অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এই দলত স্থান লাভ কৰিছে এগৰাকী অসমীয়া খেলুৱৈয়েও…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় দল । দল পৰিচালনা সমিতিয়ে পুনৰবাৰ প্ৰবীণ অধিনায়কগৰাকীৰ ওপৰত বিশ্বাস ৰাখিছে । প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত হৈছে এজগৰাকী যুৱ বলাৰ । ইফালে এই টেষ্টৰ বাবে অসমৰো এগৰাকী খেলুৱৈয়ে লাভ কৰিছে সুযোগ । ৬ মাৰ্চৰ পৰা অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ একমাত্ৰ টেষ্ট ।

উল্লেখ্য যে বিচিচিআইয়ে মহিলা টেষ্টৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰিছে । হৰমনপ্ৰীত কৌৰক পুনৰবাৰ দলৰ বাঘজৰী দিয়া হৈছে । যুৱ স্পীনাৰ বৈষ্ণৱী শৰ্মাইয়ো এই দলত স্থান লাভ কৰিছে । ২০ বছৰীয়া বৈষ্ণৱীয়ে এতিয়ালৈকে কেৱল টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেটতহে খেলিছে । ক্ৰান্তি গৌড়কো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও অ’পেনিং বেটছমেন প্ৰতীকা ৰাৱালক অন্তৰ্ভুক্ত কৰা হৈছে দলত ।

আনহাতে এই দল ঘোষণা কৰাৰ লগে লগে অসমবাসীয়েও লাভ কৰিলে এক ভাল খবৰ । কিয়নো এই টেষ্ট দলত স্থান লাভ কৰিছে অসমৰ জীয়াৰী তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীয়ে । এই খবৰে আনন্দিত কৰি তুলিছে আসমবাসীক ।

স্মৃতিৰ কান্ধত সহ-অধিনায়ৰ দায়িত্ব-

স্মৃতি মন্ধানাক এই টেষ্টৰ বাবে ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । মন্ধানাই নিজৰ কেৰিয়াৰত ৭খন টেষ্ট খেলিছে, য’ত তেওঁ দুটা শতক আৰু তিনিটা অৰ্ধশতককে ধৰি ৬২৯ ৰান সংগ্ৰহ কৰিছে ।

ব্লিউ পি এলৰ জৰিয়তে উজ্বলিল বৈষ্ণৱী শৰ্মাৰ ভাগ্য-

মহিলা প্ৰিমিয়াৰ লীগৰ চলি থকা চতুৰ্থ ছিজনত বৈষ্ণৱী শৰ্মাই মুম্বাই ইণ্ডিয়ানছ হৈ খেলিছে । অভিষেক মেচৰ প্ৰথম অভাৰত উইকেট দখল কৰি তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল আৰু বিচিচিআইয়ে তেওঁক টিম ইণ্ডিয়াৰ টেষ্ট দললৈ আমন্ত্ৰণ কৰি পুৰস্কৃত কৰিছে । টি-২০ ইণ্টাৰনেশ্যনেলৰ পিছত এতিয়া টেষ্টত বৈষ্ণৱীয়ে কেনে প্ৰদৰ্শন আগবঢ়াই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

ভাৰতীয় টেষ্ট দল :

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগোজ, অমনজোত কৌৰ, ৰিচা ঘোষ (উইকেটকীপাৰ), উমা ছেত্ৰী (উইকেটকীপাৰ), প্ৰতীকা ৰাৱাল, হাৰলীন দেউল, দীপ্তি শৰ্মা, ৰেনুকা ঠাকুৰ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, বৈষ্ণৱী শৰ্মা, সয়ালি সাতঘৰে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ উৰাবাতৰিক লৈ মুখ খুলিলে বিৰাট কোহলীয়ে

টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী ?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচীৰ এদিনীয়া খেলত বিৰাট কোহলীৰ বেটে দুৰ্দান্ত প্ৰদৰ্শন কৰে।কোহলীয়ে ১১টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ১২০টা বলত ১৩৫ ৰান সংগ্ৰহ কৰে।

কোহলীৰ শতক বলত ভাৰতীয় দলটোৱে ৮ উইকেটত ৩৪৯ ৰান সংগ্ৰহ কৰে।ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৩৩২ ৰান সংগ্ৰহ কৰি থমকি ৰয় আৰু ১৭ ৰানত টিম ইণ্ডিয়াই জয়লাভ কৰে।

বিৰাট কোহলীয়ে মেচৰ পিছত সেই উৰাবাতৰিৰ অন্ত পেলাইছে,য’ত দাবী কৰা হৈছিল যে তেওঁ পুনৰ টেষ্ট ক্ৰিকেট খেলিব।

শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ০-২ ত ক্লিন ছুইপৰ সন্মুখীন হ’বলগীয়া হৈছিল,ইয়াৰ পিছত এই আলোচনা তীব্ৰতৰ হৈ পৰিল।

কোহলীয়ে দৃঢ়তাৰে কয় যে তেওঁ ভাৰতৰ হৈ মাত্ৰ এটা ফৰ্মেটত খেলি আছে।কোহলীয়ে লগতে কয় যে যেতিয়াই তেওঁ খেলে তেতিয়াই তেওঁ নিজৰ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰে।

উপস্থাপন অনুষ্ঠানৰ সময়ত কোহলীয়ে কয়, ‘আজি এনেদৰে খেলখনত আহি মোৰ বৰ ভাল লাগিল।আৰম্ভণিতে ২০-২৫ অভাৰৰ বাবে খেলপথাৰখন যথেষ্ট ভাল আছিল,ইয়াৰ পিছত অলপ লেহেমীয়া হ’ল’।

‘মই ভাবিলোঁ খেলপথাৰলৈ গৈ বলটো মাৰিব লাগে,আন কথাবোৰ বেছিকৈ চিন্তা কৰা উচিত নহয়। বলটো মোৰ ফালে আহি আছিল আৰু মই খেলখন উপভোগ কৰি আছিলো’।

‘যেতিয়া আপুনি আৰম্ভণি পায় আৰু আপুনি ছেট হয়,তেতিয়া জানিব পাৰে যে ইমান বছৰে আপুনি কি কৰিলে। বহু বছৰৰ অভিজ্ঞতা কামত আহে আৰু পৰিস্থিতি বুজি আপোনাৰ ইনিংছ আগুৱাই লৈ যায়।’

ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয় যে,’মই বেছি অনুশীলন কৰাত বিশ্বাস নকৰো।মোৰ খেল সদায় মানসিক।মই প্ৰতিদিনে শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰম কৰো।যিটো এতিয়া  মোৰ ক্ৰিকেটতকৈ বেছি জীৱনশৈলী হৈ পৰিছে’।

‘যেতিয়ালৈকে মোৰ ফিটনেছ, মানসিক তীক্ষ্ণতা আৰু খেলৰ আনন্দ থাকিব,মই জানো মই সাজু হৈছো।যেতিয়া আপুনি খেলখন কল্পনা কৰিব পাৰিব,আপুনি নিজকে কঠোৰভাৱে দৌৰি থকা আৰু বলৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়া কৰা দেখিব পাৰে, গতিকে আপুনি জানে সকলো ঠিকেই আছে।মানে যিদিনা খেল আৰম্ভ হ’ব আৰু আপুনি আৰম্ভণি পাব, সেইদিনা আপুনি কিছু ৰান কৰিব পাৰিব।’

লগতে পঢ়ক: পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী? BCCI এ দিলে উত্তৰ

পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী? BCCI এ দিলে উত্তৰ

পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে০-২ ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

টেষ্ট শৃংখলাত এই পৰাজয়ৰ পিছত এইটো বাতৰি ওলাইছে যে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড(BCCI )এ বিৰাট কোহলীক টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ আলোচনা কৰিব পাৰে। চলিত বৰ্ষৰ ১২ মে’ত কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক লৈ এটা ডাঙৰ বক্তব্য দিছে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই।

তেওঁ কয় যে, বিৰাটৰ বিষয়ে যিবোৰ কথা ওলাই আছে,সেইবাৰ সকলো উৰাবাতৰি। এই সন্দৰ্ভত কোহলীৰ লগত কোনো আলোচনা হোৱা নাই।উৰাবাতৰিৰ ওপৰত নিৰ্ভৰ নকৰিব। এনেকুৱা একো হোৱা নাই।

বিৰাট কোহলীয়ে ২০১১ চনৰ জুন মাহত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটিছিল।প্ৰথম ইনিংছত ৪ ৰান আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰিছিল।

প্ৰাৰম্ভিক বিফলতাৰ পিছত কোহলীয়ে টেষ্টত যিদৰে নিজকে প্ৰতিষ্ঠা কৰিলে, সেইটো ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ অন্যতম ডাঙৰ কাহিনী হৈ পৰিল।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল WPL ৰ সূচী; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ-ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত সংঘৰ্ষ

ঘৰুৱা মাটিতে টেষ্ট শৃংখলাত ধৰাশায়ী টীম ইণ্ডিয়া; ইতিহাসৰ সৰ্ববৃহৎ পৰাজয়

টেষ্ট শৃংখলাত ধৰাশায়ী টীম ইণ্ডিয়া

গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাই টীম ইণ্ডিয়াক ৪০৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । ৫৪৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতৰ দ্বিতীয় ইনিংছ ১৪০ ৰানত সমাপ্ত হয় । এই টেষ্টত ভাৰতৰ বেটছমেনৰ নিৰাশাজনক প্ৰদৰ্শন দেখা যায় । প্ৰথম ইনিংছত মাত্ৰ যশস্বী জয়ছোৱালে অৰ্ধশতক আৰু দ্বিতীয় ইনিংছত ৰবীন্দ্ৰ জাডেজাইহে অৰ্ধশতক অৰ্জন কৰে । প্ৰথম ইনিংছতো টিম ইণ্ডিয়াই ২০১ ৰান কৰি অল আউট হয় । টেম্বা বাভুমাই এই শৃংখলাত অধিনায়ক হিচাপে কেতিয়াও টেষ্টত পৰাস্ত নোহোৱাৰ অভিলেখ বজাই ৰাখিছে । এই জয়ৰ লগে লগে দুখন মেচৰ টেষ্ট শৃংখলা দক্ষিণ আফ্ৰিকাই ২-০ ব্যৱধানত দখল কৰে ।

যোৱা ৭খন মেচত পঞ্চমটো পৰাজয়-

গুৱাহাটী টেষ্টত পৰাস্ত হোৱাৰ লগে লগে ঘৰুৱা মাটিত খেলা যোৱা ৭খন টেষ্টৰ ভিতৰত ৫ খন টেষ্টত পৰাস্ত হৈছে টীম ইণ্ডিয়া । যোৱা বছৰ একে মাহতে টীম ইণ্ডিয়াই ঘৰুৱা ক্ষেত্ৰত নিউজীলেণ্ডৰ হাতত টেষ্ট শৃংখলাত ৩-০ ব্যৱধানত পৰাস্ত হৈছিল । গুৱাহাটীৰ পূৰ্বে কলকাতাত টীম ইণ্ডিয়াই লজ্জাজনক প্ৰদৰ্শন কৰিছিল, য’ত খেলপথাৰক দোষাৰোপ কৰা হৈছিল যদিও ইয়াত আলহী দলৰ বেটছমেনসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । তথাপিও এই খেলপথাৰত কোনো ভাৰতীয় বেটছমেনে আশাপ্ৰদ প্ৰদৰ্শনত ব্যৰ্থ হয় । প্ৰথম ইনিংছত ছেনুৰন মুথুস্বামীয়ে শতক (১০৯) অৰ্জন কৰাৰ বিপৰীতে বলাৰ মাৰ্কো জেন্সেনেও ভাৰতীয় বলাৰৰ বিৰুদ্ধে ৯৩ ৰানৰ শক্তিশালী ইনিংছ খেলে ।

ইফালে দক্ষিণ আফ্ৰিকাৰ হাতত টেষ্ট শৃংখলাত ০-২ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ভাৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২০২৭ পইণ্ট টেবুলত পঞ্চম স্থানলৈ অৱনমিত হৈছে ।

দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত ৪৮৯ ৰান-

টেম্বা বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয় । প্ৰথম উইকেটৰ বাবে ৮২ ৰানৰ অংশীদাৰিত্বৰে দলটোক সুদৃঢ় আৰম্ভণি কৰে এইডেন মাৰ্কৰাম (৩৮) আৰু ৰিয়ান ৰিকেল্টনে (৩৫) । তৃতীয় উইকেটৰ বাবে ট্ৰিষ্টান ষ্টাবছ (৪৯) আৰু টেম্বা বাভুমাই ৪১ ৰান সংগ্ৰহ কৰে । প্ৰথম ইনিংছত ভাৰতৰ বলাৰসকলৰ প্ৰদৰ্শন অতিশয় দু্ৰ্বল আছিল, যাৰ প্ৰমাণ নিম্ন ক্ৰমৰ বেটছমেন মাৰ্কো জেন্সেনৰ বিস্ফোৰক ৯৩ ৰানেৰে দক্ষিণ আফ্ৰিকাক মুঠ ৪৮৯ ৰান সংগ্ৰহ কৰাত সহায় কৰে ।

দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথম ইনিংছত ছেনুৰাণ মুথুস্বামীয়ে দুটা ছয় আৰু ১০টা চাৰিৰ সহায়ত ১০৯ ৰান সংগ্ৰহ কৰে । এয়া আছিল তেওঁৰ প্ৰথমটো টেষ্ট শতক । মাৰ্কো জেন্সেনে ৯৩ ৰানৰ বিস্ফোৰক ইনিংছত ৭টা ছয় কোবাই ইতিহাস ৰচনা কৰে । ভাৰতৰ বিৰুদ্ধে টেষ্ট ইনিংছত যৌথভাৱে সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হয় তেওঁ ।

ভাৰতৰ হৈ কুলদীপ যাদৱে প্ৰথম ইনিংছত সৰ্বাধিক চাৰিটা উইকেট দখল কৰিছিল যদিও তেওঁৰ ইকনমি ৰেট আছিল ৩.৯৪ । তেওঁ ১১৫ ৰান খৰচ কৰে । বুমৰাহ আৰু ছিৰাজে দুটাকৈ উইকেট দখল কৰে যদিও ৰান সংগ্ৰহক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় ।

২০১ ৰানত সমাপ্ত টীম ইণ্ডিয়াৰ প্ৰথম ইনিংছ-

যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে প্ৰথম উইকেটৰ বাবে ৬৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি প্ৰথম ইনিংছত ভাৰতক সুদৃঢ় আৰম্ভণি প্ৰদান কৰে । অৱশ্যে ভাৰতৰ মিডল অৰ্ডাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় । ৰাহুল (২২)ক কেশৱ মহাৰাজে আউট কৰাৰ পাছত যশস্বী জয়ছোৱালে নিজৰ অৰ্ধশতক অৰ্জন কৰে । তেওঁৱো ৫৮ ৰানত ছাইমন হাৰমাৰৰ হাতত উইকেট বিসৰ্জন দিয়ে । এইটো ভাৰতৰ ৯৫ ৰানত দ্বিতীয়টো উইকেট আছিল । তাৰ পিছতে সপ্তমটো উইকেট আছিল ১২২ ৰানত । ইয়াৰ অৰ্থ হ’ল ভাৰতে মাত্ৰ ২৭ ৰানত ৬টা উইকেট হেৰুৱাইছিল ।

চাই সুদৰ্শন (১৫), ধ্ৰুৱ জুৰেল (০), ঋষভ পন্ট (৭), ৰবীন্দ্ৰ জাডেজা (৬) আৰু নীতিশ কুমাৰ ৰেড্ডী (১০) কম সময়তে আউট হয় । মাৰ্কো জেন্সেনে এই ইনিংছত ৬টা উইকেট দখল কৰে । কেৱল ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱৰ অংশীদাৰিত্বই ভাৰতক ২০০ ৰান অতিক্ৰম কৰাত সহায় কৰে । সুন্দৰে ৪৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কুলদীপে ১৩৪ বলৰ সন্মুখীন হোৱাৰ পিছতো মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰে ।

১৪০ ৰানত সীমাবদ্ধ টীম ইণ্ডিয়াৰ দ্বিতীয় ইনিংছ-

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ২৮৮ ৰানত অগ্ৰগতি লাভ কৰিছিল । আলহী দলটোৱে ২৬০/৫ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰি ভাৰতক ৫৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । দ্বিতীয় ইনিংছত ট্ৰিষ্টান ষ্টাবছে ৯৩ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে বাভুমাই ইনিংছ ঘোষণা কৰে ।

দ্বিতীয় ইনিংছতো টীম ইণ্ডিয়াৰ বেটিং ব্যৰ্থতা অব্যাহত থাকে । যশস্বী জয়ছোৱাল (১৩) আৰু কে এল ৰাহুলে (৬) ভাল আৰম্ভণিত ব্যৰ্থ হয় । জয়ছোৱালক জেন্সেনে আউট কৰাৰ বিপৰীতে কে এল ৰাহুল হাৰ্মাৰৰ বলত পেভিলিয়নমুখী হয় ।

আজি টেষ্টৰ অন্তিম দিনটোত ভাৰতৰ তৃতীয় উইকেট কুলদীপ যাদৱৰ ৰূপত পতন ঘটে । ইয়াৰ পিছতে ধ্ৰুৱ জুৰেল (২) আৰু ঋষভ পন্ট (১৩) কম সময়তে পেভিলিয়নমুখী হয় । সুদৰ্শনেও ১৪ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । ৰবীন্দ্ৰ জাডেজাই কিছু চেষ্টা কৰিছিল যদিও  সেয়া যথেষ্ট নহ’ল । দুটা ছয় আৰু চাৰিটা চাৰিসহ ৫৪ ৰান সংগ্ৰহ কৰে তেওঁ । ভাৰতৰ দ্বিতীয় ইনিংছ ১৪০ ৰানত সমাপ্ত হয় । লগে লগে দক্ষিণ আফ্ৰিকাই ৪০৮ ৰানত বৃহৎ জয় সাব্যস্ত কৰে ।

এই ইনিংছত ছাইমন হাৰ্মাৰে সৰ্বাধিক ৬টা উইকেট দখল কৰে । তেওঁ এই মেচতে টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো ৫ উইকেট দখল কৰে । কেশৱ মহাৰাজে দুটা উইকেট দখল কৰে । মাৰ্কো জেন্সেন আৰু ছেনুৰণ মুথুস্বামীয়ে এটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক : ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

গুৱাহাটী টেষ্টত পৰাজয়ৰ গৰাহত ভাৰতীয় দল! সন্মুখত বিশাল লক্ষ্য…

পৰাজয়ৰ দিশে ভাৰতীয় দল!

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি আছে শৃংখলাৰ দ্বিতীয় তথা অন্তিম টেষ্ট । মঙলবাৰে (২৫ নৱেম্বৰ) খেলখনৰ চতুৰ্থ দিনটোত ভাৰতীয় দলে সন্মুখত লাভ কৰে ৫৪৯ ৰানৰ বিশাল বিজয় লক্ষ্য ।

ভাৰতীয় দলটো লক্ষ্যৰ পৰা এতিয়াও ৫২২ ৰান দূৰত । পঞ্চম দিনটোত ভাৰতীয় দলটোৱে কেনেদৰে খেলিব সেয়া লক্ষণীয় হ’ব ৷ চতুৰ্থ দিনা ষ্টাম্পত ভাৰতৰ স্ক’ৰ আছিল ২৭/২ । অপৰাজিত হৈ আছে ছাই সুদৰ্শন (২) আৰু কুলদীপ যাদৱ (৪) । আউট হোৱা বেটছমেন দুগৰাকী হ’ল যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল ।

ভাৰতৰ দ্বিতীয় ইনিংছ-

ভাৰতৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি দুৰ্বল আছিল । কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হয় যশস্বী জয়ছোৱাল (১৩) । তেওঁ মাৰ্কো জেন্সেনৰ বলত উইকেটৰক্ষক কাইল ভেৰেইনৰ হাতত কেচ পেলাই । কিছু সময়ৰ পাছতে কে এল ৰাহুল (৬)কোছাইমন হাৰ্মাৰে বল্ড কৰি ভাৰতক আন এক আঘাত দিয়ে দক্ষিণ আফ্ৰিকাই ।

উইকেট পতনঃ ১-১৭ (যশস্বী জয়ছোৱাল, ৬.১ অভাৰ), ২-২১ (কে এল ৰাহুল, ৯.২ অভাৰ)।

এই টেষ্টত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৪৮৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ২০১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত দক্ষিণ আফ্ৰিকাই ২৮৮ ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে । দক্ষিণ আফ্ৰিকাই ২৬০/৫ ৰে দ্বিতীয় ইনিংছ ঘোষণা কৰে ফলত ভাৰতে এই টেষ্টত জয়ৰ বাবে ৫৪৯ ৰানৰ লক্ষ্য লাভ কৰে ।

ইফালে শৃংখলা ড্ৰ’ কৰিবলৈ হ’লে এই মেচখনত জয়ী হ’ব লাগিব টিম ইণ্ডিয়া । কলকাতাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলটোৱে ৩০ ৰানত পৰাজয় স্বীকাৰ কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ-

ট্ৰিষ্টান ষ্টাবছৰ ৯৪ ৰানৰ সহায়ত দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত পাঁচ উইকেট হেৰুৱাই ২৬০ ৰান সংগ্ৰহ কৰে । ষ্টাবছ আউট হোৱাৰ পিছত টেম্বা বাভুমাই ইনিংছ ঘোষণা কৰে ।

দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই স্থিৰ আৰম্ভণি কৰিছিল । তৃতীয় দিনৰ অন্তিম অধিবেশনত ৰিয়ান ৰিকেলটন আৰু এইডেন মাৰ্ক্ৰামে ভাৰতীয় বলাৰসকলক ব্যতিব্যস্ত কৰি ৰাখিছিল । কোনো উইকেট নেহেৰুৱাকৈ ৮ অভাৰ খেলে দলটোৱে । তাৰকা বেগী বলাৰ মহম্মদ চিৰাজ আৰু যশপ্ৰীত বুমৰাহে নতুন বলৰ সৈতে উইকেট দখলত ব্যৰ্থ হয় ।

