ট্ৰাম্পৰ ইউ-টাৰ্ণ; চাহ-কফিকে ধৰি কেইবাবিধো সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস!

সিদ্ধান্তৰ পৰা ইউ-টাৰ্ণ ট্ৰাম্পৰ

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ এটা সিদ্ধান্তৰ ওপৰত ইউ টাৰ্ণ লৈছে।দৈনিক ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে ট্ৰাম্পে।

এই ইউ-টাৰ্ণ এনে সময়ত লোৱা হৈছে,যেতিয়া আমেৰিকাত দৈনন্দিন সামগ্ৰীৰ দাম আকাশলংঘী হৈছিল।অৱশ্যে এই শুল্ক হ্ৰাসে এতিয়া আমেৰিকাৰ জনসাধাৰণক যথেষ্ট সকাহ দিব।

ট্ৰাম্পে গো-মাংস, কফি, গ্রীষ্মমণ্ডলীয় ফলকে ধৰি কেইবাটাও বস্তুৰ ওপৰত শুল্ক হ্ৰাস কৰিছে।আমেৰিকাত এই মাহত অবছৰীয়া নিৰ্বাচনত অৰ্থনৈতিক উদ্বেগৰ বিষয়টো আছিল এক উত্তপ্ত বিষয়, য’ত আমেৰিকাৰ নাগৰিকে সামগ্ৰীৰ দামক লৈ ক্ষোভ প্ৰকাশ কৰিছিল।ইয়াৰ ফলত ভাৰ্জিনিয়া আৰু নিউ জাৰ্চিত ডেম’ক্ৰেটসকলে ডাঙৰ জয়লাভ কৰে।

মন কৰিবলগীয়া যে এপ্ৰিল মাহত ট্ৰাম্পে বেছিভাগ দেশৰ ওপৰত শুল্ক আৰোপ কৰিছিল।তেওঁ আৰু তেওঁৰ প্ৰশাসনে দীৰ্ঘদিন ধৰি জোৰ দি আহিছে যে শুল্কই গ্ৰাহকৰ মূল্য বৃদ্ধি নকৰে,আনহাতে অৰ্থনৈতিক প্ৰমাণ ইয়াৰ বিপৰীত আৰু গ্ৰাহক সামগ্ৰীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে।

আমেৰিকাত অভিলেখ সৃষ্টিকাৰী গো-মাংসৰ উচ্চ মূল্য বিশেষ চিন্তাৰ বিষয় হৈ পৰিছে আৰু ট্ৰাম্পে এইবোৰ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা লোৱাৰ মনস্থ কৰিছে বুলি কৈছে।

আনুষ্ঠানিকভাৱে গো-মাংস, কফি আৰু ফলৰ উপৰিও এই অৰ্ডাৰত চাহ, ফলৰ ৰস, ক’ক’, মছলা, কল, কমলা, টমেটো আৰু কিছু সাৰৰ ওপৰতো শুল্ক আঁতৰোৱা হৈছে।

ইয়াৰ ভিতৰত এনে কিছুমান সামগ্ৰী আমেৰিকাত উৎপাদিত নহয়।এতিয়া এইবোৰ বস্তুৰ দাম কমি যাব পাৰে বুলি আশা কৰা হৈছে।

লগতে পঢ়ক:বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; কিয় বিশেষ এই ভ্ৰমণ ?

শীঘ্ৰেই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি; শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ…

শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ…

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ ওচৰত থকাৰ ইংগিত দিয়ে। লগতে তেওঁ কয় যে এটা সময়ত আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব।

ভাৰতত ৰাষ্ট্ৰদূত হিচাপে চাৰ্জিঅ’ গ’ৰৰ শপত গ্ৰহণ অনুষ্ঠানত ট্ৰাম্পে এই মন্তব্য কৰে।ইয়াৰ মাজতে ৰাষ্ট্ৰপতি গৰাকীয়ে এই বাণিজ্যিক চুক্তি বিশেষ বুলি কৈছে। তেওঁ ক’লে, “তেওঁলোকে মোক এতিয়া ভাল নাপায়, কিন্তু আমাক পুনৰ পছন্দ কৰিব।”

দৰাচলতে অভাল অফিচত ৰাষ্ট্ৰপতি গৰাকীক সোধা হৈছিল যে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কিমান ঘনিষ্ঠ আৰু  নতুন দিল্লীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ কথা চিন্তা কৰিবনে?

