ফিফা বিশ্বকাপ ২০২৬: জিলিকিল ৰড্ৰি, এমবাপে, চিমন আৰু কুবাৰ্ছী!

ফিফা বিশ্বকাপ ২০২৬: জিলিকিল ৰড্ৰি, এমবাপে, চিমন আৰু কুবাৰ্ছী!

ফিফা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে ইতিহাস ৰচনা কৰে ২০২৬-ৰ ফিফা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে ইতিহাস ৰচনা কৰিলে । আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত অতিৰিক্ত সময়ৰ ১০৬ মিনিটত স্পেইনৰ পৰিৱৰ্তিত

ফিফা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে ইতিহাস ৰচনা কৰে

২০২৬-ৰ ফিফা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে ইতিহাস ৰচনা কৰিলে । আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত অতিৰিক্ত সময়ৰ ১০৬ মিনিটত স্পেইনৰ পৰিৱৰ্তিত খেলুৱৈ ফেৰান টৰেছে কৰা একমাত্ৰ নিৰ্ণায়ক গ’লটোৰ সহায়ত ‘লা ৰোজা’ই দ্বিতীয়বাৰৰ বাবে বিশ্ব কাপৰ খিতাপ নিজৰ নামত কৰে ।

স্পেনিছ খেলুৱৈৰ আধিপত্য: ৰদ্ৰিলৈ ‘গোল্ডেন বল’

সমগ্ৰ প্ৰতিযোগিতাখনত স্পেইনৰ দলটোৱে দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ২০২৬ বিশ্বকাপৰ ব্যক্তিগত বঁটা সমূহৰ তালিকাতো স্পেনিছ খেলুৱৈৰেই আধিপত্য দেখিবলৈ পোৱা গ’ল ।

ৰদ্ৰি (গোল্ডেন বল): সমগ্ৰ বিশ্বকাপ অভিযানত স্পেইনৰ মিডফিল্ডক সুন্দৰভাৱে পৰিচালনা কৰি প্ৰতিযোগিতাখনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘গোল্ডেন বল’ লাভ কৰে মিডফিল্ডাৰ ৰদ্ৰিয়ে ।

উনাই চিমন (গোল্ডেন গ্লভ): গ’লৰক্ষক উনাই চিমনে তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ‘গোল্ডেন গ্লভ’ বঁটা লাভ কৰে । সমগ্ৰ প্ৰতিযোগিতাখনত স্পেইনে মাত্ৰ এটা গ’লহে খাইছিল । ইয়াৰ উপৰিও চিমনে একেৰাহে ৬৫০ মিনিট ধৰি কোনো গ’ল নোখোৱাকৈ থাকি বিশ্বকাপৰ এক নতুন অভিলেখ গঢ়ি তোলে ।

পাউ কুবাৰ্চী (ফিফা ডেকা খেলুৱৈ বঁটা): স্পেইনৰ প্ৰতিৰক্ষা বিভাগৰ অন্যতম মূল শক্তি হিচাপে জিলিকি উঠা ১৯ বছৰীয়া কিশোৰ ডিফেণ্ডাৰ পাউ কুবাৰ্চীক ‘ফিফা ডেকা খেলুৱৈ বঁটা’ প্ৰদান কৰা হয় ।

এমবাপেৰ ঐতিহাসিক ‘গোল্ডেন বুট’ আৰু নতুন অভিলেখ

ফাইনেলত ফ্ৰান্স পৰাজিত হ’লেও দলটোৰ তাৰকা অধিনায়ক কিলিয়ান এমবাপেই নিজৰ নামত এক নতুন ইতিহাস লিপিবদ্ধ কৰিলে । প্ৰতিযোগিতাখনৰ ৮খন মেচত সৰ্বাধিক ১০টা গ’ল স্ক’ৰ কৰি এমবাপেই লাভ কৰিলে ঐতিহাসিক ‘গোল্ডেন বুট’ ।

ইয়াৰ সৈতে তেওঁ একেৰাহে দুটা সংস্কৰণত বিশ্বকাপৰ গোল্ডেন বুট জয় কৰা বিশ্বৰ প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয় । কেৰিয়াৰৰ মুঠ ২২টা গ’লেৰে তেওঁ এতিয়া পুৰুষৰ ফিফা বিশ্বকাপৰ ইতিহাসত সৰ্বকালৰ সৰ্বাধিক গ’লদাতা ।

নেদাৰলেণ্ডলৈ ফেয়াৰ প্লে বঁটা

আনহাতে, খেলপথাৰত প্ৰদৰ্শন কৰা উৎকৃষ্ট অনুশাসন আৰু ক্ৰীড়াসুলভ মনোভাৱৰ বাবে নেদাৰলেণ্ড দলক এইবাৰৰ ‘ফিফা ফেয়াৰ প্লে বঁটা’ৰে সন্মানিত কৰা হয় ।

লগতে পঢ়ক : বিশ্ব চেম্পিয়ন স্পেইনৰ ওপৰত টকাৰ বৰষুণ; ৰানাৰ্ছ আপ আৰ্জেণ্টিনাও মালামাল