পাকিস্তানে সম্পন্ন কৰিছে পাৰমাণৱিক পৰীক্ষা ! ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক দাবী

পাকিস্তানে কৰিছে পাৰমাণৱিক পৰীক্ষা !

পাকিস্তানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে । তেওঁ উল্লেখ কৰিছে যে পাকিস্তানে পাৰমাণৱিক পৰীক্ষা চলাইছে । ট্ৰাম্পে উল্লেখ কৰে যে উত্তৰ কোৰিয়াই নিশ্চিতভাৱে পাৰমাণৱিক পৰীক্ষা চলাই আছে আৰু পাকিস্তানেও পাৰমাণৱিক পৰীক্ষা চলাই আছে । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে আমেৰিকায়ো পৰীক্ষণ কৰিব কাৰণ আন দেশসমূহে পাৰমাণৱিক পৰীক্ষণ কৰিছে ।

ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে বিশ্বৰ বহু দেশত পাৰমাণৱিক বোমা পৰীক্ষা কৰি আছে, কিন্তু তেওঁলোকে এই বিষয়ে কথা নকয় । এটা সাক্ষাৎকাৰত তেওঁ কয়, “ৰাছিয়া আৰু চীনে পৰীক্ষা কৰি আছে, কিন্তু তেওঁলোকে এই বিষয়ে নকয় । তেওঁলোকে এই বিষয়ে প্ৰকাশ নকৰে । আমি এখন মুকলি সমাজ । আমি বেলেগ । আমি এই বিষয়ে কথা পাতো । আমি এই বিষয়ে কথা ক’ব লাগিব কাৰণ অন্যথা আপোনালোকে কাইলৈ ​​এই বিষয়ে অভিযোগ কৰিব । তেওঁলোকৰ কোনো সাংবাদিক নাই যিয়ে এই বিষয়ে লিখিব ।”

ট্ৰাম্পে আৰু কয় যে আমেৰিকাই এতিয়া পাৰমাণৱিক পৰীক্ষণ কৰিব । উত্তৰ কোৰিয়া আৰু পাকিস্তানেও পাৰমাণৱিক পৰীক্ষণ চলাই থকা বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয়, “আমি পৰীক্ষা কৰিম কাৰণ তেওঁলোকে পৰীক্ষা কৰে আৰু আনেও পৰীক্ষণ কৰে । আৰু নিশ্চিতভাৱে উত্তৰ কোৰিয়াই পৰীক্ষা চলাই আছে । পাকিস্তানেও পাৰমাণৱিক পৰীক্ষণ চলাই আছে ।”

উল্লেখ্য যে পাকিস্তানে ১৯৯৮ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে তেওঁলোকে পাৰমাণৱিক পৰীক্ষণ কৰিছিল । কিন্তু যদি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই দাবী সত্য তেন্তে পাকিস্তানে দীৰ্ঘদিন ধৰি পাৰমাণৱিক পৰীক্ষা চলাই আহিছে । ৰাছিয়া আৰু চীনৰ ক্ষেত্ৰতো এই একেই সন্দেহেই বিৰাজ কৰিছে । ট্ৰাম্পৰ মতে, দুয়োখন দেশে দীৰ্ঘদিন ধৰি পাৰমাণৱিক পৰীক্ষা চলাই আহিছে ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত; CPCৰ তালিকাত অন্তৰ্ভূক্ত নাইজেৰিয়া

ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত; CPCৰ তালিকাত অন্তৰ্ভূক্ত নাইজেৰিয়া

CPCৰ তালিকাত অন্তৰ্ভূক্ত নাইজেৰিয়া

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে নাইজেৰিয়াত খ্ৰীষ্টান ধৰ্ম আজি অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে।তেওঁ ঘোষণা কৰে যে আমেৰিকাই নাইজেৰিয়াক ষ্টেট ডিপাৰ্টমেণ্টৰ বিশেষ ৱাচলিষ্টত অন্তৰ্ভুক্ত কৰিছে।

ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল একাউণ্টত লিখিছে যে নাইজেৰিয়াত হাজাৰ হাজাৰ খ্ৰীষ্টানক হত্যা কৰা হৈছে।তেওঁলোকৰ বিৰুদ্ধে উগ্ৰ শক্তিয়ে নৰসংহাৰ চলাই আছে।এতিয়া আমেৰিকাই ইয়াক বিশেষ চিন্তাৰ দেশ বুলি ঘোষণা কৰিছে আৰু এয়া মাত্ৰ আৰম্ভণিহে।