খেলৰ চতুৰ্থ দিনটোত ভাৰতক প্ৰথমটো সফলতা প্ৰদান কৰে ৰবীন্দ্ৰ জাডেজাই । তেওঁ ৰিয়ান ৰিকেলটন (৩৫)ক মহম্মদ চিৰাজৰ হাতত কেচ আউট কৰোৱাই । প্ৰথম উইকেটত ৰিকেলটন আৰু এইডেন মাৰ্ক্ৰামে ৫৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে জাডেজাই পুনৰ নিজৰ স্পীন জালত পেলাই এইডেন মাৰ্কৰামক বল্ড কৰে ।

তাৰ কিছু সময়ৰ পিছতে টেম্বা বাভুমাক ৱাশ্বিংটন সুন্দৰে ৩ ৰানত আউট কৰে । তাৰ পিছত ষ্টাবছ আৰু টনি ডি জোৰ্জিয়ে ১০১ ৰানৰ দীঘলীয়া অংশীদাৰিত্ব গঢ়ে । অৱশ্যে ৰবীন্দ্ৰ জাডেজাই এই অংশীদাৰিত্বৰ অন্ত পেলাই জোৰজীক ৪৯ ৰানত আউট কৰে । দক্ষিণ আফ্ৰিকাই পঞ্চমটো আঘাতৰ সন্মুখীন হয় ষ্টাবছৰ ৰূপত, যিয়ে ১৮০ বলত ৯৪ ৰান সংগ্ৰহ কৰি জাডেজাৰ বলত পেভিলিয়নমুখী হয় । ভাৰতীয় দলৰ সৰ্বাধিক সফল বলাৰ জাডেজাই ৬২ ৰানত ৪টা উইকেট দখল কৰে ।

উইকেট পতন : ১-৫৯ (ৰিয়ান ৰিকেলটন, ১৮.৩ অভাৰ), ২-৭৪ (এইডেন মাৰ্ক্ৰাম, ২৮.১ অভাৰ), ৩-৭৭ (টেম্বা বাভুমা, ৩১.৩ অভাৰ), ৪-১৭৮ (টনি ডি জোৰ্জি, ৫৮.১ অভাৰ), ৫-২৬০ (ট্ৰিষ্টান ষ্টাবছ, ২৮.৩ অভাৰ)।

লগতে পঢ়ক : শৃংখলা হেৰুওৱাৰ দিশে ভাৰতীয় দল; বলিঙৰ পিছত বেটিঙতো শোচনীয় প্ৰদৰ্শন

শৃংখলা হেৰুওৱাৰ দিশে ভাৰতীয় দল; বলিঙৰ পিছত বেটিঙতো শোচনীয় প্ৰদৰ্শন

গুৱাহাটী টেষ্টত ভাৰতীয় দলৰ সংগ্ৰাম

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ আশংকাত ভুগিছে ভাৰতীয় দল । গুৱাহাটী টেষ্টত বলিঙৰ পিছত বেটিঙতো শোচনীয় প্ৰদৰ্শন আগবঢ়াই ভাৰতীয় দলে । ফলত দক্ষিণ আফ্ৰিকাই মেচখনত নিজৰ স্থান শক্তিশালী কৰিছে ।

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ ৪৮৯ ৰানৰ প্ৰত্যুত্তৰত তৃতীয় দিনটোত ভাৰতৰ প্ৰথম ইনিংছ ২০১ ৰানতে সমাপ্ত হয় । দিনটোৰ খেলৰ শেষলৈকে দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত কোনো উইকেট নেহেৰুৱাকৈ ২৬ ৰান সংগ্ৰহ কৰিছে আৰু দলটোৱে ৩১৪ ৰানৰ অগ্ৰগতি লাভ কৰিছে । ষ্টাম্পৰ সময়ত ৰিয়ান ৰিকেলটনে ১৩ ৰানত আৰু এইডেন মাক্ৰামে ১২ ৰানত ক্ৰীজত অপৰাজিত হৈ থাকে ।

ফল’অন নিদিলে দক্ষিণ আফ্ৰিকাই-

ভাৰতৰ কে এল ৰাহুল আৰু যশস্বী জয়ছৱালে ভাল আৰম্ভণি কৰিছিল যদিও এই অংশীদাৰিত্ব ভাগি যোৱাৰ পিছত ভাৰতীয় ইনিংছ দুৰ্বল হৈ পৰে । ইতিমধ্যে দুখন মেচৰ এই শৃংখলাত ভাৰতীয় দল ০-১ ব্যৱধানত পিছ পৰি আছে আৰু এতিয়া ছিৰিজ হেৰুওৱাৰ আশংকাত ভুগিছে । দলটোৰ বেটিং অতি দুৰ্বল আছিল আৰু দলটোৱে ফ’ল’-অনো ৰক্ষা কৰিব নোৱাৰিলে । দলটোৱে ২৮৯ ৰান সংগ্ৰহ কৰিব লাগিছিল যদিও ব্যৰ্থ হয় । কিন্তু দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই ভাৰতক ফল’অন নিদিয়াৰ সিদ্ধান্ত লয় আৰু পুনৰ বেটিং কৰিবলৈ বাছি লয় । এইদৰে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ২৮৮ ৰানত অগ্ৰগতি লাভ কৰে ।

প্ৰথম ইনিংছত ভাৰতৰ আটাইকইটা উইকেটৰ পতনৰ পিছত মাৰ্কৰাম আৰু ৰিকেলটনে ভাল আৰম্ভণি কৰিছে । ভাৰতীয় বলাৰসকলে এতিয়ালৈকে কোনো সফলতা লাভ কৰা নাই । এই পৰিস্থিতিত ভাৰতে এতিয়া অন্ততঃ মেচখন ড্ৰ কৰিবলৈ চাব কিন্তু শৃংখলা ৰক্ষা কৰিবলৈ জয়েই হৈছে দলটোৰ একমাত্ৰ বিকল্প ।

ভাৰতৰ ইনিংছ-

ভাৰতৰ হৈ যশস্বী জয়ছোৱালে সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সুন্দৰে ৪৮ ৰানত ইনিংছ খেলে । ইয়াৰ বাহিৰেও কোনো বেটছমেনে ক্ৰীজত অধিক সময় তিষ্ঠি থকাত ব্যৰ্থ হয় । কে এল ৰাহুল ২২ ৰান, ছাই সুদৰ্শন ১৫ ৰান, অধিনায়ক ঋষভ পন্ট ৭ ৰান, ৰবীন্দ্ৰ জাডেজা ৬ ৰান, নীতিশ ৰেড্ডী ১০ ৰান সংগ্ৰহ কৰি আইট হয় । ৯৫ ৰানত এটা উইকেটৰ পিছত ১২২ ৰানত উপনীত হোৱালৈকে ভাৰতে ৭টা উইকেটত হেৰুৱাই ।

ধ্ৰুৱে জুৰেল চূড়ান্ত ব্যৰ্থ হয় । তেওঁ কোনো ৰান সংগ্ৰহ নকাৰাকৈ পেভিলিয়নমুখী হয় । ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱে ৭২ ৰাণৰ অংশীদাৰিত্ব গঢ়ে । সুন্দৰ আউট হোৱাৰ পিছত ২০১ ৰানতে দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰিবলৈ বাধ্য হয় । ১৯ ৰান সংগ্ৰহ কৰাৰ পিছত কুলদীপ আউট হয় আৰু পাঁচ ৰান সংগ্ৰহ কৰি বামৰাহে নিজৰ উইকেট বিসৰ্জন দিয়ে । দক্ষিণ আফ্ৰিকাৰ হৈ জেন্সেনে ৬টা উইকেট দখল কৰাৰ বিপৰীতে চাইমন হাৰ্মাৰে তিনিটা উইকেট দখল কৰে । কেশৱ মহাৰাজে এটা উইকেট দখল কৰে ।

উইকেট পতন : ১-৬৫ (কে এল ৰাহুল, ২১.৩ অভাৰ), ২-৯৫ (যশস্বী জয়ছোৱাল, ৩২.২ অভাৰ), ৩-৯৬ (ছাই সুদৰ্শন, ৩৪.৩ অভাৰ), ৪-১০২ (ধ্ৰুৱ জুৰেল, ৩৫.৩ অভাৰ), ৫-১০৫ (ঋষভ পন্ট, ৩৭.২ অভাৰ), ৬-১১৯ (নীতিশ কুমাৰ ৰেড্ডী, ৪১.৪ অভাৰ), ৭-১২২ (ৰবীন্দ্ৰ জাডেজা, ৪৩.৩ অভাৰ),৮-১৯৪ (ৱাশ্বিংটন সুন্দৰ, ৭৮.১ অভাৰ), ৯-১৯৪ (কুলদীপ যাদৱ, ৮১.৫ অভাৰ), ১০-২০১ (যশপ্ৰীত বুমৰাহ, ৮৩.৫ অভাৰ)।

লগতে পঢ়ক :দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল

গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৰানৰ পাহাৰ; মুথুস্বামীৰ শতক

গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৰানৰ পাহাৰ

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ আছে শৃংখলাৰ অন্তিমখন টেষ্ট । এই টেষ্টৰ প্ৰথম ইনিংছত ৰানৰ পাহাৰ গঢ়িছে দক্ষিণ আফ্ৰিকাই । দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৪৮৯ ৰান সংগ্ৰহ কৰে । ইতিমধ্যে দ্বিতীয় দিনৰ খেলৰ সমাৰণি পৰিছে । দ্বিতীয় দিনটোৰ শেষত ভাৰতে প্ৰথম ইনিংছত কোনো উইকেট নেহেৰুৱাকৈ ৯ ৰান সংগ্ৰহ কৰে । যশস্বী জয়ছোৱালে ৭ ৰানত আৰু কে এল ৰাহুলে ২ ৰানত অপৰাজিত হৈ আছে । ভাৰতৰ প্ৰথম ইনিংছত ৪.৪ অভাৰৰ খেল হৈছে । প্ৰথম ইনিংছৰ ভিত্তিত দক্ষিণ আফ্ৰিকাই ৪৮০ ৰানত অগ্ৰগতি লাভ কৰিছে ।

উল্লেখ্য যে, কলকাতা টেষ্টত ভাৰত ৩০ ৰানত পৰাস্ত হয় । এই জয়ে দক্ষিণ আফ্ৰিকাক শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি প্ৰদান কৰিছে । শৃংখলা ড্ৰ’ কৰিবলৈ হ’লে এই মেচত জয়ী হ’ব লাগিব টিম ইণ্ডিয়া ।

দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ-

গুৱাহাটী টেষ্টৰ প্ৰথম দিনটো যথেষ্ট ৰোমাঞ্চকৰ আছিল । দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে ৰান সংগ্ৰহ কৰে যদিও ভাৰতীয় বলাৰসকলেও উইকেট ল’বলৈ সক্ষম হয় । প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ ক্ৰমৰ বেটছমেন এইডেন মাৰ্ক্ৰাম (৩৮ ৰান), ৰিয়ান ৰিকেলটন (৩৫ ৰান), ট্ৰিষ্টান ষ্টাবছ (৪৯ ৰান) আৰু অধিনায়ক টেম্বা বাভুমাই (৪১ ৰান) ভাল প্ৰদৰ্শন আগবঢ়ায় । ভাৰতীয় দলৰ হৈ প্ৰথম দিনাই সৰ্বাধিক উইকেট দখল কৰি স্পীনাৰ কুলদীপ যাদৱে । তেওঁ ৩টা উইকেট দখল কৰে ।

খেলৰ দ্বিতীয় দিনা চেনুৰাণ মুথুস্বামী আৰু কাইল ভেৰেইনে দক্ষিণ আফ্ৰিকাৰ ইনিংছ চম্ভালে । সপ্তম উইকেটৰ বাবে তেওঁলোকে ৮৮ ৰানৰ অংশীদাৰিত্ব গঢ়ে । এই অংশীদাৰিত্ব ভংগ কৰে ৰবীন্দ্ৰ জাডেজাই । জাডেজাই ভেৰেইনক আউট কৰে । ভেৰেইনে ১২২টা বলত ৪৫ ৰান সংগ্ৰহ কৰে, য’ত ৫টা চাৰি আছিল । ভেৰেইনক আউট কৰাৰ পিছত মুথুস্বামীৰ সৈতে মাৰ্কো জেন্সেনে দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ দায়িত্ব লয় । অষ্টম উইকেটৰ বাবে জেন্সেন আৰু মুথুস্বামীয়ে ৯৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

মুথুস্বামীয়ে ২০৬টা বলত ১০৯ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই শতকীয় ইনিংছত ১০টা চাৰি আৰু দুটা ৬ন আছিল । এয়া আছিল মুথুস্বামীৰ প্ৰথম টেষ্ট শতক । মুথুস্বামী আউট হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই ছাইমন হাৰ্মাৰক হেৰুৱাইছিল যদিও মাৰ্কো জেন্সেনে নিজৰ বিস্ফোৰক বেটিং অব্যাহত ৰাখে । জেন্সেনে ৯১টা বলত ৯৩ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই ইনিংছত ৭টা ছয় আৰু ৬টা চাৰি আছিল । ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰে ।

উইকেট পতন : ১-৮২ (এইডেন মাৰ্ক্ৰাম, ২৬.৫ অভাৰ), ২-৮২ (ৰিয়ান ৰিকেলটন, ২৭.২ অভাৰ), ৩-১৬৬ (টেম্বা বাভুমা, ৫৭.২ অভাৰ), ৪-১৮৭ (ট্ৰিষ্টান ষ্টাবছ, ৬৩.১ অভাৰ), ৫-২০১ (ৱিয়ান মুল্ডাৰ, ৬৭.১ অভাৰ), ৬-২৪৬ (টনি ডি জোৰ্জি, ৮১.১ অভাৰ), ৭-৩৩৪ (কাইল ভেৰেইন, ১২০.৩ অভাৰ), ৮-৪৩১ (চেনুৰাণ মুথুস্বামী, ১৩৮.১ অভাৰ), ৯-৪৬২ (চাইমন হাৰমাৰ, ১৪৩.১ অভাৰ), ১০-৪৮৯ (মাৰ্কো জেন্সেন, ১৫১.১ অভাৰ) ।

এই মেচখনৰ বাবে ভাৰতীয় দলটোৱে নিজৰ মূল একাদশত দুটা সালসলনি কৰিছিল । শুভমন গীলৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেলৰ ঠাইত ছাই সুদৰ্শনে একাদশত স্থান লাভ কৰে । আনহাতে দক্ষিণ আফ্ৰিকাই এটা পৰিৱৰ্তন কৰে । তেওঁলোকে কৰ্বিন বছক বাদ দি স্পীনাৰ ছেনুৰাণ মুথুস্বামীক মূল একাদশত অন্তৰ্ভুক্ত কৰে । আফ্ৰিকান দলটোৱে তিনিজন স্পিনাৰক লৈ খেলখনত প্ৰৱেশ কৰে: কেশৱ মহাৰাজ, চাইমন হাৰ্মাৰ, আৰু মুথুস্বামী।

লগতে পঢ়ক : ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে… গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা

ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে… গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা

গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচত ইতিহাস সৃষ্টি হয় । দৰাচলতে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ ১৪৮ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিয়মীয়া টেষ্ট মেচত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহ বিৰতি লোৱা হয় । দিবা-নৈশ টেষ্টত সাধাৰণতে ৰাতিৰ আহাৰ খোৱাৰ আগতে চাহ খোৱা হয় যদিও প্ৰথম টেষ্ট আয়োজন কৰা গুৱাহাটীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি লৈ এক নতুন অভিলেখ গঢ়ি তুলিছে ।

কিয় লোৱা হ’ল এই সিদ্ধান্ত ?

উত্তৰ-পূব ভাৰতত আগতীয়াকৈ হোৱা সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ বাবেই এই সিদ্ধান্ত লোৱা হয় । ফলত টেষ্ট মেচৰ প্ৰথম অধিবেশন পুৱা ৯:০০ বজাৰ পৰা ১১:০০ বজালৈ অনুষ্ঠিত হয়, তাৰ পিছত পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ চাহৰ বিৰতি অনুষ্ঠিত হয় ।

উল্লেখ্য যে, গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । ইতিমধ্যে এই শৃংখলাত ১-০ ব্যৱধানত পিছ পৰি আছে টিম ইণ্ডিয়া । দুখন মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত জয়ী হোৱাটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ হিচাবে পৰিগণিত বৰ্ষাপাৰা ষ্টেডিয়াম; এতিয়ালৈকে এইসমূহ গ্ৰাউণ্ডত হৈছে প্ৰতিদ্বন্দ্বিতা…

গুৱাহাটী টেষ্টৰ প্ৰথম দিনৰ খেল সমাপ্ত; প্ৰ’টিয়াছ বাহিনীৰ ৬টা উইকেটৰ পতন

গুৱাহাটী টেষ্টৰ প্ৰথম দিনৰ খেল সমাপ্ত

২২ নৱেম্বৰ, শনিবাৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে দুখন মেচৰ শৃংখলাৰ দ্বিতীয়খন তথা অন্তিমখন টেষ্ট । গুৱাহাটী টেষ্টৰ প্ৰথম দিনটোৰ অন্তত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৬ উইকেটত ২৪৭ ৰান সংগ্ৰহ কৰে । ছেনুৰন মুথুছামীয়ে ২৫ ৰান আৰু কাইল ভেৰেইনে ১ ৰানত অপৰাজিত হৈ থাকে  ।কুলদীপ যাদৱে ভাৰতৰ হৈ এতিয়ালৈকে সৰ্বাধিক তিনিটা উইকেট দখল কৰিছে ।

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই শক্তিশালী আৰম্ভণি কৰে । অ’পেনাৰ এইডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটনে ডেৰশ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । এই অংশীদাৰিত্ব ভংগ কৰে যশপ্ৰীত বুহৰাহে, যিয়ে মাৰ্কৰাম (৩৮)ক বল্ড কৰে । তাৰ পাছত টি ব্ৰেকৰ লগে লগে কুলদীপ যাদৱে ৰিকেলটনক ৩৫ ৰানত আউট কৰে । ইয়াৰ পাছতে টেম্বা বাভুমা আৰু ট্ৰিষ্টান ষ্টাবছে তৃতীয় উইকেটত ৮৪ ৰান সংযোজন কৰে । বাভুমাক ৪১ ৰানত আউট কৰে ৰবীন্দ্ৰ জাডেজাই ।

টেম্বা বাভুমাৰ পিছতে ভাৰতে ট্ৰিষ্টান ষ্টাবছৰ (৪৯ ৰান) উইকেটো লাভ কৰে । কুলদীপ যাদৱে আউট কৰে তেওঁক । কুলদীপে মুল্ডাৰকো আউট কৰে । এই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ ২০১/৫ আছিল । প্ৰথম দিনৰ খেলত দক্ষিণ আফ্ৰিকাৰ ষষ্ঠ উইকেটটো আছিল টনি ডি জোৰ্জী, যাক মহম্মদ চিৰাজে ২৮ ৰানত আউট কৰে ।

উইকেটৰ পতন : ১-৮২ (এইডেন মাৰ্ক্ৰাম, ২৬.৫ অভাৰ), ২-৮২ (ৰিয়ান ৰিকেলটন, ২৭.২ অভাৰ), ৩-১৬৬ (টেম্বা বাভুমা, ৫৭.২ অভাৰ), ৪-১৮৭ (ট্ৰিষ্টান ষ্টাবছ, ৬৩.১ অভাৰ), ৫-২০১ (ৱিয়ান মুল্ডাৰ, ৬৭.১ অভাৰ), ৬-২৪৬ (টনি ডি জোৰ্জি, ৮১.১ অভাৰ) ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মূল একাদশত পৰিৱৰ্তন ?

গুৱাহাটী টেষ্টৰ বাবে ভাৰতীয় দলটোৱে মূল একাদশত দুটা পৰিৱৰ্তন কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দলটোৱে এটা পৰিৱৰ্তন কৰিছে । শুভমন গীলৰ ঠাইত নীতিশ ৰেড্ডীক দলত অন্তৰ্ভূক্ত কৰা হৈছে । দলৰ পৰা অক্ষৰ পেটেলক বাদ দিয়াৰ লগতে দলত অন্তৰ্ভুক্ত কৰা হয় ছাই সুদৰ্শনক । দক্ষিণ আফ্ৰিকাৰ দলটোৱেও এটা পৰিৱৰ্তন কৰে । কৰ্বিন বছৰ ঠাইত স্পীনাৰ ছেনুৰাণ মুথুছামিয়ে এই মেচত খেলিছে । আফ্ৰিকান দলটোৱে তিনিজন স্পীনাৰক লৈ এই মেচত নামিছে । ইতিমধ্যেই দলটোত কেশৱ মহাৰাজ আৰু চাইমন হাৰ্মাৰ আছে ।

গুৱাহাটী টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ : যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল, ঋষভ পন্ট (অধিনায়ক, উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, নীতিশ ৰেড্ডী, ছাই সুদৰ্শন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।

গুৱাহাটী টেষ্টত আৰম্ভ হৈছে এক নতুন পৰম্পৰা-

গুৱাহাটীত এইখন প্ৰথম টেষ্ট মেচ । পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হয় আৰু পুৱা ৯ বজাৰ পৰা মেচ আৰম্ভ হয় । পাঁচোটা দিনতে প্ৰথম অধিবেশন পুৱা ৯ বজাৰ পৰা ১১ বজালৈ হ’ব, তাৰ পিছত ২০ মিনিটৰ চাহ বিৰতি । দ্বিতীয় অধিবেশন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজালৈ হ’ব । দ্বিতীয় অধিবেশনৰ পিছত ৪০ মিনিটৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি দিয়া হ’ব । বিয়লি ২ বজাৰ পৰা ৪ বজালৈ হ’ব চূড়ান্ত অধিবেশন । যদিহে নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ অভাৰ সম্পূৰ্ণ নহয়, তেন্তে খেলখন আধা ঘণ্টা বৃদ্ধি কৰা হ’ব, অৰ্থাৎ বিয়লি ৪:৩০ বজালৈকে খেলখন চলিব পাৰে ।

লগতে পঢ়ক : ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ হিচাবে পৰিগণিত বৰ্ষাপাৰা ষ্টেডিয়াম; এতিয়ালৈকে এইসমূহ গ্ৰাউণ্ডত হৈছে প্ৰতিদ্বন্দ্বিতা…