টি-২০ বিশ্বকাপৰ বিতৰ্কত এইবাৰ পাকিস্তানৰ এন্ট্ৰি… দিলে এই বিশেষ অফাৰ

টি-২০ বিশ্বকাপৰ বিতৰ্কত এইবাৰ পাকিস্তানৰ এন্ট্ৰি… দিলে এই বিশেষ অফাৰ

টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে ভাৰতত নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পিছতে এতিয়া এই বিতৰ্কত এন্ট্ৰি মাৰিছে পাকিস্তানে… ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে নিজৰ মেচ খেলিবলৈ

টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে ভাৰতত নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পিছতে এতিয়া এই বিতৰ্কত এন্ট্ৰি মাৰিছে পাকিস্তানে…

ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছে । অৱশ্যে এই বিষয়ত এতিয়াও কোনো সঁহাৰি দিয়া নাই আই চি চিয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে বি চি বিয়ে ।

আই পি এলৰ পৰা মুস্তাফিজুৰৰ ৰিলিজৰ পিছতে এক প্ৰকাৰৰ ক্ষোভ প্ৰকাশ কৰিছে বি চি বিয়ে । শেহতীয়াকৈ এতিয়া এই বিতৰ্কত প্ৰৱেশ কৰিছে পাকিস্তান । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ টি-২০ বিশ্বকাপৰ মেচ আয়োজনৰ বাবে যদি শ্ৰীলংকা অনুপলব্ধ হয়, তেন্তে আতিথ্য দিবলৈ পাকিস্তান সাজু বুলি পি চি বিয়ে প্ৰকাশ কৰিছে ।

জানিব পৰা মতে পাকিস্তানৰ সকলো খেলপথাৰেই টি-২০ বিশ্বকাপৰ খেলসমূহ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি প্ৰকাশ কৰিছে পি চি বিয়ে । পি চি বিয়ে ইতিমধ্যে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰ ২০২৫ৰ দৰে ডাঙৰ ইভেণ্ট সফলতাৰে আয়োজন কৰিছে আৰু সেয়েহে এই মেচসমূহ মসৃণভাৱে আয়োজন কৰিবলৈ সক্ষম বুলি উল্লেখ কৰিছে ।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে যোৱা ৪ জানুৱাৰীত স্পষ্ট কৰি দিছিল যে ২০২৬ চনৰ টি-২০ বিশ্বকাপত খেলিবলৈ ভাৰতলৈ নাযায় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশ অনুসৰি তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) দলৰ পৰা ৰিসিজ কৰি দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ ফলত দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু ৰাজনৈতিক উত্তেজনা আৰু অধিক গভীৰ হৈ পৰে ।

লগতে পঢ়ক : তামিম ইকবালক ভাৰতীয় এজেণ্ট আখ্যা, বাংলাদেশ ক্ৰিকেটত বিতৰ্ক

শেহতীয়া প্ৰৱন্ধসমূহ