‘পুটিন-জেলেনস্কিয়ে প্ৰথমে মুখামুখিকৈ কথা পাতিব লাগে’; ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পৰ ইউ-টাৰ্ণ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পৰ ইউ-টাৰ্ণ

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত নিজৰ স্থিতি সলনি কৰাৰ ইংগিত দিছে।

ইয়াৰ পূৰ্বে তেওঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষভাৱে আলোচনাৰ মধ্যস্থতা কৰি যুদ্ধ ক্ষিপ্ৰতাৰে অন্ত পেলোৱাৰ পৰিকল্পনা ঘোষণা কৰিছিল।

কিন্তু এতিয়া তেওঁ কয় যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰথমে ব্যক্তিগতভাৱে মুখামুখিকৈ আলোচনা কৰিব লাগে।

প্ৰশাসনৰ বিষয়াসকলৰ মতে, পৰৱৰ্তী পৰ্যায়ৰ শান্তি আলোচনাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে।

তাৰ পৰিৱৰ্তে তেওঁলোকে বিচাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰথমে আমেৰিকাৰ মধ্যস্থতা অবিহনে ইজনে সিজনক লগ কৰক।

এজন বিষয়াই কয়,’ট্ৰাম্পৰ দৃষ্টিত ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ পৰৱৰ্তী পদক্ষেপ হ’ল ভ্লাদিমিৰ পুটিন আৰু ভ’লোডিমিৰ জেলেনস্কিৰ মাজত দ্বিপাক্ষিক বৈঠক হওক। অৱশ্যে এই বৈঠকখন প্ৰকৃততে হ’ব নে নহয় সেয়া অনিশ্চিত।’

ট্ৰাম্পৰ এই নতুন স্থিতি, য’ত তেওঁ যুদ্ধবিৰতিৰ পূৰ্বে পুটিন আৰু জেলেনস্কিৰ মাজত প্ৰত্যক্ষ আলোচনাৰ ওপৰত জোৰ দিছিল,ইয়াক তেওঁৰ পূৰ্বৰ স্থানৰ পৰা ইউ টাৰ্ণ বুলি গণ্য কৰা হৈছে।য’ত তেওঁ তাৎক্ষণিক যুদ্ধবিৰতি আৰু মধ্যস্থতাত অধিক গুৰুত্ব আৰোপ কৰিছিল।

লগতে পঢ়ক: ‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকক আদৰণি ভাৰতৰ… ক’লে- আলোচনাই হ’ব শান্তিৰ একমাত্ৰ পথ

আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকক আদৰণি ভাৰতৰ

আলাস্কাত আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা শীৰ্ষ সন্মিলনক আদৰণি জনাইছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে । তেওঁ কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এই পদক্ষেপ বিশ্ব শান্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । জয়ছোৱালে কয় যে ভাৰতে এই আলোচনাত হোৱা অগ্ৰগতিৰ শলাগ লৈছে আৰু বিশ্বাস কৰে যে আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে আগুৱাই যোৱাৰ পথ বিচাৰি পাব পাৰি ।

ৰনধীৰ জয়ছোৱালে আৰু কয় যে বৰ্তমান সমগ্ৰ বিশ্বই ইউক্ৰেইন যুদ্ধৰ ফালে চাই আছে আৰু সকলোৱে বিচাৰে এই সংঘাত অতি সোনকালে শেষ হওক । জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ নীতি সদায়েই আছিল যে যুদ্ধ কোনো সমস্যাৰ সমাধান নহয় । তেওঁ পুনৰ কয় যে আলোচনা আৰু পাৰস্পৰিক বুজাবুজি হৈছে শান্তিৰ আটাইতকৈ ডাঙৰ মাধ্যম ।

আলোচনাৰ ওপৰত বিশ্বৰ চকু-

আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল । ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী নেতাই পোনপটীয়াকৈ সাক্ষাৎ কৰিছিল । অৱশ্যে এই বৈঠকক ‘উপযোগী’ বুলি অভিহিত কৰাৰ সময়তে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে এই মুহূৰ্তত কোনো বৃহৎ চুক্তিত উপনীত হোৱা নাই । তেওঁ কয় যে আমি কিছু অগ্ৰগতি লাভ কৰিছো, কিন্তু আমি এতিয়াও গন্তব্য স্থানত উপনীত হোৱা নাই ।

ট্ৰাম্পে এই আলোচনাক ‘অতি ইতিবাচক’ বুলি অভিহিত কৰাৰ লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু নাটোৰ নেতাৰ সৈতে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিব বুলিও কয় । পুটিনে ট্ৰাম্পৰ ‘বন্ধুত্বপূৰ্ণ’ ভাষা আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বুজাবুজিৰ প্ৰশংসা কৰে । কিন্তু আলোচনাৰ পৰা কোনো সুনিৰ্দিষ্ট ঘোষণা বা লিখিত চুক্তিৰ সৃষ্টি নহ’ল ।

লগতে পঢ়ক : ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

পুটিনক সাক্ষাতৰ পিছত জেলেনস্কিক ফোন কৰিলে ট্ৰাম্পে… ‘যুদ্ধবিৰতি’ সন্দৰ্ভত এই কথা ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

‘যুদ্ধবিৰতি’ সন্দৰ্ভত এই কথা ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে তেওঁ যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াৰ সৈতে সহযোগিতা কৰিবলৈ সাজু । ট্ৰাম্পৰ সৈতে বাৰ্তালাপৰ পিছত জেলেনস্কিয়ে সোমবাৰে ৱাশ্বিংটনলৈ যোৱাৰ কথা ঘোষণা কৰে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে জেলেনস্কিক কয় যে ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ পৰিৱৰ্তে এক ব্যাপক শান্তি চুক্তি পছন্দ কৰে । ইয়াৰ পিছত জেলেনস্কিয়ে ট্ৰাম্পৰ প্ৰস্তাৱক সমৰ্থন কৰি কয় যে আমেৰিকা, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ত্ৰিপাক্ষিক বৈঠক হ’ব লাগে ।

জেলেনস্কিয়ে কয় যে ইউক্ৰেইন শান্তি অনাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । গুৰুত্বপূৰ্ণ বিষয়সমূহ নেতা পৰ্যায়ত আলোচনা কৰা উচিত আৰু ইয়াৰ বাবে ত্ৰিপাক্ষিক ফৰ্মেট উপযুক্ত । তেওঁ কয় যে আলোচনাৰ প্ৰতিটো পৰ্যায়তে ইউৰোপীয় নেতাসকল উপস্থিত থাকিব লাগে, যাতে কঠিন নিৰাপত্তাৰ নিশ্চয়তা নিশ্চিত কৰিব পৰা যায় ।

দৰাচলতে আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা নাছিল । ইয়াৰ পিছতে আলাস্কাৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ সময়ত ট্ৰাম্পে জেলেনস্কি আৰু ইউৰোপৰ অন্যান্য নেতাসকলক ফোন কৰে । ইউক্ৰেইনৰ নেতাগৰাকীৰ সৈতে এই টেলিফোনিক কথা-বতৰা এঘণ্টাৰো অধিক সময় ধৰি চলিছিল । প্ৰতিবেদন অনুসৰি  ট্ৰাম্পে জেলেনস্কিক যুদ্ধবিৰতিৰ পৰিৱৰ্তে দ্ৰুত শান্তি চুক্তিৰ আলোচনা কৰিবলৈ কোৱা বুলি অনুমান কৰা হৈছে ।

ত্ৰিপাক্ষিক বৈঠকক সমৰ্থন জেলেনস্কিৰ-

জেলেনস্কিয়ে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ দীঘলীয়া আৰু ফলপ্ৰসূ আলোচনা হৈছিল । তেওঁ ইউক্ৰেইন, ৰাছিয়া আৰু আমেৰিকাৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ বাবে ট্ৰাম্পৰ প্ৰস্তাৱক সমৰ্থন কৰে । জেলেনস্কিয়ে টুইট কৰি কয় যে ইউক্ৰেইনে শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো শক্তিৰে কাম কৰিবলৈ সাজু হোৱাটো নিশ্চিত কৰিছে ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আলাস্কাত এই দিনটো এটা সফল দিন আছিল । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকখন অতি ভাল আছিল, একেদৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু নাটোৰ মহাসচিবকে ধৰি বহু ইউৰোপীয় নেতাৰ সৈতে গভীৰ নিশা হোৱা আলোচনাও ইতিবাচক আছিল । সকলোৱে সিদ্ধান্ত লয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল কেৱল যুদ্ধবিৰতি নহয়, শান্তি চুক্তিৰ দিশে পোনপটীয়াকৈ আগবাঢ়ি যোৱা । তেওঁ কয় যে সোমবাৰে বিয়লি ৰাষ্ট্ৰপতি জেলেনস্কি অ’ভেল অফিচ (হোৱাইট হাউছ)লৈ আহিব । যদি সকলো ঠিকে থাকে তেন্তে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকৰ দিন ধাৰ্য কৰা হ’ব । ইয়াৰ দ্বাৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষা পৰিব পাৰে ।

আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পতাৰ পিছত তেওঁ ইউৰোপীয় নেতাসকলৰ সৈতেও কথা পাতিছে । সকলোৰে স্থিতি স্পষ্ট । এতিয়া ৰাছিয়াৰ আক্ৰমণাত্মক কাৰ্য্যৰ আন এক চুটি বিৰতি নহয়, স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো প্ৰয়োজনীয় । জেলেনস্কিয়ে কয় যে যুদ্ধত হোৱা হত্যাকাণ্ড তৎক্ষণাত বন্ধ কৰিব লাগে । লগতে বন্দৰসমূহত চলি থকা আক্ৰমণ বন্ধ হ’ব লাগে । তেওঁ সকলো যুদ্ধবন্দী আৰু অসামৰিক বন্দীক মুকলি কৰি দিয়াৰ লগতে ৰাছিয়াই অপহৰণ কৰা শিশুসকলক ঘূৰাই অনাৰ দাবী জনায় । তেওঁ কয় যে হাজাৰ হাজাৰ ইউক্ৰেইনৰ নাগৰিক এতিয়াও বন্দী হৈ আছে আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাটো অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ

‘যদি ট্ৰাম্প-পুটিনৰ আলোচনা বিফল হয়, তেন্তে আমি ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিম’; আমেৰিকাৰ নতুন ভাবুকি

আমেৰিকাৰ নতুন ভাবুকি

শুকুৰবাৰে আলাস্কাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকখনৰ ওপৰত সমগ্ৰ বিশ্বই চকু ৰাখিছে।

কিন্তু আমেৰিকাই এই বৈঠকক ভাৰত আৰু শুল্ক যুদ্ধৰ সৈতে সংযোগ কৰিছে। আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে ভাবুকি দিছে যে যদি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ট্ৰাম্পৰ আলোচনা বিফল হয় তেন্তে তেওঁলোকে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব।

কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠকৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি ৱাশ্বিংটনে ভাৰতৰ ওপৰত গৌণ শুল্ক বৃদ্ধি কৰিব পাৰে।

বেছাণ্টে বুধবাৰে ব্লুমবাৰ্গৰ সৈতে আলোচনা কৰি কয় যে ‘আমি ইতিমধ্যে ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত গৌণ শুল্ক আৰোপ কৰিছো।যদি পৰিস্থিতিৰ উন্নতি নহয় তেন্তে নিষেধাজ্ঞা বা গৌণ শুল্ক বৃদ্ধি হ’ব পাৰে।’

চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্কৰ উপৰিও ২৫ শতাংশ জৰিমনাও আৰোপ কৰা হয়, যিটো ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব পাৰে।এইদৰে ভাৰতে এতিয়া সেই দেশৰ তালিকাত যোগদান কৰিছে, যাৰ ওপৰত আমেৰিকাই সৰ্বাধিক শুল্ক আৰোপ কৰিছে।

লগতে পঢ়ক: ‘সাৱৰকাৰৰ ওপৰত দিয়া বক্তব্যৰ বাবেই মোৰ জীৱন বিপদত পৰিছে’; ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ শেষ কৰাৰ বাবে চলিছে প্ৰস্তুতি!শীঘ্ৰে বৈঠকত মিলিত হ’ব ট্ৰাম্প আৰু পুটিন

বৈঠকত মিলিত হ’ব ট্ৰাম্প আৰু পুটিন

১৫ আগষ্টত আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত এই তাৰিখ আৰু স্থান ঘোষণা কৰে।

তেওঁ কৈছিল যে এই বৈঠক আগতে হ’ব পাৰিলেহেঁতেন, কিন্তু “নিৰাপত্তাৰ ব্যৱস্থা”ৰ বাবে তাৰিখ পিছুৱাই দিয়া হয়।

ট্ৰাম্পে লিখিছে যে, ‘মই, আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, অহা শুকুৰবাৰে (১৫ আগষ্ট, ২০২৫) মহান ৰাজ্য আলাস্কাত লগ হ’ম। অধিক তথ্য শীঘ্ৰে প্ৰদান কৰা হ’ব। এই বিষয়টো চোৱাৰ বাবে ধন্যবাদ!’

২০২১ চনৰ পিছত এইখন হ’ব আমেৰিকা-ৰাছিয়াৰ প্ৰথমখন শীৰ্ষ সন্মিলন।প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক শেষবাৰৰ বাবে জেনেভাত সাক্ষাৎ কৰিছিল ।

এই বৈঠকখন ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ট্ৰাম্পে চলোৱা প্ৰচেষ্টাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।অৱশ্যে মস্কো আৰু কিয়ভৰ শান্তিৰ পৰিস্থিতিৰ মাজত এতিয়াও ডাঙৰ পাৰ্থক্য আছে।বিগত সময়তো বহু স্তৰত দুয়োখন দেশৰ মাজত আলোচনা বিফল হৈছে।

লগতে পঢ়ক: ট্ৰাম্পৰ সৈতে উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে পাতিলে কথা…

ইণ্টেলৰ CEO ক শীঘ্ৰেই পদত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ; চীনৰ সৈতে সংযোগ স্থাপনৰ পিছতে ক্ষোভৰ সৃষ্টি

ইণ্টেলৰ CEO ক শীঘ্ৰেই পদত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ

এনে লাগে যেন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বৰ বিৰুদ্ধে এটা ফ্ৰণ্ট মুকলি কৰিছে। এতিয়া ট্ৰাম্পে এটা বিখ্যাত আৰু বৃহৎ আই টি কোম্পানীৰ CEOক শীঘ্ৰে পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ আলোড়নৰ সৃষ্টি কৰিছে।

দৰাচলতে ট্ৰাম্পে ইণ্টেলৰ CEO লিপ বু টানক শীঘ্ৰে পদত্যাগৰ দাবী জনাইছে।ইয়াৰ পিছত আই টি কোম্পানীসমূহৰ মাজত আতংক দেখা গৈছে।

ড’নাল্ড ট্ৰাম্পে তেওঁৰ ট্ৰুথত লিখিছে, ‘ইণ্টেলৰ চিইঅ’ অত্যন্ত বিভ্ৰান্ত হৈ আছে আৰু তেওঁ তৎক্ষণাত পদত্যাগ কৰিব লাগে।এই সমস্যাৰ আন কোনো সমাধান নাই।’

কিছুদিন পূৰ্বে চিনেটৰ টিম কটনে ইণ্টেল কোম্পানীলৈ এখন চিঠি লিখিছিল। ইয়াত চীনৰ কোম্পানীসমূহৰ সৈতে মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

টিম কটনৰ এই চিঠিৰ পিছতেই ড’নাল্ড ট্ৰাম্পে লিপ-বু টানক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনায়।ট্ৰাম্পে কয় যে চীনৰ কোম্পানীসমূহৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত তেওঁ অধিক অনিৰ্ণায়ক অনুভৱ কৰিছে।