এতিয়া আমেৰিকা প্ৰশাসনে নাইজেৰিয়াক কান্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ণ (CPC) শাখাত স্থান দিছে।ইতিমধ্যে চীন, ৰাছিয়া, পাকিস্তান, উত্তৰ কোৰিয়া, ম্যানমাৰৰ দৰে দেশ এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

এই শ্ৰেণীত কোনো এখন দেশক তেতিয়া অন্তৰ্ভূক্ত কৰে যেতিয়া তাত ধৰ্মীয় স্বাধীনতাৰ গুৰুতৰ উলংঘা কৰা দেখিবলৈ পোৱা যায়।

ইয়াৰ অৰ্থ এইটো নহয় যে তৎক্ষণাত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা হ’ব, কিন্তু ইয়াৰ দ্বাৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিক অধিক কূটনৈতিক বা অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰা হয়।

ট্ৰাম্পে কয় যে তেওঁ আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ এপ্ৰ’প্ৰিয়েশ্যন কমিটী আৰু সাংসদ ৰাইলী মূৰ আৰু টম কলে তেওঁলোকক এই বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

তেওঁ আৰু লিখিছে যে,“যেতিয়া নাইজেৰিয়াৰ দৰে দেশত হাজাৰ হাজাৰ নিৰীহ লোকক কেৱল ধৰ্মৰ বাবেই হত্যা কৰা হৈছে,গতিকে পৃথিৱীখন মৌন হৈ থকা উচিত নহয়।এতিয়া কিছু সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ সময়।”

লগতে পঢ়ক: ‘উষাই হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব লাগে’; জে ডি ভেন্সৰ মন্তব্যত তীব্ৰ সমালোচনা

তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিছে ড’নাল্ড ট্ৰাম্পে !

পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিছে ট্ৰাম্পে !

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৮ চনত তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰা নাই । এয়াৰ ফৰ্চ ৱানত সাংবাদিকসকলে হোৱাইট হাউছৰ প্ৰাক্তন কৌশলবিদ ষ্টিভ বেননৰ শেহতীয়া বক্তব্যৰ বিষয়ে সোধাত ট্ৰাম্পে হাঁহি হাঁহি কয়, ‘মই তেনে কৰিবলৈ ভাল পাম । মোৰ হাতত এতিয়ালৈকে উৎকৃষ্ট সংখ্যা আছে ।’ উল্লেখ্য যে, বেননে ট্ৰাম্প তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে বুলি পৰামৰ্শ দিছিল ।

অৱশ্যে ট্ৰাম্পে লগতে কয় যে তেওঁ এতিয়াও তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা গুৰুত্বসহকাৰে চিন্তা কৰা নাই । ট্ৰাম্পে তেওঁৰ বৰ্তমানৰ কাৰ্যকালৰ পিছত ৰিপাব্লিকান পাৰ্টিৰ নেতৃত্ব কোনে ল’ব সেই বিষয়েও ইংগিত দিয়ে । তেওঁ ২০২৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু উপ-ৰাষ্ট্ৰপতি জে.ডি.ভেন্সৰ কথা উল্লেখ কৰে ।

ট্ৰাম্পে কয় যে আমাৰ কিছুমান অতি ভাল মানুহ আছে । ৰুবিঅ’লৈ আঙুলিয়াই তেওঁ লগতে কয়, “আমাৰ ডাঙৰ মানুহ আছে । এই বিষয়ে কথা পতাৰ প্ৰয়োজন নাই । ইয়াৰে এজন ইয়াতেই থিয় হৈ আছে ।” মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সকো প্ৰশংসা কৰে । “স্পষ্টভাৱে জে ডি কল্পনাতীত । উপ-ৰাষ্ট্ৰপতিজন কল্পনাতীত । সেই দুজনৰ বিৰুদ্ধে কোনোৱে থিয় হ’ব বুলি মই নাভাবো ।”

ট্ৰাম্পক তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ উৎসাহিত কৰিছে বেননে-

