অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে- মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান “এই জনমত নহয়, অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে ।“ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে- মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান

“এই জনমত নহয়, অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে ।“ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে বৰপেটা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি অবৈধ বিদেশী আৰু বেদখলৰ প্ৰসংগৰে গৌৰৱ গগৈৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ বৰপেটা মেডিকেল কলেজৰ নাম ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰিম বুলি গৌৰৱ গগৈয়ে দিয়া প্ৰতিশ্ৰুতিৰো মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাৰ পৰাই প্ৰত্যাহ্বান জনায় ।

উল্লেখ্য যে, বুধবাৰে সংখ্যালঘু বসতিপ্ৰধান মন্দিয়াত নিৰ্বাচনী প্ৰচাৰ চলাই এই প্ৰতিশ্ৰুতি দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । কংগ্ৰেছৰ গুণ্ডাগিৰি এতিয়া আৰু অসমত নচলিব বুলি উল্লেখ কৰি গৌৰৱ গগৈৰ এই প্ৰতিশ্ৰুতিৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“গৌৰৱ গগৈয়ে অলপ শুনি লওক । এই জনমত নহয় অহা জনমতো বৰপেটা নেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে ।

বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা প্ৰসংগত তেওঁ ৰাইজে কোৱাৰ বাবেই নাম সলনি কৰা হল বুলি মন্তব্য কৰে । এই ক্ষেত্ৰত তেওঁ ৰাইজৰ কথাহে শুনিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।   

বৰপেটাত হোৱা বেদখল আৰু অবৈধ বিদেশীৰ আগ্ৰাসনৰ ভয়াৱহতাৰ বিষয়ে উনুকিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আসমীয়া মানুহ ঐক্যবদ্ধ হৈ নাথাকে তেন্তে আগন্তুক দহ বছৰত জিলাখনত কোনো লোক জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰে । তেওঁ কয় যে, আজিৰ যি পৰিৱেশ যিয়েই নহওক কিয় আমি বৰপেটাৰ সকলো খিলঞ্জীয়া গুৱাহাটীলৈ উঠি যাব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব । লগতে বৰপেটাত মাটি বেদখল কৰি থকা অবৈধ বিদেশীক সকীয়াই এইবাৰ এটা এটাকৈ বেদখলকাৰীক খেদা হ’ব বুলি বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়-“বৰপেটাত যিমান মাটি দখল কৰি আছে এটা এটাকৈ খেদা হ’ব । চৰকাৰী মাটিত বহি যিয়ে আমাৰ ওপৰত ৰজা হ’ব খুজিছে কাকো ৰেহাই দিয়া নহ’ব ।“

তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত পূৰ্বৰ দৰে বেদখলকাৰীয়ে উপদ্ৰব সৃষ্টি কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“যোৱাবাৰ অলপ ঠেং-ভৰি ভঙা হৈছিল এইবাৰ কামিহাড় ডালকে ভাঙি দিয়া হ’ব । যাতে অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত ৰঙা চকু দেখুৱাব নোৱাৰে ।“

উল্লেখ্য যে, আজি বৰপেটা সমষ্টিৰ সৰ্থেবাৰীত মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্প সভাত অংশ লয় । এই সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : কোনো খিলঞ্জীয়াই কংগ্ৰেছক ভোট নিদিয়েঃ মুখ্যমন্ত্ৰী