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “আমি ভাৰতৰ সৈতে চুক্তি কৰি আছো। এই চুক্তি পূৰ্বৰ তুলনাত বহুত বেলেগ।তেওঁলোকে মোক এতিয়া ভাল নাপায়, কিন্তু আমাক আকৌ ভাল পাব।আমি এটা উচিত চুক্তি পাইছো”।

“তেওঁলোক বৰ ভাল আলোচনাপন্থী, গতিকে, চাৰ্জিঅ’, আপুনি এইটো চাব লাগিব। মই ভাবো আমি সকলোৰে বাবে ভাল চুক্তিৰ বহুত ওচৰত আছো।”

তেওঁ আৰু কয় যে, “এতিয়া ৰাছিয়াৰ তেলৰ বাবে ভাৰতৰ ওপৰত শুল্ক অতি বেছি আছে, আৰু তেওঁলোকে ৰাছিয়াৰ তেলৰ ব্যৱসায় বন্ধ কৰি দিছে”।

“ইয়াৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে।হয়, আমি শুল্ক হ্ৰাস কৰিবলৈ ওলাইছো।এটা সময়ত আমি ইয়াক হ্ৰাস কৰিম”।

লগতে পঢ়ক: ‘শুল্কৰ বিৰুদ্ধে মাত মতাসকল মূৰ্খ’; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

‘শুল্কৰ বিৰুদ্ধে মাত মতাসকল মূৰ্খ’; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

‘শুল্কৰ বিৰুদ্ধে মাত মতাসকল মূৰ্খ’

ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ শুল্কৰ সুবিধাৰ কথা উল্লেখ কৰিছে।ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত তেওঁ কয় যে তেওঁৰ নেতৃত্বত আমেৰিকাই অহৰহ আগবাঢ়ি গৈছে আৰু আমেৰিকাৰ শুল্ক সমালোচনা কৰাসকলক তেওঁ ‘মূৰ্খ’ বুলি অভিহিত কৰিছে।

ইয়াৰ লগতে তেওঁ শুল্ক ৰাজহৰ পৰা প্ৰায় প্ৰতিজন আমেৰিকানক লভ্যাংশ হিচাপে ২০০০ ডলাৰ দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল।

নিজৰ শুল্কৰে বিশ্বক ভয় খুৱাই থকা ট্ৰাম্পে আমেৰিকাক ইয়াৰ সুবিধাৰ কথা অহৰহ প্ৰচাৰ কৰি আছে।তেওঁ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত এটা নতুন পোষ্টত নিজৰ ব্যৱসায়িক কৌশলৰ প্ৰচাৰ কৰে আৰু দাবী কৰিছিল যে তেওঁৰ নেতৃত্বত আমেৰিকা বিশ্বৰ আটাইতকৈ ধনী আৰু আটাইতকৈ সন্মানীয় দেশ হয়, য’ত অভিলেখ ষ্টক মূল্য, উচ্চ ৪০১(কে) বেলেন্স আৰু ফেক্টৰী সকলোতে বৃদ্ধি পাইছে।

ট্ৰাম্পে শুল্কক আমেৰিকাৰ অৰ্থনৈতিক শক্তিৰ মূল কাৰক হিচাপে উল্লেখ কৰিছে।ইয়াৰ লগতে তেওঁ ইয়াৰ বিৰোধী লোকসকল আৰু শুল্ক সমালোচনা কৰাসকলকো লক্ষ্য কৰি লৈছিল।

তেওঁ নিজৰ পোষ্টটোত লিখিছে, ‘যি সকল লোকে শুল্কৰ বিৰোধিতা কৰি আছে, তেওঁলোক মূৰ্খ!’ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যুক্তি আগবঢ়ায় যে এই শুল্কসমূহে বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিছে।

শুল্ক সমালোচকক মূৰ্খ বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে সামাজিক মাধ্যমত এটা ডাঙৰ দাবী কৰি কয় যে US Tariff Revenue ৰ পৰা প্ৰায় সকলো আমেৰিকানক শুল্ক লভ্যাংশৰ অংশ হিচাপে ২০০০ ডলাৰৰ ধন পৰিশোধ কৰা হ’ব। অৱশ্যে কেনেকৈ বা কেতিয়া সেই ধন পৰিশোধ কৰা হ’ব সেই বিষয়ে তেওঁ স্পষ্ট কৰা নাই।

লগতে পঢ়ক: অহায়ো’ৰ গৱৰ্ণৰৰ বাবে বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

অহায়ো’ৰ গৱৰ্ণৰৰ বাবে বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় মূলৰ উদ্যোগী তথা ৰাজনীতিবিদ বিবেক ৰামাস্বামীক অহায়ো’ৰ গৱৰ্ণৰ পদৰ বাবে নিজৰ “পূৰ্ণ আৰু সম্পূৰ্ণ সমৰ্থন”দিছে।

সামাজিক মাধ্যমত এটা পোষ্টত ট্ৰাম্পে লিখিছে যে “বিবেক ৰামাস্বামী ডেকা, শক্তিশালী আৰু স্মাৰ্ট,আৰু তেওঁ সঁচাকৈয়ে আমাৰ দেশখনক ভাল পায়।”

ট্ৰাম্পে কয় যে, অহায়ো এইখন ৰাজ্য য’ত তেওঁ ২০১৬, ২০২০ আৰু ২০২৪ চনত ডাঙৰ জয়লাভ কৰিছিল,আৰু তেওঁ বিবেকক ব্যক্তিগতভাৱে বহুত ভালকৈ চিনি পায়।

তেওঁ কয় যে,”বিবেকে অৰ্থনীতি বৃদ্ধি, কৰ আৰু নিয়ম হ্ৰাস কৰাৰ ব্যৱস্থাক সমৰ্থন কৰে,’মেড ইন ইউ এছ এ’ক প্ৰচাৰ কৰিবলৈ সীমান্ত সুৰক্ষিত কৰক,আমি সামৰিক বাহিনীক শক্তিশালী কৰাৰ বাবে যুঁজি যাম আৰু আইন-শৃংখলা কঠোৰভাৱে বলবৎ কৰিম।”

বিবেক ৰামাস্বামী, যি চিনচিনাটিৰ বাসিন্দা,চলিত বৰ্ষৰ আৰম্ভণিতে নিজৰ প্ৰচাৰ আৰম্ভ কৰিছিল আৰু সমগ্ৰ ৰাজ্যতে সক্ৰিয়ভাৱে প্ৰচাৰ চলাই আছে।ইয়াৰ পূৰ্বে তেওঁ ট্ৰাম্প প্ৰশাসনৰ “চৰকাৰী দক্ষতা বিভাগ” পদক্ষেপৰ সহ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনৈতিক বিশ্লেষকসকলে কয় যে বিবেকৰ ৰাজনৈতিক যাত্ৰা অহায়ো’ৰ পৰা চেনেটত জয়ী হোৱা জে ডি ভেন্স আৰু মৰেনোৰ দৰে হ’ব পাৰে -ট্ৰাম্পৰ সমৰ্থনত দুয়োজনে এক বৃহৎ ৰাজনৈতিক বুষ্ট লাভ কৰিছিল।

লগতে পঢ়ক:ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাৰ চহৰসমূহলৈ সামৰিক বাহিনী প্ৰেৰণক ন্যায়ালয়ৰ অবৈধ আখ্যা

আমেৰিকাৰ চহৰসমূহলৈ সামৰিক বাহিনী প্ৰেৰণক ন্যায়ালয়ৰ অবৈধ আখ্যা

সামৰিক বাহিনী প্ৰেৰণক ন্যায়ালয়ৰ অবৈধ আখ্যা

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ আইনী বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।এজন ফেডাৰেল ন্যায়াধীশে ৰায় দিয়ে যে ট্ৰাম্পে পৰ্টলেণ্ড,অৰেগনত নেচনেল গাৰ্ডক অবৈধভাৱে’ নিয়োগ কৰা হৈছিল।

এই ৰায়দানৰ ফলত ট্ৰাম্প প্ৰশাসনৰ আমেৰিকাৰ চহৰসমূহত সামৰিক শক্তি ব্যৱহাৰৰ নীতিত যথেষ্ট প্ৰভাৱ পৰিব পাৰে।

আমেৰিকাৰ জিলা ন্যায়াধীশ কেৰিন ইমাৰগুটে ট্ৰাম্পৰ এই নিৰ্দেশক অবৈধ ঘোষণা কৰি স্থায়ীভাৱে বাধা প্ৰদান কৰিছে।ইয়াৰ পূৰ্বে আদালতে পৰ্টলেণ্ডত নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছিল।

ট্ৰাম্প প্ৰশাসনে আদালতত যুক্তি দিছিল যে পৰ্টলেণ্ডৰ এটা ইমিগ্ৰেচন ডিটেনচন চেণ্টাৰৰ বাহিৰত প্ৰতিবাদকাৰীসকলে ‘বিদ্ৰোহ’ৰ দৰেই পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেয়ে সামৰিক বাহিনী প্ৰেৰণৰ কৰ্তৃত্ব ৰাষ্ট্ৰপতিৰ।

কিন্তু ন্যায়াধীশ ইমাৰগুটে এই যুক্তি নাকচ কৰিলে। মন কৰিবলগীয়া যে ইমাৰগুট নিজেই ট্ৰাম্পে নিযুক্তি দিয়া এজন ন্যায়াধীশ।

ট্ৰাম্পে ডেম’ক্ৰেটিক শাসিত লছ এঞ্জেলছ, চিকাগো, ৱাশ্বিংটন ডি চিৰ দৰে চহৰলৈও প্ৰতিবাদৰ সময়ত সামৰিক বাহিনী প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে।পৰ্টলেণ্ডৰ এই সিদ্ধান্তই এই প্ৰচেষ্টাসমূহতো প্ৰভাৱ পেলাব পাৰে।

ট্ৰাম্পৰ এই প্ৰচেষ্টাক আমেৰিকাৰ পৰম্পৰাৰ পৰা পৃথক বুলি গণ্য কৰা হৈছে,কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে সাধাৰণতে দেশৰ ভিতৰত সৈন্য নিয়োগ কৰাটো এৰাই চলি থাকে।এই প্ৰথা কেৱল বৃহৎ বিদ্ৰোহ, সশস্ত্ৰ আক্ৰমণ আদি ব্যতিক্ৰমী গোচৰৰ বাবেহে ৰখা হৈছে।

লগতে পঢ়ক; “ইমেইলযোগে ভোট দিয়া বন্ধ কৰক”; ভোটদানৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পৰ মন্তব্য

প্ৰধানমন্ত্ৰী মোদীক ভাল বন্ধু আখ্যা দি ভাৰত ভ্ৰমণ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

প্ৰধানমন্ত্ৰী মোদী মোৰ ভাল বন্ধুঃ ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘদিন ধৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি অভিহিত কৰি আহিছে।এতিয়া ট্ৰাম্পে পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীক বন্ধু আৰু মহান ব্যক্তি বুলি অভিহিত কৰিছে।

ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পেও শীঘ্ৰে ভাৰত ভ্ৰমণলৈ অহাৰ কথা ঘোষণা কৰিছে।উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পে ইয়াৰ পূৰ্বে ২০২০ চনত ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যসূচীৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল।

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অব্যাহত আছে। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে।

এতিয়া এই বিষয়ত আৰু প্ৰধানমন্ত্ৰী  মোদীৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাৰ প্ৰশ্নত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয়-“তেওঁ ভাল কৰি আছে, তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো প্ৰায় বন্ধ কৰি দিছে।

ট্ৰাম্পে লগতে কয় যে,“তেওঁ মোৰ বন্ধু, আৰু আমি কথা পাতো আৰু তেওঁ বিচাৰে মই তালৈ যাওঁ।আমি হিচাপ কৰিম, মই যাম…প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি আৰু মই ভাৰতলৈ যাম।”অহা বছৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় – “হয়,এয়া সম্ভৱ হ’ব পাৰে।”

লগতে পঢ়ক: “ইমেইলযোগে ভোট দিয়া বন্ধ কৰক”; ভোটদানৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পৰ মন্তব্য

তেওঁৰ আৰম্ভণি বেয়া… জোহৰান মামদানীৰ বিজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথমটো প্ৰতিক্ৰিয়া

জোহৰান মামদানীৰ বিজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথমটো প্ৰতিক্ৰিয়া

নিউয়ৰ্কৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰান মামদানীয়ে তেওঁৰ বিজয়ৰ পিছত এক শক্তিশালী ভাষণ প্ৰদান কৰে । এই ভাষণত মামদানীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক লক্ষ্য কৰি লৈছিল । মামদানীৰ ভাষণৰ বিষয়ে ট্ৰাম্পক প্ৰশ্ন কৰাত তেওঁ কয় যে মামদানীৰ ভাষণ উগ্ৰ আছিল । তেওঁৰ আৰম্ভণি বেয়া হৈছে আৰু যদি তেওঁ ৱাশ্বিংটনক সন্মান নকৰে তেন্তে তেওঁৰ সফলতাৰ কোনো সম্ভাৱনা নাই । ট্ৰাম্পে কয় যে মামদানীয়ে মোহত জীয়াই আছে, কিন্তু মই বিচাৰো তেওঁ ভাল কাম কৰক ।

মামদানীৰ ভাষণত অসন্তুষ্টি প্ৰকাশ ট্ৰাম্পৰ-

বুধবাৰে মিয়ামীত হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে জোহৰান মামদানীৰ ভাষণৰ বিষয়ে কয়, “হয়, মই ভাবিছিলো যে এইটো এটা অতি উগ্ৰ ভাষণ, নিশ্চিতভাৱে মোৰ প্ৰতি খং, আৰু মই ভাবো তেওঁ মোৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগে । জানেনে, তেওঁৰ ওচৰলৈ অহা বহু কথা মইয়েই অনুমোদন দিব লাগিব । গতিকে তেওঁৰ আৰম্ভণি বেয়া ।”

ট্ৰাম্পে কয়, “আচলতে সেয়া তেওঁৰ বাবে অতি বিপজ্জনক বক্তব্য । তেওঁৰ ৱাশ্বিংটনৰ প্ৰতি কিছু সন্মান থকা উচিত, কাৰণ যদি তেওঁ নকৰে তেন্তে তেওঁৰ সফল হোৱাৰ কোনো সম্ভাৱনা নাই ।” ট্ৰাম্পে আৰু কয় যে তেওঁ মামদানীক সফল হোৱাটো নিবিচাৰে, বৰঞ্চ নিউয়ৰ্ক চহৰখন সফল হোৱাটো বিচাৰে । ট্ৰাম্পে কয় যে আমি চাম কি হয় ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে মামদানীয়ে আমাৰ সৈতে যোগাযোগ কৰক । মই সেইজনেই । আমি চাম কি হয়, কিন্তু মই ভাবো তেওঁ আমাৰ সৈতে যোগাযোগ কৰাটো সঠিক হ’ব ।’ ট্ৰাম্পে আৰু কয়, ‘মামদানী বৰ বিভ্ৰান্ত । মই বিচাৰো নতুন মেয়ৰে ভাল কাম কৰক কাৰণ মই নিউয়ৰ্কক ভাল পাওঁ ।’ ট্ৰাম্পে কয়, ‘হাজাৰ হাজাৰ বছৰ ধৰি বাওঁপন্থীয়ে কাম কৰা নাই আৰু এইবাৰো কাম কৰিব বুলি মোৰ সন্দেহ আছে ।’

লগতে পঢ়ক : নিউয়ৰ্কৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ; ভাৰতীয় মূলৰ জোহৰান মামদানীয়ে ৰচিলে ইতিহাস

পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? ট্ৰাম্পৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ?

আমেৰিকাত পুনৰ পাৰমাণৱিক পৰীক্ষণক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাই এই বিতৰ্কক ইন্ধন যোগাইছে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ইংগিত দিছিল যে আমেৰিকাই ৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা পুনৰ আৰম্ভ কৰিব পাৰে । অৱশ্যে এতিয়া এই পৰিস্থিতি স্পষ্ট কৰি দিছে আমেৰিকাৰ শক্তি সচিব ক্ৰীছ ৰাইটে । তেওঁ কয় যে বৰ্তমান আলোচনা চলি থকা পৰীক্ষাসমূহত প্ৰকৃত পাৰমাণৱিক বিস্ফোৰণ জড়িত নহয় ।

প্ৰকাশিত এক বাতৰি অনুসৰি ৰাইটে কয় যে এই পৰীক্ষাসমূহ কেৱল ব্যৱস্থা পৰীক্ষা হ’ব, যিবোৰক আমি অপাৰমাণৱিক বিস্ফোৰণ বুলি কওঁ । ইয়াৰ লগত প্ৰকৃত পাৰমাণৱিক বিস্ফোৰণ জড়িত নহয় । তেওঁ বুজাই দিয়ে যে এই পৰীক্ষাসমূহৰ উদ্দেশ্য হৈছে নতুন অস্ত্ৰসমূহৰ ডিজাইন আৰু গঠন পৰীক্ষা কৰা যাতে ইয়াৰ নিৰাপদ আৰু প্ৰয়োজনৰ সময়ত সঠিকভাৱে কাম কৰিব পৰা যায় ।

ৰাইটৰ মতে, ভৱিষ্যতৰ পৰীক্ষাসমূহে নতুন পাৰমাণৱিক ব্যৱস্থাৰ পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব যাতে ভৱিষ্যতৰ অস্ত্ৰসমূহ পুৰণি অস্ত্ৰসমূহতকৈ অধিক সুৰক্ষিত আৰু অধিক ফলপ্ৰসূ হয় । আমেৰিকাই বিশ্বজুৰি পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞাৰ সমৰ্থন কৰা বুলি বাৰে বাৰে উল্লেখ কৰি আহিছে যদিও নিজৰ সুৰক্ষাৰ বাবে প্ৰযুক্তি পৰীক্ষা অব্যাহত ৰাখিব ।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰিছিল যে তেওঁ যুদ্ধ বিভাগক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ফলত ৩৩ বছৰৰ পাছত আমেৰিকাই পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হয় । চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰাৰ পূৰ্বে ট্ৰাম্পে এই পোষ্টটো দিছিল, যিটোক এই কথা প্ৰকাশ কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছিল যে আমেৰিকা এতিয়া চীন আৰু ৰাছিয়াৰ দৰে পাৰমাণৱিক শক্তিৰ সমতুল্য হ’বলৈ সাজু হৈছে । কিন্তু ইয়াৰ ভিতৰত ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা অন্তৰ্ভুক্ত হ’ব নেকি বুলি সোধাত তেওঁ পোনপটীয়াকৈ উত্তৰ দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক : পাকিস্তানে সম্পন্ন কৰিছে পাৰমাণৱিক পৰীক্ষা ! ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক দাবী

