ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী নাছিৰজাদেহৰ মৃত্যুৰ দাবী

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী নাছিৰজাদেহৰ মৃত্যুৰ দাবী

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰৰ মৃত্যু হৈছে মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক সংঘাতে সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিছে । কেইবাখনো দেশত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলি আছে, যাৰ ফলত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰৰ মৃত্যু হৈছে

মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক সংঘাতে সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিছে । কেইবাখনো দেশত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলি আছে, যাৰ ফলত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰৰ মৃত্যু হৈছে ।

ৰয়টাৰৰ তথ্য অনুসৰি ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ কমাণ্ডাৰ মহম্মদ পাকপুৰ ইজৰাইলৰ আক্ৰমণত নিহত হৈছে । অৱশ্যে ইৰাণে এতিয়াও এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।

ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্যত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ কৰাৰ লগে লগে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে । ইৰাণে এই কাৰ্যক নিজৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি ঘোষণা কৰি প্ৰতিশোধমূলক আক্ৰমণ চলায় আৰু পৰৱৰ্তী সময়ত উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লয় ।

কাটাৰ, বাহৰেইন, ইউ এ ই, চৌদি আৰৱতো বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । কেইবাখনো দেশে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে । সাধাৰণ নাগৰিকক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়া হৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোৰ বহু বিমানবন্দৰ, বিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে ।

ইফালে বৰ্ধিত এই সংঘাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ফ্ৰান্স, ৰাছিয়া, কাটাৰ, ইউৰোপীয় সংঘকে ধৰি কেইবাখনো দেশে ডি-এস্কেলেচন আৰু কূটনৈতিক সমাধানৰ আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘতো শীঘ্ৰেই হস্তক্ষেপৰ দাবী উত্থাপন হৈছে । ইফালে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ এজন শীৰ্ষ সেনাধ্যক্ষৰ মৃত্যু হোৱাৰ দাবীয়ে সংকট আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