USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ

-USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ

-অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৪৩ গৰাকী ছাত-ছাত্ৰী লৈ গৈছে USTM কৰ্তৃপক্ষই

-মেডিকেল ছীট আৰু CBSEৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰাইছিল

-২.৫ লাখ টকা পৰ্যন্ত ফীজ লোৱা হৈছিল এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা

-পৰীক্ষাৰ সময়ত বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হ’ল ছাত্ৰ-ছাত্ৰীসকলক

-এই ছাত্ৰ-ছাত্ৰীসকলক নকলৰ প্ৰলোভন দিলে কৰ্তৃপক্ষই

-লগতে ক’লে পৰীক্ষাত সহায় কৰি দিব শিক্ষকে

-কিন্তু চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ বাবে নকল কৰিব নোৱিৰলে ছাত্ৰ-ছাত্ৰীসকলে

-USTMৰ কথা মতে সহায় কৰিব নোৱৰিলে শিক্ষকে

-ইয়াৰ পিছতে ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ দিয়ে

-মহবুবুল হকৰ ৱাটছাপ মেচেজৰো তথ্য লাভ কৰিছে চৰকাৰে

-এডমিট কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যৰ লগত জড়িত মহবুবুল হক

-প্ৰমাণ পোৱাৰ পিছতেহে গ্ৰেপ্তাৰ কৰা হয় মহবুবুল হকক

-এই সমগ্ৰ ঘটনাৰ লগত মেডিকেলত ছীট পোৱাৰ ঘটনাও জড়িত হৈ আছে

-মহবুবুল হকৰ এই ঘটনাই শিক্ষাখণ্ডত চলি থকা জালিয়াতিক উদঙাই দিছে

-DGP-এ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মহবুবুল হকৰ বিৰুদ্ধে চলাব তদন্ত

-USTM এটা ভুৱা প্ৰতিষ্ঠান

-অসমৰ একাংশ বুদ্ধিজিৱীক ডক্টৰেট দি USTM-এ প্ৰলোভিত কৰি আহিছিল

-OBC নোহোৱাকৈ OBC প্ৰমাণ পত্ৰ উলিয়াইছিল মহবুবুল হকে

-ইয়ে প্ৰমাণ কৰে মহববুল হক এজন প্ৰৱঞ্চক

-পলমকৈ হলেও মহবুবুল হকৰ জালিয়াতি পোহৰলৈ আহিছে

-চৰকাৰে ইয়াক গভীৰতালৈ তদন্ত কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

ঝুমুইৰ বিনন্দিনীৰ আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

-সৰুসজাইত ঝুমুইৰ বিনন্দিনীৰ আখৰা

-আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

-ঝুমুইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীলৈ উপহাৰ

-প্ৰতিগৰাকী শিল্পীৰ একাউন্টত সোমাব ২৫ হাজাৰকৈ টকা

-ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰীক্ষণ কৰিছে আখৰা

-‘প্ৰতিখন বাগানত একোটাকৈ সাংস্কৃতিক সংঘ গঠন কৰা হ’ব’

-‘প্ৰতিটো সংঘৰ নামত আকৌ ২৫ হাজাৰ কৈ টকা দিয়া হ’ব’

-সৰুসজাইত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

‘মহবুবুল হক ডাঙৰ প্ৰৱঞ্চক’… USTM আৰু মহবুবুল হকক লৈ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

-USTM আৰু মহবুবুল হকক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

-সকলো নজৰত আছে, তদন্ত হ’ব

-USTM-এ কেনেকৈ চলাইছে শিক্ষা ব্যৱস্থা ?

-কি কি কেলংকাৰী আছে USTMৰ ?

-মহবুবুল হকে কি কি জালিয়াতি কৰিছে ?

-‘বহুদিনৰ পৰা লক্ষ্য কৰি আছিলো অসমৰ এটা ডাঙৰ চক্ৰক’

-‘মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSEৰ পৰীক্ষাৰ আগত বদলি কৰি দিয়া হয় চেন্টাৰ’

-‘ছাত্ৰ-ছাত্ৰীসকলৰ চেন্টাৰ সলনি কৰি কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়’

-‘গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ ২৪৭ গৰাকী শিক্ষাৰ্থীৰ সৈতে ধনৰ লেনদেন’

-‘CBSE পৰীক্ষাত ৩০ নম্বৰ বেছিকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ছাত্ৰ-ছাত্ৰীসকলক’

-‘অসৎ উপায়েৰে পাছ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ যোৱা হৈছিল বৰাকৰ পাঠাৰকান্দিলৈ’

-‘কিন্তু তাত সেই সুবিধা নাপালে কাৰণে ছাত্ৰ-ছাত্ৰীয়ে হুলস্থূল কৰিলে’

-‘এইটো কেৱল CBSEতেই সীমাবদ্ধ নাথাকে’

-বিভিন্ন এনট্ৰেনছ, মেডিকেল পৰীক্ষা আদিতো একেই জালিয়াতি কৰে

-মহবুবুল হক এজন ডাঙৰ প্ৰৱঞ্চক

-বুদ্ধিজীৱিক হাত কৰি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা কৰি আহিছিল হকে

-লাহে লাহে সকলোবোৰ ধৰা পৰিব প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

-অসমত শিক্ষা ব্যৱস্থাক বজাৰলৈ ৰূপান্তৰিত কৰিবলৈ দিয়া নহব

-PHD ডিগ্ৰী কেনেদৰে দিয়া হৈছে তাৰো হব তদন্ত

“ৰকিবুল হুছেইনক দিয়া হ’ব অতিৰিক্ত নিৰাপত্তা” ; বিধানসভাত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ ৰূপহীহাটৰ এখন সভালৈ যোৱাৰ সময়তে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক।

ৰকিবুল হুছেইনৰ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ বিধানসভাৰ পৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,  চামগুৰি , ৰূপহী ৰকিবুল হুছেইনৰ নিজৰেই অঞ্চল।

তেওঁৰ অঞ্চলতে মুখত ক’লা কাপোৰ বান্ধি দুৰ্বৃত্তই প্ৰহাৰ কৰে সাংসদগৰাকীক। যাৰ বাবে নিৰাপত্তাৰ কথা চিন্তা কৰি এতিয়াৰে পৰা চামগুৰি , ৰূপহী গ’লেই সাংসদ ৰকিবুল হুছেইনক অতিৰিক্ত নিৰাপত্তা দিয়া হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।কিয়নো এবছৰৰ পৰা ৰকিবুল হুছেইনৰ ওপৰত বৃদ্ধি হৈছে আক্ৰমণৰ ঘটনা।

বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত এইবাৰ অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন।

এই অধিৱেশনৰ বাবে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা। অতি শীঘ্ৰেই নিৰ্মান কৰা হ’ব ভূটান সীমান্তলৈ পথ।

১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব পথ নিৰ্মানৰ কাম ।প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ’ব পথ ।

তেওঁ লগতে কয় যে বাজেট অধিবেশন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিবেশনে বিটিআৰ, কাৰ্বি-আংলং আৰু ডিমা হাচাও ষষ্ঠ অনুসূচীক কেনেদৰে শক্তিশালী কৰা যাব তাৰ ওপৰত সদনত আলোচনা কৰা হ’ব।

৫১ৰ আগত অহা লোকেহে কিনা-বেচা কৰিব পাৰিব মাটি…মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা !

-মাটি-বাৰী ক্ৰয়-বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ

-অসমৰ কিছু ব্লকত প্ৰযোজ্য হ’ব কিছু নতুন নিয়ম

-বিশেষ কিছু অঞ্চলত মাটি-বাৰী ক্ৰয়-বিক্ৰয়ত প্ৰযোজ্য হ’ব নতুন নিয়ম

-অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ‘৫১ৰ আগত অহা লোকেহে মাটি কিনা-বেচা কৰিব পাৰিব

-মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়

-আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত

-এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু NON মিউনিছিপালটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰ।যোজ্য

-ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে

-জনজাতীয় আৰু অনূসুচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰ

-ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভুমিত হব ছাৰ্ভে

-ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটীয়ৰ প্ৰতিবেদন অনুসৰি হ’ব জৰীপ

-চৰ অঞ্চলত ছাৰ্ভে হোৱা মানেই ছেটেলমেন্ট নহয়

১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব এগৰাকী নৱনিযুক্ত উচ্চ পদস্থ চৰকাৰী বিষয়া;  হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব এগৰাকী নৱনিযুক্ত উচ্চ পদস্থ চৰকাৰী বিষয়া। CM ভিজিলেন্সৰ ট্ৰেকত পৰিছে উৎকোচ লোৱা চৰকাৰী বিষয়া।

দেওবাৰে কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ কৰি এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব জনাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “এমাহ ধৰি চৰকাৰী বিষয়াজন আমাৰ টাৰ্গেটত আছে।

চালক আৰু দেহৰক্ষীৰ GPAY ৰ জৰিয়তে উৎকোচ লৈছিল চৰকাৰী বিষয়া গৰাকীয়ে”। জানিব পৰা মতে বিগত ৩ বছৰৰ ভিতৰত নিযুক্তি লাভ কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনে।নতুনকৈ নিযুক্তি লাভ কৰিয়েই লৈছিল উৎকোচ।

শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়াজনক গ্ৰেপ্তাৰ কৰা ঘোষণাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ নাম ঠিকনা ৰাজহুৱা কৰোৱা হ’ব । নাম নোলোৱাকৈয়ে ভাষণত দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ কথা ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।  

গৌৰৱ গগৈৰ পত্নী এলিজাৱেথক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য ; সমগ্ৰ ঘটনাক লৈ গঠন হ’ব SIT

গৌৰৱ গগৈৰ পত্নী এলিজাৱেথক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে ‘গৌৰৱ গগৈৰ লগত বিবাহৰ পিছতো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাৱেথে’। ‘

এই ভ্ৰমণত এলিজাৱেথক সাংসদ গৌৰৱ গগৈয়ে সংগ দিছিল নেকি বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰিছিল ?’ ‘ অসম চৰকাৰে এলিজাৱেথৰ সন্দৰ্ভত বহু তথ্য লাভ কৰিছে’ ।

‘গৌৰৱ গগৈৰ পত্নী কেইবাৰ পাকিস্তানলৈ এই সন্দৰ্ভত তথ্য ল’ব লাগিব পাছপ’ৰ্টৰ পৰা’বুলি জানিবলৈ দিয়ে ।সমগ্ৰ ঘটনাক লৈ এতিয়া গঠন হ’ব SIT। ‘SIT-এ এলিজাৱেথৰ পৰা বিচাৰিব পাছপ’ৰ্ট’। সমগ্ৰ ঘটনা সন্দৰ্ভত SIT-এ ৰুজু কৰিব গোচৰ। সমগ্ৰ ঘটনাক লৈ অসম আৰক্ষীৰ SIT-এ কৰিব তদন্ত ।

দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

-দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

-আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত এই তথ্য

-২০২৫ চনৰ মোড অৱ দ্যা নেশ্যনৰ সমীক্ষা

-ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থান ড০ হিমন্ত বিশ্ব শৰ্মাক

-অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম অসমৰ মুখ্যমন্ত্ৰীৰ

-ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখিত নেতা হিচাপে চিহ্নিত মুখ্যমন্ত্ৰী

-ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বতকৈ জনপ্ৰিয়তা বাঢ়িছে অমসৰ মুখ্যমন্ত্ৰীৰ

-৫৫.৪% ৰেটিঙৰ সৈতে অতিক্ৰম কৰিছে কেইবাজনো সমকক্ষক

-ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু শাসনৰ উৎকৃষ্টতাক পুনৰ নিশ্চিত কৰিছে

-যোৱা ২ বছৰত পূৰ্বতকৈ ৬% ৰেটিং বাঢ়িছে মুখ্যমন্ত্ৰীৰ

-বিগত ৩ বছৰত অসমে আন্তঃ গাঠনি, স্বাস্থ্য সেৱা, শিক্ষা, আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত লাভ কৰিছে অগ্ৰগতি

-এডভান্টেজ আসাম ২.০ৰ পূৰ্বে এই খবৰ ইতিবাচক

-বিনিয়োগৰ গন্তব্যস্থান হিচাপে অসমৰ আহ্বানক এক শক্তিশালী বাৰ্তা হিচাপে গ্ৰহণ কৰিছে