গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব'

গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ শক্তি প্ৰদৰ্শন । অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ শক্তি প্ৰদৰ্শন । অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে ।

আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব’ত বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । গৃহমন্ত্ৰী শ্বাহে আজি দলীয় বিষয়ববীয়াসকলকো সাক্ষাৎ কৰি নিৰ্বাচনী কৌশল পৰ্যালোচনা কৰিব বুলিও জানিব পৰা গৈছে ।

ইফালে এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰি অমিত শ্বাহে এইবাৰ বিজেপিয়ে অসমৰ ৯০ খনতকৈও অধিক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । লগতে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ পিছত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব বুলিও স্পষ্ট কৰি দিয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ উচ্চ প্ৰশংসা কৰে গৃহমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অসমক শিক্ষা আৰু চিকিৎসাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে । বৰ্তমান ৰাজ্যখনৰ ৰাইজ অতি সুখী কাৰণ তেওঁলোকে প্ৰতিটো ঘৰতে বিশুদ্ধ পানী আৰু ২৪ ঘণ্টীয়া বিদ্যুতৰ সুবিধা লাভ কৰিছে । শ্বাহে লগতে অসমত মহিলাৰ সুৰক্ষা এতিয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈছে বুলিও মন্তব্য কৰে ।

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ ফুটবল খেলপথাৰত মন্ত্ৰী অশোক সিংহলৰ হৈয়ো নিৰ্বাচনী প্ৰচাৰ চলাব । ইয়াৰ পিছতে তেওঁ নলবাৰী জিলাৰ টিহুৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আন এগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমৰ্থনত এখন জনসভাত ভাষণ দিব ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ২ এপ্ৰিলত বৰাক উপত্যকাত প্ৰচাৰ চলাবলৈ পুনৰ অসমলৈ অহাৰ কথা আছে । সেই ভ্ৰমণৰ সময়ত তেওঁ শ্ৰীভূমি জিলাত মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু শিলচৰত প্ৰাক্তন সাংসদ ৰাজদীপ ৰয়ৰ হৈ নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : মমতা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ চাৰ্জশ্বীট, অমিত শ্বাহৰ মন্তব্য- এয়া ভয়ৰ পৰা মুক্ত কৰাৰ নিৰ্বাচন

শেহতীয়া প্ৰৱন্ধসমূহ