পুনৰ ইৰাণে ছীল কৰিলে হৰমুজ প্ৰণালীত; আমেৰিকাৰ আক্ৰমণৰ পিছত জাহাজৰ বাবে No Entry

পুনৰ ইৰাণে ছীল কৰিলে হৰমুজ প্ৰণালী; আমেৰিকাৰ আক্ৰমণৰ পিছত জাহাজত No Entry

ইৰাণৰ সামৰিক কমাণ্ডে হৰমুজ প্ৰণালী বন্ধ কৰাৰ কথা ঘোষণা কৰি যিকোনো জাহাজক লক্ষ্য কৰি লোৱাৰ সকীয়নি দিছে। আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। ইৰাণৰ শীৰ্ষ যৌথ সামৰিক কমাণ্ডে বৃহস্পতিবাৰে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ইৰাণে সতৰ্ক কৰি দিছে যে

ইৰাণৰ সামৰিক কমাণ্ডে হৰমুজ প্ৰণালী বন্ধ কৰাৰ কথা ঘোষণা কৰি যিকোনো জাহাজক লক্ষ্য কৰি লোৱাৰ সকীয়নি দিছে।

আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। ইৰাণৰ শীৰ্ষ যৌথ সামৰিক কমাণ্ডে বৃহস্পতিবাৰে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ইৰাণে সতৰ্ক কৰি দিছে যে এতিয়াৰে পৰা তেল টেংকাৰ আৰু বাণিজ্যিক জাহাজকে ধৰি কোনো জাহাজে যদি এই জলপথেৰে পাৰ হ’বলৈ চেষ্টা কৰে, তেন্তে তাৰ ওপৰত আক্ৰমণ কৰা হ’ব।

হৰমুজ প্ৰণালী হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক ব্যৱসায়িক পথ, যাৰ জৰিয়তে বিশ্বব্যাপী তেল সৰবৰাহৰ এক বৃহৎ অংশ পাৰ হৈ যায়। এনে পৰিস্থিতিত ইৰাণৰ এই ঘোষণাই আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু শক্তি খণ্ডত চিন্তা বৃদ্ধি কৰিছে।

ইফালে, ইৰাণৰ সংবাদ মাধ্যম আৰু ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC) নৌসেনাৰ তথ্য অনুসৰি, হৰমুজ প্ৰণালীৰে পাৰ হ’বলৈ চেষ্টা কৰা দুখন “নিয়ম উলংঘা কৰা” জাহাজক লক্ষ্য কৰি লোৱা হৈছে।

অৱশ্যে ইৰাণৰ এই দাবীৰ কিছু সময়ৰ পিছতেই আমেৰিকান সেনাই ইয়াক খণ্ডন কৰে। আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডে (CENTCOM) কয় যে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই আৰু আমেৰিকাৰ নৌসেনাৰ জাহাজৰ ওপৰত কোনো ধৰণৰ আক্ৰমণো হোৱা নাই।

লগতে পঢ়ক: “যদি ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন তেন্তে ইজৰাইল নাথাকিলহেঁতেন”; ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