শীঘ্ৰেই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি; শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ...

শীঘ্ৰেই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি; শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ…

শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ… মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ ওচৰত থকাৰ ইংগিত দিয়ে। লগতে তেওঁ কয় যে এটা সময়ত আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব। ভাৰতত ৰাষ্ট্ৰদূত হিচাপে চাৰ্জিঅ’ গ’ৰৰ শপত গ্ৰহণ অনুষ্ঠানত ট্ৰাম্পে এই মন্তব্য কৰে।ইয়াৰ মাজতে ৰাষ্ট্ৰপতি গৰাকীয়ে

শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ…

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ ওচৰত থকাৰ ইংগিত দিয়ে। লগতে তেওঁ কয় যে এটা সময়ত আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব।

ভাৰতত ৰাষ্ট্ৰদূত হিচাপে চাৰ্জিঅ’ গ’ৰৰ শপত গ্ৰহণ অনুষ্ঠানত ট্ৰাম্পে এই মন্তব্য কৰে।ইয়াৰ মাজতে ৰাষ্ট্ৰপতি গৰাকীয়ে এই বাণিজ্যিক চুক্তি বিশেষ বুলি কৈছে। তেওঁ ক’লে, “তেওঁলোকে মোক এতিয়া ভাল নাপায়, কিন্তু আমাক পুনৰ পছন্দ কৰিব।”

দৰাচলতে অভাল অফিচত ৰাষ্ট্ৰপতি গৰাকীক সোধা হৈছিল যে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কিমান ঘনিষ্ঠ আৰু  নতুন দিল্লীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ কথা চিন্তা কৰিবনে?

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “আমি ভাৰতৰ সৈতে চুক্তি কৰি আছো। এই চুক্তি পূৰ্বৰ তুলনাত বহুত বেলেগ।তেওঁলোকে মোক এতিয়া ভাল নাপায়, কিন্তু আমাক আকৌ ভাল পাব।আমি এটা উচিত চুক্তি পাইছো”।

“তেওঁলোক বৰ ভাল আলোচনাপন্থী, গতিকে, চাৰ্জিঅ’, আপুনি এইটো চাব লাগিব। মই ভাবো আমি সকলোৰে বাবে ভাল চুক্তিৰ বহুত ওচৰত আছো।”

তেওঁ আৰু কয় যে, “এতিয়া ৰাছিয়াৰ তেলৰ বাবে ভাৰতৰ ওপৰত শুল্ক অতি বেছি আছে, আৰু তেওঁলোকে ৰাছিয়াৰ তেলৰ ব্যৱসায় বন্ধ কৰি দিছে”।

“ইয়াৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে।হয়, আমি শুল্ক হ্ৰাস কৰিবলৈ ওলাইছো।এটা সময়ত আমি ইয়াক হ্ৰাস কৰিম”।

লগতে পঢ়ক: ‘শুল্কৰ বিৰুদ্ধে মাত মতাসকল মূৰ্খ’; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা