ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে ভাৰতীয় দলৰ বৰ্জনত ক্ষুব্ধ পাকিস্তানে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । আচলতে এছিয়া কাপ ২০২৫ৰ দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল মেচ । এই মেচখন জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী দলৰ লগত

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে

ভাৰতীয় দলৰ বৰ্জনত ক্ষুব্ধ পাকিস্তানে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । আচলতে এছিয়া কাপ ২০২৫ৰ দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল মেচ । এই মেচখন জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী দলৰ লগত হাত মিলোৱা নাছিল । অধিনায়ক সূৰ্যকুমাৰ যাদৱে দলটোক ছয়ৰে জয়ৰ দিশে আগুৱাই নিয়াৰ পিছত পেভিলিয়নলৈ উভতি আহে আৰু সেই সময়ত পাকিস্তানী খেলুৱৈসকল খেলপথাৰতেই উপস্থিত আছিল ।

নিলম্বন কৰিলে নিজৰ বিষয়াক-

ডুবাইত অনুষ্ঠিত হোৱা এই হাই ভল্টেজ মেচখনত পৰাজয়ৰ পাছত পাকিস্তানী খেলুৱৈয়ে ভাৰতীয় খেলুৱৈৰ সৈতে হাত মিলাব খুজিছিল যদিও ভাৰতীয় দলটোৱে ইয়াৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি দিয়ে । এইদৰে ভাৰতীয় দলৰ দ্বাৰা নিজৰ দেশ বয়কট হোৱাৰ বাবে ক্ষুব্ধ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ভাৰতে পাকিস্তানী খেলুৱৈৰ সৈতে হাত নিমিলোৱাৰ বিতৰ্কৰ পিছত পি চি বিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সঞ্চালক উছমান ৱাহালাক নিলম্বন কৰিছে । সূত্ৰৰ উদ্ধৃতি দি পাকিস্তানৰ ‘এ স্প’ৰ্টছে’ দাবী কৰিছে যে মেচ ৰেফাৰীৰ আচৰণ আৰু ভাৰতৰ এই কাৰ্যক আনুষ্ঠানিক সঁহাৰি দিয়াত পলম হোৱাৰ বাবে ৱাহালাক পদৰ পৰা অপসাৰণ কৰা হৈছে ।

মহছিন নাকৱীয়ে প্ৰকাশ কৰে অসন্তুষ্টি-

ইয়াৰ পূৰ্বে সোমবাৰে পি চি বিৰ অধ্যক্ষ মহছিন নাকৱীয়েও ভাৰতৰ দ্বাৰা পাকিস্তানী দলটোক কৰা বয়কটৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ ইয়াক ‘ক্রীড়া মনোভাৱৰ অভাৱ’ বুলি অভিহিত কৰি কয় যে ভাৰতে ৰাজনীতিক খেলৰ মাজলৈ টানি আনিছে ৷ নাকৱীয়ে লিখিছে, ‘ভাৰত-পাকিস্তানৰ খেলৰ পিছত ক্ৰীড়া মনোভাৱৰ তীব্ৰ অভাৱ দেখা গৈছিল । খেলখনলৈ ৰাজনীতি অনাটো খেলৰ মনোভাৱৰ বিৰুদ্ধে । আশাকৰোঁ ভৱিষ্যতে সকলো দলে মৰ্যাদাৰে জয় উদযাপন কৰিব ।’

আনুষ্ঠানিক অভিযোগ উত্থাপন পি চি বিৰ-

খেলখনৰ অন্তত পি চি বিয়ে আনুষ্ঠানিক বিবৃতিযোগে ভাৰতীয় দলৰ আচৰণৰ বিৰুদ্ধে এছিয়ান ক্ৰিকেট কাউন্সিলত আনুষ্ঠানিক অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰে । পি চি বিৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘ভাৰতীয় খেলুৱৈসকলে হাত নিমিলোৱা আচৰণৰ বিৰুদ্ধে দলৰ পৰিচালক নৱেদ চিমাই তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে । ইয়াক খেলৰ মনোভাৱৰ বিৰুদ্ধে আৰু অসাংবিধানিক বুলি গণ্য কৰা হৈছে । ইয়াৰ প্ৰতিবাদত আমি আমাৰ অধিনায়ক (ছালমান আগা)ক মেচৰ পিছৰ অনুষ্ঠানলৈ পঠিয়াব পৰা নাছিলো ।’

লগতে পঢ়ক : মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন