বানত ক্ষতিগ্ৰস্তৰ বাবে ভাল খবৰ;  চৰকাৰে মুকলি কৰিলে ধন

প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। যোৰহাটত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে পাব ধন। উপকৃত হ’ব ৬,৮৬,৮৮৭ টা পৰিয়াল।

বানপানীত ক্ষতিগ্ৰস্ত ৬,৮৬,৮৮৭ টা পৰিয়ালৰ বাবে ধন মুকলি ৰাজ্য চৰকাৰৰ। ইয়াৰ বাবে মুঠ ৩৫৩ কোটি টকা মুকলি কৰিলে ৰাজ্য চৰকাৰে।

বানপানীৰ ঘৰ হেৰুওৱা,পশুধন হেৰুওৱা,ফিচাৰী হেৰুওৱা লোকেও পাব এই ধন। যোৰহাট জিলাৰ ক্ষতিগ্ৰস্থ সকলে আজি লাভ কৰিব ধন। ৩ বজাৰ লগে লগেই ক্ষতিগ্ৰস্ত সকলৰ একাউন্টত সোমাব ধন।

ভাল খবৰ , ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণমাফ চৰকাৰৰ ;  মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

যোৰহাটত ৭৮,০৪৬ গৰাকী মহিলাৰ মহিলাৰ বাবে এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘৫০ হাজাৰ টকা পৰ্যন্তু ঋণ লোৱা মহিলাৰ ঋণমাফ চৰকাৰৰ।

২৫-৫০ হাজাৰ টকালৈ ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে’। তেওঁ লগতে কয় যে ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ’ব চাৰ্টিফিকেট। ঋণমাফৰ বাবে ২২৩ কোটি ব্যয় কৰিব চৰকাৰে।

৭৮,০৪৬ গৰাকী মহিলাৰ ঋণমাফ কৰিলে হিমন্ত বিশ্ব চৰকাৰে’। জানিব পৰা মতে অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল ঋণ। যোৰহাটৰ ১২,৬৪৭ গৰাকী মহিলাই ঘুৰাই দিব পৰা নাছিল ঋণ।

সেয়ে এই মহিলা সকলৰ বাবে সিদ্ধান্ত ললে চৰকাৰে। জানিব পৰা মতে চাৰ্টিফিকেটসমূহ পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব এই মহিলাসকলে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই আনন্দিত হৈছে মহিলা সকল।

মৰাণ, মটক জনগোষ্ঠীক লৈ ডাঙৰ ঘোষণা; প্ৰতিশ্ৰুতি পূৰণ মুখ্যমন্ত্ৰীৰ

মৰাণ আৰু মটক জনগোষ্ঠীক লৈ এক ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে নিশা ফেচবুক লাইভ যোগে এই জনগোষ্ঠীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।  প্ৰতিশ্ৰুতি পূৰণ

মৰাণ জনগোষ্ঠীৰ বাবে এটা DSP পোষ্ট আৰু এটা মেজিষ্ট্ৰেটৰ পোষ্ট সংৰক্ষণ কৰাৰ কথা আছিল। আজি এই দুয়োটা জনগোষ্ঠীৰ প্ৰতি প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী গৰাৌকীয়ে।  

এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে মৰাণ, মটক জনগোষ্ঠীৰ স্বাগতা বৰুৱা আৰু মৰাণ জনগোষ্ঠীৰ সেউজ দহোতীয়াই।

সেই প্ৰতিশ্ৰুতি পূৰণ কৰি মৰাণ জনগোষ্ঠীৰ DSPৰ পোষ্ট সংৰক্ষিত আসনত নিযুক্তি দিলে মটক জনগোষ্ঠীৰ পৰা ত্ৰিনয়ন দত্ত  আৰু প্ৰাচীত মৰাণক।

ইয়াৰ উপৰিও মটৰ জনগোষ্ঠীৰ তিনি যুৱক-যুৱতী সুস্মিতা বৰুৱা, দিৱাকৰ গোঁহাই, আৰু ইন্দ্ৰানী সেনাপতিয়ে লাভ কৰিছে এই চাকৰি।

ইয়াৰ লগতে চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ স্বচ্ছতা লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুক লাইভটোত উল্লেখ কৰিছে।

তেওঁ কৈছে যে ‘নিযুক্তিৰ ক্ষেত্ৰত সাধন কৰা হৈছে বিশেষ স্বচ্ছতা।কংগ্ৰেছৰ দিনত ধনী-আঢ্যৱন্তৰ লোকেহে চাকৰি পাইছিল’।

‘কিন্তু বৰ্তমান সময়ত টকা-উপঢৌকন নিদিয়াকৈ চাকৰি পোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। এতিয়া সকলো নিযুক্তি প্ৰক্ৰিয়া গংগাৰ দৰে নিৰ্মল হৈছে’।

অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ; কেবিনেটত ডাঙৰ সিদ্ধান্ত

লাখ লাখ মহিলাৰ বাবে কেবিনেত বৈঠকে আনিলে ভাল খবৰ।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা মহিলাক দিলে এক ভাল খবৰ।কিয়নো এতিয়া আহি গ’ল অৰুণোদয় ৩.০।

এই কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ চলিব অৰুণোদয় সপ্তাহ। অৰুণোদয় নোপোৱা নতুনকৈ ৩৭ লাখ হিতাধিকাৰীক দিয়া হ’ব অৰুণোদয়।

এই অৰুণোদয় সপ্তাহতে হ’ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া। ১৫ তাৰিখৰ পৰা ২৮ তাৰিখৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন। এই আবেদনৰ বাবে গাঁৱে-গাঁৱে অনুষ্ঠিত হ’ব গাওঁসভা।

আৰু সেই গাঁওসভাত গৈ অৰুণোদয়ৰ বাবে আপুনি কৰিব লাগিব আবেদন। অৰুণোদয় লাভ কৰিবলৈ হ’লে যোগদান কৰিবই লাগিব গাঁওসভাত।

“NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড”, মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ’ল নতুন নিয়ম। এতিয়াৰে পৰা হ’ব অসমত আধাৰ কাৰ্ড লাভ কৰাৰ বাবে মানিব লাগিব নতুন নিয়ম। বুধবাৰে কেবিনেট বৈঠকৰ অন্তত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ মন্তব্য দিছে।

তেওঁ জনোৱা অনুসৰি এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতহে আপুনি লাভ কৰিব আধাৰ।ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগেহে ভেৰিফিকেশ্যন কৰিব পাৰিব আধাৰৰ।

ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ’ব দায়িত্ব। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা-নীৰিক্ষাৰ বাবে দায়ৱদ্ধ হ’ব ৰাজ্যৰ চক্ৰ বিষয়া।

UIDAI প’টেলত আবেদন কৰাৰ পিছত সেই আবেদনখন ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলত আহিব সেই আবেদন।

ইয়াৰ লগতে তেওঁ কয় যে ‘NRCত অসমৰ কোনো পৰিয়ালে আবেদন কৰিছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব। আৰু NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড”।

“NRCত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত।অৱশ্যে অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব”।

দৰাচলতে সন্দেহযুক্ত নাগৰিক অথবা বিদেশীয়ে যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই ব্যৱস্থা  গ্ৰহণ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।

“স্কুটী আৰু চাইকেলৰ নামত ল’ব নোৱাৰিব ধন, এটা অভিযোগত যাব লাগিব জে’ললৈ ”; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

নৱম শ্ৰেণীৰ ছাত্ৰা-ছাত্ৰী সকলক লৈ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে।    বাণীকান্ত কাকতি বঁটা হিচাপে অসম চৰকাৰৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক স্কুটী আৰু চাইকেল বিতৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে।

তেওঁ কৈছে যে, ‘ স্কুটী আৰু চাইকেলৰ নামত কোনো মধ্যভোগীয়ে এটকাও ল’ব নোৱাৰিব। যদি স্কুটী বা চাইকেলৰ বাবদ দালালি কৰে তেনেহলে যাব লাগিব জে’ললৈ’।

অভিযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে নিজৰ ফেচবুক একাউন্ট।  ফেচবুকত এটা মাত্ৰ অভিযোগ দিলেই ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ লগতে তেওঁ কয় যে ‘স্কুটীৰ সৈতে বিনামূলীয়াকৈ হেলমেটো দিয়া হ’ব’। এই বছৰত ৪৮ হাজাৰ ৬৭৩ গৰাকী শিক্ষাৰ্থীক স্কুটী দিয়াৰ লগতে ৩ লাখ ২৩ হাজাৰ ৬৪৪ গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দিয়া হৈছে চাইকেল।  

জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা

-জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং

-তিনিচুকীয়াত ধলা শদিয়া

-ডিব্ৰুগড়ত বগীবিল

-যোৰহাটত যোৰহাট-মাজুলী

-গোলাঘাটত গোলাঘাট- নুমলীগড়

-নগাঁৱত কলিয়াভোমোৰা

-মৰিগাঁৱত দৰং-মৰিগাঁৱত নিৰ্মাণ হ’ব দলং

-২০২৫ৰ ভিতৰত নিৰ্মাণ হ’ব এই সমূহ দলং

-ইয়াৰ পিছত নাৰেংগী-কুৰুৱা

-কামৰূপত গুৱাহাটী- উত্তৰ গুৱাহাটী

-কামৰূপ গ্ৰাম্যত পলাশবাৰী- শুৱালকুছি

-গোৱালপাৰাত গোৱালপাৰ-ধুবুৰীত নিৰ্মাণ হ’ব দলং

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা

-ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে বহুকেইখন দলঙৰ

-ইফালে প্ৰতিখন জিলাত মেডিকেল কলেজ,বিশ্ববিদ্যালয় হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ

‘বাংলাদেশীৰ খেতিৰ ওপৰত অসমীয়াই কেতিয়াও ভৰষা কৰা নাছিল’ : জামুগুৰিহাটৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰীৰ…

নাম নোলোৱাকৈ পুনৰ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । ‘মাছ বিক্ৰী নকৰো’, ‘পাচলি বিক্ৰী নকৰো’ বুলি হুংকাৰ দিয়া সকলক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয়, ‘অচিনাক্ত অবৈধ লোকে হুংকাৰ দিয়াৰ সমান লজ্জাজনক কথা আৰু নাই ।’

ইফালে ‘আমি নহ’লে উজনি অসমত কাম নহ’ব’ বুলি কোৱা সকলকো মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ সকিয়নী প্ৰদান কৰে । এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এনে অপমানজনক কথা জাতিটোৰ বাবে লজ্জাজনক । আমি নোখোৱালে তোমালোকে খাব নোপাৱা বুলি কোৱাসকল কোন ? অচিনাক্ত লোকে কৰা খেতিৰ পাচলি মূল্য টিভিৰ টক শ্ব’ত নিৰূপণ নহয় ।  এনেদৰে অসমীয়া জাতিৰ ভৱিষ্যত নিৰূপণ নহয় ।‘ বাংলাদেশীৰ খেতিৰ ওপৰত অসমীয়াই কেতিয়াও ভৰষা কৰা নাছিল’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘অসমীয়া যেতিয়া আত্মনিৰ্ভৰশীল হ’ব তেতিয়া কোনো বাংলাদেশীৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । অসমীয়াই নিজৰ খেতি নিজে উৎপাদন কৰিব পৰা হ’ব লাগিব ।‘ জামুগুৰিহাটৰ পৰা আজি এই হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে ।

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা…

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল কেইবাটাও নতুন নিয়ম

-পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন

-ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক

-জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন

-আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো বিশেষ নিয়ম

-আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৭০ ভাগ দলীয় প্ৰতীকত নহয়

-৩০ শতাংশহে দলৰ প্ৰতীকত  নিৰ্বাচনত অনুষ্ঠিত হ’ব

-জানুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন

-ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন

-পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা