কোৰানত হাত থৈ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিব জোহৰান মামদানীয়ে; নিউয়ৰ্কৰ বাবে এক ঐতিহাসিক মুহূৰ্ত

কোৰানত হাত থৈ শপত ল’লে জোহৰান মামদানীয়ে; নিউয়ৰ্কৰ বাবে এক ঐতিহাসিক মুহূৰ্ত

আজি কোৰানত হাত থৈ শপত গ্ৰহণ নতুন মেয়ৰ জোহৰান মামদানীয়ে। সলনি হ’ব নিউয়ৰ্কৰ ইতিহাস… নিউয়ৰ্কৰ নতুন মেয়ৰ ডেম’ক্ৰেট জোহৰাণ মামদানীয়ে ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰানত হাত থৈ শপত গ্ৰহণ কৰিব।ইতিহাসত এনে কৰা তেওঁ হ’ব প্ৰথমজন মেয়ৰ। মামদানীয়ে ২০২৬ চনৰ আৰম্ভণিতেই আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। জোহৰান মামদানীৰ

আজি কোৰানত হাত থৈ শপত গ্ৰহণ নতুন মেয়ৰ জোহৰান মামদানীয়ে। সলনি হ’ব নিউয়ৰ্কৰ ইতিহাস…

নিউয়ৰ্কৰ নতুন মেয়ৰ ডেম’ক্ৰেট জোহৰাণ মামদানীয়ে ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰানত হাত থৈ শপত গ্ৰহণ কৰিব।ইতিহাসত এনে কৰা তেওঁ হ’ব প্ৰথমজন মেয়ৰ। মামদানীয়ে ২০২৬ চনৰ আৰম্ভণিতেই আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব।

জোহৰান মামদানীৰ দলটোৱে দুটা শপত গ্ৰহণ অনুষ্ঠানৰ দিন ধাৰ্য কৰিছে,যিটো নিউয়ৰ্কৰ এটা পুৰণি পৰম্পৰা অনুসৰি,য’ত নতুন মেয়ৰৰ কাৰ্যকাল নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয়।

জোহৰান মামদানীৰ প্ৰথমটো শপতগ্ৰহণ মাজনিশাৰ মানহাটানৰ ওল্ড চিটি হল ছাবমেট্ৰ’ ষ্টেচনত পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণত ব্যক্তিগত অনুস্থিত কৰা হ’ব।

এই ঐতিহাসিক ষ্টেচনটো, যিটো চহৰৰ আটাইতকৈ পুৰণি মাটিৰ তলৰ লাইনৰ অন্যতম আৰম্ভণি ষ্টপৰ মাজৰ এটা,যিটো ১৯৪৫ চনৰ পৰা বন্ধ হৈ আছে আৰু জনসাধাৰণৰ বাবে কেতিয়াবাহে মুকলি হয়।

জোহৰাণ মামদানীৰ কাৰ্যালয়ে জনোৱা মতে,দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ছাবমেট্ৰ’ ষ্টেচনটোৰ পছন্দই সেই কঠোৰ পৰিশ্ৰমী লোকসকলৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে,যিসকলে আমাৰ চহৰখন প্ৰতিদিনে চলায়।

মামদানীয়ে এই ঠাইখনক সেই যুগৰ প্ৰতীক বুলি অভিহিত কৰিছে,যেতিয়া নিউয়ৰ্কে দৈনন্দিন জীৱন উন্নত কৰাৰ বাবে আন্তঃগাঁথনিত যথেষ্ট বিনিয়োগ কৰিছিল, এনে এটা উচ্চাকাংক্ষাৰ কথা তেওঁ কয় যিটোক তেওঁৰ প্ৰশাসনে পুনৰুজ্জীৱিত কৰিব বিচাৰে।

বৃহস্পতিবাৰে বিয়লি চিটি হলৰ ছিৰিত ৰাজহুৱা অনুষ্ঠানত পুনৰ শপত গ্ৰহণ কৰিব মমদানীয়ে।এই অনুষ্ঠানৰ নেতৃত্ব দিব চিনেটৰ বাৰ্নি চেণ্ডাৰছে,যিজন মামদানীৰ অন্যতম ৰাজনৈতিক প্ৰেৰণা,আৰু ইয়াৰ আৰম্ভণি দুপৰীয়া ১ বজাৰ পৰা (স্থানীয় সময় অনুসৰি) হোৱাৰ কথা।

লগতে পঢ়ক: ‘এনেকুৱা আক্ৰমণ কৰিম যে পস্তাব লাগিব…’ ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