰ সামগ্ৰী শুল্ক ৰেহাইৰ অধীনত থাকিব ।

চি বি পি য়ে জাৰি কৰিছিল নিৰ্দেশনা-

আমেৰিকাৰ এই নিৰ্দেশ অনুসৰি আন্তঃৰাষ্ট্ৰীয় ডাক নেটৱৰ্ক বা আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা (চি বি পি)ৰ অনুমোদিত আন যিকোনো পক্ষৰ জৰিয়তে সামগ্ৰী ডেলিভাৰী কৰা বিমান সংস্থাসমূহেও ডাকযোগে চালানৰ ওপৰত শুল্ক সংগ্ৰহ আৰু পৰিশোধ কৰিব লাগিব । এই সন্দৰ্ভত চি বি পি য়ে  ১৫ আগষ্টত গাইডলাইন জাৰি কৰিছে যদিও কৰ সংগ্ৰহ আৰু প্ৰেৰণৰ ব্যৱস্থাৰ দৰে বহু কথা এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । যাৰ বাবে আমেৰিকালৈ যোৱা বিমান সংস্থাসমূহে ২০২৫ চনৰ ২৫ আগষ্টৰ পিছত কাৰ্য্যকৰী আৰু কাৰিকৰী প্ৰস্তুতিৰ অভাৱৰ কাৰণে ডাকযোগে চালান গ্ৰহণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছে । এই সকলোবোৰ কাৰণ মনত ৰাখি ডাক বিভাগে ২৫ আগষ্টৰ পৰা আমেৰিকালৈ যোৱা সকলো ধৰণৰ ডাক সামগ্ৰীৰ বুকিং সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু এতিয়া ১০০ মাৰ্কিন ডলাৰ পৰ্যন্ত ডাক সামগ্ৰী প্ৰেৰণ কৰিব পাৰিব ।

স্পষ্টীকৰণৰ পিছতহে সেৱা পুনৰ আৰম্ভ হ’ব-

প্ৰকাশিত এক তথ্য অনুসৰি চি বি পি আৰু ইউ এছ পি এছৰ পৰা অধিক স্পষ্টীকৰণ লাভ কৰাৰ পিছত এই ৰেহাইপ্ৰাপ্ত শ্ৰেণীসমূহ গ্ৰহণ কৰি আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব । একে সময়তে ডাক বিভাগে সকলো অংশীদাৰৰ সমন্বয়ৰে উদীয়মান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু অতি সোনকালে সেৱাসমূহ স্বাভাৱিক কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে ।

গ্ৰাহকে ধন ঘূৰাই পাব-

ভাৰতীয় ডাক বিভাগে জনাইছে যে যিসকল গ্ৰাহকে ইতিমধ্যে এনে সেৱা বুকিং কৰিছিল আৰু এতিয়া এই পৰিস্থিতিৰ বাবে আমেৰিকালৈ পাৰ্চেল পঠিয়াব নোৱাৰে তেওঁলোকে ধন ঘূৰাই পোৱাৰ বাবে দাবী কৰিব পাৰে । গ্ৰাহকসকলৰ বাবে হোৱা অসুবিধাৰ বাবে ডাক সেৱা বিভাগে দুখ প্ৰকাশ কৰিছে আৰু অতি সোনকালে আমেৰিকালৈ সম্পূৰ্ণ সেৱা পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে ।

উল্লেখ্য যে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আৰু ২৭ আগষ্টৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে, অৰ্থাৎ ভাৰতীয় সামগ্ৰী এতিয়া আমেৰিকাত অধিক ব্যয়বহুল হ’ব । একে সময়তে দুয়োখন দেশৰ মাজত বাণিজ্যই উত্তেজনাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ইলন মাস্কে যাক ‘সাপ’ বুলি অভিহিত কৰিছিল; ডনাল্ড ট্ৰাম্পে কিয় তেওঁকে ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে দিলে নিযুক্তি?

