দিল্লী বিস্ফোৰণ : প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

দিল্লী বিস্ফোৰণৰ পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ; ভুক্তভোগী-পৰিয়াললৈ সমবেদনা

দিল্লী বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ দেশৰ ৰাজধানী দিল্লীৰ ৰেডফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । টুইটাৰত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে বিস্ফোৰণত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে । তেওঁ কয়,

দিল্লী বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

দেশৰ ৰাজধানী দিল্লীৰ ৰেডফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । টুইটাৰত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে বিস্ফোৰণত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে । তেওঁ কয়, “বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্তসকলক কৰ্তৃপক্ষই সহায় আগবঢ়াইছে । গৃহমন্ত্ৰী অমিত শ্বাহে অন্যান্য বিষয়াৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।”

এই বিস্ফোৰণত ১০ জন লোক নিহত হোৱাৰ লগতে ২৪ জন আহত হয় । মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ । বিস্ফোৰণৰ শব্দ ইমানেই প্ৰবল আছিল যে ওচৰৰ খিৰিকীবোৰ কঁপি উঠিছিল আৰু কেইবাখনো বাহনৰ ক্ষতিসাধন হয় । ঘটনাৰ পিছতে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয় । সমগ্ৰ অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু যাতায়ত নিষিদ্ধ কৰা হৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বিস্ফোৰণক গভীৰ বেদনাদায়ক আৰু চিন্তনীয় আখ্যা দি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাক লৈ শোক প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য বিষয়ববীয়াৰ সৈতে পৰিস্থিতি পুনৰীক্ষণ কৰা বুলি কয় ।

দিল্লী আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা গৈছে যে এখন ৰখাই থোৱা গাড়ীত বিস্ফোৰণ সংঘটিত হৈছে । সমগ্ৰ অঞ্চলটো আৰক্ষীয়ে ঘেৰি ধৰিছে আৰু স্বাভাৱিক বাহনৰ চলাচল বন্ধ কৰি দিছে । এই ঘটনাৰ পিছতে দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশত হাই এলাৰ্ট জাৰি কৰা হৈছে । ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত এখন ৰখাই থোৱা গাড়ীত সংঘটিত হোৱা বিস্ফোৰণত এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা বুলি নিশ্চিত কৰা হৈছে ।

লগতে পঢ়ক : ‘প্ৰতিটো কোণৰ পৰা তদন্ত হ’ব’… দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰথমটো প্ৰতিক্ৰিয়া

শেহতীয়া প্ৰৱন্ধসমূহ