ৰাজ্যিক বিজেপিয়ে পালে নতুন সভাপতি; বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল দিলীপ শইকীয়া

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ’ল দিলীপ শইকীয়া। আনুষ্ঠানিক ঘোষণাৰ পিছতেই দিলীপ শইকীয়াই ললে দায়িত্বভাৰ। দিলীপ শইকীয়াক অভিনন্দন জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰথমে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে পূৰ্বৰ সভাপতি ভৱেশ কলিতাৰ নাম চৰ্চালৈ আহিছিল। কিন্তু দলৰ সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতে সভাপতি পদৰ পৰা আঁতৰিল ভৱেশ কলিতা।

২০২৬ত বিধানসভা নিৰ্বাচন খেলাৰ বাবেই ভৱেশ কলিতাই ললে এই সিদ্ধান্ত।৪ টা বৰ্ষৰ সেৱাৰ বাবে ভৱেশ কলিতাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে দিলীপ শইকীয়াই ৷

১০জন প্ৰস্তাৱক-সমৰ্থকৰ স্বাক্ষৰ সম্বলিত মনোনয়ন দাখিল দিলীপ শইকীয়াৰ।বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল সাংসদ দিলীপ শইকীয়া ।

১৯৮৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰে জড়িত হৈ পৰিছিল দিলীক শইকীয়া । ২০০৫-০৬ বৰ্ষত বিজেপি ৰাজ্যিক মিডিয়া কোষৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৭ চনৰ পৰা ২০০৯ চনলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাদ্যিকৰ সভাপতিও আছিল। ২০১৯ চনত লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত, ২০২৪ ত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়।  

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষৰ পিছদিনাই হ’ব পঞ্চায়ত নিৰ্বাচন ; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১৮ মাৰ্চত জাৰি হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।১৭ মাৰ্চত শেষ হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।

আৰু পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

এতিয়াৰে পৰা পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ’ব লাগিব।বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এইক্ষেত্ৰত সুবিধা পাব।

লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ; বান্দৰে ফচল নষ্ট কৰিলে আপুনি পাব ধন

ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহিছে এক ভাল খবৰ ।ফচল বীমাৰ নতুন নিয়মক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ কৃষক সকলক মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে ভালখবৰ।

আপোনাৰ খেতি যদি বান্দৰ বা হাতীয়ে নষ্ট কৰে তেনেহলে এতিয়াৰ পৰা আপুনি লাভ কৰিব ক্ষতিপূৰণ। ফচল বীমা কৰিলেই এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে।

বান্দৰ, হাতীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। ইতিমধ্যে বানপানীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ পাই আহিছে কৃষকসকলে। কেন্দ্ৰৰ পৰা আৰু ২০০-৩০০ কোটি পুঁজিৰ অনুৰোধ মুখ্যমন্ত্ৰী গৰাকীৰ ।

আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমে ১০ বছৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা…শীৰ্ষ সন্মিলনৰ বাবে ৰাষ্ট্ৰদূত, বাণিজ্য প্ৰতিনিধিক নিমন্ত্ৰণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত ১০ বছৰত অসমে আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা আৰু অন্যান্য খণ্ডত দ্ৰুত অগ্ৰগতি লাভ কৰিছে । তেওঁ আছিয়ান, বিমষ্টেক, ইউৰোপীয় আদি দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, উদ্যোগ জগতৰ নেতা আৰু অন্যান্য অংশীদাৰসকলক অসমত বিনিয়োগ কৰিবলৈ আহিবলৈ আহ্বান জনায় । অহা ২৪ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ছামিট ২.০‘ত অংশগ্ৰহণৰ বাবে সকলো কূটনীতিবিদক আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীয়ে । এই অনুষ্ঠানত ৮০০০ শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব । অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অন্যান্য অতিথিসকলো উপস্থিত থাকিব ।

৩৬খন দেশৰ ৰাষ্ট্ৰদূত, উদ্যোগ জগতৰ দ্বিগজ নেতা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে হোৱা এক ঘূৰণীয়া মেজ মেলত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যত এক লাখ কোটি টকাৰ নতুন আন্তঃগাঁথনি প্রকল্প আহি আছে ৷ ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু তিনিখন নতুন দলং, ছিংগাপুৰ চৰকাৰৰ সহায়ত গুৱাহাটীৰ চাৰিওফালে এখন ছেটেলাইট চহৰ, গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ ৰে’লপথ ইত্যাদি । সেউজ শক্তিৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি শৰ্মাই কয় যে চৰকাৰে সদায় স্বচ্ছ আৰু সেউজ শক্তি আৰু নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।

তেওঁ কয় যে, চৰকাৰে বিচাৰে যে অসমলৈ অহা সকলো উদ্যোগে সেউজ শক্তিৰ উৎসৰ পৰা তেওঁলোকৰ শক্তি আহৰণ কৰক, যাৰ ভিতৰত আছে জাগীৰোডৰ টাটা অৰ্ধপৰিবাহী প্ৰকল্প । অসম দেশৰ অন্যতম শক্তিশালী বিকাশৰ ইঞ্জিন আৰু ১২.৫ শতাংশ হাৰত বৃদ্ধি পাইছে । তেওঁ কয়, শক্তিশালী অৰ্থনীতিৰ উপৰিও ৰাজ্যখন এক শৈক্ষিক কেন্দ্ৰ, আই আই টি, এইমছ, আই আই এম, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স, কেইবাখনো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লগতে আগন্তুক প্ৰকল্পকে ধৰি বহু প্ৰতিষ্ঠিত সংস্থান আছে ।

অসমত প্ৰয়োজনীয় দক্ষতা আৰু সামৰ্থ্য আছেঃ মুখ্যমন্ত্ৰী

অসমত প্ৰয়োজনীয় দক্ষতা আৰু সামৰ্থ্য আছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । ইয়াত বিনিয়োগ কৰিবলৈ ইচ্ছুক লোকসকলে দেশৰ আন যিকোনো ৰাজ্যৰ দ্বাৰা আগবঢ়োৱা একেই উৎসাহ পোৱাটো নিশ্চিত কৰাৰ উপায় আছে । ৰাজ্যখনত দ্ৰুত ঔদ্যোগীকৰণ অনাৰ বাবে উৎপাদন সম্পৰ্কীয় উদগণিৰ বাবে চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ পুঁজি সৃষ্টি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । তেওঁ কয়, আহক আৰু অসমৰ উন্নয়নৰ কাহিনীৰ অংশীদাৰ হওক ।

গুৱাহাটীৰ চাৰিওফালে প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণৰ প্ৰস্তুতি-

মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে গুৱাহাটীৰ সংলগ্ন নগাঁৱৰ অঞ্চলসমূহক প্ৰতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে সক্ৰিয়ভাৱে আলোচনা কৰি আছে । চৰকাৰে দক্ষতা বিকাশৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ অধীনত ১০ হাজাৰ যুৱক-যুৱতীক দক্ষ কৰি তোলা হৈছে ।

নতুন বছৰত বহু লোকৰ বিদ্যুতৰ বিল হ’ব শূণ্য; নববৰ্ষৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

নতুন বছৰৰ প্ৰথমটো দিনতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা ।নববৰ্ষৰ প্ৰহিলা দিনটোতে কইনাধৰাত সাংবাদিকৰ সৈতে মত-বিনিময়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক দিলে কেইবাটাও ভাল খব। তাৰ মাজতে বিদ্যুৎ বিলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘বিগত দুবছৰ ধৰি APDCL লাভত আছে।সেয়েহে এই বছৰ আমি বিদ্যুৎ মাচুল হ্ৰাস কৰিব পৰা পৰিস্থিতিলৈ আহিম”।

লগতে তেওঁ কয়, দুটা বছৰত আমাৰ ৬০০ কোটি টকা লাভ হৈছে। ব’হাগ বিহুৰ পৰা বিদ্যুতৰ মাছুল হ্ৰাস কৰা হ’ব। ৫০ পইচাৰ পৰা ডেৰ টকা হ্ৰাস হ’ব বিদ্যুৎ মাচুল। মধ্যবিত্ত লোক যিসকল লোকে ১৫০ ইউনিট বিদ্যুৎ খৰচ কৰে, তেওঁলোকৰ বাবে ডেৰ টকা মাচুল হ্ৰাস কৰা লক্ষ্য বান্ধি লৈছোঁ”।

ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক লৈও এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। এতিয়াৰে পৰা কৰ্মচাৰী সকলে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে যাব নালাগে।

কিয়নো আজি মুকলি কৰা হ’ল ‘স্বাগত সতীৰ্থ’ পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে কৰ্মচাৰী সকলে কৰিব পাৰিব বদলিৰ কাম।প্ৰতিবছৰে ১ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ খোলা থাকিব পৰ্টেল।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও থাকিব বিশেষ সুবিধা।কৰ্মচাৰী সকলে ৫খন জিলাৰ নিৰ্বাচন দি বাচনি কৰিব পাৰিব। বিহুৰ পূৰ্বেই কম্পিউটাৰৰ জড়িয়তে সমাপন হ’ব বদলিকৰণ প্ৰক্ৰিয়া।

আনহাতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিনামূলীয়া বীমাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰাজ্য চৰকাৰৰ যি কোনো কৰ্মচাৰীৰ যদি প্ৰাকৃতিক কাৰণত মৃত্যু হয় তেতিয়া হ’লে পৰিয়ালে লাভ কৰিব ১০ লাখ টকা।

ইফালে দুৰ্ঘটনাত মৃত্যু হ’লে কৰ্মচাৰীৰ পৰিয়ালে লাভ কৰিব ১ কোটি টকা আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিশেষভাৱে সক্ষম হ’লে লাভ কৰিব ৮০ লাখ।

আনহাতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন জুন জুলাই মাহতে উদ্বোধন কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে।গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নামকৰণ কৰা হ’ব বুলিও তেওঁ কয়।  

নৱবৰ্ষৰ প্ৰথমটো পুৱাতেই ৰাজ্যবাসীৰ বাবে ৫টা ডাঙৰ উপহাৰ

-নৱবৰ্ষৰ প্ৰথমটো পুৱাতেই ৰাজ্যবাসীৰ বাবে ৫টা ডাঙৰ উপহাৰ
-আজি ১ জানুৱাৰীৰ দিনাই ৰাজ্যবাসীয়ে পাব এই উপহাৰ
-পুৱা ৯.৪৫ বজাত উচৰ্গা হ’ব পল্টনবজাৰৰ ফুট অভাৰ ব্ৰীজ
-১০.১৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিৰ নৱনিৰ্মাণৰ কাম
-১০.৫০ বজাত ৰাজ্যবাসীৰ বাবে উচৰ্গিত হ’ব খানাপাৰাৰ মিনি ISBT
-৫৬খন ইলেকট্ৰিক বাছৰ জড়িয়তে ফ্লেগ অফ কৰা হ’ব
-৩.৩০ বজাত অসম ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীকৰণৰ শিলান্যাস কৰা হ’ব
-৪.৪৫ বজাত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰা হ’ব
-বিকাশৰ দিশত আজি পহিলা জানুৱাৰী হ’ব বিশেষ দিন
-ৰাজ্যবাসীৰ বাবে ৫টাকৈ উপহাৰ দি বছৰৰ আৰম্ভ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়মৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি।

এই ১২ বিধ নথি-পত্ৰ নহ’লে পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিব প্ৰতিদ্বন্দিতা।সেই নথি-পত্ৰ সমূহ হৈছে বাকী জাই প্ৰমাণ পত্ৰ, সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ,বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ,ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ,শেহতীয়া খাজান ৰচিদ,শপত নামা।

শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ,আঞ্চলিক পঞ্চায়তৰ এন অ চি, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউন্ট,প্ৰস্থাৱকৰ নথি, গাঁওপ্ৰধানৰ প্ৰমাণ পত্ৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰে দিছে কেইবাটাও নতুন নিয়ম।

দৰাচলতে ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনৰ সময়।পিছে এতিয়াৰে পৰা পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন।

ৰাজনীতিৰ পৰা পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে ।জানিব পৰা মতে জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন।

পঞ্চায়ত নিৰ্বাচনৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো আহিছে বিশেষ নিয়ম। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৭০ ভাগ দলীয় প্ৰতীকত নহয়। ৩০ শতাংশহে দলৰ প্ৰতীকত হে নিৰ্বাচন অনুষ্ঠিত হ’ব। জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন।

ADRE পৰীক্ষাৰ্থী লৈ আহি গ’ল ডাঙৰ খবৰ; ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

ADRE পৰীক্ষাৰ্থী আৰু আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ্থীক লৈ আহি গ’ল এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ডাঙৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমভাগতে লাভ কৰিব ফলাফল। নিৰ্ধাৰিত সময়ত ৰাজ্যত ৩০ হাজাৰ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।তেওঁ লগতে মন্তব্য কৰে যে কথা মতেই কাম কৰিব ৰাজ্য চৰকাৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত চৰকাৰী বন্ধ ঘোষণা;৭ দিনৰ ৰাজ্যিক শোক ঘোষণা

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত এতিয়া দেশজুৰি শোকৰ লহৰ । ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ শোক ঘোষণা ৷

২৬ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈকে ৭ দিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ৷ এই সময়ছোৱাত সকলো চৰকাৰী প্ৰতিষ্ঠানত অৰ্ধনমিত কৰি ৰখা হ’ব ৰাষ্ট্ৰীয় পতাকা৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত আজি চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। ইয়াৰ লগতে এই সপ্তাহটিত সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী বাতিল কৰা হৈছে। ড° মনমোহন সিং লৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ মুখ্যমন্ত্ৰীৰ ফেচবুক পষ্ট