ইলন মাস্কে যাক ‘সাপ’ বুলি অভিহিত কৰিছিল

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ঘনিষ্ঠ সহযোগী চাৰ্জিঅ’ গ’ৰক ভাৰতত ৰাষ্ট্ৰদূত হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে,যি বৰ্তমান হোৱাইট হাউছৰ ৰাষ্ট্ৰপতি কৰ্মী কাৰ্যালয়ৰ সঞ্চালক।

ইয়াৰ মাজতে ইলন মাস্কৰ এটা বক্তব্যই চৰ্চা লাভ কৰিছে, যেতিয়া তেওঁ চাৰ্জিঅ’ গ’ৰক সাপ বুলি অভিহিত কৰিছিল। টেছলাৰ চিইঅ’ ইলন মাস্কে চলিত বৰ্ষৰ মে’ মাহত ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে চাৰ্জিঅ’ গ’ৰৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা বুলি জানিব পৰা গৈছে।

২০২৫ চনৰ জুন মাহৰ মাজভাগত এক্সত (পূৰ্বৰ টুইটাৰ) ইলন মাস্কে ড’নাল্ড ট্ৰাম্পৰ অন্যতম ঘনিষ্ঠ সহায়ক তথা হোৱাইট হাউছৰ ৰাষ্ট্ৰপতিৰ কৰ্মচাৰী কাৰ্যালয়ৰ পৰিচালক চাৰ্জিঅ’ গ’ৰক ‘সাপ’ বুলি অভিহিত কৰিছিল।এক্সত এটা পোষ্টৰ উত্তৰত ইলন মাস্কে কয় যে, “তেওঁ এটা সাপ।”

নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদনৰ কিছু সময়ৰ পিছতে মাস্কৰ এই পোষ্টটো দিছিল, এই গোচৰত দাবী কৰা হৈছে যে হাজাৰ হাজাৰ কাৰ্যবাহী শাখাৰ কৰ্মচাৰীৰ পৰীক্ষণ চোৱাচিতা কৰা গ’ৰকে স্থায়ী নিৰাপত্তাৰ অনুমতিৰ বাবে পটভূমি নিৰাপত্তাৰ অনুমতিৰ কাগজ-পত্ৰ সম্পূৰ্ণ কৰা নাই।

প্ৰতিবেদনত আৰু দাবী কৰা হৈছে যে উচ্চ পৰ্যায়ৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতো তেওঁ এতিয়াও অন্তৱৰ্তীকালীন অনুমোদনৰ অধীনত কাম কৰি আছে।

কিন্তু হোৱাইট হাউছে এই দাবীসমূহ তীব্ৰভাৱে খণ্ডন কৰি কয় যে চাৰ্জিঅ’ গৰে প্ৰয়োজনীয় নথি-পত্ৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁৰ অনুমোদন প্ৰক্ৰিয়া অব্যাহত আছে।

গোৰক দক্ষিণ আৰু মধ্য এছিয়াৰ বিষয়ৰ বিশেষ দূতৰ দায়িত্বও দিয়া হৈছে।ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এই ঘোষণা কৰে।

চৰকাৰৰ হাজাৰ হাজাৰ ৰাজনৈতিক পদত নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে গোৰক কৃতিত্ব দিয়ে আৰু কয় যে প্ৰশাসনৰ লক্ষ্য ৰূপায়ণৰ ক্ষেত্ৰত গোৰৰ কাম অতি গুৰুত্বপূৰ্ণ।

ট্ৰাম্পে লিখিছে, ‘চাৰ্জিঅ’ মোৰ বেষ্ট ফ্ৰেণ্ড, যি মোৰ লগত বহু বছৰ ধৰি আছে।তেওঁ মোৰ ঐতিহাসিক নিৰ্বাচনী প্ৰচাৰ কৰিছিল,মোৰ বেষ্টচেলাৰ কিতাপবোৰ প্ৰকাশ কৰিলোঁ আৰু আমাৰ আন্দোলনক সমৰ্থন কৰা আটাইতকৈ ডাঙৰ ছুপাৰ পিএচিবোৰৰ ভিতৰত এটা চলাইছিলো।

মোৰ দ্বিতীয় কাৰ্যকালৰ বাবে কৰ্মচাৰী নিৰ্বাচনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।’ম কৰি আছে।কিন্তু হোৱাইট হাউছে এই দাবীসমূহ তীব্ৰভাৱে খণ্ডন কৰি কয় যে চাৰ্জিঅ’ গৰে প্ৰয়োজনীয় নথি-পত্ৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁৰ অনুমোদন প্ৰক্ৰিয়া অব্যাহত আছে।

লগতে পঢ়ক: ‘পুটিন-জেলেনস্কিয়ে প্ৰথমে মুখামুখিকৈ কথা পাতিব লাগে’; ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পৰ ইউ-টাৰ্ণ