পুনৰ WPL চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ...ছিন্নভিন্ন হৈ পৰিল দিল্লীৰ সপোন,

পুনৰ WPL চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ…ছিন্নভিন্ন হৈ পৰিল দিল্লীৰ সপোন, একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত পৰাস্ত

উজ্জ্বল প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । ১৫ মাৰ্চত (দেওবাৰে) ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে । ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও দলটোৱে

উজ্জ্বল প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । ১৫ মাৰ্চত (দেওবাৰে) ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে । ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও দলটোৱে ৯ উইকেটত মাত্ৰ ১৪১ ৰানহে কৰিবলৈ সক্ষম হয় ।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দ্বিতীয়বাৰৰ বাবে WPL খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হোৱা ডব্লিউ পি এলৰ প্ৰথম ছিজনতো জয়ী হৈছিল দলটো । আনহাতে, দিল্লী কেপিটেলছৰ দল একেৰাহে তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হৈছে । উল্লেখ্য যে WPLৰ দ্বিতীয় ছিজনত দিল্লী কেপিটেলছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)য়ে জয়লাভ কৰিছিল ।

চূড়ান্ত খেলখনত লক্ষ্য খেদি যোৱাৰ সময়তে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল দিল্লী কেপিটেলছে । এটা সময়ত দিল্লী কেপিটেলছৰ স্ক’ৰ ৬ উইকেটৰ বিনিময়ত ৮৩ ৰান আছিল আৰু তেওঁলোকে ডাঙৰ পৰাজয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ অল ৰাউণ্ডাৰ মাৰিজান কেপে ধুমুহাময় ইনিংছ খেলি মেচখনক এক ৰোমাঞ্চকৰ ৰূপলৈ লৈ যায় । অৱশ্যে ১৮ নং অভাৰত হেলি মেথিউছে কেপক আউট কৰি দিল্লীৰ আশাত চেঁচা পানী ঢালে ।

কেপে ৫টা চাৰি আৰু ২টা ৬ৰ সহায়ত ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰে । কেপৰ বাহিৰেও জেমিমা ৰড্ৰিগেছে ৩০ ৰান আৰু নিকি প্ৰসাদে ২৫ ৰানত অপৰাজিত হৈ থাকে । মুম্বাই ইণ্ডিয়ানছৰ হৈ নেট স্কাইভাৰ-ব্ৰাণ্টে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে আমেলিয়া কেৰে দুটা সফলতা লাভ কৰে । ছাইকা ইছাক, হেলি মেথিউছ আৰু শ্বাবনিম ইছমাইলেও এটাকৈ সফলতা লাভ কৰে ।

শক্তিশালী ইনিংছ খেলে এম আইৰ অধিনায়ক হৰমনপ্ৰীতে-

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক হৰমনপ্ৰীত কৌৰে ৪৪টা বলত ৬৬ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে য’ত ৯টা চাৰি আৰু ২টা ছয় আছিল । একে সময়তে ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ নেট স্কাইভাৰ-ব্ৰাণ্টে চাৰিটা চাৰিৰ সহায়ত ২৮টা বলত ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । দিল্লী কেপিটেলছৰ হৈ জেছ জ’নাচেন, মাৰিজান কেপ আৰু নাল্লাপুৰেডী চৰণীয়ে দুটাকৈ উইকেট দখল কৰে । ইফালে এনাবেল চাথাৰলেণ্ডে সফলতা লাভ কৰে ।