তেওঁৰ আৰম্ভণি বেয়া… জোহৰান মামদানীৰ বিজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথমটো প্ৰতিক্ৰিয়া

তেওঁৰ আৰম্ভণি বেয়া… জোহৰান মামদানীৰ বিজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথমটো প্ৰতিক্ৰিয়া

জোহৰান মামদানীৰ বিজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথমটো প্ৰতিক্ৰিয়া নিউয়ৰ্কৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰান মামদানীয়ে তেওঁৰ বিজয়ৰ পিছত এক শক্তিশালী ভাষণ প্ৰদান কৰে । এই ভাষণত মামদানীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক লক্ষ্য কৰি লৈছিল । মামদানীৰ ভাষণৰ বিষয়ে ট্ৰাম্পক প্ৰশ্ন কৰাত তেওঁ কয় যে মামদানীৰ ভাষণ উগ্ৰ আছিল । তেওঁৰ

জোহৰান মামদানীৰ বিজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথমটো প্ৰতিক্ৰিয়া

নিউয়ৰ্কৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰান মামদানীয়ে তেওঁৰ বিজয়ৰ পিছত এক শক্তিশালী ভাষণ প্ৰদান কৰে । এই ভাষণত মামদানীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক লক্ষ্য কৰি লৈছিল । মামদানীৰ ভাষণৰ বিষয়ে ট্ৰাম্পক প্ৰশ্ন কৰাত তেওঁ কয় যে মামদানীৰ ভাষণ উগ্ৰ আছিল । তেওঁৰ আৰম্ভণি বেয়া হৈছে আৰু যদি তেওঁ ৱাশ্বিংটনক সন্মান নকৰে তেন্তে তেওঁৰ সফলতাৰ কোনো সম্ভাৱনা নাই । ট্ৰাম্পে কয় যে মামদানীয়ে মোহত জীয়াই আছে, কিন্তু মই বিচাৰো তেওঁ ভাল কাম কৰক ।

মামদানীৰ ভাষণত অসন্তুষ্টি প্ৰকাশ ট্ৰাম্পৰ-

বুধবাৰে মিয়ামীত হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে জোহৰান মামদানীৰ ভাষণৰ বিষয়ে কয়, “হয়, মই ভাবিছিলো যে এইটো এটা অতি উগ্ৰ ভাষণ, নিশ্চিতভাৱে মোৰ প্ৰতি খং, আৰু মই ভাবো তেওঁ মোৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগে । জানেনে, তেওঁৰ ওচৰলৈ অহা বহু কথা মইয়েই অনুমোদন দিব লাগিব । গতিকে তেওঁৰ আৰম্ভণি বেয়া ।”

ট্ৰাম্পে কয়, “আচলতে সেয়া তেওঁৰ বাবে অতি বিপজ্জনক বক্তব্য । তেওঁৰ ৱাশ্বিংটনৰ প্ৰতি কিছু সন্মান থকা উচিত, কাৰণ যদি তেওঁ নকৰে তেন্তে তেওঁৰ সফল হোৱাৰ কোনো সম্ভাৱনা নাই ।” ট্ৰাম্পে আৰু কয় যে তেওঁ মামদানীক সফল হোৱাটো নিবিচাৰে, বৰঞ্চ নিউয়ৰ্ক চহৰখন সফল হোৱাটো বিচাৰে । ট্ৰাম্পে কয় যে আমি চাম কি হয় ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে মামদানীয়ে আমাৰ সৈতে যোগাযোগ কৰক । মই সেইজনেই । আমি চাম কি হয়, কিন্তু মই ভাবো তেওঁ আমাৰ সৈতে যোগাযোগ কৰাটো সঠিক হ’ব ।’ ট্ৰাম্পে আৰু কয়, ‘মামদানী বৰ বিভ্ৰান্ত । মই বিচাৰো নতুন মেয়ৰে ভাল কাম কৰক কাৰণ মই নিউয়ৰ্কক ভাল পাওঁ ।’ ট্ৰাম্পে কয়, ‘হাজাৰ হাজাৰ বছৰ ধৰি বাওঁপন্থীয়ে কাম কৰা নাই আৰু এইবাৰো কাম কৰিব বুলি মোৰ সন্দেহ আছে ।’

লগতে পঢ়ক : নিউয়ৰ্কৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ; ভাৰতীয় মূলৰ জোহৰান মামদানীয়ে ৰচিলে ইতিহাস

শেহতীয়া প্ৰৱন্ধসমূহ