অন্ত পৰিল আমেৰিকা-ইৰাণৰ শান্তি আলোচনাৰ প্ৰথম পৰ্যায়ৰ বৈঠক

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি সন্দৰ্ভত ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বৈঠকৰ অন্ত পৰিছে।

চুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰথম পৰ্যায়ৰ বৈঠক সমাপ্ত হৈছে। কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে এই কথা সদৰী কৰিছে। বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, কাটাৰ আৰু পাকিস্তানৰ মধ্যস্থতাত চুইজাৰলেণ্ডত এই আলোচনা আৰম্ভ হয়। এটা আনুষ্ঠানিক বিবৃতিত মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে যে “এই বৈঠকসমূহৰ পৰিণতিত এক ব্যাপক আৰু স্থায়ী চুক্তি হ’ব, য’ত ‘মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং’ (বুজাবুজিৰ চুক্তি)-ত অন্তৰ্ভুক্ত সকলো দিশৰ ওপৰত আলোচনা কৰা হ’ব”।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে “চূড়ান্ত চুক্তিৰ চৰ্তসমূহৰ ওপৰত আলোচনা কৰিবলৈ বিশেষ কাৰিকৰী আৰু বিশেষজ্ঞ গোট গঠন কৰা হৈছে, যিয়ে আমেৰিকা আৰু ইৰাণৰ মাজৰ ‘মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং’ৰ সকলো দিশ সামৰি ল’ব”। এই গাঁথনিৰ অধীনত নিৰ্ধাৰণ কৰা চৰ্তসমূহৰ ওপৰত নিৰীক্ষণ বজাই ৰাখিবলৈ, কূটনৈতিক আপডেটত জনোৱা হৈছে যে অতিৰিক্ত নিৰীক্ষণ সংস্থা গঠন কৰা হৈছে। ইয়াত লগতে কোৱা হৈছে, “ইয়াৰ উপৰি, বুজাবুজি চুক্তিৰ ৰূপায়ণৰ তদাৰক কৰিবলৈ, হোৱা প্ৰগতিৰ ওপৰত চকু ৰাখিবলৈ আৰু চূড়ান্ত চুক্তিত উপনীত হোৱাৰ দিশত কাম কৰিবলৈ অনুবৰ্তন গোট গঠন কৰা হৈছে।”

কাটাৰৰ কূটনৈতিক সূত্ৰই এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যে বৰ্তমানৰ প্ৰগতিয়ে “এক ব্যাপক আৰু বহনক্ষম চুক্তিত উপনীত হোৱাৰ উদ্দেশ্যেৰে সকলো পক্ষৰ সজ মনোভাৱেৰে আলোচনাৰ প্ৰক্ৰিয়াত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।” নিজৰ যুটীয়া মধ্যস্থতাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা নিশ্চিত কৰি মন্ত্ৰালয়ে লগতে কয় যে কাটাৰে পাকিস্তান আৰু “সকলো সংশ্লিষ্ট পক্ষৰ সৈতে মিলি এক ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ বাবে কাম কৰি যাব, যাতে আলোচনাই নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। কাটাৰৰ দৃঢ় বিশ্বাস যে আলোচনা আৰু কূটনীতিয়েই সংঘাত আৰু বিবাদ সমাধানৰ সৰ্বোত্তম উপায়।”

এই ঘোষণা এনে এটা সময়ত আহিছে যেতিয়া দেওবাৰে বাৰ্গেনষ্টক ৰিজৰ্টত আমেৰিকা আৰু ইৰাণৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত হোৱাৰ পিছত ব্যাপক কূটনৈতিক প্ৰচেষ্টাই যথেষ্ট গতি লাভ কৰিছে। এই কাৰিকৰী পৰ্যায়ৰ আলোচনা ১৭ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছূদ পেজেশ্কিয়ানৰ দ্বাৰা চূড়ান্ত ৰূপ দিয়া ১৪-দফীয়া ‘মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং’ (MoU)ৰ অধীনত অনুষ্ঠিত হৈছে। এই বুজাবুজি চুক্তিয়ে আলোচনাপন্থীসকলৰ বাবে মুখ্য কাৰ্যবাহী বিবাদসমূহ সমাধান কৰিবলৈ আৰু পশ্চিম এছিয়াত দীৰ্ঘম্যাদী সুস্থিৰতা ঘূৰাই আনিবলৈ ৬০ দিনৰ এক কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

আলোচনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স দেওবাৰে চুইজাৰলেণ্ডত উপস্থিত হয়। তেওঁ তাত আমেৰিকাৰ আলোচনাকাৰী — ষ্টিভ উইটকফ আৰু জাৰেড কুশ্নাৰ — ক লগ কৰে, যিসকল ইতিমধ্যে তাত উপস্থিত আছিল আৰু এই চুক্তিৰ কাৰিকৰী দিশসমূহৰ ওপৰত কাম কৰি আছিল। ইয়াৰ সমান্তৰালকৈ তেহৰানৰ চৰ্তসমূহ উপস্থাপন কৰিবলৈ ইৰাণৰ প্ৰতিনিধি দলো তাত উপস্থিত হৈছে। তেহৰানৰ আলোচনাকাৰী দলটোত অৰ্থনৈতিক আৰু বিত্তীয় বিষয়ত গুৰুত্ব দিয়া লোকসকল অন্তৰ্ভুক্ত আছে। ইয়াত সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগচীৰ লগতে ইৰানৰ কেন্দ্ৰীয় বেংক আৰু তেল মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বিষয়াসকলো সন্মিলিত হৈছে।