ৰাজনৈতিক আলোচনী পলিটিকোৰ মতে, ট্ৰাম্পৰ অন্যতম ঘনিষ্ঠ মিত্ৰ ষ্টিভ বেননে দীৰ্ঘদিন ধৰি তেওঁক তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ উৎসাহিত কৰি আহিছে । শেহতীয়াকৈ তেওঁ নিজৰ প’ডকাষ্টত উল্লেখ কৰিছে যে ট্ৰাম্পক তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰাকৈ এক “পৰিকল্পনা” প্ৰস্তুত কৰা হৈছে । কিন্তু আমেৰিকাৰ সংবিধান অনুসৰি এজন ৰাষ্ট্ৰপতিয়ে মাত্ৰ দুটা কাৰ্যকালহে কাৰ্যনিৰ্বাহ কৰিব পাৰে ।

লগতে পঢ়ক : আমেৰিকা-চীনৰ মাজত শীঘ্ৰে হ’ব বাণিজ্যিক চুক্তি; ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ ঘোষণা

‘মই প্ৰতিমাহতে এখনকৈ যুদ্ধবন্ধ কৰো…’; ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

দেওবাৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ নেতাই তেওঁলোকৰ সেনাৰ মাজত বৰ্ধিত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰে।এই উপলক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো উপস্থিত থাকে।

ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে তেওঁৰ প্ৰশাসনে সেই আঠখন যুদ্ধৰ ভিতৰত এখন আছিল যিখন মাত্ৰ আঠ মাহৰ ভিতৰতে শেষ কৰিছিল অৰ্থাৎ গড়ে প্ৰতিমাহে এখনকৈ যুদ্ধ শেষ হয়।

তেওঁ কয় যে এতিয়া মাত্ৰ এখন হে যুদ্ধ বাকী আছে, যিখন শেহতীয়াকৈ পাকিস্তান আৰু আফগানিস্তানৰ মাজত আৰম্ভ হৈছে।ট্ৰাম্পে এই সমস্যা শীঘ্ৰে সমাধান কৰিব বুলি আস্থা প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে, ‘মই দুয়োখন দেশকে জানো।পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই অতি ভাল মানুহ। মই নিশ্চিত যে মই এই কথাটো অতি সোনকালে সমাধান কৰিম।’

তেওঁ আৰু কয় যে, ‘কোৱাটো উচিত নহয় যে এইটো মোৰ চখ,কাৰণ এইটো এটা অতি গুৰুতৰ বিষয়।কিন্তু সঁচা কথা ক’বলৈ গ’লে মই ইয়াত ভাল আৰু মই এইবোৰ কৰি ভাল পাওঁ।যদিও এই কাম ৰাষ্ট্ৰসংঘই (UN) কৰিব লাগে, কিন্তু তেওঁলোকে নকৰে।’

ৰাষ্ট্ৰসংঘক ইতিকিং কৰি তেওঁ কয় যে, ‘মই ভাষণ দি থকাৰ সময়ত ৰাষ্ট্ৰসংঘই আনকি মোৰ টেলিপ্ৰম্পটাৰটোও বন্ধ কৰি দিছিল।মই টেলিপ্ৰম্প্টাৰ নোহোৱাকৈ কথা ক’ব লগা হ’ল।তেওঁলোক সেইবোৰত ভাল’।

‘এস্কেলেটৰটোৱেও ভালদৰে কাম কৰা নাছিল; বন্ধ হৈ গৈছিল।কিন্তু ৰাষ্ট্ৰসংঘৰ বহুত সম্ভাৱনা আছে, তেওঁলোকে কিবা এটা কৰিলে ভাল আছিল।এই বিষয়ত তেওঁলোকে আমাক সহযোগ কৰা নাছিল।’

লগতে পঢ়ক: ড’নাল্ড ট্ৰাম্পৰে আলোচনা স্থগিত; ৰাছিয়ান নিউক্লিয়াৰ ফৰ্চক অনুশীলনৰ নিৰ্দেশ পুটিনৰ

এইবাৰ হোৱাইট হাউচত ট্ৰাম্পে চলালে বুলড’জাৰ !

হোৱাইট হাউচত চলিল বুলড’জাৰ !