পাকিস্তানে সম্পন্ন কৰিছে পাৰমাণৱিক পৰীক্ষা ! ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক দাবী

পাকিস্তানে কৰিছে পাৰমাণৱিক পৰীক্ষা !

পাকিস্তানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে । তেওঁ উল্লেখ কৰিছে যে পাকিস্তানে পাৰমাণৱিক পৰীক্ষা চলাইছে । ট্ৰাম্পে উল্লেখ কৰে যে উত্তৰ কোৰিয়াই নিশ্চিতভাৱে পাৰমাণৱিক পৰীক্ষা চলাই আছে আৰু পাকিস্তানেও পাৰমাণৱিক পৰীক্ষা চলাই আছে । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে আমেৰিকায়ো পৰীক্ষণ কৰিব কাৰণ আন দেশসমূহে পাৰমাণৱিক পৰীক্ষণ কৰিছে ।

ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে বিশ্বৰ বহু দেশত পাৰমাণৱিক বোমা পৰীক্ষা কৰি আছে, কিন্তু তেওঁলোকে এই বিষয়ে কথা নকয় । এটা সাক্ষাৎকাৰত তেওঁ কয়, “ৰাছিয়া আৰু চীনে পৰীক্ষা কৰি আছে, কিন্তু তেওঁলোকে এই বিষয়ে নকয় । তেওঁলোকে এই বিষয়ে প্ৰকাশ নকৰে । আমি এখন মুকলি সমাজ । আমি বেলেগ । আমি এই বিষয়ে কথা পাতো । আমি এই বিষয়ে কথা ক’ব লাগিব কাৰণ অন্যথা আপোনালোকে কাইলৈ ​​এই বিষয়ে অভিযোগ কৰিব । তেওঁলোকৰ কোনো সাংবাদিক নাই যিয়ে এই বিষয়ে লিখিব ।”

ট্ৰাম্পে আৰু কয় যে আমেৰিকাই এতিয়া পাৰমাণৱিক পৰীক্ষণ কৰিব । উত্তৰ কোৰিয়া আৰু পাকিস্তানেও পাৰমাণৱিক পৰীক্ষণ চলাই থকা বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয়, “আমি পৰীক্ষা কৰিম কাৰণ তেওঁলোকে পৰীক্ষা কৰে আৰু আনেও পৰীক্ষণ কৰে । আৰু নিশ্চিতভাৱে উত্তৰ কোৰিয়াই পৰীক্ষা চলাই আছে । পাকিস্তানেও পাৰমাণৱিক পৰীক্ষণ চলাই আছে ।”

উল্লেখ্য যে পাকিস্তানে ১৯৯৮ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে তেওঁলোকে পাৰমাণৱিক পৰীক্ষণ কৰিছিল । কিন্তু যদি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই দাবী সত্য তেন্তে পাকিস্তানে দীৰ্ঘদিন ধৰি পাৰমাণৱিক পৰীক্ষা চলাই আহিছে । ৰাছিয়া আৰু চীনৰ ক্ষেত্ৰতো এই একেই সন্দেহেই বিৰাজ কৰিছে । ট্ৰাম্পৰ মতে, দুয়োখন দেশে দীৰ্ঘদিন ধৰি পাৰমাণৱিক পৰীক্ষা চলাই আহিছে ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত; CPCৰ তালিকাত অন্তৰ্ভূক্ত নাইজেৰিয়া