দৰাচলতে ট্ৰাম্পে টানৰ প্ৰতি এই ক্ষোভ দেখুৱাইছিল যেতিয়া চীনৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছিল।এই সম্পৰ্কক লৈ কিছুদিনৰ পৰা দাবী উত্থাপন হৈ আহিছে ।

ইণ্টেলে চলিত বৰ্ষৰ মাৰ্চ মাহত লিপ-বু টানক চিইঅ’ হিচাপে নিযুক্তি দিছিল।ইয়াৰ পূৰ্বে কোম্পানীটোৰ নেতৃত্ব দিছিল পেট গেলচিংগাৰে।

ট্ৰাম্পৰ এই বক্তব্যৰ লগে লগে ইণ্টেলৰ শ্বেয়াৰতো লোকচান দেখাবলৈ আৰম্ভ কৰে।ইণ্টেলৰ ষ্টক হ্ৰাস পাইছে।বজাৰৰ পূৰ্বে ব্যৱসায়ত এতিয়ালৈকে ই প্ৰায় ৫% হ্ৰাস পাইছে।

লগতে পঢ়ক: ভাৰতক সমৰ্থন চীনৰ: ট্ৰাম্পক একাশৰীয়া কৰি একত্ৰিত ভাৰত, চীন আৰু ৰাছিয়া

আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত!পুনৰ ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে।ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত ক্ষুব্ধ ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বে মঙলবাৰে ট্ৰাম্পে আগন্তুক ২৪ ঘন্টাত ভাৰতৰ ওপৰত অতি তীব্ৰভাৱে শুল্ক বৃদ্ধি কৰিব বুলি হুংকাৰ দিছিল।ভাৰতৰ ওপৰত এই অতিৰিক্ত শুল্ক কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়া শুক্ল ৫০ শতাংশ হৈছেগৈ।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক কাৰ্যবাহী আদেশত কয় যে “মই দেখিছোঁ যে ভাৰত চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাছিয়াৰ তেল আমদানি কৰিছে।”

আদেশত আৰু কোৱা হৈছে যে “ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, আৰু সংশ্লিষ্ট আইন অনুসৰি, ভাৰতৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হ’ব।

যোৱা সপ্তাহত ট্ৰাম্পে ইংগিত দিছিল যে ভাৰতে ২৫% শুল্কৰ লগতে “জৰিমনা” দিব লাগিব, যিটো ৰাছিয়াৰ পৰা সামৰিক সঁজুলি আৰু শক্তি ক্ৰয়ৰ বাবে জাপি দিয়া হ’ব।অৱশ্যে এই পেনাল্টিয়ে কি ৰূপ ল’ব সেয়া সেই সময়ত স্পষ্ট হোৱা নাছিল।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে স্পষ্টকৈ কৈছিল যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে, তেতিয়া মই সুখী নহ’ম।

ট্ৰাম্পে কয় যে তেওঁলোকে (ভাৰত) ৰাছিয়াৰ তেল ক্ৰয় কৰিছে, যুদ্ধত ইন্ধন যোগাইছে।যদি তেওঁলোকে এনে কৰে তেন্তে মই একেবাৰেই সুখী নহ’ম।

ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা এই নতুন শুল্ক আমেৰিকাৰ আন যিকোনো ব্যৱসায়িক অংশীদাৰৰ ওপৰত আৰোপ কৰা শুল্কসমূহৰ ভিতৰত অন্যতম।এইটো তেওঁৰ স্থিতিৰ এটা অংশ য’ত তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক শাস্তি দিয়াৰ ভাবুকি দিছিল।

লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি… ২৪ ঘন্টাত পুনৰ শুল্ক বৃদ্ধি কৰাৰ ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি… ২৪ ঘন্টাত পুনৰ শুল্ক বৃদ্ধি কৰাৰ ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি

ভাৰতক পুনৰবাৰ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ভাৰত-ৰাছিয়াৰ সম্পৰ্কক লৈ ক্ষুব্ধ ট্ৰাম্পে কয় যে ভাৰত এতিয়া আৰু ভাল বাণিজ্যিক অংশীদাৰ নহয় । আগন্তুক ২৪ ঘন্টাত ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰা হ’ব । আমেৰিকাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে ভাৰত হৈছে সৰ্বাধিক শুল্ক লোৱা দেশ । উল্লেখ্য যে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে, যিটো ৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে আমাৰ সৈতে ব্যৱসায় কৰে, কিন্তু আমি তেওঁলোকৰ সৈতে ব্যৱসায় নকৰো । আমি ২৫ শতাংশ শুল্কৰ ওপৰত সহমতত উপনীত হৈছিলোঁ, কিন্তু মই ভাবো অহা ২৪ ঘণ্টাত মই ইয়াক যথেষ্ট বৃদ্ধি কৰিম, কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে । ৰাছিয়াৰ যুদ্ধ যন্ত্ৰত ইন্ধন যোগাইছে । ট্ৰাম্পে কয় যে ভাৰতৰ শুল্ক যিকোনো দেশৰ তুলনাত সৰ্বাধিক ।

ইয়াৰ পূৰ্বে সোমবাৰে ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত কৈছিল যে ভাৰতে কেৱল ৰাছিয়াৰ পৰা বিপুল পৰিমাণৰ তেল ক্ৰয় কৰাই নহয়, সেই তেলৰ এক বৃহৎ অংশ মুকলি বজাৰত উচ্চ মূল্যত বিক্ৰী কৰিও ব্যাপক লাভ কৰিছে । ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধযন্ত্ৰৰ দ্বাৰা কিমান লোকক হত্যা কৰা হৈছে তাৰ ওপৰত ভাৰতে চিন্তা নকৰে । সেইবাবেই মই ভাৰতৰ ওপৰত শুল্ক যথেষ্ট বৃদ্ধি কৰিবলৈ ওলাইছো ।

এপ্ৰিল মাহত ঘোষণা কৰিছিল শুল্ক-

২ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ বাণিজ্যিক ঘাটি থকা দেশৰ পৰা আমদানিৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত পাৰস্পৰিক শুল্ক আৰু আন প্ৰায় সকলো দেশৰ ওপৰত ১০ শতাংশ মৌলিক শুল্ক ঘোষণা কৰিছিল । তেওঁৰ ব্যাপক আমদানি কৰক ন্যায্যতা প্ৰদান কৰিবলৈ ১৯৭৭ চনৰ বাণিজ্য ঘাটিক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা আইনখনৰ উদাহৰণ দিছিল । যেতিয়া পাৰস্পৰিক শুল্কক সমালোচনা কৰা হৈছিল, তেতিয়া তেওঁ দেশসমূহে আলোচনাৰ সুযোগ দিবলৈ পাৰস্পৰিক শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰাখিছিল । অৱশেষত কিছুমান দেশে ট্ৰাম্পৰ দাবীৰ প্ৰতি আকৰ্ষিত হৈ আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰে ।

লগতে পঢ়ক : ভাৰতত নিৰ্মিত I Phone ত কিমান প্ৰভাৱ পেলাব ট্ৰাম্পৰ শুল্কই? টিম কুকে কৰিলে প্ৰকাশ

ভাৰতক মৃত অৰ্থনীতি বুলি অভিহিত ট্ৰাম্পৰ… কঠোৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতক মৃত অৰ্থনীতি আখ্যা ট্ৰাম্পৰ…

শুল্কক লৈ বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত তীব্ৰ যুদ্ধ চলি আছে । এফালে ট্ৰাম্পে প্ৰতিটো বিষয়তে ভাৰতক নিজৰ পৰামৰ্শ দি আছে, আনফালে শুল্কৰ ভাবুকিও দিয়া দেখা গৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ভাবুকিৰ বিৰুদ্ধে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইংগিতৰ জৰিয়তে নিজৰ আৰু ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে ।

কাশীত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ প্ৰশ্ন আৰু ভাৰতে কি কৰিব আৰু কি নকৰে সেই বিষয়ে স্পষ্ট কৰি দিয়ে । মৃত অৰ্থনীতি সন্দৰ্ভত ট্ৰাম্পৰ বক্তব্য সন্দৰ্ভত তেওঁ কয় যে ভাৰত বিশ্বৰ তৃতীয় বৃহত অৰ্থনীতি হ’বলৈ গৈ আছে । শীঘ্ৰেই ভাৰত তৃতীয় বৃহত অৰ্থনীতিলৈ পৰিণত হ’ব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি বিশ্ব অৰ্থনীতি বহু আশংকাৰ মাজেৰে পাৰ হৈ গৈছে, অস্থিৰতাৰ পৰিৱেশ । এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে নিজৰ স্বাৰ্থত মনোনিৱেশ কৰিছে । ভাৰতেও নিজৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি সজাগ হ’ব লাগিব ।

ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব-

বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে । ট্ৰাম্পে কৈছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে । ট্ৰাম্পৰ এই বক্তব্যৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি কি কিনিম আৰু কি নিকিনিম, এই সকলোবোৰত ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি ৰখা হ’ব । ইয়াৰ পৰা স্পষ্ট যে ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু অন্যান্য অস্ত্ৰ ক্ৰয় কৰি থাকিব । ইয়াত কোনো ধৰণৰ বাধা আৰোপ কৰা নহ’ব ।

যিখিনি প্ৰয়োজনীয় সেয়াহে কিনিম- প্ৰধানমন্ত্ৰী মোদী

দীৰ্ঘদিন ধৰি আমেৰিকাই নিজৰ যুদ্ধ বিমান এফ-৩৫ ভাৰতক বিক্ৰী কৰাৰ চেষ্টা চলাই আহিছে । অৱশ্যে ভাৰতে বহুবাৰ এই প্ৰস্তাৱ নাকচ কৰিছে । শুল্ক ঘোষণাৰ পিছতে ভাৰতে আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকা ভ্ৰমণ কৰি হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছিল । এই সময়ত ট্ৰাম্পে ভাৰতক এফ-৩৫ যুদ্ধ বিমান বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল । আজি কাশীতো প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সেই বস্তুহে কিনিব যি ভাৰতৰ মাটি আৰু ভাৰতীয় জনসাধাৰণৰ শ্ৰমৰ সৈতে জড়িত ।

উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ আপত্তি দাঙি ধৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কৈছিল যে দুয়োখনে নিজৰ অৰ্থনীতি ডুবাই পেলাব বিচাৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক শাস্তি আৰোপ কৰাৰ কথাও কৈছিল । এই বক্তব্যৰ এদিন পিছতে ট্ৰাম্পে দাবী কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে । অৱশ্যে এনে দাবীৰ কোনো সত্যতা নাই । ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আৰু ব্যৱসায় সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে মোৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই । তেওঁলোকে নিজৰ অৰ্থনীতি ডুবাই পেলাব পাৰে । ভাৰতৰ সৈতে আমেৰিকাৰ ব্যৱসায় সীমিত । অৱশ্যে তেওঁলোকৰ শুল্ক অতি বেছি । বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক লয় ভাৰতে । একেদৰে আমেৰিকা আৰু ৰাছিয়াৰো কোনো ব্যৱসায় নাই । তেওঁলোকে ভাৰতৰ পৰা অহা আমদানিৰ ওপৰত ২৫% শুল্ক ঘোষণা কৰিছে । ইয়াৰ লগতে ভাৰতে ৰাছিয়াৰ পৰা সামৰিক সঁজুলি আৰু শক্তি ক্ৰয় কৰাৰ বাবেও অতিৰিক্ত শাস্তি পাব ।

লগতে পঢ়ক : ‘ভাৰতৰ জীয়ৰীৰ সেন্দুৰৰ প্ৰতিশোধ পূৰণ হ’ল: বাৰাণসীত পহলগাম কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য