খেলপথাৰত অপাৰেচন সিন্দুৰ :

খেলপথাৰত অপাৰেচন সিন্দুৰ : ভাৰতৰ এছিয়া কাপ বিজয়ৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ টুইট

খেলপথাৰত অপাৰেচন সিন্দুৰ পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ৰ খিতাপ দখল কৰিছে ভাৰতীয় ক্ৰিকেট দলে । দেওবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে ভাৰতে । ভাৰতৰ এই ঐতিহাসিক বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

খেলপথাৰত অপাৰেচন সিন্দুৰ

পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ৰ খিতাপ দখল কৰিছে ভাৰতীয় ক্ৰিকেট দলে । দেওবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে ভাৰতে । ভাৰতৰ এই ঐতিহাসিক বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ টুইট কৰা পৰিলক্ষিত হয় ।

এটা বিশেষ টুইটত পাকিস্তানক অপাৰেচন সিন্দুৰৰ নিশাৰ কথা মনত পেলাই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে, যিটো নিশাত  ভাৰতীয় যুদ্ধ বিমানে পাকিস্তান আৰু পাক অধিকৃত খাশ্মীৰত থকা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল । ইফালে এই টুইটটোৱে পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে । সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ ভাৰতৰ সৈতে শান্তি আৰু বন্ধুত্বৰ আশা কৰা পাকিস্তানে এই টুইটৰ পিছত হতাশা প্ৰকাশ কৰি কয় যে ভাৰতে শেষ আশাকো ধ্বংস কৰি পেলাইছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- ক্ৰীড়াক্ষেত্ৰত অপাৰেচন সিন্দুৰ, ফলাফল একেই- ভাৰতে পুনৰ জয়লাভ কৰিছে, আমাৰ ক্ৰিকেটাৰসকলক অভিনন্দন ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই টুইট এক্সত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে । ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে এই পোষ্ট ২ কোটি লোকে চাইছে আৰু হাজাৰ হাজাৰ প্ৰতিক্ৰিয়া লাভ কৰিছে ।

আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ এই অভিনন্দন বাৰ্তাই পাকিস্তানক লাজত পেলাইছে । ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কঠোৰ মন্তব্য কৰা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে শান্তি আৰু সমাধানৰ গুৰুত্বৰ কথা উল্লেখ কৰে ।

তেওঁ এক্সত লিখিছে, “মোদীয়ে উপমহাদেশত ক্ৰিকেটৰ সংস্কৃতি আৰু মনোভাৱ ধ্বংস কৰি আছে । তেওঁ শান্তি আৰু সমস্যাৰ সমাধানৰ সম্ভাৱনা ধ্বংস কৰিছে ।”

উল্লেখ্য যে অপাৰেচন সিন্দুৰত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰাৰ চাৰি মাহৰ পাছতে পাকিস্তানে পুনৰবাৰ খাইবাৰ পখতুনখোৱাত সন্ত্ৰাসবাদী শিবিৰ নিৰ্মাণ কৰিছে ।

লগতে পঢ়ক : ‘সকলো মেচৰ মাচুল ভাৰতীয় সেনাৰ নামত’; খিতাপ জয়ৰ পিছত সূৰ্যকুমাৰ যাদৱৰ ডাঙৰ সিদ্ধান্ত