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ উপৰিও এগৰাকী ব্যৱসায়ী । গতিকে  চখ তেওঁৰ বাবে ডাঙৰ কথা । সেয়েহে ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছত নিজৰ পছন্দৰ কিবা সংযোগ কৰিবলৈ বুলডজাৰ চলোৱা পৰিলক্ষিত হৈছে ।

নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত ট্ৰাম্পে কয় যে এই প্ৰকল্পৰ অংশ হিচাপে দশক দশক ধৰি হোৱাইট হাউচ কমপ্লেক্সৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰা ইষ্ট উইঙক সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ’ব ।

এই পৰিৱৰ্তনক “অতি প্ৰয়োজনীয়” বুলি অভিহিত কৰি ট্ৰাম্পে দাবী কৰে যে হোৱাইট হাউচৰ বলৰুমৰ ধাৰণাটো ১৫০ বছৰতকৈও অধিক সময় ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ সপোন হৈ আহিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ পোষ্টত কয় যে, “মই ঘোষণা কৰি আনন্দিত হৈছো যে নতুন, বৃহৎ, অধিক ধুনীয়া বলৰুম নিৰ্মাণৰ কাম আৰম্ভ হৈছে । হোৱাইট হাউছৰ পৰা সম্পূৰ্ণ পৃথক ইষ্ট উইংক এই প্ৰক্ৰিয়াৰ অংশ হিচাপে সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হৈছে আৰু সম্পূৰ্ণ হ’লে ই পূৰ্বতকৈ অধিক সুন্দৰ হ’ব ।”

তেওঁ আৰু কয় যে বলৰুমটো চৰকাৰী ভ্ৰমণ, বৃহৎ সমাৱেশ আৰু চৰকাৰী অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হ’ব আৰু ই ভৱিষ্যত প্ৰজন্মৰ ৰাষ্ট্ৰপতিসকলক সেৱা আগবঢ়াব । তেওঁ আৰু লিখিছে, “১৫০ বছৰতকৈও অধিক সময় ধৰি প্ৰতিজন ৰাষ্ট্ৰপতিয়ে সপোন দেখি আহিছে যে হোৱাইট হাউছত আড়ম্বৰপূৰ্ণ পাৰ্টি, চৰকাৰী ভ্ৰমণ আদিৰ বাবে মানুহক ঠাই দিব পৰাকৈ এটা বলৰুম থাকিব।”

লগতে ট্ৰাম্পে কয় যে, আমেৰিকাৰ কৰদাতাসকলৰ বাবে শূন্য খৰচেৰে এই অতি প্ৰয়োজনীয় প্ৰকল্পটো গ্ৰহণ কৰা প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে মই সন্মানিত হৈছো! এই বলৰুমটো আগন্তুক প্ৰজন্মলৈকে আনন্দেৰে ব্যৱহাৰ কৰা হ’ব !”

লগতে পঢ়ক : এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

আমেৰিকাত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ব্যাপক “নো কিংছ” প্ৰতিবাদত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছে । ইফালে ট্ৰাম্পে প্ৰতিবাদকাৰীক উপহাস কৰি এ আইৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে । ট্ৰাম্পে নিজৰ ব্যক্তিগত আৰু চৰকাৰী দুয়োটা ছ’চিয়েল মিডিয়া একাউণ্টতে এই এ আই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ।

ট্ৰাম্পে শ্বেয়াৰ কৰা ক্লিপটোত তেওঁ “কিং ট্ৰাম্প” লেবেলযুক্ত যুঁজাৰু বিমান উৰুৱাই থকা দেখা গৈছে । জেটখনে টাইমছ স্কোৱাৰৰ ওপৰেৰে উৰি গৈছে আৰু তলৰ প্ৰতিবাদকাৰীৰ ওপৰত তৰল “স্লাইম” পেলাই দিয়া দেখা গৈছে । ভিডিঅ’টোত কেনি লগিন্সৰ “ডেঞ্জাৰ জ’ন” গীতটোও বেকগ্ৰাউণ্ডত বাজি থকা দেখা গৈছে, যিটো “টপ গান” ছবিসৰ স্পষ্ট উল্লেখ ।

উল্লেখ্য যে, লাখ লাখ নাগৰিকে “নো কিংছ”ৰ বেনাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে এই প্ৰতিবাদৰ বিৰোধ কৰিছে । হাউছৰ অধ্যক্ষ মাইক জনছন আৰু অন্যান্য ৰিপাব্লিকান সাংসদসকলে এই প্ৰতিবাদসমূহক “আমেৰিকাক ঘৃণা কৰা” ৰেলী বুলি অভিহিত কৰাৰ বিপৰীতে পৰিবহণ সচিব শ্বেন ডাফীয়ে অংশগ্ৰহণকাৰীসকল হামাছ সমৰ্থক বা বিৰোধী এজেণ্ট বুলি মত প্ৰকাশ কৰি এই আন্দোলনটো ঘৰুৱা সন্ত্ৰাসৰ ভাবুকি বুলি উল্লেখ কৰিছে ।

ভিডিঅ’ পোষ্ট কৰে ট্ৰাম্পৰ সমৰ্থকে-

ট্ৰাম্পৰ সমৰ্থকসকলে এ আইৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে য’ত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত ট্ৰাম্পে মুকুট আৰু কেপ পিন্ধি থকা দেখা গৈছে, আনহাতে নেন্সি পেলোছিৰ দৰে ডেম’ক্ৰেটিক নেতাই তেওঁৰ সন্মুখত আঁঠু লৈছে ।

ট্ৰাম্পৰ সৈতে জড়িত আন একাউণ্টসমূহেও মক টাইম আলোচনীৰ কভাৰ আৰু এ আই-জেনেৰেটেড ভিডিঅ’ প্ৰচাৰ কৰিছে য’ত তেওঁক ৰঙা মখমলত হোৱাইট হাউছৰ পৰা হাত জোকাৰি থকা দেখা গৈছে ।

লগতে পঢ়ক : ‘নো কিংছ’ : ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে হাজাৰ হাজাৰ লোক

ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে হাজাৰ হাজাৰ লোক

ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ

ৱাশ্বিংটনৰ পৰা লণ্ডনলৈকে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেখা গৈছে প্ৰতিবাদৰ ঢৌ । ৱাশ্বিংটন আৰু আমেৰিকাৰ আন কেইবাখনো চহৰত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ নীতি আৰু চৰকাৰৰ “স্বৈৰাচাৰী মনোভাৱ”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কয় যে ট্ৰাম্পে গণতান্ত্ৰিক মূল্যবোধক ভেঙুচালি কৰিছে । কিন্তু ৰিপাব্লিকান পাৰ্টিয়ে এই প্ৰতিবাদসমূহক “আমেৰিকাক ঘৃণা কৰা” আন্দোলন অৰ্থাৎ আমেৰিকাক ঘৃণা কৰাসকলৰ আন্দোলন বুলি অভিহিত কৰিছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই প্ৰতিবাদৰ আয়োজকসকলে কয় যে দিনটোৰ শেষলৈকে সমগ্ৰ আমেৰিকাৰ বৃহৎ চহৰ আৰু সৰু চহৰসমূহত লাখ লাখ লোকে বিক্ষোভত যোগদান কৰিব পাৰিব । আনকি বিদেশৰ কিছু চহৰতো এই প্ৰতিবাদৰ সমৰ্থনত ৰাজপথলৈ প্ৰতিবাদকাৰী ওলাই অহা দেখা যায় ।

“নো কিংছ” নামৰ প্ৰথমটো বৃহৎ বিক্ষোভ জুন মাহত হৈছিল । ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ, অনুপ্ৰৱেশকাৰীৰ ওপৰত অভিযান, আমেৰিকাৰ কেইবাখনো চহৰত ফেডাৰেল বাহিনী নিয়োগ কৰাকে ধৰি শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা বিতৰ্কিত সিদ্ধান্তৰ বাবে এতিয়া এই আন্দোলনে পুনৰ গতি লাভ কৰিছে ।

লগতে পঢ়ক : তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান

ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ড’নাল্ড ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ

ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি কৰা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে, “ভাৰত তেল আৰু গেছৰ প্ৰধান আমদানিকাৰক । অস্থিৰ বিশ্ব শক্তিৰ পৰিৱেশত ভাৰতৰ ধাৰাবাহিক অগ্ৰাধিকাৰ হৈছে ভাৰতীয় গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা । আমাৰ আমদানি নীতি সম্পূৰ্ণৰূপে এই উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে ।”

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, “স্থিতিশীল মূল্য আৰু নিৰাপদ যোগান নিশ্চিত কৰাটো আমাৰ শক্তি নীতিৰ দ্বৈত লক্ষ্য হৈ আহিছে । ইয়াৰ ভিতৰত আমাৰ শক্তিৰ উৎসৰ ভিত্তি বহল কৰা আৰু বজাৰৰ পৰিস্থিতিৰ লগত খাপ খুৱাই ইয়াক বৈচিত্ৰ্যময় কৰাও অন্তৰ্ভুক্ত আছে । আমেৰিকাৰ কথা ক’বলৈ গ’লে আমি কেইবাবছৰ ধৰি শক্তি ক্ৰয়ৰ সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰি আহিছো । ইয়াৰ ফলত বিগত দশকত অবিৰত অগ্ৰগতি হৈছে । বৰ্তমানৰ প্ৰশাসনে শক্তিৰ সহযোগিতা গভীৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । এই সন্দৰ্ভত আলোচনা অব্যাহত আছে ।”

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি আশ্বাস দিছে । ট্ৰাম্পে এই সিদ্ধান্তক ৰাছিয়াক অকলশৰীয়া কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে । ট্ৰাম্পে ভাৰতক এখন মহান দেশ আৰু প্ৰধানমন্ত্ৰী মোদীক ভাল বন্ধু বুলি অভিহিত কৰে । জুলাই মাহত আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল । তাৰ পিছত আগষ্ট মাহত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে জৰিমনা হিচাপে ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে আমেৰিকাই ।

লগতে পঢ়ক : ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ ট্ৰাম্পৰ দাবী

ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ ট্ৰাম্পৰ দাবী

ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতে

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়টোক লৈ বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক জটিল হৈ পৰিছে । ইফালে ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে, ভাৰতে শীঘ্ৰেই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব । লগতে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ব্যক্তিগতভাৱে এই বিষয়ে আশ্বাস দিছে । তেওঁ ইয়াক ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ বুলি অভিহিত কৰে । ট্ৰাম্পে কয় যে ৰাছিয়াক অকলশৰীয়া কৰাৰ একমাত্ৰ উপায় এইটোৱেই ।

অ’ভেল অফিচত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ভাল বন্ধু আৰু দুয়োৰে মাজত এক ভাল সম্পৰ্ক আছে । তেওঁ আৰু কয় যে ভাৰতে অতি শীঘ্ৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব । লগতে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ব্যক্তিগতভাৱে এই বিষয়ে আশ্বাস দিছে । ট্ৰাম্পে কয় যে ভাৰতৰ এয়া এটা ডাঙৰ পদক্ষেপ । এতিয়া আমি চীনকো একে কাম কৰিবলৈ ক’ব লাগিব ।

ইয়াৰ মাজতে শেহতীয়াকৈ ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা বৈঠকক লৈয়ো ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, “মই ভাবো প্ৰধানমন্ত্ৰী মোদী এজন আচৰিত আৰু মহান ব্যক্তি । চাৰ্জিঅ’ই মোক কৈছিল যে মোদীয়ে মোক পছন্দ কৰে । মই বছৰ বছৰ ধৰি ভাৰত চাই আহিছো । ইয়াৰ পূৰ্বে প্ৰতি বছৰে এজন নতুন নেতা আহিছিল, কেইমাহমান, কেইবছৰমান আছিল । কিন্তু এতিয়া মোৰ বন্ধুজন বহুদিনৰ পৰা ক্ষমতাত আছে আৰু তেওঁ মোক আশ্বাস দিছে যে তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে ।” ইয়াৰ উপৰিও ট্ৰাম্পে লগতে কয় যে এই পৰিৱৰ্তন লগে লগে কাৰ্যকৰী নহয়, কিন্তু ইয়াৰ প্ৰভাৱ কিছু সময়ৰ পিছত দেখা যাব ।

অৱশ্যে ট্ৰাম্পৰ এই দাবীৰ আনুষ্ঠানিক নিশ্চয়তা ভাৰত চৰকাৰৰ পৰা পোৱা নাই । ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে প্ৰধানমন্ত্ৰী মোদীয়ে এনেধৰণৰ বক্তব্য দিছে নেকি সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; নেতানিয়াহুক লৈয়ো কৰিলে বিশেষ মন্তব্য