মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঈদ উল-ফিটৰ আৰু ইৰাণৰ নৱবৰ্ষ নৌৰুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে । দুয়োগৰাকী নেতাই কেৱল উৎসৱৰ

ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঈদ উল-ফিটৰ আৰু ইৰাণৰ নৱবৰ্ষ নৌৰুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে । দুয়োগৰাকী নেতাই কেৱল উৎসৱৰ আনন্দৰ ভাগ-বতৰা কৰাই নহয়, মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে কেইবাটাও জৰুৰী নিৰাপত্তাজনিত বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ।

এই উৎসৱে সমগ্ৰ পশ্চিম এছিয়ালৈ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে তেওঁৰ এই বাৰ্তাক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । তেওঁ নিৰ্দ্বিধায় কয় যে আঞ্চলিক শান্তি হৈছে বিশ্ব উন্নয়নৰ প্ৰকৃত পথ ।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ জটিল আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । তেওঁৰ মতে এনে আক্ৰমণে কেৱল আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয়, বিশ্বৰ যোগান শৃংখলতো গুৰুতৰভাৱে ব্যাঘাত জন্মাইছে, যাৰ ফলত বিশ্ব অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিছে ।

আন এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যাতায়তৰ স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহ যাতে মুকলি আৰু সম্পূৰ্ণ নিৰাপদ হৈ থাকে, বাণিজ্যত কোনো ধৰণৰ ব্যাঘাত নপৰে সেয়া নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ ।

শেষত প্ৰধানমন্ত্ৰীয়ে ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে ইৰাণ চৰকাৰে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে শলাগ লয় । ইৰাণে ভাৰতীয়সকলৰ প্ৰতি লোৱা পদক্ষেপৰ বাবে পেজেছস্কিয়ানক ধন্যবাদ জনায় ।

লগতে পঢ়ক : মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন