‘আমি সকলোৱে আপোনাৰ কথা ভাবি আছো’; নিউয়ৰ্কৰ মেয়ৰ জোহৰাণ মামদানীৰ উমৰ খালিদলৈ পত্ৰ
সামাজিক মাধ্যমত ভাইৰেল হৈছে নিউয়ৰ্কৰ নতুন মেয়ৰ জোহৰান মামদানীৰ এখন পত্ৰ। যিখন পত্ৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা উমৰ খালিদলৈ লিখিছিল।
আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ নতুন মেয়ৰ জোহৰান মামদানীয়ে তিহাৰ কাৰাগাৰত বন্দী হৈ থকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদলৈ এখন চিঠি লিখিছে।
এই পত্ৰখন সেইদিনা ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল,যিদিনা মামদানীয়ে নিউয়ৰ্কৰ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিছিল।
এই চিঠিখনত মামদানীয়ে উমৰ খালিদ আৰু তেওঁৰ পৰিয়ালৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰিছে।

তেওঁ কয় যে খালিদে কোৱা কথাখিনি তেওঁৰ প্ৰায়ে মনত আহি থাকে আৰু তেওঁৰ পিতৃ-মাতৃক লগ পোৱাটো তেওঁৰ বাবে এক গুৰুত্বপূৰ্ণ অভিজ্ঞতা আছিল।
উমৰ খালিদৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা এই চিঠিখন শ্বেয়াৰ কৰা হৈছে।মামদানীয়ে নিজৰ বাৰ্তাত লিখিছে যে তেওঁ অহৰহ উমৰ খালিদৰ বিষয়ে চিন্তা কৰি আছে আৰু তেওঁৰ পৰিস্থিতিৰ প্ৰতি গভীৰ চিন্তা হৈ আছে।
উমৰ খালিদক আটক কৰাৰ সন্দৰ্ভত পূৰ্বেও আমেৰিকাত প্ৰশ্ন উত্থাপন হৈছিল।শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীলৈ দীৰ্ঘদিন ধৰি ৰখাৰ বাবে উদ্বেগ প্ৰকাশ কৰি আমেৰিকাৰ আঠজন সাংসদে পত্ৰ প্ৰেৰণ কৰিছিল।
২০২৩ চনৰ জুন মাহত নিউয়ৰ্কত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ সময়ত জেলৰ পৰা লিখা উমৰ খালিদৰ চিঠিৰ কিছু অংশ পঢ়িছিল মামদানীয়ে।
সেই সময়ত তেওঁ কৈছিল যে উমৰ খালিদক দীৰ্ঘদিন ধৰি বিচাৰ অবিহনে আটক কৰি ৰখা হৈছে,যিটো ন্যায়িক প্ৰক্ৰিয়াক অৱজ্ঞা কৰা।
লগতে পঢ়ক: কোৰানত হাত থৈ শপত ল’লে জোহৰান মামদানীয়ে; নিউয়ৰ্কৰ বাবে এক ঐতিহাসিক মুহূৰ্ত