আই পি এলৰ পিছতেই পুনৰ এক্সনত দেখা যাব টিম ইণ্ডিয়াক, নতুন শৃংখলাৰ সময় সূচী প্ৰকাশ

আই পি এলৰ পিছতেই পুনৰ এক্সনত দেখা যাব টিম ইণ্ডিয়াক, নতুন শৃংখলাৰ সময় সূচী প্ৰকাশ

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৬ৰ প্ৰস্তুতি তুংগত । এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ । ইয়াৰ পূৰ্বে শনিবাৰে বিচিচিআইয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ সময়সূচী

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৬ৰ প্ৰস্তুতি তুংগত । এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ । ইয়াৰ পূৰ্বে শনিবাৰে বিচিচিআইয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ সময়সূচী ঘোষণা কৰে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় পুৰুষ দলটোৱে আয়াৰলেণ্ড ভ্ৰমণ কৰিব, দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব ।

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব । এই মেচখন ভাৰতীয় সময় অনুসৰি ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব । ২৮ জুনত অনুষ্ঠিত হ’ব ভাৰত বনাম আয়াৰলেণ্ডৰ দ্বিতীয়খন খেল । এই খেলখন বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত অনুষ্ঠিত হ’ব । এই খেলপথাৰত এইখন হ’ব টিম ইণ্ডিয়াৰ প্ৰথম টি-২০ মেচ, আনহাতে ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ইয়াত ২০০৭ চনত এদিনীয়া মেচ খেলিছিল ।

১ জুলাইৰ পৰা ভাৰত বনাম ইংলেণ্ডৰ টি-২০ শৃংখলা

২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে চূড়ান্ত টি-২০ মেচৰ পিছত ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ডলৈ ৰাওনা হ’ব, য’ত ১ জুলাইৰ পৰা পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হ’ব । ১১ জুলাইত দ্য এজিয়াছ বাউলত অনুষ্ঠিত হ’ব টি-২০ শৃংখলাৰ অন্তিমখন খেল । অৰ্থাৎ ১৩ দিনত টিম ইণ্ডিয়াই ৭ খন টি-২০ খেলিব ।

শেহতীয়াকৈ ভাৰতে তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ খিতাপ দখল কৰে । আহমেদাবাদত অনুষ্ঠিত হোৱা চূড়ান্ত মেচত নিউজীলেণ্ডক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰে ভাৰতীয় দলে । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ইতিহাস ৰচে আৰু ঘৰুৱা ক্ষেত্ৰত এই খিতাপ দখল কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰত । তদুপৰি ভাৰতে একেৰাহে দুখন টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : বৰ্ষাপাৰাত আই পি এলৰ মহাৰণ, ৩০ মাৰ্চত ৰাজস্থান বমান চেন্নাইক লৈ ব্যাপক উৎসাহ

শেহতীয়া প্ৰৱন্ধসমূহ