ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ হিচাবে পৰিগণিত বৰ্ষাপাৰা ষ্টেডিয়াম; এতিয়ালৈকে এইসমূহ গ্ৰাউণ্ডত হৈছে প্ৰতিদ্বন্দ্বিতা…

ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ বৰ্ষাপাৰা ষ্টেডিয়াম

২২ নৱেম্বৰ, শনিবাৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলাৰ অন্তিমখন খেল আৰম্ভ হৈছে । টেষ্ট শৃংখলাত ০-১ ব্যৱধানত পিছ পৰি থকা ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ । এই খেলখন অসমবাসীৰ বাবে অতি বিশেষ, কিয়নো বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে টেষ্ট মেচ ।

এই মেচখনৰ পূৰ্বে ভাৰতত ২৯৭খন টেষ্ট মেচ অনুষ্ঠিত হৈছিল । মুঠ ২৯খন খেলপথাৰত অনুষ্ঠিত হৈছিল এইসমূহ টেষ্ট মেচ । এই আটাইকেইখন মেচতে ভাৰতীয় দল আছিল । ইয়াৰ পৰা এটা কথা স্পষ্ট যে ভাৰতৰ মাটিত কেতিয়াও কোনো নিৰপেক্ষ টেষ্ট মেচ অনুষ্ঠিত হোৱা নাই । এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামকো ভাৰতৰ টেষ্ট চেণ্টাৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে । এই ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট ভেন্যু ।

উল্লেখ্য যে ভাৰতৰ প্ৰথমখন টেষ্ট মেচ ১৯৩৩ চনত মুম্বাইৰ জিমখানা খেলপথাৰত অনুষ্ঠিত হৈছিল, যিখন খেলো সেই খেলপথাৰত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচ আছিল । আজিলৈকে ভাৰতৰ মাত্ৰ ৯খন খেলপথাৰতহে ১০খনতকৈ অধিক টেষ্ট মেচ অনুষ্ঠিত হৈছে । ৮খন খেলপথাৰত মাত্ৰ এখনকৈ টেষ্ট মেচ আয়োজন কৰা হৈছে । গান্ধী ষ্টেডিয়াম (জলন্ধৰ), ছেক্টৰ ১৬ ষ্টেডিয়াম (চণ্ডীগড়), ইউনিভাৰ্চিটি খেলপথাৰ (লক্ষ্ণৌ), কে ডি সিং বাবু ষ্টেডিয়াম (লক্ষ্ণৌ) আৰু লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়াম (হায়দৰাবাদ)ত বহু বছৰ ধৰি এখনো আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱা নাই ।

ভাৰতৰ ভিতৰত সৰ্বাধিক টেষ্ট মেচ অনুষ্ঠিত হৈছে ইডেন গাৰ্ডেনছত । এই খেলপথাৰত বৰ্তমানলৈ ৪৩ খন টেষ্ট মেচ অনুষ্ঠিত হৈছে । ইয়াৰ পিছতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৩৬খন টেষ্ট মেচ অনুষ্ঠিত হৈছে । তৃতীয় স্থানত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম আছে য’ত টিম ইণ্ডিয়াই ৩৫খন খেল খেলিছে ।

ভাৰতত এই খেলপথাৰসমূহত টেষ্ট মেচ অনুষ্ঠিত হৈছে :

-ইডেন গাৰ্ডেনছ, কলকাতা- ৪৩ খন টেষ্ট

-অৰুণ জেটলী ষ্টেডিয়াম, দিল্লী- ৩৬ খন টেষ্ট

-এম এ চিদাম্বৰম ষ্টেডিয়াম, চেন্নাই- ৩৫ খন টেষ্ট

-ৱাংখেড়ে ষ্টেডিয়াম, মুম্বাই- ২৬ খন টেষ্ট

-এম চিন্নাস্বামী ষ্টেডিয়াম, বেংগালুৰু- ২৫ খন টেষ্ট

-গ্ৰীণ পাৰ্ক, কানপুৰ- ২৪ খন টেষ্ট

-ব্ৰাবৰ্ণ ষ্টেডিয়াম, মুম্বাই- ১৮খন টেষ্ট

-নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ- ১৬ খন টেষ্ট

-আই এছ বিন্দ্ৰা পঞ্জাব ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম, মোহালী- ১৪ খন টেষ্ট

-বিদৰ্ভ চি এ খেলপথাৰ, নাগপুৰ- ৯ খন টেষ্ট

-নেহৰু ষ্টেডিয়াম, চেন্নাই- ৯ খন টেষ্ট

-বিদৰ্ভ ক্ৰিকেট সন্থা ষ্টেডিয়াম, নাগপুৰ- ৭ খন টেষ্ট

-ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, হায়দৰাবাদ – ৬ খন টেষ্ট

-জে এছ চি এ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম কমপ্লেক্স, ৰাঁচী- ৩ খন টেষ্ট

-হোলকাৰ ক্ৰিকেট ষ্টেডিয়াম, ইন্দোৰ- ৩ খন টেষ্ট

-ডাঃ ৱাই.এছ. ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ষ্টেডিয়াম, বিশাখাপট্টনম- ৩খন টেষ্ট

-সৌৰাষ্ট্ৰ ক্ৰিকেট সন্থা ষ্টেডিয়াম, ৰাজকোট- ৩ খন টেষ্ট

-লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়াম, হায়দৰাবাদ- ৩ খন টেষ্ট

-মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থা ষ্টেডিয়াম, পুনে- ২ খন টেষ্ট

-বাৰাবাটি ষ্টেডিয়াম, কটক- ২ খন টেষ্ট

-হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়াম, ধৰমশালা- ২ খন টেষ্ট

-কে ডি সিং বাবু ষ্টেডিয়াম, লক্ষ্ণৌ- ১ টেষ্ট

-জিমখানা খেলপথাৰ, মুম্বাই- ১ টেষ্ট

-ছেক্টৰ ১৬ ষ্টেডিয়াম, চণ্ডীগড়- ১ টেষ্ট

-ছাৱাই মানসিং ষ্টেডিয়াম, জয়পুৰ – ১ টেষ্ট

-ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম, লক্ষ্ণৌ- ১ টেষ্ট

-ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডেৰাডুন- ১ টেষ্ট

-গান্ধী ষ্টেডিয়াম, জলন্ধৰ- ১ খন টেষ্ট

-বিশ্ববিদ্যালয় খেলপথাৰ, লক্ষ্ণৌ- ১ খন টেষ্ট

-বৰ্ষাপাৰা ষ্টেডিয়াম, গুৱাহাটী- ১ খন টেষ্ট

লগতে পঢ়ক : দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়; বাহিৰ হ’ল অধিনায়ক শুভমান গিল

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ… কিন্তু দ্বিতীয় টেষ্টত অংশগ্ৰহণত অনিশ্চয়তা

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ

টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলৰ গুৱাহাটী ভ্ৰমণ নিশ্চিত হৈছে । এই তথ্য প্ৰকাশ পাইছে বিচিচিআইৰ শেহতীয়া আপডেটত । অৱশ্যে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত তেওঁ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতা টেষ্টৰ দ্বিতীয় দিনা ডিঙিত আঘাত পোৱাত গীলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁক চিকিৎসাক কৰি পৰ্যবেক্ষণত ৰখা হৈছিল আৰু পিছদিনা তেওঁক ডিচচাৰ্জ দিয়া হৈছিল ।

বিচিচিআইৰ চিকিৎসা দলৰ মতে, শুভমন গীলে চিকিৎসাৰ ক্ষেত্ৰত ভাল সঁহাৰি দিছে । ১৯ ​​নৱেম্বৰত গীল দলৰ সৈতে গুৱাহাটীলৈ আহিব বুলি সিদ্ধান্ত লোৱা হৈছে । কিন্তু তেওঁৰ আঘাতৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰা হ’ব আৰু চিকিৎসা দলৰ প্ৰতিবেদনৰ ভিত্তিত দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

এতিয়া যদি গীল গুৱাহাটী টেষ্টৰ বাবে ফিট নহয়, তেন্তে তেওঁৰ ঠাইত দায়িত্ব ল’ব ঋষভ পণ্টে । গীলৰ ৪ নং স্থানত খেলিব পাৰে ছাই সুদৰ্শন বা দেৱদত্ত পাডিক্কালে । ইফালে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই শৃংখলা জয়ৰ বাবে অন্ততঃ ড্ৰ’ৰ ওপৰত চকু ৰাখিব ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !

গুৱাহাটীলৈ নাহে শুভমন গীল! দ্বিতীয় টেষ্টত খেলাক লৈ সংশয়

গুৱাহাটীলৈ নাহে শুভমন গীল!

২২ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত অধিনায়ক শুভমন গীলৰ অংশগ্ৰহণক লৈ সংশয়ে বিৰাজ কৰিছে । বুধবাৰে দলৰ সৈতে অধিনায়কগৰাকী গুৱাহাটীলৈ যাত্ৰা নকৰে বুলি খবৰ প্ৰকাশ পাইছে । কলকাতা টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱাত চিকিৎসালয়ত ভৰ্তি হৈছিল গীল । দেওবাৰে তেওঁক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হয় ।