লগতে পঢ়ক: পুনৰ বন্ধ হ’ল হৰমুজ! ইৰাণ-আমেৰিকাৰ চুক্তিলৈ সংকট

“এক পইচাও নাপায়”; ইৰাণক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তিৰ প্ৰস্তাৱ সন্দৰ্ভত আজি ছুইজাৰলেণ্ডত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ উচ্চতম নেতাক তীক্ষ্ণ সমালোচনা কৰে।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিৰ সন্দৰ্ভত পৰৱৰ্তী আলোচনা শনিবাৰে চুইজাৰলেণ্ডত হ’ব পাৰে। ইয়াৰ বাবে ট্ৰাম্পৰ দূত ষ্টিভ ভিটকাফ চুইজাৰলেণ্ড অভিমুখে ৰাওনা হৈছে। ইয়াৰ লগতে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীও আলোচনাৰ বাবে আজি তালৈ যাব। অৱশ্যে, তথ্য অনুসৰি ইয়াত এতিয়াও সালসলনি হ’ব পাৰে। আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনাৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল-থানী ইতিমধ্যে চুইজাৰলেণ্ডত উপস্থিত হৈছে। ৱাশ্বিংটন আৰু তেহৰানৰ মাজত আলোচনা সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত কাটাৰ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা মুজতবা খামেইনীৰ সেই বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, য’ত তেওঁ কৈছিল যে আমেৰিকা শান্তি চুক্তিৰ বাবে ব্যাকুল হৈ আছিল। ট্ৰাম্পে ছচিয়েল মিডিয়াত লিখিছে, “যুদ্ধই ইৰাণক দুৰ্বল কৰি পেলাইছে! আমি তেওঁলোকক কোনো বাধ্যবাধকতাত লগ কৰা নাছিলোঁ, ইৰাণেহে লগ কৰিছিল। তেওঁলোক শেষ হৈ গৈছে! আমি ৬০ দিন অপেক্ষা কৰিম। তেওঁলোকে কোনো পইচা নাপায়, এটকাও নাপায়!” ইয়াৰ লগতে ট্ৰাম্পে তেহৰানে এই চুক্তিৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব বুলি ওলোৱা খবৰো নাকচ কৰে।

লগতে পঢ়ক: হৰমুজ প্ৰণালীক লৈ নতুন নিৰ্দেশনা; ৪৮ ঘণ্টাৰ পূৰ্বেই সকলো জাহাজে দিব লাগিব অনুমতি পত্ৰ  

হৰমুজ প্ৰণালীক লৈ নতুন নিৰ্দেশনা; ৪৮ ঘণ্টাৰ পূৰ্বেই সকলো জাহাজে দিব লাগিব অনুমতি পত্ৰ  

ইৰাণৰ নৱগঠিত পাৰ্চী উপসাগৰীয় জলদ্বীপ কৰ্তৃপক্ষই হৰমুজ প্ৰণালীক লৈ নতুন নিয়ম জাৰি কৰিছে।ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত হোৱা চুক্তিৰ অধীনত ইয়াৰ সৃষ্টি কৰা হৈছে।

বৈশ্বিক শক্তি যোগানৰ লাইফলাইন হিচাপে পৰিচিত হৰমুজ প্ৰণালীক লৈ ইৰাণে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শেহতীয়া চুক্তিৰ অন্তত এই কৌশলগত জলপথটো ব্যৱসায়-বাণিজ্যৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে যদিও এতিয়া ইৰাণে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা সকলো বাণিজ্যিক জাহাজৰ বাবে কঠোৰ নিয়ম আৰু চৰ্ত আৰোপ কৰিছে। ইৰাণৰ এই পদক্ষেপৰ পিছত এতিয়াৰে পৰা কোনো দেশৰ জাহাজে আগতীয়া পঞ্জীয়ন, চৰকাৰী অনুমতি পত্ৰ আৰু নিশ্চিত বীমা অবিহনে এই পথটো অতিক্ৰম কৰিব নোৱাৰিব।

বিশ্বৰ আটাইতকৈ স্পৰ্শকাতৰ সাগৰীয় পথসমূহৰ অন্যতম হৰমুজ প্ৰণালীৰ মাজেৰে গোলকীয় তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ (LNG) প্ৰায় এক পঞ্চমাংশ পৰিবহন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত ইৰাণৰ এই নতুন আদেশ আন্তঃৰাষ্ট্ৰীয় শ্বিপিং কোম্পানী আৰু বৈশ্বিক বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইৰাণে স্পষ্ট কৰি দিছে যে এই নতুন নিয়মসমূহৰ উদ্দেশ্য হৈছে তিনি মাহতকৈও অধিক সময় ধৰি চলা সংঘাতৰ পিছত এই পথটোৰে চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা।

এই সমগ্ৰ ব্যৱস্থাটো পৰিচালনা কৰিবলৈ আৰু নতুন নিয়মসমূহ কাৰ্যকৰী কৰিবলৈ ইৰাণে এটা নতুন সংস্থা গঠন কৰিছে, যাৰ নাম দিয়া হৈছে ‘পাৰ্চিয়ান গাল্ফ ষ্ট্ৰেইট অথৰিটি’ (PGSA)। আমোদজনকভাৱে, এই কৰ্তৃপক্ষ ওৱাশ্বিংটন আৰু টেহৰানৰ মাজত হোৱা সেই একেখন চুক্তিৰ অধীনতে গঠন কৰা হৈছে, যাৰ পিছত তিনি মাহ ধৰি বন্ধ হৈ থকা এই পথটো পুনৰ মুকলি কৰিবলৈ সন্মতি প্ৰকাশ পাইছিল।

কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে স্পষ্ট কৰি দিছে যে ‘ইছলামাবাদ বুজাবুজি চুক্তি’ত স্বাক্ষৰ হোৱাৰ পিছত আৰু সংশ্লিষ্ট বিভাগসমূহৰ পৰা নিৰ্দেশনা পোৱাৰ পিছত এই নিয়মসমূহ তৎকালীনভাৱে কাৰ্যকৰী কৰা হৈছে। এতিয়া হৰমুজ প্ৰণালীৰে পাৰ হ’ব বিচৰা সকলো আবেদনকাৰী আৰু জাহাজে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিয়মসমূহ পালন কৰিব লাগিব। ইয়াৰ বাবে এটা আনুষ্ঠানিক ৱেবছাইটও মুকলি কৰা হৈছে, য’ত জাহাজসমূহে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

সংশোধিত নিয়ম আৰু প্ৰক্ৰিয়া অনুসৰি, এতিয়া কোনো জাহাজৰ মালিক বা অপাৰেটৰে নিজৰ ইচ্ছা সাপেক্ষে এই পথত প্ৰৱেশ কৰিব নোৱাৰিব। জাহাজসমূহে হৰমুজ প্ৰণালীৰ সীমাত প্ৰৱেশ কৰাৰ অন্ততঃ ৪৮ ঘণ্টা পূৰ্বে ট্ৰেনজিট ৰিকুৱেষ্ট অৰ্থাৎ পাৰ হোৱাৰ আবেদন দাখিল কৰিব লাগিব।

কৰ্তৃপক্ষই (PGSA) কঠোৰ সকীয়নি দি কয় যে প্ৰৱেশ আৰু প্ৰস্থান বিন্দুত যিকোনো ধৰণৰ পলম বা বাধা পৰিহাৰ কৰিবলৈ কোম্পানীসমূহে নিজৰ সকলো প্ৰয়োজনীয় তথ্য আগতীয়াকৈ জমা দিব লাগিব। ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰকাশ কৰা এক বিবৃতিত কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে জাহাজসমূহৰ বৈধ পাৰমিট আৰু প্ৰয়োজনীয় বীমা নাথাকিব, তেতিয়ালৈকে তেওঁলোকক জলপথত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব।

নিৰাপত্তাৰ দোহাই দি ইৰাণে জাহাজ চলাচলৰ পথৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। বিগত তিনি মাহৰ সংঘাত আৰু সামৰিক উত্তেজনাৰ বাবে এই সাগৰীয় অঞ্চলত মাইন বা অন্যান্য মাৰাত্মক বিপদৰ আশংকা আছে। এই কথা মনত ৰাখি ইৰাণে বিশেষ শ্বিপিং কৰিডৰ নিৰ্ধাৰণ কৰি দিছে। সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সকলো জাহাজে বাধ্যতামূলকভাৱে কেৱল এই সুৰক্ষিত পথেৰেই যাব লাগিব।

কৰ্তৃপক্ষই চূড়ান্ত সকীয়নি হিচাপে কয় যে যদি কোনো জাহাজে এই নিয়ম, চৰ্ত বা নিৰ্ধাৰিত পথ উলংঘা কৰে, তেন্তে তাৰ পিছত সৃষ্টি হ’বলগীয়া যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি বা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ দায়িত্ব কেৱল জাহাজৰ গৰাকী আৰু অপাৰেটৰসকলৰ হ’ব।

লগতে পঢ়ক: ৪৮ ঘণ্টাৰ ভিতৰতে চুক্তিত বাধা! আমেৰিকা-ইৰাণৰ প্ৰথম পাৰমাণৱিক আলোচনা বাতিল

স্লিভলেছ পোছাক পৰিধান কৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক চাবুকেৰে কোবোৱাৰ শাস্তি

ইৰানৰ পৰা এক আচৰিত খবৰ পোহৰলৈ আহিছে। তাৰকা ইৰানী গায়িকা পৰস্তু আহমদীক হিজাব অবিহনে গান গোৱাৰ বাবে ৭৪টা কোব খাবলৈ শাস্তি প্ৰদান কৰা হৈছে।

প্ৰখ্যাত ইৰানী গায়ক আৰু সংগীত পৰিচালক পৰস্তু আহমদীক লৈ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এক অনলাইন কনচাৰ্টত হিজাব পৰিত্যাগ কৰি স্লিভলেছ পোছাক পিন্ধি গীত পৰিৱেশন কৰাই গায়িকাগৰাকীৰ বাবে বিপৰ্যয় কঢ়িয়াই আনিলে। এই ঘটনাৰ বাবে পৰস্তুক ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ শাস্তি বিহা হৈছে। বহু মানৱাধিকাৰ কৰ্মীয়ে পৰস্তুক দিয়া এই শাস্তিৰ তীব্ৰ বিৰোধিতা কৰিছে।

ইৰানৰ কোঁম প্ৰদেশৰ এখন আদালতে পৰস্তুৰ লগতে তেওঁৰ প্ৰডাকচন টিমৰ ৮ জন সদস্যকো ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ দিছে। আদালতে গায়িকাগৰাকীৰ বিৰুদ্ধে অশ্লীল সমল প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল এয়াই নহয়, পৰস্তুক অহা ২ বছৰৰ বাবে দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু কোনো ধৰণৰ কলাত্মক কাৰ্যকলাপত অংশগ্ৰহণ কৰাতো বাধা প্ৰদান কৰা হৈছে। এই নিৰ্দেশে ইৰানৰ শিল্পীসকলৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াত এই শাস্তিৰ তীব্ৰ গৰিহণা দিয়া হৈছে। মানুহৰ মতে, ইৰানত আজিও একো সলনি হোৱা নাই আৰু তাত মানৱাধিকাৰৰ পৰিস্থিতি অলপো উন্নত হোৱা নাই।

২০২৪ চনৰ ডিচেম্বৰ মাহত ২৯ বছৰীয়া পৰস্তুৱে ইউটিউবত এটা লাইভ কনচাৰ্ট কৰিছিল, য’ত তেওঁ ইৰানৰ দেশপ্ৰেমমূলক গীত ‘আজ খুনে জৱানানে ৱতন’ গাইছিল। এই কনচাৰ্টটো লাখ লাখ লোকে চাইছিল। এই প্ৰদৰ্শনৰ সময়ত গায়িকাগৰাকীয়ে হিজাবৰ পৰিৱৰ্তে এটা স্লিভলেছ পোছাক পিন্ধিছিল।

চাওঁতে চাওঁতে গায়িকাগৰাকীৰ এই ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। বিতৰ্কৰ সৃষ্টি হোৱাত ইৰানৰ কৰ্তৃপক্ষই গায়িকাগৰাকী আৰু তেওঁৰ দলৰ কেইজনমান সদস্যক আটক কৰে। অৱশ্যে পিছত তেওঁলোকক এৰি দিয়া হৈছিল যদিও তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত আছিল।

গায়িকাগৰাকীৰ সেই ভাইৰেল ভিডিঅ’টো ২৭ মিনিটৰ আছিল। ইয়াত তেওঁ ক’লা ৰঙৰ স্লিভলেছ পোছাক পিন্ধিছিল। ইয়াক বহু মহিলাই মতামত প্ৰকাশৰ স্বাধীনতা বুলি গণ্য কৰিছিল, কিন্তু ইৰানী কৰ্তৃপক্ষৰ বাবে এয়া আছিল আইন উলংঘা। ইৰানত মহিলাৰ বাবে ৰাজহুৱা স্থানত হিজাব পিন্ধাটো বাধ্যতামূলক। তাত একক সংগীত পৰিৱেশনৰ ক্ষেত্ৰতো কঠোৰ নিয়ম আছে। মহিলাসকলক ৰাজহুৱা স্থানত অকলে গান গোৱাৰ অনুমতি নাই। নিয়ম অনুসৰি তেওঁলোকে হিজাব নোহোৱাকৈ ৰাজহুৱা স্থানলৈ আহিব নোৱাৰে। কিন্তু পৰস্তু সদায় এই নিয়মবোৰৰ বিৰুদ্ধে আছিল। ২০২২ চনত তেওঁ হিজাব বিৰোধী আন্দোলনৰো অংশ আছিল।

লগতে পঢ়ক: বিলাসীতা এৰি নদীৰ ঘাটত সাধু-সন্তৰ নৈশ যাপন সুনীল গ্ৰোভাৰৰ

৪৮ ঘণ্টাৰ ভিতৰতে চুক্তিত বাধা! আমেৰিকা-ইৰাণৰ প্ৰথম পাৰমাণৱিক আলোচনা বাতিল

আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তিৰ মাত্ৰ দুদিন পিছতে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন উচ্চ পৰ্যায়ৰ পাৰমাণৱিক আলোচনা স্থগিত ৰখা হৈছে।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ মাত্ৰ দুদিন পাছতেই পৰমাণু আলোচনাত প্ৰথমটো আঘাত লাগিছে। ছুইজাৰলেণ্ডত এই সপ্তাহান্তত হ’বলগীয়া দুয়োখন দেশৰ প্ৰথমখন উচ্চস্তৰীয় বৈঠক হঠাতে স্থগিত ৰখা হৈছে। ইয়াৰ লগতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেঞ্চৰ ভ্ৰমণসূচীও বাতিল কৰা হৈছে। এতিয়া সকলোৰে দৃষ্টি পৰৱৰ্তী ৬০ দিনৰ সেই আলোচনাৰ ওপৰত থিতাপি লৈছে, য’ত ইৰাণৰ পৰমাণু কাৰ্যসূচী আৰু আঞ্চলিক উত্তেজনাৰ ওপৰত এক স্থায়ী চুক্তিত উপনীত হোৱাৰ চেষ্টা কৰা হ’ব।

হোৱাইট হাউচৰ মতে, জেডি ভেঞ্চ আৰু তেওঁৰ প্ৰতিনিধি দলটো আলোচনাৰ বাবে সম্পূৰ্ণ সাজু আছিল, কিন্তু ব্যৱস্থাপনাজনিত কাৰণত বৈঠকখন নিশ্চিত কৰিব পৰা নগ’ল। সেইবাবেই তেওঁ আজি ছুইজাৰলেণ্ডলৈ নোযোৱাকৈ আমেৰিকাতে থাকিব।

মুখপাত্ৰগৰাকীয়ে কয় যে আমেৰিকাৰ প্ৰতিনিধি দলটো আলোচনাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে আৰু তাৰিখ তথা ব্যৱস্থাসমূহ চূড়ান্ত হোৱাৰ লগে লগেই ৰাওনা হ’বলৈ প্ৰস্তুত থাকিব। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে আমেৰিকা আৰু ইৰাণৰ মাজত হ’বলগীয়া এই কাৰিকৰী আলোচনাসমূহৰ ব্যৱস্থাপনা কেতিয়াও সহজ বা পূৰ্বনিৰ্ধাৰিত নাছিল। বিবৃতিত কোৱা হৈছে “এই বৈঠকসমূহৰ ব্যৱস্থাপনা কেতিয়াও সৰল নাছিল।”

লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ বাবে ইৰাণে ছুইজাৰলেণ্ডলৈ নিজৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাত পলম কৰিছে বুলি দাবী কৰা বাতৰিৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বুধবাৰে ভাৰ্চাই পেলেচত এক নৈশভোজৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ মাজত প্ৰাৰম্ভিক চুক্তিত স্বাক্ষৰ হৈছিল, আনহাতে ইৰাণেও সুকীয়া নথি-পত্ৰত স্বাক্ষৰ কৰিছিল। চুক্তি অনুসৰি ইৰাণে আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষণৰ অধীনত নিজৰ উচ্চ সমৃদ্ধ ইউৰেনিয়ামৰ ভাণ্ডাৰ হ্ৰাস কৰিব লাগিব। পৰমাণু অস্ত্ৰ বিকশিত নকৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিব লাগিব।

অৱশ্যে আন কেইবাটাও বিষয়ত এতিয়াও আলোচনা হ’বলৈ বাকী আছে। খবৰ অনুসৰি, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মজাতবা খামেইনী আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

বিশ্লেষকসকলৰ মতে, শেহতীয়া ঘটনাৱলীয়ে ইৰাণক আলোচনাত তুলনামূলকভাৱে শক্তিশালী স্থিতিত ৰাখিছে, কিয়নো ইৰাণে হৰমুজ প্ৰণালীৰ মাধ্যমৰ সৈতে জড়িত পৰিস্থিতিক প্ৰভাৱিত কৰি গোলকীয় অৰ্থনৈতিক চাপ সৃষ্টি কৰিছে।

আনহাতে, আমেৰিকাত এই চুক্তিক লৈ ৰাজনৈতিক মতভেদো প্ৰকাশ পাইছে। একাংশ ৰিপাব্লিকান সাংসদে আশংকা ব্যক্ত কৰিছে যে এই চুক্তিৰ জৰিয়তে ইৰাণক বৃহৎ অৰ্থনৈতিক ৰেহাই দিয়া হৈছে। বিশেষজ্ঞসকলে কৈছে যে অনাগত সপ্তাহসমূহত হ’বলগীয়া এই আলোচনাই আমেৰিকা-ইৰাণ সম্পৰ্কৰ দিশ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

লগতে পঢ়ক: ‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শান্তি চুক্তিৰ পিছতেই প্ৰথমবাৰলৈ আমেৰিকাত প্ৰৱেশ ইৰাণৰ ফুটবল টীম…

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি ঘোষণাৰ কিছু সময়ৰ পূৰ্বে ইৰাণৰ ফুটবল দলটোৱে বিশ্বকাপৰ বাবে আমেৰিকাত উপস্থিত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰি জনায় যে ইৰাণৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে। এই ঘোষণাৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলটো ফিফা বিশ্বকাপ ২০২৬-ত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাত উপস্থিত হয়। ইৰাণে ১৫ জুনত কেলিফৰ্ণিয়াৰ ইংলউড চহৰত নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব।

ইৰাণৰ ফুটবল দলটোৱে মেক্সিকোত প্ৰশিক্ষণ শিবিৰ পাতিছিল আৰু এতিয়ালৈকে সমগ্ৰ দলটো মেক্সিকোতে আছিল। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি হোৱাৰ কেইঘণ্টামান পূৰ্বে ইৰাণৰ দলটোৱে মেক্সিকোৰ টিজুয়ানাৰ পৰা উৰা মাৰি লছ এঞ্জেলছত উপস্থিত হয়।

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিলৈ চাই ইৰাণৰ দলটো আমেৰিকালৈ অহাটো অনিশ্চিত হৈ পৰিছিল।প্ৰথমবাৰলৈ এনে হৈছে যেতিয়া বিশ্বকাপৰ সময়ত ইৰাণী দল এটা আমেৰিকাৰ মাটিত ভৰি দিয়ে। দলটো থকা হোটেলখনৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু নিৰাপত্তা বাহিনীয়ে একাংশ পথত যাতায়ত বন্ধ কৰি দিছে।

বিশ্বকাপৰ প্ৰথমখন খেল খেলাৰ পূৰ্বৰে পৰা ইৰাণৰ দলটোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। প্ৰথম অৱস্থাত দলটোৰ প্ৰশিক্ষণ শিবিৰ এৰিজোনাত হোৱাৰ কথা আছিল, কিন্তু ইৰাণ আৰু আমেৰিকাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে দলটোৱে মেক্সিকোত প্ৰশিক্ষণ শিবিৰ স্থাপন কৰে।

