উত্তেজনাৰ মাজতে ৰাছিযাৰ সৈতে যুদ্ধভ্যাস ইৰাণৰ, পশ্চিম এছিয়াৰ কাষ চাপি আহিছে আমেৰিকাৰ যুদ্ধ জাহাজ

উত্তেজনাৰ মাজতে ৰাছিযাৰ সৈতে যুদ্ধভ্যাস ইৰাণৰ, পশ্চিম এছিয়াৰ কাষ চাপি আহিছে আমেৰিকাৰ যুদ্ধ জাহাজ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে আমেৰিকাৰ বিমানবাহী যুদ্ধ জাহাজ পশ্চিম এছিয়াৰ কাষ চাপি অহাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে ৰাছিয়াৰ সৈতে বাৰ্ষিক সামৰিক অনুশীলন অনুষ্ঠিত কৰে । ইফালে আমেৰিকা আৰু ইৰাণ দুয়োখন দেশেই তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে

আমেৰিকাৰ বিমানবাহী যুদ্ধ জাহাজ পশ্চিম এছিয়াৰ কাষ চাপি অহাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে ৰাছিয়াৰ সৈতে বাৰ্ষিক সামৰিক অনুশীলন অনুষ্ঠিত কৰে । ইফালে আমেৰিকা আৰু ইৰাণ দুয়োখন দেশেই তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আলোচনা বিফল হ’লে যুদ্ধৰ বাবে সাজু হোৱাৰ ইংগিত দিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে । ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ দাবীৰ ওপৰত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণক ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বাতিল কৰাৰ লগতে সশস্ত্ৰ সংগঠনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ আমেৰিকা আৰু ইজৰাইলে দাবী জনাইছে । যোৱা কেইটামান সপ্তাহত পৰোক্ষ আলোচনাই কোনো বিশেষ অগ্ৰগতি লাভ কৰা নাই । এই সময়খিনি দুয়োপক্ষই যুদ্ধৰ চূড়ান্ত প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰাৰ আশংকাও দেখা গৈছে ।

যোৱা বছৰ ইজৰাইল আৰু আমেৰিকাৰ সৈতে ১২ দিনীয়া সংঘাত আৰু জানুৱাৰী মাহত গণ প্ৰতিবাদৰ হিংসাত্মক দমনৰ পিছত ইৰাণ চৰকাৰ পূৰ্বতকৈ অধিক দুৰ্বল হৈ পৰিছে । ইয়াৰ পিছতো ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ ঘাটি আক্ৰমণ কৰিবলৈ সক্ষম হৈ আছে আৰু যিকোনো আক্ৰমণে আঞ্চলিক যুদ্ধৰ সূচনা কৰিব পাৰে বুলি সকীয়াই দিছে । ইৰাণে এই সপ্তাহত হৰমুজ জলদ্বীপত লাইভ ফায়াৰ অনুশীলন চলাইছিল, যাৰ মাজেৰে বিশ্বৰ ব্যৱসায়িক তেলৰ এক পঞ্চমাংশ পাৰ হৈ যায় ।

ভূমধ্য সাগৰত আমেৰিকাৰ যুদ্ধজাহাজ-

আমেৰিকাই অধিক যুদ্ধজাহাজ আৰু বিমান নিয়োগ কৰিছে আৰু ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড বিমানবাহী জাহাজ ভূমধ্য সাগৰত আছে । অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আমেৰিকাই নিশ্চিতভাৱে ইৰাণক আক্ৰমণ কৰিব । কিন্তু ইমান বৃহৎ বাহিনী আৰু জাহাজৰ আগমনে ট্ৰাম্পৰ আক্ৰমণৰ ক্ষমতা অধিক শক্তিশালী কৰি তুলিছে । ইচ্ছা কৰিলে এতিয়া আমেৰিকাই ইৰাণ আক্ৰমণ কৰিব পাৰে ।

লগতে পঢ়ক : দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন

শেহতীয়া প্ৰৱন্ধসমূহ