‘পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ

‘প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছতে প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ

দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰে ইৰাণৰ সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীয়ে। তেওঁ কয় যে-প্ৰতিজন শ্বহীদৰ প্ৰতিশোধ লোৱা হ’ব। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মুজতাবা খেমেইনীয়ে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰে। মুজতাবা খেমেইনীয়ে কয় যে, যুদ্ধ বন্ধ নোহোৱালৈকে হৰমুজ প্ৰণালী বন্ধ থাকিব আৰু

দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰে ইৰাণৰ সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীয়ে। তেওঁ কয় যে-প্ৰতিজন শ্বহীদৰ প্ৰতিশোধ লোৱা হ’ব।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মুজতাবা খেমেইনীয়ে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰে। মুজতাবা খেমেইনীয়ে কয় যে, যুদ্ধ বন্ধ নোহোৱালৈকে হৰমুজ প্ৰণালী বন্ধ থাকিব আৰু সেনাই ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগে।

যাৰ বাবে বিশ্বৰ তেল বজাৰত যে তেল সংকট অব্যাহত থাকিব সেয়া স্পষ্ট হৈ পৰিছে। মুজতাবা খেমেইনীয়ে কয় যে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাৰ সকলো ঘাটি খালী কৰিব লাগে।যেতিয়ালৈকে সেয়া নহয় তেতিয়ালৈকে আমি আক্ৰমণ কৰি যাম।

ইৰাণৰ সৰ্বোচ্চ নেতা গৰাকীয়ে মিনাব স্কুল আক্ৰমণৰ “শ্বহীদ”ৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।তেওঁ কয়  সকলো শ্বহীদৰ প্ৰতিশোধ নিশ্চিতভাৱে লোৱা হ’ব। প্ৰতিশোধ সম্পূৰ্ণৰূপে লাভ নকৰালৈকে যুদ্ধ চলি থাকিব।

তেওঁ কয় যে, ইৰাণে নিজৰ শত্ৰু আমেৰিকাৰ পৰা “ক্ষতিপূৰণ আদায়” কৰিব।যদি আমেৰিকাই ইয়াক নাকচ কৰে, তেন্তে ইৰাণে তেওঁলোকৰ সম্পত্তি জব্দ কৰিব বা একে পৰিমাণে ধ্বংস কৰিব।

মুজতাবা খেমেইনীয়ে কয় যে, শান্তি সেই সকল লোকৰ বাবে হে থাকিব,যিসকলে ইৰাণ আৰু ইয়াৰ জনসাধাৰণৰ মংগল বিচাৰে।মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো।মহান খেমেইনী আৰু শ্বহীদ খেমেইনী এই দুজন মহানেতাৰ সিংহাসনত প্ৰণাম কৰাটো মোৰ বাবে কঠিন।

শ্বহীদ সকল এতিয়া সকলোতকৈ ভাল স্থানত আছে আৰু তেওঁলোকে ফল পাব। আমাৰ নেতাৰ মৃত্যুৱে সদায় এইটো দেখুৱাইছে যে তেওঁ সদায় সঁচা কথা কৈছিল।তেওঁৰ চৰিত্ৰ মহান আছিল। দায়িত্ব বহুত ডাঙৰ আৰু আমি আল্লাহৰ পৰা শক্তি বিচাৰিছো।নেতা আৰু জনসাধাৰণৰ সম্পৰ্ক সদায় থাকে।ইৰাণৰ জনসাধাৰণে বিশ্বক দেখুৱাইছে যে আমি মহান মানুহ।আল্লাহে আমাক সমৰ্থন কৰিছে, আমি পবিত্ৰ কোৰানৰ সহায় লব বিচাৰো।

লগতে পঢ়ক: হৰমুজ প্ৰণালী পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিলে প্ৰথমখন তেল টেংকাৰ…

শেহতীয়া প্ৰৱন্ধসমূহ