ইফালে, বিশ্বকাপৰ প্ৰথমখন খেলৰ পূৰ্বে ইৰাণৰ ষ্ট্ৰাইকাৰ তথা অধিনায়ক মেহদী তাৰেমীয়ে কয় যে এই উত্তেজনাপূৰ্ণ পৰিৱেশৰ বাবে আনন্দৰ পৰিৱেশ গঢ়ি উঠিব পৰা নাই। তেওঁ লগতে কয় যে ইৰাণৰ বাহিৰেও আন পক্ষসমূহৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে। তাৰেমীয়ে আৰু কয় যে এই বিশ্বকাপৰ বাবে আমেৰিকা মহাদেশত উপস্থিত হোৱাৰ পৰা খেলুৱৈসকলৰ মাজত উত্তেজনা আৰু ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে।

ফিফা বিশ্বকাপত ইৰাণৰ দলটোক গ্ৰুপ ‘জি’ (Group G)-ত ৰখা হৈছে। এই একেটা গ্ৰুপতে নিউজিলেণ্ড, ইজিপ্ত আৰু বেলজিয়ামো আছে। ইৰাণৰ প্ৰথমখন খেল ১৫ জুনত (ভাৰতীয় সময় অনুসৰি ১৬ জুন) নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব। দ্বিতীয়খন খেল ২১ জুনত বেলজিয়ামৰ সৈতে আৰু ২৬ জুনত ইজিপ্তৰ বিৰুদ্ধে খেলা হ’ব।

উল্লেখযোগ্য যে, ফিফা বিশ্বকাপ ২০২৬ যুটীয়াভাৱে আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰিছে। আনহাতে, ইৰাণ দলৰ আটাইকেইখন গ্ৰুপ পৰ্যায়ৰ খেল আমেৰিকাতে খেলা হ’ব।

লগতে পঢ়ক: কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

আজি নিশাই হ’ব পাৰে ধংসলীলা! ইৰাণক বিধ্বংসী আক্ৰমণৰ তীব্ৰ হুংকাৰ ট্ৰাম্পৰ

ইৰাণৰ ওপৰত আজি নিশাই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি এক গুৰুতৰ সকীয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে । আজি নিশাই তেহৰাণক কঠোৰভাৱে আঘাত কৰিব বুলি হুংকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ।

ইৰাণৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰাৰ বাবে চলি থকা কূটনৈতিক প্ৰচেষ্টাৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেহৰাণক আন এক গুৰুতৰ সকীয়নি প্ৰদান কৰিছে । বৃহস্পতিবাৰে ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণক “অতি কঠোৰভাৱে” আক্ৰমণ কৰিব আৰু এই সামৰিক আক্ৰমণসমূহ “আজি নিশাই” কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ চচিয়েল’ত কৰা এটা পোষ্টত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে নিকট ভৱিষ্যতে ৱাশ্বিংটনে ইৰাণৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ‘খাৰ্গ দ্বীপ নিয়ন্ত্ৰণলৈ আনিব । উল্লেখ্য যে, এই খাৰ্গ দ্বীপৰ পৰাই ইৰাণৰ প্ৰায় ৯১ শতাংশ খাৰুৱা তেল ৰপ্তানি কৰা হয় । ইৰাণৰ তেল আৰু গেছ বজাৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰাই আমেৰিকাৰ মূল লক্ষ্য বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

ভেনিজুৱেলাৰ সৈতে তুলনা

ইৰাণৰ তেল সম্পদ দখলৰ প্ৰসংগত ট্ৰাম্পে ভেনিজুৱেলাৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে ভেনিজুৱেলাৰ তেল সম্পদৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণে “ভেনিজুৱেলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয়ৰে বাবে অতি সুন্দৰভাৱে কাম কৰিছে”। ইয়াৰ উপৰিও তেওঁ দাবী কৰে যে ইৰাণৰ নৌসেনা, বিমান বাহিনী, ৰাডাৰ, বিমান বিধ্বংসী ব্যৱস্থা আৰু বেছিভাগ আক্ৰমণাত্মক সামৰিক ক্ষমতা ইতিমধ্যে ধ্বংস হৈ গৈছে ।

ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে :

“আমেৰিকা যুক্তৰাষ্ট্ৰই আজি নিশাই ইৰাণক অতি কঠোৰভাৱে আঘাত কৰিব । নিকট ভৱিষ্যতে কোনো এক সময়ত, আমি খাৰ্গ দ্বীপ আৰু অন্যান্য তেল আন্তঃগাঁথনিৰ পইণ্টসমূহ দখল কৰিম আৰু তেওঁলোকৰ তেল আৰু গেছ বজাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’ম, যেনেকৈ আমি ভেনিজুৱেলাৰ সৈতে কৰিছোঁ, যিটো দুয়োখন দেশৰে বাবে অতি সুন্দৰভাৱে ফলপ্ৰসূ হৈছে ।”

এপাচি হেলিকপ্টাৰ ভূপতিত কৰাৰ প্ৰতিশোধ

শান্তি চুক্তি সম্পন্ন কৰাত তেহৰাণে কৰা পলমৰ বাবে ওৱেল অফিচৰ পৰা ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে বুধবাৰেও আমেৰিকাৰ আক্ৰমণ পুনৰ আৰম্ভ হ’ব বুলি কৈছিল । তেওঁ ইংগিত দিয়ে যে ইৰাণে অলপতে আমেৰিকাৰ এখন অত্যাধুনিক ‘এপাচি হেলিকপ্টাৰ’ ভূপতিত কৰাৰ ঘটনাই এই নতুন সামৰিক পদক্ষেপৰ আধাৰ তৈয়াৰ কৰিছে ।

সাংবাদিকৰ সন্মুখত ট্ৰাম্পে কয়, “হেলিকপ্টাৰখনৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি, মোৰ ধাৰণা আমাৰ আক্ৰমণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । আমি কালি তেওঁলোকক কঠোৰ আঘাত কৰিছিলোঁ । আজি আকৌ তেওঁলোকক কঠোৰভাৱে আঘাত কৰিবলৈ গৈ আছোঁ ।”

লগতে পঢ়ক : ইৰাণৰ ওপৰত পুনৰ আমেৰিকাৰ বৃহৎ আক্ৰমণ

ইৰাণৰ ওপৰত পুনৰ আমেৰিকাৰ বৃহৎ আক্ৰমণ

ইৰাণৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰাৰ কথা উল্লেখ কৰিছে ড’নাল্ড ট্ৰাম্পে। তেওঁলোকে কয় যে, ইৰাণৰ কেইবাটাও লক্ষ্যস্থানত অতিৰিক্ত আত্মৰক্ষাৰ আক্ৰমণ আৰম্ভ হৈছে।

বুধবাৰে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, ইৰাণৰ কেইবাটাও লক্ষ্যত তেওঁলোকৰ বাহিনীয়ে অতিৰিক্ত আত্মৰক্ষামূলক আক্ৰমণ চলাইছে। ইয়াৰ উপৰিও ইৰাণৰ ধাৰাবাহিক আৰু ‘অপ্ৰৰোচিত’ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্য্য কৰা বুলিও কোৱা হৈছে।

এক্সত এক পোষ্টৰ জৰিয়তে ইউ.এছ. চেন্ট্ৰেল কমাণ্ডৰ অফিচিয়েল একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে, “কমাণ্ডাৰ ইন চিফৰ নিৰ্দেশত বুধবাৰে ৫:১৫ বজাত (ET) ইউ.এছ. চেন্ট্ৰেল কমাণ্ডৰ বাহিনীয়ে ইৰাণৰ কেইবাটাও লক্ষ্যস্থানত অতিৰিক্ত আত্মৰক্ষাৰ আক্ৰমণ আৰম্ভ কৰিছে।”

ইৰাণৰ বহু চহৰত বিস্ফোৰণৰ খবৰ বৃদ্ধি পোৱাৰ মাজতে ইৰাণৰ ৰেড ক্ৰীচেণ্টে সমগ্ৰ দেশৰ সকলো জৰুৰীকালীন অভিযান কেন্দ্ৰক সম্পূৰ্ণ সতৰ্কতাত ৰাখিছে। ইৰাণৰ সংবাদ মাধ্যম মেহৰ নিউজ এজেন্সীৰ উদ্ধৃতি দি আল জাজিৰাই বন্দৰ চহৰ বান্দাৰ আব্বাছত নতুন বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰি কয় যে এই বিস্ফোৰণৰ সৈতে চহৰখনৰ পূব অংশত সংঘটিত হোৱা এক ঘটনাৰ সৈতে জড়িত আছিল।

দক্ষিণৰ চিৰিক আৰু মিনাব চহৰৰ লগতে কেশ্ম দ্বীপ আৰু উত্তৰ গৰ্গান চহৰকে ধৰি আন কেইবাটাও স্থানত অতিৰিক্ত বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। ইফালে আল জাজিৰাই ইৰাণৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ কৰিছে যে পশ্চিম তেহৰাণত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছে।

দক্ষিণ-পশ্চিম ইৰাণৰ ফাৰ্ছ প্ৰদেশতো এটা বিস্ফোৰণৰ শব্দ শুনা গৈছিল, যিটো চহৰৰ বাহিৰত বিমান প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰাৰ ফলত হোৱা বুলি কোৱা হৈছে। সমগ্ৰ ইৰাণত জৰুৰীকালীন সঁহাৰি সংস্থাসমূহ হাই এলাৰ্টত থকাৰ বাবে পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে বুলি আল জাজিৰাই প্ৰকাশ কৰিছে।

ইৰাকী সংবাদ মাধ্যমৰ দাবী যে ইৰাণে আৰ্বিলত থকা আমেৰিকাৰ আল-হাৰিৰ বিমান ঘাটিক লক্ষ্য কৰি মিছাইল আক্ৰমণ চলাইছে, য’ত ইৰাকৰ কুৰ্দিস্তান অঞ্চলত আমেৰিকাৰ এটা ৰাডাৰ চিষ্টেম ধ্বংস হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ৱাশ্বিংটনৰ সৈতে চুক্তিখন চূড়ান্ত কৰাত তেহৰানে কৰা পলমক লৈ হতাশা প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ কৰিব বুলি কোৱাৰ পাছতেই এই ঘটনা সংঘটিত হৈছে। অ’ভেল অফিচত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ট্ৰাম্পে কয়, “আমি তেওঁলোকক আক্ৰমণ কৰিবলৈ গৈ আছোঁ, অতি তীব্ৰভাৱে আক্ৰমণ কৰিম।” ট্ৰাম্পে ইংগিত দিয়ে যে ইৰাণে আমেৰিকাৰ এখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ ঘটনাই পুনৰ সামৰিক পদক্ষেপ গ্ৰহণৰ ভিত্তি প্ৰদান কৰিছে। তেওঁ সাংবাদিকৰ আগত কয়, “হেলিকপ্টাৰখনৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি, মোৰ ধাৰণা আমাৰ সেইটো কৰাৰ অধিকাৰ আছে।”

