জনসাধাৰণৰ পৰা আৰক্ষীলৈকে…মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে ১৫টাকৈ কঠোৰ নিৰ্দেশনা

-পথ দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

-ৰাজ্যত পথ দুৰ্ঘটনা ৰোধৰ বাবে তৈয়াৰ কৰিলে কৰ্মসূচী

-মাঘ বিহুলৈকৈ পৰিবহণ বিভাগক কঠোৰ হোৱাৰ নিৰ্দেশ

-সুৰাপায়ী চালকক নাকী লগোৱাৰ নিৰ্দেশ

-নিশা ১০ বজাৰ পিছত বাহনসমূহ পৰীক্ষা কৰাৰ নিৰ্দেশ

-বাৰ সমূহৰ ওপৰত থাকিব তীক্ষ্ণ নজৰ

-গাঁৱৰ প্ৰত্যেক ১ কিঃমিঃ মূৰে-মূৰে থাকিব লাগিব গতিৰোধক

-প্ৰতি বছৰে ১৫ ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ চলিব তালাচী

-বহাগ বিহু,দূৰ্গা পূজাৰ সময়তো তীব্ৰতৰ হ’ব তালাচী

-চকুৰ পৰীক্ষা কৰা হ’ব চালকৰ

-বনভোজথলীৰ আশে-পাশে নিয়োগ কৰা হ’ব SDRF

-ৰাজ্যৰ প্ৰতিখন গুৰুত্বপূৰ্ণ চহৰত থাকিব লাগিব ষ্ট্ৰীট লাইটৰ ব্যৱস্থা

-পথ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত

নালাগে পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ…লখিমপুৰত মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

আজি লখিমপুৰত বিকাশৰ ১২ দিন শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানৰ পৰা ভাৰ্চুৱেলী ৰেচন কাৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰীজনে । এই অনুষ্ঠানৰ পৰা ৰাজ্যজুৰি ৫ লাখ ৰেচন কাৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে এই অনুষ্ঠানতে কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ জনায়-

-অৰুণোদয় পাবলৈ গাঁওবুঢ়া, মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে

-ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আৰুণোদয়

-মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

-দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত ৩৭ সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড

-ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা

-ৰেচন কাৰ্ডেই শেষ চাৰ্টিফিকেট

-ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে

-ৰেচন কাৰ্ড দেখুৱালেই বিনামূলীয়াকৈ নামভৰ্তি হ’ব মহাবিদ্যালয়ত

-ৰেচন কাৰ্ডত দাইল আৰু চেনী সূলভ মূল্যত দিয়াৰ বাবে লোৱা হ’ব ব্যৱস্থা

উল্লেখ্য যে, এতিয়াৰে পৰা অৰুণোদয়ৰ ধন পাবলৈ নালাগে পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ । এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালেই পাব অৰুণোদয়ৰ ধন । অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰও ।

ইফালে বাল্যবিবাহ সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য দিছে । ২০২৬ চনৰ পূৰ্বে ৰাজ্যত বাল্য বিবাহ নিৰ্মূল হ’ব বুলি কয় মুখ্যমন্তচ্ৰী ড০ শৰ্মাই । তৃতীয় পৰ্যায়ৰ অভিযানত চাৰিশৰো অধিক অবৈধ স্বামীক গ্ৰেপ্তাৰ । প্ৰথম পৰ্যায়টো বাল্যবিবাহৰ সৈতে জড়িত লোকক কৰা হৈছিল গ্ৰেপ্তাৰ ।

সকলোতে চলিছে আৰক্ষীৰ অভিযান, একে নিশাই ৪১৬জন অভিযুক্তক গ্ৰেপ্তাৰ

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ অভিযান । শনিবাৰৰ নিশাৰ পৰা আৰম্ভ তৃতীয় হৈছে পৰ্যায়ৰ অভিযান । চৰ-চাপৰিৰ পৰা গাঁৱে-ভূঞে, চহৰে-নগৰে সকলোতে চলিছে অভিযান । অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে ৪১৬জন অবৈধ স্বামী । এই সন্দৰ্ভত ৰাজ্যত ৰুজু হৈছে সৰ্বমুঠ ৩৩৫টা গোচৰ । ধৃত আটাইকে আজি পৃথকে পৃথকে হাজিৰ কৰোৱা হ’ব আদালতত । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিলে এই বিশেষ তথ্য ।

ইয়াৰ মাজতে ধুবুৰীতো নিশা উজাগৰে থাকি আৰক্ষীয়ে মাৰাথন অভিযান চলালে বাল্য বিবাহৰ বিৰুদ্ধে । এই অভিযানত অবৈধ স্বামী আৰু বাল্য বিবাহৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । নিশাৰ ভাগত ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এইসকল অভিযপক্তক । গোলকগঞ্জত ১০, গৌৰীপুৰত ১৪, বিলাসীপাৰাত ২৩,আগমনিত ৪জনক গ্ৰেপ্তাৰ ।

গোৱালপাৰা আৰু শ্ৰীভূমিতো আৰক্ষীৰ জালত পৰিছে অবৈধ স্বামী । গোৱালপাৰাত আৰক্ষীৰ জালত পৰিছে ২০জন অবৈধ স্বামী । আনহাতে শ্ৰীভূমি জিলাতো নিশা গ্ৰেপ্তাৰ ২২জন অবৈধ স্বামী । এই পৰ্যন্ত শ্ৰী ভূমি জিলাত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে ১৯টা গোচৰ । ইফালে বৰপেটা ৰোডত গ্ৰেপ্তাৰ ১২জন, ধুবুৰীত গ্ৰেপ্তাৰ ১৭জন, নগৰবেৰাত ৬ জন, ছাগলীয়াত বৰ্তমানলৈ আৰক্ষীৰ জালত পৰিছে ৬ জন ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যত দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান । এই দুয়োা অভিযানতে অবৈধ স্বামীসহ আৰক্ষীৰ জালত পৰিছিল বাল্য বিবাহৰ সৈতে জৰিত সহস্ৰাধিক লোক । ইয়াৰ পিছতেই এতিয়া ৰাজ্যত আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী তৃতীয় পৰ্যায়ৰ অভিযান । এই অভিযানত অবৈধ স্বামীৰ পৰা শাহু-শহুৰ, অভিভাৱক, কাজী-পুৰোহিতলৈকে সাৰি নাযাব কোনো লোক । এই অভিযানৰ পৰা নিস্তাৰ নাপাব নাবালিকাৰ বিবাহ সম্পন্ন কৰা সকল ।

‘আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়’; কংগ্ৰেছৰ আন্দোলনৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ আন্দোলনকাৰীক সকীয়াই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচীক লৈ কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী।

নগাঁৱৰ বিকাশৰ ১২দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী কয় যে ‘কংগ্ৰেছৰ কোন ডাঙৰ নেতা হ’ব তাৰ প্ৰতিযোগিতা চলিছে। সেয়েহে তেওঁলোকে এইবোৰ কাম কৰি আছে।

আন্দোলনৰ নামত কংগ্ৰেছে গুৱাহাটীৰ ৰাইজক পণবন্দী কৰিছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।তেওঁ লগতে কয় যে ‘আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়।

ৰাজনৈতিক দলৰ আন্দোলন হয় নিৰ্বাচনৰ বাকছত।ৰাজনীতি কৰা দল ছাত্ৰ সংগঠন,যুৱ সংগঠন নহয় যে তেওঁলোকে ৰাজপথত আন্দোনল কৰিব’।

‘গুৱাহাটীত গণ্ডগোল কৰাৰ মন কংগ্ৰেছৰ।কিন্তু গণ্ডগোল যাতে কৰিব নোৱাৰে তাত আমি নজৰ ৰাখিম’ বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ।

 “এটা এটাকৈ বিচাৰি উলিওৱা হ’ব দোষীক” ; ৰাজভৱনৰ সমীপৰ ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী

বুধবাৰে কংগ্ৰেছে ৰাজভৱনৰ সমীপত কৰা প্ৰতিবাদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশএতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰ্ণা, ধৰ্মঘট, প্ৰতিবাদ নচলিব।

ধৰ্ণা, ধৰ্মঘটৰ বাবে যি নিৰ্দিষ্ট স্থান আছে সেই স্থানত হে কৰিব পাৰিব।বুধবাৰৰ ঘটনাক লৈ কেবিনেটত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “এটা এটাকৈ দোষীক বিচাৰি উলিওৱা হ’ব।

