ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; বিভিন্ন বিষয়ত আলোচনা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক সাক্ষাৎ কৰে । এই সময়ছোৱাত এছিয়াৰ দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা হয় । দুদিনীয়া ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই শনমুগাৰত্নমক সাক্ষাৎ কৰি বিভিন্ন বিষয় বিশেষকৈ আগন্তুক ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট ছামিট’ৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ৰ এটা পোষ্টত প্ৰকাশ কৰে ।

তেওঁ কয়, ‘আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক লগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ কথা । আমাৰ বৈঠকত বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়, ভাৰত-ছিংগাপুৰৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাক বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।‘

হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনত শনমুগাৰত্নমৰ অসম ভ্ৰমণৰ কথা মনত পেলাই ইয়াৰ সৈতে জড়িত বহু কথা শ্বেয়াৰ কৰে । পিছত ড০ শৰ্মাই ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে আৰু আলোচনাত ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ অধীনত বিদেশী ৰাষ্ট্ৰৰ সৈতে অসমৰ বৰ্তমানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত অৰ্ধপৰিবাহী খণ্ডৰ উদ্যোগৰ নেতাসকলক সাক্ষাৎ কৰি সম্ভাৱ্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে । ছিংগাপুৰ চৰকাৰৰ মালিকানাধীন কনচালটেন্সি ফাৰ্ম ছুৰবানা জুৰঙৰ জ্যেষ্ঠ বিষয়া ল’ চেৰ একক সাক্ষাৎ কৰি অসমত চলি থকা প্ৰকল্পৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে । অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট’ ।

৫৬ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা;  শুভেচ্ছা জনাবলৈ নিশাই বাসগৃহত অজস্ৰ শুভাকাংক্ষী ভিৰ

আজি ৫৬ বছৰীয়া হ’ল দেশৰ অন্যতম জনপ্ৰিয় নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মৰমৰ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক ওপজা দিনৰ শুভেচ্ছা দিবলৈ নিশাৰ পৰাই মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অজস্ৰ গুণমুগ্ধ, শুভাকাংক্ষী, দলীয় কৰ্মকৰ্তাই ব্যাপক ভিৰ কৰা দেখিবলৈ পোৱা গ’ল।

অজস্ৰজনৰ ব্যাপক ভিৰৰ মাজতে ওপজা দিনৰ কেক কাটিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। অনুৰাগীসকলে গামোচা, ফুল, উপহাৰেৰে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনায়।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই জন্মদিন উদযাপনত তেওঁ পত্নীৰ লগতে পুত্ৰ কন্যাও উপস্থিত। ইফালে, ওপজা দিনটোৰ বাবে গুণমুগ্ধ তথা শুভাকাংক্ষীসকলে অনা কেইবাটাও কেক মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কটা দেখিবলৈ পোৱা যায়।

মুখ্যমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সহস্ৰাধিক অনুৰাগীয়ে শুভেচ্ছাৰে ওপচালে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা দিবলৈ বহিঃৰাজ্যৰ পৰাও আহিল অনুৰাগী। হাৰিয়ানাৰ অনুৰাগীয়ে মুখ্যমন্ত্ৰীক দিলে বিশেষ উপহাৰ।

নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰীৰ ৯টা ডাঙৰ ঘোষাণা; আমেৰিকাৰ গাড়ীত থাকিব মেড ইন আছাম

বৃহস্পতিবাৰে দিল্লীত থকা অসমীয়াৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।দিল্লীৰ ভোগালী বিশেষ অনুষ্ঠানত মত-বিনিময় কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে।

মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে –অসমত এতিয়া বিকাশৰ আন্দোলন আৰম্ভ হৈছে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে অসমক যোগ্য ক্ষেত্ৰ হিচাপে বাচি লোৱা হৈছে।

ভাৰতৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত বাচনি কৰিছে কেৱল অসমক। যিটো অসমৰ বাবে বহু সৌভাগ্যৰ কথা। ছেমি কণ্ডাক্টৰ উদ্যোগৰ দ্বাৰা ৪৮ নিযুত ছিপছ নিৰ্মাণ হ’ব জাগীৰোডত।

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ’ব এই ছিপছ নিৰ্মাণৰ কাম। আমেৰিকাত যিমান গাড়ী চলিব সকলো গাড়ীতে এতিয়াৰে পৰা মেড ইন আছাম জাগীৰোড বুলি থাকিব।

ইফালে ঝুমুৰ নাচে ৰেকৰ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে “২৪তাৰিখে গুৱাহাটীলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীৰ সন্মুখত ১২ হাজাৰ যুৱক-যুৱতীয়ে নাচিব ঝুমুৰ। সেইদিনাই বাগৰুম্বা নৃত্যৰো আন অভিলেখৰ বাবে চলি আছে প্ৰস্তুতি।

চৰকাৰী চিকিৎসালয়ৰ বিছনা চাদৰত লিখা থাকিব সপ্তাহৰ নাম; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

চৰকাৰী চিকিৎসালয়ৰ বিচনাৰ চাদৰ কেইবাদিনো একেখনেই থকা দেখিবলৈ পোৱা যায়। ৰোগীসকলক লেতেৰা বিছনা চাদৰতেই শুবলৈ বাধ্য কৰা হয়। কিন্তু এতিয়াৰে পৰা সলনি হ’ব নিয়ম।

এতিয়া প্ৰতিদিনে নতুন বিছনা চাদৰ পাৰিব লাগিব । ইয়াৰ বাবে, চিকিৎসালয়বোৰক দৈনন্দিন ভিত্তিত বিছনাচাদৰ দিয়া হ’ব।এতিয়াৰে পৰা প্ৰত্যেক দিনাই সলনি হ’ব চৰকাৰী চিকিৎসালয়ৰ বিছনা চাদৰ।

GMCH আৰু  NMCH ত কৰা হৈছে এই ব্যৱস্থা। জানিব পৰা মতে চিকিৎসালয়ৰ বিছনা চাদৰসমূহত লিখা থাকিব সাত বাৰৰ নাম। প্ৰতিটো দিন অনুসৰি চিকিৎসালয় সমূহৰ বিছনাত থাকিব লাগিব বিছনাচাদৰ।

সোমবাৰৰ পৰা শনিবাৰলৈ নামৰ লগতে বেলেগ বেলেগ ৰঙৰ হ’ব এই বিছনা চাদৰসমূহ।দিনটো অনুসৰি বিচনা চাদৰ পাৰিব লাগিব, সোমবাৰ লিখা বিছনা চাদৰখন সোমবাৰৰ দিনটোত হে পাৰি থ’ব পাৰিব। সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

খাৰ্গেক বিজেপিৰ প্ৰত্যুত্তৰ…মুখ্যমন্ত্ৰী শৰ্মাই ক’লে- কংগ্ৰেছৰ মানসিকতা সনাতনৰ বিৰুদ্ধে

প্ৰয়াগৰাজৰ সংগমত বিজেপি নেতাসকলৰ পবিত্ৰ স্নানসন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে খাৰ্গেৰ বিবৃতিয়ে সনাতনৰ বিৰুদ্ধে মানসিকতা প্ৰদৰ্শন কৰে । তেওঁলোকে আত্মনিৰীক্ষণ কৰা উচিত আৰু তেওঁলোকৰ স্থিতি নিৰ্ণয় কৰা উচিত ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মহাকুম্ভ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বক্তব্যই সনাতন ধৰ্মৰ বিৰুদ্ধে তেওঁৰ মানসিকতাৰ প্ৰতিফলন ঘটায় । মোৰ বিশ্বাস যে, ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ এয়া আনুষ্ঠানিক স্থিতি । মই তেওঁক সুধিব বিচাৰিছো যে ২০০১ চনত ছোনিয়া গান্ধীয়ে নিজেই কুম্ভৰ সময়ত পবিত্ৰ স্নান কৰিছিল । তেওঁ ক’বলৈ সাহস কৰিবনে যে হজলৈ গ’লে ভোক আৰু দৰিদ্ৰতাৰ দৰে সমস্যাৰ সমাধান নহ’ব ?

তেওঁ কয় যে, এয়া কংগ্ৰেছৰ সৈতে জড়িত সকলো হিন্দু নেতাই আত্মনিৰীক্ষণ কৰি নিজৰ স্থিতি নিৰ্ণয় কৰাৰ সময় । কেৱল ক্ষমতা আৰু পদবীৰ বাবে নিজৰ বিশ্বাস, নিজৰ ধৰ্ম বা এই দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ লগত আপোচ নকৰিব । কোনো নেতা, কোনো মতাদৰ্শ আৰু কোনো দল আপোনাৰ ধৰ্ম আৰু বিশ্বাসৰ উৰ্ধত থাকিব নালাগে । সনাতন ধৰ্মই সহস্ৰাব্দ ধৰি সময়ৰ পৰীক্ষাত থিয় দিছে । ৰাজনৈতিক লাভৰ বাবে ইয়াৰ সাৰমৰ্মক ভেঙুচালি নকৰিব ৷ নিজৰ বিবেকক অনুসৰণ কৰক ।

খাৰ্গেক আক্ৰমণ চন্দ্ৰশেখৰ বাৱানকুলেৰ

মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি তথা মন্ত্ৰী চন্দ্ৰশেখৰ বাৱনকুলে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক লক্ষ্য কৰি লয় । তেওঁ এক্সত লিখিছে হিন্দুৰ বিশ্বাসক অপমান কৰা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ৰাজহুৱাভাৱে ধিক্কাৰ দিব লাগে । কংগ্ৰেছে সদায় হিন্দু ধৰ্মৰ পৰিচয়, বিশ্বাস আৰু আৱেগক অপমান কৰি আহিছে । এইবাৰ খাৰ্গেই মহা কুম্ভ মেলাৰ পবিত্ৰ উৎসৱ, ভক্তি আৰু বিশ্বাসেৰে অংশগ্ৰহণ কৰা লাখ লাখ হিন্দু, গংগাৰ পবিত্ৰতাক উপহাস কৰি সকলো সীমা অতিক্ৰম কৰিছে ।

বাৱনকুলে কয় যে কংগ্ৰেছে সদায় এটা বিশেষ সম্প্ৰদায়ক সন্তুষ্ট কৰি আহিছে । এই দেশৰ সহনশীল আৰু সংখ্যাগৰিষ্ঠ হিন্দু সমাজে ইয়াক সহ্য কৰি মনে মনে মানি লৈছিল । কিন্তু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক এই কাম কৰি হিন্দুসকলৰ বিশ্বাসক ঠাট্টা কৰাৰ অধিকাৰ কোনে দিলে ?  কংগ্ৰেছক হিন্দুৰ ভোট লাগে, কিন্তু হিন্দুৰ প্ৰতি ইমান ঘৃণা কিয় ?  হিন্দুসকলে কি ভুল কৰিছে ?

তেওঁ কয় যে, স্বাধীন ভাৰতৰ ইতিহাসত ছয় দশকৰো অধিক সময় আপোনালোকক ক্ষমতাত ৰখাটো হিন্দুৰ দোষ নেকি ?  লোকসভাত ৯৯জন সাংসদ থাকিলেও তেওঁলোকে হিন্দুসকলৰ আৱেগক সন্মান কৰিব পাৰিলেহেঁতেন । যদি আপুনি তেওঁলোকক ঠাট্টা কৰি অপমান কৰি আছে তেন্তে এই অধিকাৰ কোনে দিলে ?  এই প্ৰশ্নবোৰ আজি ভাৰতবাসীৰ মনত উদয় হৈছে ।

ৰাজীৱ শদিয়াৰ পৰিয়াললৈ চৰকাৰে আগবঢ়ালে এককালীন সাহাৰ্য

-ৰাজীৱ শদিয়াৰ পৰিয়াললৈ চৰকাৰে আগবঢ়ালে এককালীন সাহাৰ্য

-৫ লাখ টকাৰ চেক আগবঢ়ালে বিধায়ক বলিন চেতিয়াই

-মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ এই ধন প্ৰদান

-ৰাজ্যত শদিয়াক জিলিকাই তুলিলে ৰাজীৱ শদিয়াই

-গণশিল্পী ৰাজীৱ শদিয়াৰ গীতত আছিল দেশপ্ৰেম, জাতিপ্ৰেম

-গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপূৰণীয় ক্ষতি

-৯ ফেব্ৰুৱাৰীত হ’ব ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

-ৰাজীৱ শদিয়াৰ জাতিপ্ৰেম আৰু গীতক চিৰদিন ৰাজ্যবাসীয়ে মনত ৰাখিব

-এই মন্তব্য বিধায়ক বলিন চেতিয়াৰ

চলিত বৰ্ষতেই ৰাজ্যবাসীলৈ ৫০ হাজাৰ চৰকাৰী চাকৰি; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ নিৱনুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে ভালখবৰ। চলিত বৰ্ষতেই ৫০ হাজাৰ চৰকাৰী চাকৰিত দিয়া হ’ব নিযুক্তি।

ইফালে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব ADRE ৰ ফলাফল।ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ কৰিলে ডাঙৰ মন্তব্য।

মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ স্বচ্ছতাৰে ৫০ হাজাৰ নিৱনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

‘অসমৰ হাতী বহি: ৰাজ্যলৈ পঠিওৱা নাই’; হাতী সৰবৰাহক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ স্পষ্টীকৰণ

হাতী সৰবৰাহৰ ভুৱা বাতৰিক লৈ সৰৱ হৈ উঠিছে অসম চৰকাৰ। সামাজিক মাধ্যমত শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা নাই বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক স্পষ্টিকৰণ দিছে।

দৰাচলতে দেওবাৰে গুজৰাটৰ কেইবাখনো এনিমেল এম্বুলেন্সত কেইবাটাও হাতী অসমৰ মাজেৰে লৈ যোৱা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

বহু লোকে দাবী কৰিছিল যে অসমৰ হাতী সমূহ গুজৰাটলৈ লৈ যোৱা হৈছে।সৰ্বত্ৰে চৰ্চাৰ অন্তত সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে।

অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহৰ বাতৰিক অযুক্তিকৰ আৰু মিছা আখ্যা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ।তেওঁলোকে জানিবলৈ দিয়া মতে একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে ভুৱা বাতৰি।

শেহতীয়াকৈ প্ৰকাশ হোৱা কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা, Assam Policeক টেগ কৰি CMO ASSAMৰ স্পষ্টীকৰণৰ পোষ্ট।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে পোষ্ট কৰে যে-ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই।

অসমক এনে কাৰ্যকলাপৰ সৈতে যুক্ত কৰি প্ৰকাশিত কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা।

ৰাজ্যিক বিজেপিয়ে পালে নতুন সভাপতি; বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল দিলীপ শইকীয়া

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ’ল দিলীপ শইকীয়া। আনুষ্ঠানিক ঘোষণাৰ পিছতেই দিলীপ শইকীয়াই ললে দায়িত্বভাৰ। দিলীপ শইকীয়াক অভিনন্দন জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰথমে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে পূৰ্বৰ সভাপতি ভৱেশ কলিতাৰ নাম চৰ্চালৈ আহিছিল। কিন্তু দলৰ সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতে সভাপতি পদৰ পৰা আঁতৰিল ভৱেশ কলিতা।

২০২৬ত বিধানসভা নিৰ্বাচন খেলাৰ বাবেই ভৱেশ কলিতাই ললে এই সিদ্ধান্ত।৪ টা বৰ্ষৰ সেৱাৰ বাবে ভৱেশ কলিতাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে দিলীপ শইকীয়াই ৷

১০জন প্ৰস্তাৱক-সমৰ্থকৰ স্বাক্ষৰ সম্বলিত মনোনয়ন দাখিল দিলীপ শইকীয়াৰ।বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল সাংসদ দিলীপ শইকীয়া ।

১৯৮৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰে জড়িত হৈ পৰিছিল দিলীক শইকীয়া । ২০০৫-০৬ বৰ্ষত বিজেপি ৰাজ্যিক মিডিয়া কোষৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৭ চনৰ পৰা ২০০৯ চনলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাদ্যিকৰ সভাপতিও আছিল। ২০১৯ চনত লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত, ২০২৪ ত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়।