বুধবাৰে দলৰ সৈতে গুৱাহাটীলৈ নাহে শুভমন গীল-

জানিব পৰা মতে বুধবাৰে টীম ইণ্ডিয়াৰ সৈতে গুৱাহাটীলৈ যাত্ৰা নকৰে গীলে । তেওঁ ডিঙিত কলাৰ পিন্ধি থাকিব । তেওঁক তিনি-চাৰি দিন জিৰণি লোৱাৰ লগতে বিমান যাত্ৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । এই পৰিস্থিতিত তেওঁক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ দিয়া হোৱা নাই । অৱশ্যে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰি থকা হৈছে আৰু মঙলবাৰৰ ভিতৰত এই সংশয়ক লৈ স্পষ্ট ছবি প্ৰকাশ পাব বুলি জানিব পৰা গৈছে ।

কোনে ল’ব গীলৰ ঠাই-

দ্বিতীয় আৰু অন্তিম টেষ্টৰ বাবে বুধবাৰে কলকাতাৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’ব ভাৰতীয় দল । প্ৰথম টেষ্টৰ পিছত সংবাদমেলত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কয় যে গীলৰ মূল্যায়ন এতিয়াও চলি আছে, ফিজিঅ’ আৰু চিকিৎসা কৰ্মচাৰীৰ দ্বাৰা আন এক ৰাউণ্ডৰ মূল্যায়ন কৰা হ’ব । শুভমন গীলৰ অনুপস্থিতিত ভাৰতীয় দলটোৱে প্ৰথম টেষ্টৰ চতুৰ্থ ইনিংছত ১২৪ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈ ৩০ ৰানত পৰাস্ত হয় । যদি গীলক বাদ দিয়া হয় তেন্তে ভাৰতে বি ছাই সুদ্ৰশন আৰু দেৱদত্ত পাদিক্কলৰ বিকল্প লাভ কৰিব ।

লগতে পঢ়ক : ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

চিকিৎসালয়ৰ পৰা ৰিলিজ… দ্বিতীয় টেষ্টৰ বাবে অনিশ্চয়তাত শুভমন গীল!

দ্বিতীয় টেষ্টৰ বাবে শুভমন গীলৰ সন্মুখত প্ৰত্যাহ্বান

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ডিঙিত আঘাত পাই শনিবাৰে সন্ধিয়া কলকাতাৰ হাস্পতালত ভৰ্তি হৈছিল ভাৰতীয় অধিনায়ক শুভমন গীল । কিন্তু এতিয়া গীলক হাস্পটালৰ পৰা মুকলি কৰা হৈছে । গীল দলৰ হোটেললৈ উভতি আহে আৰু বৰ্তমান তেওঁ সুস্থিৰ, খোজ কাঢ়িব পাৰিছে আৰু ডিঙি লৰচৰ কৰিবও পৰা হৈছে । প্ৰথমতে সহায়ক কৰ্মচাৰীসকলক চিন্তিত কৰা বিষ এতিয়া বহু পৰিমাণে হ্ৰাস পাইছে শুভমন গীলৰ ।

এতিয়াৰ বাবে শুভমন গীল টিম হোটেলখনতে তীক্ষ্ণ নিৰীক্ষণত থাকিব, য’ত চিকিৎসক আৰু বিচিচিআই মেডিকেল ইউনিটে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰিব । গুৱাহাটীত দ্বিতীয়খন টেষ্টৰ বাবে দলৰ সৈতে যাত্ৰা কৰিব নে নকৰে সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই আৰু অনাগত দিনত জিৰণি আৰু চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰিব ।

প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছিল গীল-

দ্বিতীয় দিনৰ অন্তিম মুহূৰ্তত সংঘটিত হোৱা এক চিন্তনীয় ঘটনাৰ পিছত প্ৰথম টেষ্টৰ বাকী অংশৰ পৰা বাহিৰ হয় শুভমন গীল । ড্ৰিংকছ ব্ৰেকৰ পিছত তেওঁ ক্ৰীজলৈ উভতি আহি ছাইমন হাৰ্মাৰৰ প্ৰথম বলটো ডিফেণ্ড কৰে, তাৰ পিছত পৰৱৰ্তী ডেলিভাৰীটো স্লগ-ছুইপ কৰি বাউণ্ডেৰীলৈ ঠেলে । কিন্তু এই শ্বটৰ বাবে তেওঁ আগাতপ্ৰাপ্ত হয় । লগে লগে ফিজিঅ’ খেলপথাৰত উপস্থিত হয় আৰু মাত্ৰ তিনিটা বলৰ পিছত ভাৰতীয় অধিনায়কজনে আঘাতৰ বাবে ক্ৰীজ ত্যাগ কৰে । পিছদিনা সন্ধিয়া তেওঁক সাৱধানতাৰ উদ্দেশ্যে ছাৰ্ভাইকেল কলাৰ পিন্ধাই চিকিৎসালয়লৈ লৈ যোৱা হয় ।

দেওবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি সৌৰভ গাংগুলীয়ে ১৫ মিনিটৰ বাবে চিকিৎসালয়ত উপস্থিত হৈ শুভমন গীলৰ অৱস্থাৰ বিষয়ে খবৰ লোৱাৰ লগতে চিকিৎসক আৰু কৰ্মীসকলৰ সৈতে কথা পাতে ।

উল্লেখ্য যে, কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । দলটোৱে ১২৪ ৰানৰ লক্ষ্য কৰিছিল যদিও বেটিং ব্যৰ্থতাৰ বাবে বিজয় লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।  

লগতে পঢ়ক : ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ

কলকাতাৰ ইডেন গাৰ্ডেনছত ইতিহাস ৰচনা কৰিলে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলে । টেম্বা বাভুমাৰ অধিনায়কত্বত থকা আফ্ৰিকান দলটোৱে ভাৰতক প্ৰথম টেষ্টত ৩০ ৰানত পৰাস্ত কৰে । টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ এই জয়ো বিশেষ কাৰণ ১৫ বছৰৰ পাছত দলটোৱে টেষ্ট ক্ৰিকেটত ভাৰতক পৰাস্ত কৰিছে । এই জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই এতিয়া ২খন খেলৰ এই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ভাৰতৰ এই লজ্জাজনক পৰাজয়ৰ ৫টা কাৰণ জানক ।

ভাৰতৰ বেটিং ব্যৰ্থা, টি-২০ শৈলীৰ প্ৰভাৱ-

ইডেন গাৰ্ডেন টেষ্টৰ দুয়োটা ইনিংছতে ভাৰতীয় বেটিং লাইন আপ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় । প্ৰথম ইনিংছত ভাৰতে মুঠ ১৮৯ ৰান সংগ্ৰহ কৰে । কিন্তু এজনো বেটছমেনে পঞ্চাশৰ ঘৰ স্পৰ্শ কৰাত ব্যৰ্থ হয় । শীৰ্ষ অৰ্ডাৰ দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয় । মিডল অৰ্ডাৰৰ বেটছমেনসকলক টি-২০ শৈলীত বেটিং কৰা দেখা যায় । আনহাতে পিটচখন একেবাৰেই উপযোগী নাছিল । কিন্তু প্ৰতিজন বেটছমেনে আক্ৰমণাত্মক চিন্তাৰে আহিছিল আৰু উইকেট হেৰুৱাইছিল । ফলত ভাৰতে সামান্য অগ্ৰগতি লাভ কৰে ।

দ্বিতীয় ইনিংছত খহি পৰিল বেটিং দুৰ্গ-

প্ৰথম ইনিংছৰ পৰা শিক্ষা লোৱাৰ পৰিৱৰ্তে দ্বিতীয় ইনিংছতো ভাৰতীয় দলটোৱে অত্যন্ত হতাশাজনক প্ৰদৰ্শন আগবঢ়ায় । দক্ষিণ আফ্ৰিকাই মাত্ৰ ১২৪ ৰানৰ লক্ষ্য দিছিল দলটোক । তৃতীয় দিনৰ খেল আছিল । কিন্তু ভাৰতীয় বেটছমেনে আৰম্ভণিৰে পৰাই শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখে । ভাৰতৰ অ’পেনিং যুটী প্ৰ’টিয়াছৰ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি পেভিলিয়নমুখী হয় । দুয়োটা ইনিংছতে চূড়ান্ত ব্যৰ্থ হয় যশস্বী । ফলত ৯৩ ৰানতে দলটোৱে আত্মসমৰ্পণ কৰে ।

স্পীন প্ৰত্যাহ্বান-

ভাৰতীয় বেটিং শক্তিয়ে স্পীন ভালদৰে খেলে বুলি যিদৰে জনা যায় সেই ধাৰণাৰ সম্পূৰ্ণ বিপৰীতে দেখা গ’ল । কোনো বেটছমেনে স্পীনাৰ বলাৰক প্ৰতিহত কৰিব নোৱাৰিলে । পণ্টক প্ৰথম বলৰ পৰাই পৰীক্ষামূলক শ্বট খেলা দেখা গৈছিল । জুৰেলেও নিজৰ উইকেট বিসৰ্জন দিয়ে । কোনো বেটছমেনে দীঘলীয়া ইনিংছ খেলিব পৰা নাছিল । ফলত ভাৰতীয় ইনিংছ ৯৩ ৰানতে সমাপ্ত হয় ।

যশস্বীৰ ব্যৰ্থতা, পন্টৰ ধৈৰ্য্যৰ অভাৱ-

এই পৰাজয়ৰ এটা প্ৰধান কাৰণ আছিল যশস্বীৰ ফৰ্মৰ অভাৱ । দুয়োটা ইনিংছতে যশস্বী দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয় । দ্বিতীয় ইনিংছতো তেওঁ নিজৰ একাউণ্ট খুলিব পৰা নাছিল । পণ্টে অৱশ্যে প্ৰথম ইনিংছত ২৭ ৰান সংগ্ৰহ কৰিছিল যদিও দ্বিতীয় ইনিংছৰ প্ৰথম বলৰ পৰাই ধৈৰ্য্যশীল ইনিংছৰ চাহিদা থকাৰ পিছতো তেওঁক আক্ৰমণাত্মক মোডত দেখা গৈছিল । ফলত তেওঁ মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হয় ।

গীলৰ আঘাত-

অধিনায়ক গীলৰ আঘাতো ইডেন গাৰ্ডেন টেষ্টত ভাৰতৰ পৰাজয়ৰ এটা কাৰক আছিল । প্ৰথম ইনিংছত অধিনায়ক গীলৰ আঘাতো এটা কাৰক আছিল । বেটিং কৰিবলৈ আহি তেওঁ মাত্ৰ তিনিটা বল খেলিবলৈ সক্ষম হৈছিল । তাৰ পিছত তেওঁ ডিঙিৰ সমস্যাৰ সন্মুখীন হৈ খেলপথাৰ এৰিব লগা হয় । দ্বিতীয় ইনিংছতো খেলিব নোৱাৰিলে তেওঁ । গীলৰ অনুপস্থিতি ভাৰতীয় দলৰ বাবে এক ডাঙৰ আঘাত ।

মুঠৰ ওপৰত ইডেন গাৰ্ডেন টেষ্টত ভাৰতৰ পৰাজয়ৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল এই দলটোৱে অভিজ্ঞতা বা ধৈৰ্য্য দেখুৱাব পৰা নাছিল । আৰম্ভণি ভাল নহ’লেও ধৈৰ্য্যৰ প্ৰয়োজন হৈছিল । কিন্তু বেটছমেনসকলে ধৈৰ্যশীলভাৱে খেলাত ব্যৰ্থ হয় । তেওঁলোকে অংশীদাৰিত্ব গঢ়ি তুলিব পৰা নাছিল । ৱাছিংটন সুন্দৰ আছিল একমাত্ৰ বেটছমেন যিয়ে ৫০টাতকৈ অধিক বল খেলিছিল । আন কোনো বেটছমেনে আনকি ৫০টা বলো খেলিব পৰা নাছিল ।

লগতে পঢ়ক : ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয়; ১-০ৰ অগ্ৰগতি প্ৰ’টিয়াছ বাহিনীৰ

ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয়; ১-০ৰ অগ্ৰগতি প্ৰ’টিয়াছ বাহিনীৰ

ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয়

কলকাতাত অনুষ্ঠিত শৃংখলাৰ প্রথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগা হৈছে ভাৰতীয় দল । ভাৰতীয় বেটছমেনৰ বেটিং ব্যৰ্থতাৰ বাবে মেচখনত পৰাজয় স্বীকাৰ কৰিবলগা হয় দলটো । ১২৪ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়া ৩০ ৰানত দক্ষিণ আফ্ৰিকাৰ হাতত আত্মসমৰ্পণ কৰে ।

এই জয়েৰে টেম্বা বাভুমাই নিজৰ অধিনায়কত্বত কেতিয়াও পৰাজিত নোহোৱাৰ অভিলেখ অব্যাহত ৰাখিছে । ইফালে আজি পুৱা টিম ইণ্ডিয়া এই মেচত সহজেই জয়ী হ’ব যেন লাগিছিল যদিও বেটিং ব্যৰ্থতাৰ বাবে মেচখনত পৰাজয় হয় ।

প্ৰথম ইনিংছত টিম ইণ্ডিয়াই ৩০ ৰানৰ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই ৯১ ৰানত ৭ উইকেট হেৰুৱাইছিল । আজি মেচখন আৰম্ভ হোৱাৰ সময়ত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৬৩ ৰানৰ অগ্ৰগতি লাভ কৰিছিল যদিও অধিনায়ক টেম্বা বাভুমাই কৰ্বিন বছৰ সৈতে ৪৪ ৰান সংযোজন কৰি ১০০ ৰান অতিক্ৰম কৰি অগ্ৰগতি লাভ কৰে । মেচখনত অৰ্ধশতক অৰ্জন কৰা একমাত্ৰ বেটছমেন বাভুমাই ৫৫ ৰানত অপৰাজিত হৈ থাকে যেতিয়া দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছত ১৫৩ ৰানত অল আউট হয় ।

১২৪ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ টিম ইণ্ডিয়া-

ভাৰতৰ সন্মুখত বৃহৎ লক্ষ্য নাছিল যদিও দ্বিতীয় ইনিংছৰ আৰম্ভণিতে দলটো বিপৰ্যয়ৰ সন্মুখীন হয় । মাৰ্কো জেন্সেনে প্ৰথম অভাৰত যশস্বী জয়ছোৱালক আউট কৰে আৰু তৃতীয় অভাৰত কে এল ৰাহুলক আউট কৰে । ৱাশ্বিংটন সুন্দৰে এটা মূৰত ধৈৰ্য সহকাৰে খেলি আছিল যদিও আনটো মূৰত তেওঁক সমৰ্থন আগবঢ়াব পৰা কোনো নাছিল ।  ধ্ৰুৱ জুৰেলে ১৩ ৰান আৰু ঋষভ পণ্ট ২ ৰানত পেভিলিয়নমুখী হয় । ৰবীন্দ্ৰ জাডেজাৰ ৰূপত ভাৰতে পঞ্চমটো উইকেট হেৰুৱাই । এই সময়ত ভাৰতৰ স্ক’ৰ ৬৪ ৰান আছিল ।

ৱাশ্বিংটন সুন্দৰৰ ইনিংছটোও ৩১ নং অভাৰত শেষ হয়, এইডেন মাৰ্ক্ৰামে তেওঁক আউট কৰে । সুন্দৰে ৩১ ৰান সংগ্ৰহ কৰে, যিটো ভাৰতৰ ইনিংছৰ সৰ্বোচ্চ ৰান আছিল । অৱশেষত অক্ষৰ পেটেলে দ্ৰুততাৰে ইনিংছ খেলে কিন্তু তেওঁ বিশেষ ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় । অক্ষৰে ১৭টা বলত ২৬ ৰান সংগ্ৰহ কৰে । ছিৰাজ ভাৰতৰ নৱম উইকেট আছিল আৰু ইয়াৰ লগে লগে টিম ইণ্ডিয়া অল আউট হয় কিয়নো শুভমন গীল ইতিমধ্যেই আঘাতৰ বাবে প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছিল ।

টেম্বা বাভুমাৰ অভিলেখ-

টছত জয়ী হোৱাৰ পাছত টেম্বা বাভুমাই প্ৰথমে বেটিং কৰিবলৈ বাছি লয় । প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ১৫৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে প্ৰথম ইনিংছত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে । অৱশ্যে ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ১৮৯ ৰানহে কৰি মাত্ৰ ৩০ ৰানৰ অগ্ৰগতি লাভ কৰে । কিন্তু দ্বিতীয় ইনিংছত যেতিয়া দক্ষিণ আফ্ৰিকা ১৫৩ ৰানত পতন ঘটিছিল, তেতিয়া লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল মাত্ৰ ১২৪ ৰান ।

প্ৰথম ইনিংছত চাৰিটা উইকেট দখল কৰা ছাইমন হাৰ্মাৰে দ্বিতীয় ইনিংছতো একে সংখ্যক উইকেট (চাৰিটা) লাভ কৰে । তেওঁ মুঠ ৮টা উইকেট দখল কৰে । দ্বিতীয় ইনিংছত মাৰ্কো জেন্সেনে দুটা উইকেট দখল কৰি দুয়োজন অ’পেনাৰ (যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল)ক আউট কৰে ।

টেম্বা বাভুমাই অধিনায়ক হিচাপে ১১খন টেষ্ট খেলিছে, ইয়াৰে ১০খন টেষ্টত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰিছে আৰু এখন ড্ৰ’ হৈছে । এই জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।

লগতে পঢ়ক : আই পি এল ২০২৬ : চেন্নাইৰ পৰা সৰ্বাধিক, কলকাতাৰ পৰা সৰ্বনিম্ন ৰিটেছন; জানক সম্পূৰ্ণ স্কোৱাড

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট; আত্মবিশ্বাসী ৰাহুল-জয়ছোৱাল আৰু জুৰেল

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে মঙলবাৰে ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াই জোৰদাৰ অনুশীলন কৰে । সম্পূৰ্ণ ফৰ্মত দেখা গ’ল উইকেটকীপাৰ-বেটছমেন ঋষভ পন্টক । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হোৱা পণ্টে নিজৰ সাধাৰণ নিৰ্ভীক শ্বটবোৰ নেটত খেলা দেখা যায় ।

জুলাই মাহত মানচেষ্টাৰ টেষ্টৰ সময়ত ইংলেণ্ডৰ ক্ৰীছ ৱ’কেছৰ বলত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে পণ্ট খেলপথাৰৰ বাহিৰত আছিল । বাংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এ বনাম দক্ষিণ আফ্ৰিকা এ অনানুষ্ঠানিক টেষ্ট শৃংখলাৰ সময়ত তেওঁ পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহে । প্ৰথমখন অনানুষ্ঠানিক টেষ্টত তেওঁ ৯০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত ১৭ ৰানত আঘাতপ্ৰাপ্ত হৈ ক্ৰীজ এৰাৰ পাছত পুনৰ উভতি ৬৫ ৰানৰ ইনিংছ খেলে । এই প্ৰদৰ্শনে তেওঁৰ ফৰ্ম আৰু ফিটনেছ দুয়োটাৰে শক্তিশালী ইংগিত দিয়ে ।

নেট অনুশীলনৰ সময়ত পণ্টে আত্মবিশ্বাসেৰে ফাষ্ট আৰু স্পীন দুয়োটাৰে মুখামুখি হয় । প্ৰায় এঘণ্টা ধৰি বেটিং কৰিছিল তেওঁ আৰু  ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজাৰ দৰে স্পীনাৰৰ বিৰুদ্ধে সুন্দৰ ষ্ট্ৰ’ক খেলিছিল । তেওঁ শ্লীপৰ ওপৰত ৰিভাৰ্ছ ৰেম্প, ফাইন লেগৰ ওপৰত স্কুপ, স্পীনাৰৰ বিৰুদ্ধে ইনছাইড-আউট ড্ৰাইভ আৰু ছুইপ শ্বট খেলিছিল । তেওঁৰ ফুটৱৰ্ক আৰু টাইমিং দুয়োটা অতি উত্তম দেখা গৈছিল ।

বেটিং কৰাৰ পূৰ্বে পণ্টে প্ৰায় ১৫ মিনিট উইকেটকিপিঙৰো অনুশীলন কৰিছিল । দলটোৰ এই পূৰ্ণাংগ অনুশীলনত যশস্বী জয়ছোৱাল, কে এল ৰাহুল আৰু ধ্ৰুৱ জুৰেলেও দীঘলীয়া নেট অধিবেশন কৰিছিল । জয়ছোৱাল আৰু ৰাহুলে পাল পাতি ফাষ্ট আৰু স্পীন বলাৰৰ সন্মুখীন হোৱাৰ বিপৰীতে জুৰেলে বিশেষজ্ঞ বেটছমেন হিচাপে নেটত নিজৰ কৌশলৰ কাম কৰিছিল । ঋষভ পন্টৰ ছন্দ আৰু আত্মবিশ্বাসৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু ।

লগতে পঢ়ক : ভাৰতীয় দলৰ অংশ হ’বলৈ কৰিব লাগিব এই কাম! ৰোহিত-বিৰাটক বিচিচিআইৰ নিৰ্দেশ

ইডেনত ভাৰত-দক্ষিণ আফ্ৰিকাৰ অগ্নিপৰীক্ষা; WTCৰ দৌৰত আগত কোন ?

ইডেনত ভাৰত-দক্ষিণ আফ্ৰিকাৰ অগ্নিপৰীক্ষা

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ২০২৫–২৭ চক্ৰৰ প্ৰকৃত উত্তেজনা আৰম্ভ হৈছে । ইডেন গাৰ্ডেনত হাই ভল্টেজৰ দুখন মেচৰ টেষ্ট ছিৰিজত ভাৰত আৰু ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব, য’ত প্ৰতিটো ৰান আৰু প্ৰতিটো উইকেটে পৰৱৰ্তী ফাইনেলৰ পথ নিৰ্ধাৰণ কৰিব । ১৪ নৱেম্বৰৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত প্ৰথমখন টেষ্ট অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন টেষ্ট ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

বৰ্তমান ভাৰত ৬১.৯০ শতাংশ পইণ্টেৰে পইণ্ট তালিকাত তৃতীয় স্থানত আছে । ইংলেণ্ডৰ বিৰুদ্ধে ২-২ ব্যৱধানত ড্ৰ’ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত জয়লাভ কৰাৰ পিছত দলটোৰ আত্মবিশ্বাস তুংগত আছে । শুভমন গীল (৯৪৬ ৰান) ভাৰতৰ এই ছিজনত আগশাৰীৰ বেটছমেন হোৱাৰ বিপৰীতে মহম্মদ চিৰাজ (৩৩ উইকেট) আটাইতকৈ সফল বলাৰ ।

ইফালে দক্ষিণ আফ্ৰিকা ৫০ শতাংশ পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত আছে । টনি ডি জিঅৰ্জি (১৭৫ ৰান) আৰু চাইমন হাৰ্মাৰ (১৩ উইকেট)ৰ নেতৃত্বত বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়ন হিচাপে তেওঁলোকে নতুন চক্ৰটো শক্তিশালীভাৱে আৰম্ভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ডব্লিউ টি চিৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ বিচাৰিব ।

ইফালে ইডেনৰ পৰিস্থিতি স্পীন বলাৰসকলৰ অনুকূল হ’ব বুলি আশা কৰা হৈছে যদিও মহম্মদ চিৰাজ, যশপ্ৰীত বুমৰাহ আৰু আকাশ দীপৰ সৈতে ভাৰতৰ পেচ আক্ৰমণ কোনো প্ৰত্যাহ্বানৰ পৰা আঁতৰি নাযায় ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই শৃংখলা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো অহা বছৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলিব ভাৰতীয় দলে । শ্ৰীলংকা আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ আগত ইয়াত শক্তিশালী প্ৰদৰ্শনে ভাৰতক তৃতীয়বাৰৰ বাবে ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশৰ বাবে শক্তিশালী স্থানত ৰাখিব পাৰে ।

বৰ্তমান অষ্ট্ৰেলিয়াই ১০০ শতাংশ অভিলেখৰে আগবাঢ়ি আছে, তাৰ পিছতে আছে শ্ৰীলংকা (৬৬.৬৭ শতাংশ)। ইংলেণ্ড, পাকিস্তান, বাংলাদেশ বৰ্তমান পিছ পৰি আছে যদিও তেওঁলোকেও আগন্তুক শৃংখলাত নিজৰ ৰেংকিং উন্নত কৰাৰ বাবে চেষ্টা কৰিব ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ এই সংঘৰ্ষ কেৱল টেষ্ট শৃংখলা নহয় । নতুন ডব্লিউ টি চি দৌৰত অগ্ৰগতি লাভৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া দুটা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত প্ৰতিযোগীৰ মাজত এক প্ৰকৃত যুদ্ধ ।

লগতে পঢ়ক : এফালে গান্ধী আৰু আনফালে মেণ্ডেলা… এই বিশেষ সোণৰ মুদ্ৰাৰে হ’ব প্ৰথম টেষ্টৰ টছ

এফালে গান্ধী আৰু আনফালে মেণ্ডেলা… এই বিশেষ সোণৰ মুদ্ৰাৰে হ’ব প্ৰথম টেষ্টৰ টছ

বিশেষ সোণৰ মুদ্ৰাৰে হ’ব প্ৰথম টেষ্টৰ টছ

১৪ নৱেম্বৰত কলকাতাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথম টেষ্ট । খেলখনৰ পূর্বে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বংগই টছৰ বাবে এক বিশেষ সোণৰ মুদ্ৰা জাৰি কৰিছে । এই সোণৰ মুদ্ৰাত এফালে মহাত্মা গান্ধী আৰু আনফালে নেলছন মেণ্ডেলাৰ ছবি আছে, যিয়ে শান্তি, স্বাধীনতা আৰু অহিংসাৰ সংযোজিত মূল্যবোধৰ প্ৰতীক । CABৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে এই মুদ্ৰাটো এই ছিৰিজৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে আৰু টছ অনুষ্ঠানৰ সময়ত ব্যৱহাৰ কৰা হ’ব ।

গান্ধী আৰু মেণ্ডেলাৰ ছবি খোদিত-

গান্ধী আৰু মেণ্ডেলাৰ উত্তৰাধিকাৰক সন্মান জনাই প্ৰতিষ্ঠা কৰা ফ্ৰিডম ট্ৰফীৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব এই শৃংখলা । এই ট্ৰফী দুয়োজন নেতাই প্ৰচাৰ কৰা অহিংসা আৰু সমতাৰ বাৰ্তাৰ প্ৰতীক ।

৬ বছৰৰ অন্তত ইডেন গাৰ্ডেনলৈ উভতিল টেষ্ট ক্ৰিকেট-

এই মেচখনৰ জৰিয়তে ৬ বছৰৰ পাছত টেষ্ট ক্ৰিকেট ইডেন গাৰ্ডেনছলৈ ঘূৰি আহিব । CABৰ কোষাধ্যক্ষ সঞ্জয় দাসৰ মতে, প্ৰথম তিনিদিনৰ ৯৬ হাজাৰ টিকট ইতিমধ্যে বিক্ৰী হৈছে আৰু মুঠ ১ কোটি ৪০ লাখ টিকট বিক্ৰী হৈছে, যাৰ ফলত মেচখন অত্যন্ত জনপ্ৰিয় হৈ পৰিছে ।

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা-

শেহতীয়াকৈ দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে কলকাতা আৰক্ষী আৰু CAB-এ খেলুৱৈ আৰু দৰ্শকৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰথম টেষ্টৰ এদিন পূৰ্বে ১৩ নৱেম্বৰত জগমোহন দলমিয়া সোঁৱৰণী বক্তৃতাত সুনীল গাভাস্কৰে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানত ভাৰত আৰু দক্ষিণ আফ্ৰিকা উভয় দলৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । ভাৰতক বিশ্ব ক্ৰিকেট মহাশক্তিলৈ ৰূপান্তৰিত কৰা প্ৰশাসক হিচাপে ডালমিয়াক স্মৰণ কৰা হয় ।

লগতে পঢ়ক : আই পি এল ২০২৬ : কেতিয়া আৰু ক’ত হ’ব নিলাম ?