লগতে পঢ়ক: পুনৰ ইৰাণে ছীল কৰিলে হৰমুজ প্ৰণালী; আমেৰিকাৰ আক্ৰমণৰ পিছত জাহাজত No Entry

“যদি ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন তেন্তে ইজৰাইল নাথাকিলহেঁতেন”; ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক লৈ এক ডাঙৰ দাবী কৰিছে। ট্ৰাম্পে কৈছে যে “যদি ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন তেন্তে আজি ইজৰাইল নাথাকিলহেঁতেন”

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে বুধবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেহৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাক লৈ কঠোৰ সতৰ্কবাণী জাৰি কৰি দাবী কৰে যে পাৰমাণৱিক অস্ত্ৰ সজ্জিত ইৰানে ইজৰাইল ধ্বংস কৰি মধ্যপ্ৰাচ্যক অস্থিৰ কৰি তুলিব।

আলোচনাৰ ভৱিষ্যত অনিশ্চিত হৈ থকাৰ মাজতে তেওঁ এইবুলিও দাবী কৰে যে আমেৰিকাই তেওঁলোকক “তীব্ৰ আঘাত হানিছে” আৰু প্ৰয়োজন হ’লে পুনৰ আক্ৰমণ কৰিব পাৰে।

অ’ভেল অফিচত ভাষণ দি ট্ৰাম্পে কয়, “যদি তেওঁলোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন, তেন্তে ইজৰাইলৰ কোনো অস্তিত্ব নাথাকিলহেঁতেন, মধ্য প্ৰাচ্যৰ কোনো অস্তিত্ব নাথাকিলহেঁতেন আৰু তেওঁলোকে নিশ্চিতভাৱে আমাক লক্ষ্য কৰি আক্ৰমণ কৰিলেহেঁতেন। কি হয় দেখা যাওক। কিন্তু কালি আমি তেওঁলোকক তীব্ৰ আঘাত হানিছোঁ। আজিও আমি তেওঁলোকক পুনৰ তীব্ৰ আঘাত হানিবলৈ গৈ আছোঁ। চুক্তিখনৰ ক্ষেত্ৰত কি হয় আমি চাম।”

তেওঁ লগতে কয়, “আমি এটা চুক্তিৰ অতি ওচৰ চাপিছিলোঁ, কিন্তু তেওঁলোকে আমাক কেৱল ঠগিহে আছিল। তেওঁলোকে আমাক মূৰ্খ সজাই আহিছে কাৰণ আপোনালোকে জানেনে কি? তেওঁলোকে কিছুমান অতি মূৰ্খ ৰাষ্ট্ৰপতিৰ সৈতে কাম কৰিছিল… এই কথা ক’বলৈ মোৰ লাজ লাগিছে। কিছুমান অতি মূৰ্খ মানুহ ইয়াত বহি আছিল।” তেওঁ লগতে কয় যে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ পুনৰ আৰম্ভ কৰিব।

ট্ৰাম্পে কয়, “আমি তেওঁলোকক আক্ৰমণ কৰিম, অতি কঠোৰভাৱে আক্ৰমণ কৰিম।”

তেওঁ এইটোও ইংগিত দিয়ে যে ইৰাণে আমেৰিকাৰ এখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰা ঘটনাটোৱেই নতুন সামৰিক পদক্ষেপৰ বাবে পৰ্যাপ্ত ভিত্তি প্ৰদান কৰিছে। সাংবাদিকৰ আগত তেওঁ কয়, “হেলিকপ্টাৰখনৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি, মই ভাবো আমাৰ তেনে কৰাৰ অধিকাৰ আছে।”

ট্ৰাম্পে কয় যে আমেৰিকাই ইতিমধ্যে আক্ৰমণ আৰম্ভ কৰিছে আৰু ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত ৰাখিব। তেওঁ কয়, “আমি কালি তেওঁলোকক তীব্ৰ আঘাত হানিছোঁ। আজিও আমি তেওঁলোকক পুনৰ তীব্ৰ আঘাত হানিবলৈ গৈ আছোঁ, যাতে আপোনালোকে এই কথা পাহৰি নাযায় বা আপোনালোকে টেলিভিছন অন নকৰিলে যাতে গম পায়, আৰু চুক্তিখনৰ কি হয় আমি চাম।”

হৰমুজ প্ৰণালীৰ কাষত অৱস্থিত ইৰাণৰ সামৰিক ঘাটিসমূহৰ ওপৰত আমেৰিকাই চলোৱা বিমান আক্ৰমণৰ পিছতেই এই উত্তেজনাৰ শেহতীয়া পৰ্যায়টো আৰম্ভ হয়। এই আক্ৰমণ আছিল আমেৰিকাৰ এখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ প্ৰতিশোধ। ইৰাণে জানিবলৈ দিয়ে যে তেওঁলোকেও জৰ্ডানত থকা এটা আমেৰিকান ঘাটি আৰু অন্যান্য উপসাগৰীয় লক্ষ্যবস্তুত আক্ৰমণ চলাই ইয়াৰ প্ৰত্যুত্তৰ দিছে।

লগতে পঢ়ক: মিছাইলৰ শব্দত কঁপিছে মধ্যপ্ৰাচ্য; হৰমুজৰ সমিপৰ ইৰাণী ঘাটিত আমেৰিকাৰ মিছাইল নিক্ষেপ