যিসকলে আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা কৰিছিলে তেঁওলোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ইতিমধ্যে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে আৰক্ষীয়ে”।

তেওঁ লগতে কয় যে “অনুৰূপ ঘটনা নিৰ্বাচনৰ পূৰ্বে খানাপাৰাতো কৰাৰ চেষ্টা কৰিছিল।কংগ্ৰেছে বহু দিনৰ পৰা গুৱাহাটীত এক অঘটন কৰাৰ অপচেষ্টা চলাই আহিছে”।

কংগ্ৰেছে আৰক্ষীৰ অনুমতি নোহোৱাকৈয়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছিল আৰু বেৰিকেড ভঙাসকলৰ ভিডিঅ’, ফটো চাই বিচাৰি উলিওৱা হৈছে।এই ঘটনাৰ লগত জড়িত কোনো সাৰি নাযাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ মন্তব্য কৰিছে।  

তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীক ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে দুয়োকে ৰাজকীয় আদৰণি জনায় ।

এক্সত পোষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে-

দেশখনত উপস্থিত হোৱাৰ পিছত ড০ শৰ্মাই এক্সত পোষ্ট কৰে, “এইমাত্ৰ ভূটানৰ থিম্ফুত উপস্থিত হৈছো । বিমানবন্দৰত মোক আৰু ৰিণিকিক আদৰণি জনোৱাৰ বাবে মই ভূটানৰ বৈদেশিক মন্ত্ৰী মহামহিম লিয়ংপো ডি এন ধুংগিয়ালৰ ওচৰত কৃতজ্ঞ । মই মোৰ তিনিদিনীয়া ভ্ৰমণকালত এই সুন্দৰ দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে আশাবাদী ।”

ভূটানৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ভূটানৰ ৰাজকীয় চৰকাৰৰ আমন্ত্ৰণত হিমন্ত বিশ্ব শৰ্মাই ভূটান ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণসূচীৰ সময়ছোৱাত ভূটানৰ ৰজা-ৰাণীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । তদুপৰি তেওঁ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰাৰ লগতে ১৭ ডিচেম্বৰত ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ।

বিবৃতিটোত কোৱা হৈছে যে, “তেওঁ মহামান্য ৰজা আৰু মহামান্য ৰাণী গিয়াল্টছুয়েনক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব । এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ।” উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ ভূটানলৈ এয়া প্ৰথম আনুষ্ঠানিক ভ্ৰমণ । ভূটান আৰু অসমৰ মাজত বন্ধুত্ব আৰু চুবুৰীয়া সম্পৰ্কৰ এক মধুৰ, ঐতিহাসিক বন্ধন আছে । এই ভ্ৰমণে এই সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে ভূটান আৰু ভাৰতৰ ৰাজ্য অসমৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব বুলি আশা কৰা হৈছে ।

অৰুণোদয় পাবলৈ থাকিব লাগিব ৰেচন কাৰ্ড…কিদৰে হ’ব বাচনি প্ৰক্ৰিয়া ?

-অৰুণোদয় হিতাৰিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ

-বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বচিত হ’ব অৰুণোদয় হিতাধিকাৰী

-প্ৰতিগৰাকী হিতাধিকাৰীক গাঁওসভাৰ জৰিয়তে চিনাক্ত কৰা হ’ব

-এইবাৰ বুথ কেন্দ্ৰ অনুযায়ী অনুষ্ঠিত হ’ব গাঁওসভা

-১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা

-ইতিমধ্যে অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন

-গাঁওসভাৰ জৰিয়তে পুনৰবাৰ নিৰ্বাচিত হ’ব লাগিব এইসকল হিতাধিকাৰী

-এইবাৰ অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজিত কৰা হ’ব

-অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কোনেও দুৰ্নীতি কৰিব নোৱাৰিব

-প্ৰতিটো সমষ্টিতে ৮-৯ হাজাৰ হিতাধিকাৰী বৃদ্ধি পাব

-অৰুণোদয় নোপোৱা নতুন আবেদনকাৰীও উপস্থিত থাকিব লাগিব গাঁওসভাত

অৰুণোদয় কোনে কোনে পাব ?

-অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব

-তালিকা সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ’ব

-অৰুণোদয় আঁচনিত বিধবা মহিলাক বিশেষভাৱে অগ্ৰধিকাৰ দিয়া হ’ব

-বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰধিকাৰ দিয়া হ’ব

-যি পৰিয়ালত দিব্যাঙ্গ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰধিকাৰ দিয়া হ’ব

-যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালছিক, কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰধিকাৰ দিয়া হ’ব

-বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ’ব অগ্ৰাধিকাৰ

-সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ’ব অগ্ৰাধিকাৰ

কোনে কোনে অৰুণোদয় নাপাব ?

-এই আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত নহ’ব

-INCOME TAX দি থকা পৰিয়ালে নাপাব অৰুণোদয়

-যি পৰিয়ালত চাৰিচকীয়া বাহন আছে তেওঁলোকেও নাপাব অৰুণোদয়

-অৰুণোদয় গাঁওসভাত আবেদনকাৰীয়ে মানিব লাগিব এই নিৰ্দশনা

-ৰাজ্যৰ প্ৰায় ৪০ লাখ লোকে এই আঁচনিৰ সুবিধা পাব

নতুনকৈ প্ৰায় ৪০ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন, বঞ্চিত হ’ব ভুৱা হিতাধিকাৰী

-নতুনকৈ প্ৰায় ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

-ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড

-নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

-ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয়ৰ ধন

-অৰুণোদয়ৰ ধনৰ বাবে উপকৃত হ’ব প্ৰায় ২ কোটি পৰিয়াল

-আজিৰ পৰা আৰম্ভ হৈছে অৰুণোদয় বাচনি সভা

-অৰুণোদয় আঁচনিৰ সুবিধা ল’বলৈ উপস্থিত থকিব লাগিব এই সভাত

-এইবাৰ চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড

-বৃদ্ধাশ্ৰমৰ লোক, অনাথ আশ্ৰমৰ লোকেও লাভ কৰিব আৰুণোদয়, ৰেচন কাৰ্ড আৰু আয়ুস্মান ভাৰত কাৰ্ড

-বৃদ্ধাশ্ৰমত থকা পিতৃ-মাতৃয়েও লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা

-সমষ্টিয়ে সমষ্টিয়ে বৃদ্ধি কৰা হ’ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা

-ৰেচনৰ নতুন হিতাধিকাৰীয়ে ডিচেম্বৰ মাহতে লাভ কৰিব ৰেচন

-সৰুসজাইৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ইফালে আজিৰ পৰা ২৮ তাৰিখলৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন আৰম্ভ । এইবাৰ হিতাধিকাৰীজন যাতে ভুৱা হ’ব নোৱাৰে তাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ।

-অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ডক জড়িত কৰিছে ৰাজ্য চৰকাৰে । আগতে যি  অৰুণোদয় পাই আছিল, সেই ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হব ।

-আগতে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড নালাগিছিল । কিন্তু এতিয়াৰ পৰা অৰুণোদয় পাবলৈ প্ৰয়োজন হব ৰেচন কাৰ্ড

“ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব বহু সুবিধা”;মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

ৰেচন কাৰ্ড নথকা লোকসকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে এক ভাল খবৰ। আজিৰে পৰা বিতৰণ কৰা হ’ব ৰেচন কাৰ্ড। নতুনকৈ ৬লাখ ৫০ হাজাৰ হিতাধিকাৰীক দিয়া হ’ব এই ৰেচন কাৰ্ড।

আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত সৰুসজাইৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান।

ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ ভাষণত কয় যে “ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব বহু সুবিধা।ৰেচন কাৰ্ড থকা পৰিয়ালে উজ্বলা ৰন্ধন গেছ চিলিণ্ডাৰো লাভ কৰিব”।

তেওঁ লগতে কয় যে “২৮ তাৰিখলৈ অৰুণোদয় হিতাধিকাৰীকো প্ৰয়োজন হব ৰেচন কাৰ্ড। কাৰণ এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব অৰুণোদয়ৰ ধন।ইয়াৰ বাবে গাঁও সভাত গৈ কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন”।

প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে চৰকাৰে লৈছে এই প্ৰক্ৰিয়া। ২৭ লাখ ৰ পৰা ৪০ লাখ পৰিয়াললৈ বৃদ্ধি পালে অৰুণোদয়ৰ হিতাধিকাৰী। এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক টকা পোৱাৰ খবৰ ল’ব চৰকাৰে।